অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৱানছু জনগোষ্ঠীৰ বসন্ত উৎসৱ অৰিয়া :

ৱানছু জনগোষ্ঠীৰ বসন্ত উৎসৱ অৰিয়া :

 

ৱানছু (Wancho) নগা জনগোষ্ঠীসমুহৰ ভিতৰত অন্যতম লেখত ল’বলগীয়া জনগোষ্ঠী। ৰাংপাং (Rang-Pang) নামেৰে জনাজাত এই ৱানছু জনগোষ্ঠীটোক আহোম শাসনকালত অঞ্চলবিশেষে নাম, চাঙৰ নামেৰেও জনা গৈছিল। পুৰ্বতে সৰুমিথুনীয়া, বানচাঙীয়া, সৰু বানচাঙীয়া, বানফেৰীয়া, বৰমিথুনীয়া আদি কৰি বিভিন্ন পৰিচয়েৰে এই ৱানছুসকল পৰিচিত হৈছিল। ৱানছুসকলৰ পৰিচিত সম্পৰ্কে বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে মত প্ৰকাশ কৰিছে। এই সম্পৰ্কত বিভিন্ন মতবাদো দেখিবলৈ পোৱা যায়। Manlong Rolangham  এ প্ৰকাশ কৰা এক পৰিচিত মত অনুসৰি  Wang  মানে হৈছে ৰজা আৰু Cho হৈছে পাহাৰত বাস কৰা লোক। Rolangham  মতে, বজাৰ অধীনস্থ পাহাৰত বসতি স্থাপন কৰা জনসাধাৰণক বুজাবৰ বাবে এই ৱান আৰু চ’ৰ পৰা ‘ৱানছু’ (Wancho) অভিধানটোৰ সৃষ্টি হোৱা বুলি ভবাৰ অৱকাশ সৃষ্টি হৈছে। ইফালে , ৱাংট (wang-to) শব্দৰ পৰা wancho শব্দৰ সৃষ্টি হোৱা বুলি আন এটা মতো শুনিবলৈ পোৱা যায়। এই মতামত মতে, ‘ৱাংহমৰ সমৰ্থকসকলকেই ৱানছু বুলি কোৱা হৈছে। ৱানছুৰ পৰিচয় প্ৰসংগত এইকেইটাৰ উপৰি আৰু বহুতো মত জনসাধাৰণৰ মাজত শুনিবলৈ পোৱা যায়।

জানিব পৰা মতে, আহোম শাসনৰ সময়ছোৱাত ৱানছুসকলে আহোম শাসকবৰ্গৰ সৈতে মধুৰ সম্পৰ্ক ৰক্ষা কৰি চলিছিল। ইফালে ভৈয়ামত বসতি স্থাপন কৰি ৱানছুসকলে ইয়াৰ জনসাধাৰণৰ লগতো মধুৰ সম্পৰ্ক ৰক্ষা কৰি চলিছিল। কালক্ৰমত বেপাৰ-বণিজৰ দ্বাৰা ৱানছুসকলৰ সৈতে ভৈয়ামৰ আন জনগোষ্ঠীৰ জনসাধাৰণৰ ব্যৱসায়িক সম্পৰ্ক সংস্থাপন হৈছিল। অৱশ্যে ৱানছুসকলৰ সৈতে ব্ৰিটিছসকলৰ সম্পৰ্ক মধুৰ নাছিল। ক্ষণ বিশেষে ব্ৰিটিছৰ লগত ৱানছুসকলৰ বহু সংঘাত সৃষ্টি হৈছিল। প্ৰসংগতে উল্লেখ কৰাৰ প্ৰয়োজন যে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ দক্ষিণ-পশ্চিম অঞ্চলত বাস কৰা এটা প্ৰধান জনগোষ্ঠী হিচাপে পৰিচিত থকা জনগোষ্ঠী হৈছে এই ৱানছুসকল। নতুন প্ৰজন্মৰ গৱেষক খনিকৰ মাউতে ‘অসমৰ ৱানছু নগাসকলৰ উৎসৱ- অনুষ্ঠান, (গ্ৰন্থ-উত্তৰ-পুব ভাৰতৰ উৎসৱ-অনুষ্ঠান) শীৰ্ষক এটি প্ৰবন্ধত প্ৰকাশ কৰা শেহতীয়া ক্ষেত্ৰ অধ্যয়নৰ এক তথ্য মতে টিৰাপ জিলাৰ ছটা ৰাজহ চক্ৰৰ অন্তৰ্গত ৪১ খন গাঁৱত ৱানছুসকল বসবাস কৰে। ৰাজহ চক্ৰকেইটা হ’ল- লংডিং (Londing), কানুৱাৰী (Kanubari), পংচাও (Pongchau), ৱাকা (Wakka), পুমাও (Pumao) আৰু লাও (Lawnu)। এই ৰাজহ চক্ৰকেইটাৰ অন্তৰ্গত গাওঁসমুহ হ’ল- বানফেৰা, চানু, চাতিং, চপ, চপনু, চপচা, জংগান, কাইমই, কামপং, কানু, খানু, কাচা, খগলা, কনচাস, লংডিং, লংহুআ, লংখাও, লংখাই, লংফংস লংচম, মাইহুৱা, মিনতং, ঙিনু, ঙিচা, ঙিয়ানু, ঙিয়াওচা, নকফান অজাখ’, পমাঅ’, পংচাও, ৰুচা, চেনুআ, টিচা, ৱতনু, ৱাকা আৰু জেদুআ। ৱানছু অধ্যুষিত অঞ্চলটোৰ পুবে টিচা নদী, পশ্চিমে নাগালেণ্ড টুৱেনচাং জিলা, দক্ষিণে টিৰাপ জিলা আৰু পাটকাই পৰ্বত আৰু উত্তৰে অসমৰ শিৱসাগৰ জিলা। ইয়াৰে একাংশ ৱানছু লোক অসমৰ ভৌগালিক সীমাৰ ভিতৰত শিৱসাগৰ দেওপানী, ডিব্ৰুগড় জিলাৰ জয়পুৰৰ গড়ীয়াবাম আদি অঞ্চলত বাস কৰি আছে। অসমত ৱানছুসকলৰ জনসংখ্যা ১০০০ ৰৰো অধিক।

পুৰণি কালৰে পৰাই পৰম্পৰাগতভাৱে ৱানছু জনগোষ্ঠীৰ লোকসকলে বিভিন্ন কৃষিভিত্তিক উৎসৱ-অনুষ্ঠান উদযাপন কৰি আহিছে। এই উৎসৱ- অনুষ্ঠানসমুহৰ ভিতৰত অন্যতম উৎসৱ হ’ল অৰিয়া। ই বিশেষকৈ জনপ্ৰিয় এক কৃষিভিত্তিক উৎসৱ। ‘অজিঅলি’ (Ojiyele) বুলিও পৰিচিতি লাভ কৰা এই উৎসৱ সাধাৰণতে ৱানছুসকলে শস্যৰ শ্ৰীবৃদ্ধি অধিক উৎপাদনৰ প্ৰত্যাশা কৰি ইয়াক পালন কৰে। সমুহীয়াভাৱে কৃষিকৰ্মত ব্যস্ত থকাৰ সময়ত ভগৱান যাতে জনসাধাৰণৰ প্ৰতি সহৃদয় হয়, প্ৰাকৃতিক পৰিৱেশ যাতে খেতিৰ বাবে উপযোগী কৰি তোলে, সেই উদ্দেশ্যে আগত ৰাখি এই অৰিয়া উৎসৱ বছৰি ৱানছুসকলে উদযাপন কৰি আহিছে। ব্যাপক উৎসাহ-উদ্দীপনাৰে অৰুণাচলৰ বহুকেইখন গাঁৱত অৰিয়া উৎসৱ সাত দিন পৰ্যন্ত উদযাপন কৰা দেখা যায়। অৰুণাচল প্ৰদেশৰ কানুবাৰীত ১৬ ফেব্ৰুৱাৰীত বহুকেইখন গাওঁ একগোট হৈ অৰিয়া উৎসৱ উদযাপন কৰে। গাওঁবাসীৰ সুবিধা-অসুবিধা অনুযায়ী অঞ্চলভেদে সুকীয়াকৈও অৰিয়া উৎসৱ আয়োজন কৰা পৰিলক্ষিত হয়। অৰিয়া উৎসৱ উদযাপন উপলক্ষে ৰাইজে বৰভোজৰ আয়োজন কৰে আৰু এই বৰভোজত ম’হ বা গৰুৰ মাংস ব্যৱহাৰ কৰে। উৎসৱ উপলক্ষত ৰাইজে জু প্ৰস্তুত কৰাত  অধিক গুৰুত্ব দিয়ে। জানিব পৰা মতে ৱানছু জনগোষ্ঠীৰ জনসাধাৰণে অৰিয়া উৎসৱত আনন্দ-উৎসাহেৰে নৃত্য পৰিৱেশন কৰিবৰ বাবে প্ৰয়োজন হোৱা বৃহতাকাৰৰ চাংখন, উৎসৱৰ প্ৰথম দিনাই গাঁৱৰ যুৱকসকল ঐক্যবদ্ধ হৈ নিৰ্মাণ কৰি লয়। ৬ টা পাব থকা এডাল বাঁহ সুন্দৰকৈ সজাই-পৰাই চাংখনৰ মধ্যম ভাগত পুতি ল’বৰ বাবে উৎসৱৰ দ্বিতীয় দিনা যা-যোগাৰ কৰা হয়। উৎসৱ উপলক্ষে সকলো ঐক্যবদ্ধ হৈ পাৰ ভঙা আনন্দ- উল্লাসৰ মাজত এই দিনটোত ম’হ, গৰু, কুকুৰা আদি নিধন কৰি ভক্ষণ কৰে। তৃতীয় দিনটোত গাঁৱৰ বয়স্ক লোকসকল একেলগে খেতিপথাৰলৈ গৈ আগন্তুক দিনবোৰত শস্য উৎপাদন ভাল হ’বলৈ এটি কুকুৰা বা গাহৰি উৎসৰ্গা কৰি এক মাংগলিক অনুষ্ঠান সম্পন্ন কৰে। এই মাংগলিক অনুষ্ঠান সম্পন্ন হোৱাৰ পিছদিনাই গাঁৱৰ ৰাইজ তথা ডেকা গাভৰু সকলোৱে পৰৱৰ্তী দিনা উদযাপন কৰিব লগা নৃত্য গীতৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰয়োজন হোৱা আহিলা-পোছাক আদি যা-যোগাৰ কৰে। অৰিয়া উৎসৱৰ চতুৰ্থ দিনা ৱানছুসকলে আত্মীয়-স্বজনৰ ঘৰত ফুৰিবলৈ যায়। আলহীৰ আগমন আৰু উৎসৱৰ ধামখুমীয়াত গৃহস্থই জু-মাংসৰ সৈতে অতিথিক আপ্যায়ন কৰে। গৃহস্থৰ আপ্যায়ন গ্ৰহণ কৰাৰ পাছত পুৰুষ- মহিলা সকলোৱে নিজৰ নিজৰ পৰম্পৰাগত সাজ পৰিধান কৰি আহি পুৰ্বতে উৎসৱৰ প্ৰথম দিনাই প্ৰস্তুত কৰা চাঙত আহি সকলো সমৱেত হয়। সাজ অনুসৰি পুৰুষসকলে লেঙতি পৰিধান কৰাৰ উপৰি মুৰৰ ওপৰত ধনেশ চৰাইৰ পাখি, ছাগলীৰ শিং, ৰং বুলোৱা বাঁহেৰে নিৰ্মিত ‘কাচান’ পৰিধান কৰে। ইফালে, পুৰুষসকলে ডিঙিত লিকমণি, হাতত পৰম্পৰাগত বাঁহ-ধাতু নিৰ্মিত অলংকাৰ পৰিধান কৰি কঁকালত এখন দা ওলোমাই লয়। সকলোৱে জানে যে ৱানছু জনগোষ্ঠী এক অতি যুঁজাৰু জনগোষ্ঠী। যুঁজাৰুৰ বাহ্যিক প্ৰভাৱ আছে বাবেই দা-বন্দুক আদি মাৰণাস্ত্ৰক ৱানছু সংস্কৃতিৰ অভিন্ন অংগ বুলি ধৰি লয়। উৎসৱ উপলক্ষত পুৰুষসকলৰ দৰে মহিলাসকলেও পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি পুৰুষসকলৰ সৈতে শাৰী পাতি নৃত্য পৰিৱেশন কৰে। আনন্দ-উল্লাসৰ মাজেৰে উৎসৱ উপলক্ষত ডেকা আৰু গাভৰু উভয়ে পৃথকে পৃথকে শাৰী পাতি নৃত্য পৰিৱেশন কৰে। পঞ্চম দিনটোত গাঁৱত নৃত্য-গীত পৰিৱেশন কৰা হয়। এই অনুষ্ঠানসমুহত সুকীয়া সুকীয়াকৈ মহিলা আৰু পুৰুষে অংশগ্ৰহণ কৰে। ষষ্ঠ দিনটোত গাঁৱৰ পুৰুষসকলে মিলিত হৈ খেতিপথাৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি উৎপাদিত শস্যসমুহক জন্তুৰ পৰা বচাবলৈ জেওৰা-জপনা দিয়ে। সপ্তম দিনটোত অৰিয়া উৎসৱৰ সামুহিক ভোজৰ আয়োজনেৰে পৰিসমাপ্তি ঘটে। কিন্তু সাম্প্ৰতিক সময়ত পৰিলক্ষিত হৈছে যে অসমৰ আন জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰভাৱত অসমৰ ৱানছুসকলৰ ‘অৰিয়া’ উৎসৱে এক সুকীয়া ৰুপ পৰিগ্ৰহণ কৰিছে। অৰুণাচলৰ অৰিয়া উৎসৱৰ সৈতে অসমৰ ৱানছুসকলৰ অৰিয়া উৎসৱৰ ৰীতি-নীতিৰ পাৰ্থক্য অধিক স্পষ্ট। অসমৰ বিহুৰ যথেষ্ট প্ৰভাৱ পৰিছে অৰিয়া উৎসৱত। গৌৰৱৰ কথা যে ৱানছুসকলে অৰিয়াক ‘ৱানছু বিহু’ বুলি অভিহিত কৰে। বিহুত অসমীয়াই উৰুকা পালন কৰাৰ দৰে ৱানছুসকলেও অৰিয়াৰ উৰুকাৰ দিন এটা অতীতৰ পৰা পালন কৰি এক গৌৰৱময় পৰম্পৰা বৰ্তাই আহিছে।

লেখক: দেৱজিৎ বৰা (দেওবৰীয়া সুকন্যা)

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate