মূল পৃষ্ঠা / শিক্ষা / জিলাভিত্তিক শিক্ষাৰ তথ্য / শিৱসাগৰ জিলা / শিৱসাগৰ জিলাৰ ঐতিহাসিক তথা ভৌগলিক তথ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিৱসাগৰ জিলাৰ ঐতিহাসিক তথা ভৌগলিক তথ্য

ইয়াত শিৱসাগৰ জিলাৰ ভৌগলিক তথা ঐতিহাসিক কিছু তথ্য উল্লেখ কৰা হৈছে।

চমু বিৱৰণ

ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ উজনিত অৱস্থিত এখন প্ৰশাসনিক জিলা হৈছে শিৱসাগৰ জিলা  |ছশবছৰীয়া আহোম ৰাজবংশৰ শাসনকালৰ সাক্ষী হোৱা এই জিলা খনত অলেখ স্থাপত্য,ভাস্কৰ্য,মৈদাম ,পুখুৰী,গড় আলিবাট সিঁচৰিত হৈ আছে|শিৱসাগৰ জিলা ঐতিহাসিক ভাৱে এখন অতি গুৰুত্বপুৰ্ণ জিলা| আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ। কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ। বৃটিছসকল  আহি প্ৰথমে  শিৱসাগৰ  পুখুৰীৰ  আশে-পাশে  এই  অঞ্চলৰ  প্ৰশাসনীয় কেন্দ্ৰ  স্থাপন  কৰিছিল ।  তেনেকৈয়ে কলঞ্চুপাৰ  বুলি  জনাজাত  ঠাইখন  লাহে  লাহে  শিৱসাগৰ  নামেৰে  পৰিচিত হয়।

শিৱসাগৰ নামৰ উৎপত্তি

শিৱসাগৰ নামৰ উৎপত্তি জিলাখনৰ সদৰ শিৱসাগৰ নগৰত থকা শিৱসাগৰ পুখুৰীৰ পৰা হৈছে|আহোম ৰাজবংশৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে স্বৰ্গদেও শিৱসিংহৰ পত্নী দ্ৰৌপদীয়ে ৰাণী হোৱাৰ পিছত অম্বিকা নাম লয় আৰু ৰাণী হোৱাৰ পিছত অম্বিকাই স্বামী শিৱসিংহৰ নামত এটা পুখুৰী খন্দায় আৰু তাৰ পাৰত দৌলনিৰ্মাণক ৰায়।এই পুখুৰীটোৱে হ'ল শিৱসাগৰপুখুৰী । আহোমশাসনৰ প্ৰশাসনীয়কেন্দ্ৰ আছিল ৰংপুৰনগৰ।কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ। বৃটিছসকল আহি প্ৰথমে শিৱসাগৰপুখুৰীৰ আশে- পাশে এই অঞ্চলৰ প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰিছিল। তেনেকৈয়ে কলঞ্চুপাৰ বুলি জনাজাত ঠাই খন লাহে লাহে শিৱসাগৰ নামেৰে পৰিচিত হয়।

শিৱসাগৰ জিলাৰ অৰ্থনীতি

শিৱসাগৰ জিলাৰ অৰ্থনীতি প্ৰধানকৈ তেল, গেছ, চাহ আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল৷

ভৌগলিক বিৱৰণ:

শিৱসাগৰ জিলাৰ অৱস্থান ২৬.৪৫- ২৭.১৫ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯৪.২৫- ৯৫.২৫ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত।

মাটিকালিঃ

শিৱসাগৰ জিলাৰ মাটিকালি ২৬৬৮ বৰ্গ কিঃমিঃ|

জলবায়ুঃ

শিৱসাগৰ জিলাৰ জলবায়ু সেমেকা আৰু গোটেই বছৰ জুৰি সন্তোষজনক হোৱা দেখা যায়| গ্ৰীষ্ম কালত জিলাখনৰ তাপমাত্ৰা সৰ্বোচ্চ ৪০° চেলচিয়াচলৈকে উঠে আৰু শীতকালত নিম্নতম ১০° চেলচিয়াচলৈ নামে। গ্ৰীষ্ম কালত হোৱা প্ৰ্চুৰ বৰষুণৰ ফলত তাপমাত্ৰা অধিক হ’লেও জলবায়ু সন্তোষজনক হোৱা পৰিলক্ষিত হয় |জিলাখনৰ  নিচেই কাষেৰে বৈ থকা ব্ৰক্ষ্মপুত্ৰ নদীৰ বাবে শিৱসাগৰ জিলাত আৰ্দ্ৰতা বেছি| শিৱসাগৰ জিলাত বছৰি বৰষুণৰ হাৰ গঢ়ে ২৩০ ৰ পৰা ২৪০ চে.মি. হয়|

চাৰিসীমা:

উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু লখিমপুৰজিলা

পূৱে চৰাইদেউ জিলা

দক্ষিণে নাগালেণ্ড

পশ্চিমে যোৰহাট জিলা আৰু জাঁজী নদী|

উল্লেখযোগ্য নদীসমূহ:

শিৱসাগৰ জিলাৰ উত্তৰ দিশে ব্ৰক্ষ্মপুত্ৰ নদী বৈ গৈছে ইয়াৰ লগতে দিচাং,দিখৌ,দৰিকা আৰু জাঁজী নদী এই জিলাৰ প্ৰধান নদীসমূহ|

উৎস: আই.এন.ডি.জি দল

3.09302325581
তৰুণ বৰা Dec 04, 2018 11:32 PM

এই বাৰ্তা বিলাক পঢ়ি খুৱেই ভাল লাগিল ৷ শিৱসাগৰ জিলাত কেইখন নদী আৰু দলং আছে বাৰো ৷

মমি Apr 11, 2018 09:34 PM

শিৱসাগৰ জিলাৰ পৰামৰ্শ

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top