অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়াৰে ব্ল'গ লিখোঁ আহক

অসমীয়াৰে ব্ল'গ লিখোঁ আহক

ব্ল'গ(Blog- A blend of the term Web Log) বা জালপঞ্জী হ'ল এক প্রকাৰৰ ৱেবছাইট(অন্তৰ্জালস্থান)বা ৱেবছাইটৰ এটা অংশ| ব্ল'গবোৰ সাধাৰণতে এজন মানুহ বা এটি অনুষ্ঠানে নিয়মিতভাবে ভাৱ প্রকাশৰ বাবে বা শেহতীয়া খবৰ জনাবলৈ ব্যৱহাৰ কৰে|

১৯৯৭-৯৮ চনৰ পৰা ব্ল'গ শব্দৰ ধাৰণাটো আৰম্ভ হয় যদিও ২০০৪ চনৰ পৰাহে ব্ল'গৰ জনপ্রিয়তা বৃদ্ধি পায় | ব্ল'গৰ একক সন্ধানী যন্ত্র Technorati ৰ মতে ২০০৭ চনৰ ডিচেম্বৰলৈ ১১২,০০০,০০০ ব্ল'গৰ সৃষ্টি কৰা হয় |বৰ্তমান এই সংখ্যা অকল্পনীয় ভাবে বৃদ্ধি পাইছে|

এইখিনিতে উল্লেখ কৰিব পাৰি যে ব্ল'গবোৰ সাধাৰণতে আখৰৰ লিখনিৰ সমষ্টি যদিও ফটো-ব্ল'গ, ভিডিও-ব্ল'গ, সঙ্গীত-ব্ল'গ আৰু মাইক্ৰ'ব্ল'গ(যেনে-টুইটাৰ)আদিও একৰকমৰ ব্ল'গেই|

এতিয়া, এই পোষ্টটো পঢ়ি থাকোতে আপুনি যদি অন্তৰ্জালত অসমীয়া কেনেকৈ লিখিব পাৰি সেয়া ভাবি আছে, অনুগ্রহ কৰি পঢ়া বন্ধ কৰক- এয়া আপোনাৰ দৰে ন-শিকাৰুৰ বাবে নহয়| বাকী ৰাইজ, বলক আমি আগবাঢ়োঁ|

প্রথম খোজ

ব্ল'গ লিখাৰ (বিনামূলীয়াকৈ)প্রথম পদক্ষেপ হিচাপে আপুনি এটা Blogging Provider বাছি লব লাগিব ৷ জনপ্ৰিয় প্ৰভাইডাৰ সমূহ হ'ল- LiveJournal, Blogger, WordPress.com, Xanga আদি | এইবোৰত ব্ল'গ লিখা আৰু প্ৰকাশ কৰিবলৈ প্ৰয়োজনীয় আহিলাবোৰ আগৰ পৰাই মজুত থাকে; গতিকে বেছি কাৰিকৰী জ্ঞানৰ প্ৰয়োজন নহয়

দ্বিতীয় খোজ

আপোনাৰ এটা ই-পত্ৰ(E-mail) একাউন্ট থকাটো জৰুৰী ৷ ব্ল'গ প্ৰভাইডাৰৰ অন্তৰ্জালত গৈ আপুনি ই-পত্ৰ একাউন্ট ব্যৱহাৰ কৰি ছাইন-আপ কৰিব লাগিব৷ আপোনাক এটা Login Name আৰু Password দিয়া হব যাতে আপুনি প্ৰভাইডাৰৰ অন্তৰ্জালত গৈ ব্যক্তিগত ব্ল'গ লিখিব পাৰে

তৃতীয় খোজ

এজন পৈণত ব্ল'গাৰে এটা নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি ব্ল'গ লিখে যেনে- সাহিত্য, সমাজ, প্ৰেম, কেৰিয়াৰ ইত্যাদি ৷ এজন নতুন অসমীয়া ব্ল'গাৰ হিচাপে আপুনি কিবা বিষয় বাচি লব পাৰে বা যি মনত আহে, তাকে লিখি প্ৰাৰম্ভণি কৰিব পাৰে

চতুৰ্থ খোজ

ইমানলৈ কৰাৰ পিছত আপুনি বেলেগৰ ব্ল'গ চাবলৈ ধৰিব আৰু তেওঁৰ ব্ল'গৰ সোঁ আৰু বাঁও পিনে কিবাকিবি দেখি খেলিমেলি হৈ যাব ৷ মই পৰামৰ্শ দিব বিচাৰোঁ যে একদম সাধাৰণভাবে প্ৰথম ব্ল'গটো লিখি প্ৰকাশ কৰক৷ পিছলৈ লাহে লাহে বিভিন্ন Add-on বিলাকৰ বিষয়ে শিকি থাকিব - মই কেৱল কিক্ টো দিব খুজিছোঁ

পঞ্চম খোজ

এতিয়া আপোনাৰ ব্ল'গটো প্ৰথম পোষ্টটোৰ বাবে সম্পূৰ্ণ সাজু৷ মনত যি আহে তাকে লিখক(অসমীয়াৰে কেনেকৈ লিখিব লাগে আপোনালোকে জানেই) ৷ ইয়াৰ পিছত পোষ্টটো PUBLIC বুলি ৰাখি প্ৰকাশ কৰক ৷ আপোনাৰ লগৰবোৰক ব্ল'গৰ লিংকটো জনাবলৈ নেপাহৰিব

মনজিত্ নাথ

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate