মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ৰাসলীলাঃ চমু বিশ্লেষণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাসলীলাঃ চমু বিশ্লেষণ

ৰাসলীলাঃ চমু বিশ্লেষণ

ৰাসলীলা ‘ৰাস’ শব্দটো নিষ্পন্ন হৈছে ‘ৰস’ৰ পৰা৷ ৰস শব্দই ব্যুৎপত্তিগতভাৱে ‘ৰসিত’ বা আস্বাদিত অৰ্থ নিৰূপণ কৰে৷ সাহিত্য দপৰ্ণত বিশ্বনাথ কবিৰাজে মন্তব্য কৰিছে- ‘ৰস্যতে ইতি ৰসঃ’ - যিটো ৰসিত বা আস্বাদিত হয় সিয়ে ৰস৷ লৌকিক অৰ্থত জিভাৰে আস্বাদিত বিভিন্ন অনুভূতি বা উপলব্ধিকেই আমি ৰস বুলি মন্তব্য কৰোঁ৷ কিন্তু কাব্যত কবিয়ে অনুভৱ কৰা পৰম আনন্দৰ স্বৰূপ পাঠক-শ্ৰোতাৰ হৃদয়লৈও সঞ্চাৰিত কৰি তুলিব বিচাৰে৷ এই আনন্দৰ স্বৰূপ লোকোত্তৰ৷ ৰস শব্দটি ঋগবেদতো পোৱা যায়৷ উপনিষদৰ দিনত ইয়াৰ অৰ্থৰ সলনি হৈছে৷ ঋগবেদত জুলীয়া বস্তুক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হৈছিল৷ পৰৱৰ্তী কালৰ উপনিষদত ৰসৰ অৰ্থৰ পৰিৱৰ্তন ঘটি ই হ’ল- ‘সাৰ পদাৰ্থ’৷ তৈত্তিৰীয় উপনিষদত আছে- ‘ৰসো বৈ সঃ ৰসং হ্যেৱায়ং লব্ধা আনন্দীভৱতি’- অৰ্থাৎ ৰস মানে আনন্দ৷ আনন্দময়ী মহাসত্তাক উপলব্ধি কৰিবলৈ উপনিষদৰ যুগৰ ঋষিমুনিসকলে কঠোৰ তপস্যা কৰিছিল৷ তেওঁলোকে পৰিশেষত উপলব্ধি কৰিছিল দুখ-শোকৰ অতীত এক পূৰ্ণানন্দ অৱস্থা৷ ইয়াৰ আলম লৈয়ে পৰৱৰ্তী কালৰ আচাৰ্যসকলে ৰসৰ অৰ্থ নিৰূপণ কৰিলে- ৰস হ’ল সৌন্দৰ্যবোধৰ পৰা সৃষ্টি হোৱা অতি জাগতিক আনন্দময়ী অৱস্থ৷ ইয়াক কেৱল মানসিকভাৱেহে উপলব্ধি কৰিব পাৰি৷ এই ৰসৰ পৰাই ৰাস শব্দটো উৎপত্তি হৈছে- ‘ৰাসস্যায়ং ৰাসঃ’ - অৰ্থাৎ পৰমব্ৰহ্মৰ সহিতে জীৱাত্মাৰ সম্বন্ধই হৈছে ৰাস৷ আকৌ কৈছে- ‘ৰসানাং সমূহো ৰাসঃ’ - অৰ্থাৎ সকলো ৰসৰ সমাবেশেৰে সৃষ্টি হোৱা ব্ৰহ্মানন্দই হৈছে ৰাস৷

আনহাতে ৰাসৰ লগত জড়িত হৈ আছে কৃষ্ণৰ নাম৷ আমি কৃষ্ণ শব্দটো অৰ্থ বিস্তাৰ কৰিলে দেখা পাওঁ যে ‘কৃষ’ ধাতুৰ লগত ‘ণ’ যোগ হৈ এই শব্দটো সৃষ্টি হৈছে৷ কৃষ ধাতুৰ অথৰ্ৰ হ’ল- ভূ অৰ্থাৎ সত্তা বা অতিসত্ব আৰু ‘ণ’ৰ অৰ্থ নিবৃত্তি অৰ্থাৎ পৰমানন্দ৷ সাধাৰণভাৱে আমি ক’ব পাৰোঁ- যি পৰম বস্তুক লাভ কৰিলে জীৱই পৰমানন্দ লাভ কৰে সেই পৰমাত্মাৰ সৈতে সত্তা বা আত্মাৰ যি মিলন সেয়েই কৃষ্ণ; কাৰণ - কৃষ্ণবস্তু ভগৱান স্বয়ম৷

ভগৱান বিষ্ণুৰ ৰাম অৱতাৰত দণ্ডকাৰণ্যবাসী ঋষিসকলে শ্ৰীৰামক দেখি মুগ্ধ হোৱাৰ লগতে তেৰাৰ প্ৰেয়সীৰূপে তেৰাক সেৱা কৰিবলৈ বাঞ্ছা কৰিছিল৷ ভগৱনত ৰামে সেই সময়ত তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ নকৰি পৰৱৰ্তী অৱতাৰত পূৰ্ণ কৰিব বুলি কথা দিলে৷ ভগৱান সদয়েই ভক্তৰ অধীন৷ সেইবাবে দ্বাপৰ যুগত ভগৱন্তই কৃষ্ণ অৱতাৰ ধাৰণ কৰোতে সেই ঋষিসকলেই গোকুলৰ গোপী ৰূপে জন্ম গ্ৰহণ কৰিছিল আৰু শৰতৰ পূৰ্ণিমা ৰাতি তেওঁলোকৰ সৈতে ৰাসলীলা সম্পন্ন কৰে৷ প্ৰসংগক্ৰমে স্মৰণযোগ্য যে কৃষ্ণ অৱতাৰৰ বস্ত্ৰহৰণৰ কালতো তেওঁ গোপীনীসকলক ৰাসলীলা কৰিম বুলি প্ৰতিশ্ৰতি দিছিল৷ দশমত উল্লেখ আছে-

শৰত কালৰ ৰাত্ৰি অতি বিতোপন৷

ৰাসক্ৰিয়া কৰন্তে কৃষ্ণৰ ভৈল মন৷৷

ৰাসলীলা আখ্যানভাগ আমি পাওঁ শ্ৰীমদ্ভাগৱতত৷ অষ্টদশ পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ তথা পুৰাণ সূৰ্য হিচাপে স্বীকৃত এইখন গ্ৰন্থত উল্লেখ কৰিছে যে- ধানৰ বাকলিৰ তলত যেনেদৰে অন্ন (চাউল) লুকাই থাকে এই ৰাসক্ৰিড়াটো ভগৱন্তৰ সৈতে ভক্তাৰ অন্তৰিক মিলন হে বৰ্ণিত হৈছে৷ ৰাসক্ৰিড়াৰ বাহিৰৰ অৱৰণত শংগাৰ বা আদি ৰসে প্ৰাধান্য লাভ কৰিছে যদিও ইয়াৰ মাজতে অন্ন ৰূপী আত্মাৰ সৈতে পৰমাত্মাৰ মিলনৰ কথাখিনি প্ৰচছন্ন হৈ আছে৷ সাংসাৰিক আসক্তিত পৰি সাধাৰণ লোকে ভগৱানৰ প্ৰতি আকৃষ্ট নহ’বও পাৰে সেয়ে বহু সময়ত লৌকিক ৰসৰ জড়িয়তে ভগৱৎ ভক্তিলৈ সবৰ্সাধাৰণৰ মন ঢাল খোৱাবলৈ এনে ব্যৱস্থা গ্ৰহণ কৰা হয়৷ সেইবাবেই মহাপুৰুষ শংকৰদেৱে ৰাসলীলাৰ বিষয়ে লিখিছে-

শৃংগাৰ ৰসে আছে যাৰ ৰতি৷

আকে শুনি হৌক নিৰ্মল মতি৷৷

আনহাতে তেৰাৰ মতে এয়া হ’ল- ‘‘কামজয় নামে ইটো কেশৱৰ কেলি৷’’

প্ৰসংগক্ৰমে স্মৰণযোগ্য যে ৰাস প্ৰধানতঃ এক নৃত্য বিশেষ৷ মণ্ডলাকাৰে এই নৃত্য অসংখ্য নৰ্তকীয়ে পৰিৱেশন কৰে আৰু এজন নৰ্তকে কেন্দ্ৰত স্থিতি লৈ নৃত্য কৰে৷ এই নৃত্যক হল্লীশক নত্য বোলা হয়৷ এই হল্লীশক নৃত্যই বিবিধ তাল, গতি, চলন সমন্বিতে পৰিৱেশন হ’লহে ই ৰাসনৃত্য নাম লাভ কৰে৷ আৰু এটা কথা মন কৰিবলগীয়া যে ভাগৱতত ‘ৰাধা’ নামৰ চৰিত্ৰটোক এই নৃত্যৰ প্ৰসংগত উল্লেখ কৰা হোৱা নাই; কিন্তু আন কেইবাখনো পুৰাণত যেনে- ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ, নাৰদ পঞ্চাৰাত্ৰ, গাৰ্গৰ সংহিতাত ৰাধাৰ কথা বিস্তৃতভাৱে উল্লেখ কৰিছে৷ সেয়ে সমালোচকসকলে ৰাধা চৰিত্ৰটি পৰৱৰ্তী কালৰ সৃষ্টি বুলি মত পোষণ কৰে৷

বহু সমালোচকে ৰাসৰ লগত মানৱ দেহাৰো সম্বন্ধ আছে বুলি ক’ব খোজে৷ তেওঁলোকে বৃন্দাবনৰ ২৫ খন বনৰ লগত মানৱ দেহৰ ২৪ তত্ত্ব আৰু মনৰ কথা উল্লেখ কৰে৷ ‘‘মনৰ সৈতে থকা ২৪ তত্ত্ব অৰ্থাৎ ২৫ খন বন সদৃশ দেহ জগতত জীৱাত্মাৰ প্ৰতি যি দুৰ্বাৰ আকৰ্ষণ সেয়ে ৰাসক্ৰিড়া৷’’ যমুনাৰ পাৰৰ ৰাসক্ৰিড়াৰ দৰে হৃদয়ত প্ৰেমৰ লীলা যমুনাক লৈহে জীৱাত্মা (গোপীসকল) আৰু পৰমাত্মাৰ (কৃষ্ণ)ৰ মিলনৰ প্ৰক্ৰিয়া সমপন্ন হ’ব পাৰে৷ শ্ৰদ্ধাভক্তিৰে ৰাসলীলাৰ অমৃত সিন্ধু পান কৰাজনে পৰমজনৰ লগত একাত্ম হৈ পৰমানন্দত নিমজ্জিত হ’ব পাৰি বুলিয়েই বিশ্বাস কৰি আজিও অতি শ্ৰদ্ধা সহকাৰে শৰতৰ পূৰ্ণিমাত ৰাস উৎসৱ পালন কৰা হয়৷

মৃণাল জ্যোতি গোস্বামী

2.92156862745
মৃদুল ডেকা Nov 14, 2016 10:20 PM

মই এইবোৰ জানিবলৈ পাই বৰ সুখী হৈছো ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top