অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৰম পৰৱ

কৰম পৰৱ

অসমৰ চাহ বাগিচাৰ লোকসকলে ধুম-ধামেৰে অয়োজন কৰা কৰম পৰৱ বা কৰম পূজা হ’ল কৃষি তথা উৰ্বৰতাৰ পৰৱ। এই পৰৱৰ বাবে ঝাৱা তোলাটো সবাতোকৈ প্ৰয়োজনীয় কথা। যিসকল জীয়ৰী-বোৱাৰীয়ে এই পূজাত অংশগ্ৰহণ কৰিবলৈ বিচাৰে, তেওঁলোকে নিৰ্দ্দিষ্ট পূজাৰ তিনি, পাঁচ বা সাত দিনৰ পূৰ্বে ঢোল-বাঁহী-মাদল আদি বজাই ধূপ-দীপ-নৈবেদ্যৰে ভক্তিভাৱে নৈৰ ঘাটলৈ গৈ গা-পা ধুই ধূপ-দীপেৰে আৰতি কৰি লগত নিয়া পাচিত প্ৰত্যেকে একাঁজলিকৈ বালি ভৰোৱা প্ৰয়োজন। এই বালিতেই কৰমতীসৱে লগত নিয়া মাহ-সৰিয়হ আদি সিঁচি দি নিজৰ সিঁচা ঠাইডোখৰ চিনি থয়। পূজাৰ দিনালৈ মাহ-সৰিয়হ প্ৰভৃতি তিনি-চাৰি আঙুল বাঢ়ে। ইয়াকে কোৱা হয় – ঝাৱা। ঝাৱা তোলাৰ পিছত তাক জগোৱা নিয়ম। তাকে কৰিবলৈ পূজা থলীত এডাল কৰম বা চিকা মৰলীয়া গছৰ ডাল পোতে। কোনো কোনোৱে তাৰ কাষত বাঁহৰ আগ আৰু জৰীগছৰ ডাল থয়। কুঁহিয়াৰ পুতিও পৰৱৰ শুভাৰম্ভ নকৰা নহয়। এনেভাৱে ডাল পুতি কৰা পূজাৰ নাম ডাল কৰম। বাঁহৰ আগ ভাগ সৰু সৰুকৈ ফালি তাক মোটোকাই ফুল যেন কৰি মাটিত পুতি কৰা পূজাৰ নাম ফুল কৰম। সন্ধ্যাৰ লগে লগে উপবাসে থকা কৰমতীসকলক পুৰোহিতে বহুৱাই লৈ কৰম পূজাৰ প্ৰৱৰ্তক কৰমা আৰু ধৰমাৰ কাহিনী শুনায়। লগে লগে মুকলি হয় নৃত্য-গীতৰ আখড়া। ইয়াক কোৱা হয় ঝুমুৰ নাচ বা ঝুমুৰ গান। ওৰে নিশা বিভিন্ন সুৰ-তাল আৰু লয়ত চলে ঝুমুৰ নাচ আৰু গান। ৰাতিপুৱাৰ লগে লগে কৰম ডালটো উভালি কৰমতীসকলে নাচ-বাগি নি নৈ বা পুখুৰীত উটায়। সেইদিনাই গধূলি অথবা আঠ দিনৰ দিনা গাড়া ভোতা পাতে। কৰম পৰৱ বছৰৰ তিনিটা সময়ত উদ্‌যাপিত হয় –

ক. ভাদ মাহৰ শুক্লা-একাদশী তিথিত । এই তিথিৰ পৰৱৰ নাম জীতিয়া কৰম।

খ. আহিন মাহৰ বিজয়া দশমীৰ দিনা। এই পৰৱ বুড়ী কৰমৰূপে জনাজাত আৰু

গ. আঘোণ মাহৰ পূৰ্ণিমা তিথিত উদ্‌যাপিত পৰৱ । ইয়াক ৰাস ঝুমুৰ বোলে।

তিনিওটা কৰম পৰৱৰ ভিতৰত জীতিয়া কৰমেই সৰ্বশ্ৰেষ্ঠ।(দেউৰাম তাছাৰ চাহ বাগিচাৰ পূজা-পৰৱৰ আধাৰত যুগুতোৱা)।

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।

2.94594594595
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top