মূল পৃষ্ঠা / শিক্ষা / ডিজিটেল সাক্ষৰতা / ই-চাইন-অনলাইন ডিজিটেল চিগনেচাৰ সেৱা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ই-চাইন-অনলাইন ডিজিটেল চিগনেচাৰ সেৱা

ই-চাইন-অনলাইন ডিজিটেল চিগনেচাৰ সেৱাৰ বিষয়ে লিখা হৈছে

পাতনি:

 

বৰ্তমান সময়ত কোনো এজন নাগৰিকে কোনো বিষয়ত আৱেদন কৰিবলগীয়া হ’লে অথবা প্ৰ-পত্ৰ পুৰাবলৈ হ’লে বেছিভাগ ক্ষেত্ৰতেই নিজ হাতৰ আখৰেৰে চহী কৰিবলগীয়া হয়।ডিজিটেল চিগনেচাৰে কাগজত চহী কৰাৰ পুৰণি ধাৰণাটোৰ পৰিৱৰ্তন ঘটাই ইলেকট্ৰনিক “ফিংগাৰ প্ৰিণ্ট”অৰ্থাৎ বৈদ্যুতিন “আঙুলি ছাপ”ৰ ব্যৱস্থা কৰিছে।এই “ফিংগাৰ প্ৰিণ্ট”অথবা “বিধিযুক্ত বাৰ্তা”প্ৰতিজন নাগৰিকৰ ক্ষেত্ৰত একক আৰু অন্যন্য।থোৰতে,এটা ডিজিটেল,চিগনেচাৰে কাৰ্য্যক্ষেত্ৰত এটা হাতে লিখা চহীৰ দৰেই কাম কৰে।ডিজিটেল ,চিগনেচাৰৰ কেইটামান বিশেষ গুণ হ’ল-১।অনা-অগ্ৰাহ কৰণ(Non-Repudiation)

২।অখণ্ডতা বা সম্পুৰ্ণতা (Integrity)

৩।সত্যতা (Authenticity)আদি।

“তথ্য প্ৰযুক্তি আইন ২০০০”এ ডিজিটেল চিগনেচাৰক আইনী শুদ্ধতা প্ৰদান কৰিছে এক অমিল গুপ্ত পদ্ধতি (Asymmetric erypto System)ৰ জৰিয়তে।

ই-চাইন সেৱা:

 

ভাৰত চৰকাৰে ইয়াৰ গেজেট ন’টিফিকেচন (Regd.No.D.L.33004/99 dated 28 Januwary 2015)ৰ জৰিয়তে এনে এক প্ৰণালীৰ বিষয়ে ঘোষণা কৰিছে যিয়ে প্ৰমান পত্ৰ প্ৰদান কৰা কৰ্তৃপক্ষক আধাৰ কাৰ্ড থকা ব্যক্তি সকললৈ ই-চাইন সেৱা আগবঢ়াবলৈ সুবিধা প্ৰদান কৰিছে।

ই-চাইন সেৱাৰ মুল উদ্দেশ্য হ’ল নাগৰিক সকলৰ বাবে এনে এক অন-লাইন সেৱা আগবঢ়োৱা যাৰ জৰিয়তে তেওঁলোকৰ তথ্য-পাতি সমুহত সুৰক্ষিত আৰু আইনীভাৱে গ্ৰহণযোগ্য হোৱাকৈ থিতাতে চহী প্ৰদান কৰিব পাৰে।এই সেৱাৰ ক্ষেত্ৰত দুটা ডাঙৰ প্ৰত্যাহবান হ’ল-

১।ব্যৱহাৰকাৰীজনৰ প্ৰমাণীকৰণ আৰু

২।চহী কৰাৰ বিশ্বাসযোগ্য প্ৰণালী।

আধাৰ কাৰ্ডৰ ওপৰত ভীত্তি কৰি লাভ কৰা বিশ্বাসযোগ্যতাক প্ৰথমবিধ প্ৰত্যাহবানৰ সৈতে মোকাবিলা কৰিবলৈ আৰু দ্বিতীয়বিধ প্ৰত্যাহবানৰ বাবে অৰ্থাৎ সম্পুৰ্ণ বিশ্বাসযোগ্য আৰু সুৰক্ষিত ভাৱে চহী লাভ কৰিবলৈ Public Key Intrastructured (PKI)ৰ সহায় লোৱা হৈছে।

আধাৰ ID কাৰ্ড (Aadhar ID)বহনকাৰী নাগৰিকসকলে তেওঁলোকৰ তথ্যপাতিসমুহ অনলাইন আপলোড কৰিবলৈ প্ৰয়োজন হোৱা ডিজিটেল চিগনেচাৰ “ই-চাইন সেৱাৰ” জৰিয়তে লাভ কৰিব পাৰে।সৰ্বশেষত ,আধাৰ সেৱাৰ জৰিয়তে ব্যৱহাৰকাৰী গৰাকীৰ যুক্তি সিদ্ধতা বহন কৰিবলৈ এযোৰ চাবি (এপাত চৰকাৰী আৰু এপাত ব্যক্তিগত )প্ৰস্তুত কৰা হয় আৰু তথ্য –পাতি সমুহত চহী কৰা হয়।ব্যৱহাৰকাৰী গৰাকীৰ হাতত Digitally Signed Document অৰ্থাৎ “ডিজিটেল চিগনেচাৰ”থকা তথ্যপাতি সমুহত আৰু “ডিজিটেল চিগনেচাৰ চাৰ্টিফিকেট”প্ৰদান কৰা হয়।

C-DAC এ ইয়াৰ ই-হস্তাক্ষৰ পদক্ষেপৰ জৰিয়তে নাগৰিক সকলোলৈ যুক্তিসিদ্ধ আধাৰ ID আৰু পঞ্জীয়নভুক্ত মোবাইল নম্বৰ যোগান ধৰিছে যাৰ জৰিয়তে ব্যৱহাৰকাৰী গৰাকীয়ে তথ্যপাতি সমুহত অন-লাইন ডিজিটেল চহী প্ৰদান কৰিব পাৰে।

অন্তৰ্নিহিত গুণাগুণ:

 

*খৰচ আৰু সময় বচায়।

*আধাৰে কে ৱাই চি ভীত্তিত প্ৰমাণীকৰণ।

*ব্যৱহাৰকাৰীলৈ অধিক সুবিধা প্ৰদান

*বাধ্যতামুলক আধাৰ ID

*ডিজিটেল চিগনেচাৰৰ বাবে আবেদন কৰিবলৈ সহজ।

*বায়’মেট্ৰিক অথবা OTP (optionally with Pin)ৰ ভীত্তিত প্ৰমাণীকৰণ।

*শুদ্ধতা প্ৰমাণ কৰিব পৰা চহী আৰু চহী কৰোতা।

*ব্যৱহাৰ কৰিবলৈ সহজ আৰু আবেদনৰ সৈতে অতি সোনকালে যুক্ত কৰিব পাৰি।

*আইনগতভাৱে স্বীকৃতিপ্ৰাপ্ত।

*ব্যক্তিগত,ব্যৱসায় আৰু চৰকাৰৰ বাবে সুবিধাজনক ।

*অনুজ্ঞাপত্ৰ প্ৰাপ্ত CA ৰ দ্বাৰা পৰিচালিত।

*API স্বাক্ষৰ আৰ্হি।

*গোপনীয়তা ৰক্ষাৰ নিশ্চিত প্ৰদান।

*সম্পুৰ্ণ হিচাব পৰীক্ষৰণৰ মাজত এক সমন্বয় স্থাপন।

*চহী পৰীক্ষাকৰণৰ সৰল উপায়।

*ব্যৱহাৰৰ পিছতেই চাবিৰ বিনষ্টকৰণ।

*কম দিনৰ বাবে প্ৰযোজ্য প্ৰমাণপত্ৰ।

*চাবি জমা কৰি থোৱা বা চাবি সুৰক্ষিত ৰখাৰ কাৰবাৰ নাই।

উপকাৰিতা:

 

যিকোনো সময়ত যিকোনো  ঠাইত তথ্যপাতি সমুহ Digitally Sign কৰিবলৈ সহজ আৰু সুৰক্ষিত উপায় :ই-চাইন হ’ল এনে এক অনলাইন সেৱা য’ত ডংগলচ ব্যৱহাৰ নকৰাকৈ আবেদন পত্ৰৰ সেৱা যোগানকাৰী সকললৈ এনে এক কাৰ্য্যক্ষমতাৰ সুবিধা প্ৰদান কৰা হয় যাৰ দ্বাৰা চহী দাতাৰ সত্যাসত্য নিৰুপন কৰিব পাৰি আৰু Aadhar e-KYC service ব্যৱহাৰ কৰি Digital Signing কৰাব পাৰি।

আইনগতভাৱে প্ৰমাণিত চহী লাভ কৰাটো উজু কৰি তোলে:ই-চাইন প্ৰক্ৰিয়াটোত কেইবাটাও দিশ জড়িত হৈ আছে যেনে-গ্ৰাহকৰ সন্মতি,ডিজিটেল চিগনেচাৰ সৃষ্টি আৰু চহী দান আৰু তথ্য-প্ৰযুক্তি আইন অনুসৰি “ডিজিটেল চিগনেচাৰ চাৰ্টিফিকেট”গ্ৰহণ।এই পদ্ধতিত API ৰ গুণাৱলীৰ জৰিয়তে আৰু licensing Model অনুসৰি সন্মতি আদায় কৰা হয় লগতে লেন-দেনৰ যুক্তি সিদ্ধতা প্ৰতিপন্ন কৰিবলৈ বোধগম্য  “ডিজিটেল অডিট ট্ৰেইল” ৰ প্ৰতিষ্ঠা আদিও সংৰক্ষিত ৰখা হয়।

লেতু সেতু বিধৰ অৰ্থাৎ বিকল্প উপায়েৰে সমৃদ্ধ আৰু  ৰুপায়ণৰ বাবে সহজ: “ই-চাইন”এ আধাৰ ই-কে-ৱাই-চি সেৱাৰ জৰিয়তে আকাৰ-প্ৰকাৰৰ প্ৰমাণীকৰণৰ বিকল্প উপায়ৰ সুবিধা প্ৰদান কৰে আৰু চহী দাতাৰ পৰিচয় নিৰুপণ কৰিবলৈ আধাৰ ID নথিভুক্ত কৰে।চহীদানৰ উপায়সমুহ হ’ল-বায়মেট্ৰিক অথবা OTP প্ৰমাণীকৰণ (PIN ৰ বিকল্পৰ সৈতে যি সুবিধা লাভ কৰিব পাৰি আধাৰ ডেটাবেচত নিজৰ পঞ্জীয়নভুক্ত ম’বাইল নম্বৰৰ জৰিয়তে ।ই- চাইনে আধাৰ কাৰ্ড থকা কোটি কোটি জনতাক আইনীভাৱে যুক্তি সিদ্ধ ডিজিটেল চিগনেচাৰ সেৱা লাভ কৰাত সহজ উপায় প্ৰদান কৰে।

গোপনীয়তা ৰক্ষাত সন্মান দেখুৱায়:

 

ই-চাইনে গ্ৰাহকৰ গোপনীয়তা বজাই ৰাখিবলৈ চহী কাৰ্য্য সমাপন কৰিবলৈ তথ্য পাতিৰ পৰা কেবল টিপ চহী (Thumbprint)হে জমা দিয়ে,বাকী তথ্যপাতি গোপনে ৰাখে।

 

সুৰক্ষিত অনলাইন সেৱা: ই-চাইন সেৱাটি ই-প্ৰমানীকৰণ নিয়মানুৱলীৰ দ্বাৰা পৰিচালিত হয়।ইয়াৰ বাবে Aadhar e-KYC ব্যৱহাৰ কৰি চহী দাতাৰ প্ৰমাণ চোৱা হয় আৰু চহীদাতাৰ চহীটো সংৰক্ষণ কৰা হয় এটা Backend Server ত যাক ই-চাইন প্ৰভাইজৰ বুলি কোৱা হয়।ই-চাইন সেৱা বিশ্বাসযোগ্য তৃতীয় পক্ষসেৱা  যোগান কাৰীৰ দ্বাৰা,বৰ্তমান Certitying Authority সুৰক্ষা বঢ়াবলৈ আৰু অপ-প্ৰয়োগ ৰোধ কৰিবলৈ প্ৰমাণ পত্ৰ লাভকাৰীৰ ব্যক্তিগত চাবি সমুহত Harware Security Module (HSM)ৰ ওপৰত ভীত্তি কৰি প্ৰস্তুত কৰা হয় আৰু এবাৰ ব্যৱহাৰ কৰাৰ পিছত নষ্ট কৰি পেলোৱা হয়।

ই-চাইনে কেনেদৰে কাম কৰে:

 

(নক্সা)

ই-চাইন API আৰু দুৱাৰমুখ:ই-চাইন Application Programming Interfaces (APIS)এ ইয়াৰ প্ৰধান স্থাপত্য উপাদান সমুহৰ ব্যাখ্যা আগবঢ়ায়।লগতে ইয়াৰ গঠন প্ৰক্ৰিয়া আৰু যোগাযোগৰ মুল উপাদানসমুহ এই সেৱাৰ সৈতে জড়িত সকলো পক্ষৰ বাবে বৰ্ণনা কৰে।এই সমগ্ৰ প্ৰক্ৰিয়াটাও কেইবাটাও পক্ষ-জড়িত আছে যেণে-আবেদন সেৱা-যোগানকাৰী,প্ৰমান পত্ৰ প্ৰদানকাৰী সংস্থা বিশ্বাসযোগ্য তৃতীয় পক্ষ,আধাৰ ই-কেৱাই চি সেৱা আৰু এপ্লিকেচন গেটৱে।এই নিৰ্দ্দিষ্ট মানযুক্ত ই-চাইন এ আবেদন সেৱা যোগানকাৰী সকলক তেওঁলোকৰ আবেদন পত্ৰত কম কষ্টতে ই-চাইন API প্ৰদান কৰিবলৈ সক্ষম কৰি তোলে।C-DAC এ ই-চাইন গেটৱে যোগান কাৰী ৰুপে কাৰ্য্য সম্পাদন কৰি আহিছে।

কোনে আৰু কত ই-চাইন ব্যৱহাৰ কৰিব পাৰে:ব্যক্তিগত ব্যৱহাৰকাৰী ,ব্যৱসায়ী আৰু চৰকাৰৰ কাৰণে ই-চাইনৰ বিকল্প হস্তাক্ষৰ আৰ্হি আছে।OTP (PIN ৰ বিকল্পৰ সৈতে)পৰ্য্যায়লৈ প্ৰমাণীকৰণ কৰা ই-চাইন কিছুমান ক্ষেত্ৰত সুবিধাজনক।যেনে তথ্য পাতিৰ ক্ষেত্ৰত কম আশংকা থকা আৰু হানি-বিঘিনীৰ সম্ভাৱনা কম থাকে আৰু যিবোৰৰ কোনো ডাঙৰ তাৎপৰ্য্য নাথাকে।Biometric  (টিপ চহী/ চকুৰমণী )পৰ্য্যায়ৰ প্ৰমাণীকৰণ কিছুমান ক্ষেত্ৰত আদৰ্শনীয়।যেণে- শংকা থকা আৰু তথ্যপাতি হেৰফেৰ হোৱাৰ মধ্যমীয়া সম্ভাৱনা থকা।ইয়াৰ ভিতৰত এনেকুৱা লেনদেন বিলাক সন্নিবিষ্ট হ’ব পাৰে যিবোৰৰ যথেষ্ঠ আৰ্থিক মুল্য থাকে অথবা প্ৰতাৰণাৰ শ্ংকা থাকে অথবা ব্যক্তিগত তথ্যলাভৰ লগত জড়িত থাকে য’ত ব্যাপক হাৰত হিংসাপুৰ্বক তথ্য আহৰণ কৰাৰ সম্ভাৱনা থাকে।

উৎস-ই-চাইন

3.09375
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top