অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এটা জিমেইল একাউন্টৰ ভিতৰতে একাধিক ঠিকনা

এটা জিমেইল একাউন্টৰ ভিতৰতে একাধিক ঠিকনা

বৰ্তমান সময়ত জি-মেইল হ’ল এটা অতি জনপ্ৰিয় বিনামূলীয়া ই-মেইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান। সময়ে সময়ে জি-মেইলে নতুন নতুন সুবিধা প্ৰদান কৰি গ্ৰাহকক আকৰ্ষিত কৰি আহিছে। জি-মেইল একাউন্টৰ এটা ভাল সুবিধা হ’ল এটা ঠিকনাটে একাধিক ধৰণে লিখি ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে, যদিহে আপোনাৰ ঠিকনা indgassam@gmai.com হয় তেনেহ’লে আপুনি উক্ত ব্যৱহাৰকাৰীৰ নামটো বিভিন্ন ধৰণে লিখিব পাৰে। যেনে, i.n.d.g.a.s.s.a.m@gmail.com বা i.n.d.g.assam@gmail.com বা ব্যৱহাৰকাৰীৰ নামৰ যিকোনো ঠাইত বিন্দু (.) দি ই-মেইল ঠিকনা হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এই ঠিকনা যি ধৰণৰে নহওক কিয় আপোনাৰ মূল ই-মেইললৈকে প্ৰেৰিত হ’ব। ইয়াৰ উপৰিও আপোনাৰ ইউজাৰ আই ডি ৰ পিছত @gmail ৰ ঠাইত @googlemail.com ও ব্যৱহাৰ কৰিব পাৰে। যেনে, indgassam@googlemail.com

ইয়াৰ উপৰিও আপোনাৰ ব্যৱহাৰকাৰীৰ পিছফালে + চিহ্ন দি যিকোনো শব্দ লিখিও ই-মেইল ঠিকনা হিচাপে ব্যৱহাৰ কৰিব পাৰে। এনে ঠিকনালৈ পঠিওৱা মেইলসমূহো মূল আইডি টোলৈ প্ৰেৰিত হ’ব। যেনে: indgassam+bhrigu@gmail.com । এনেদৰেই আপুনি কেইবাশও ই-মেইল ঠিকনা বনাই ল’ব পাৰে।

যিবোৰ ক্ষেত্ৰত একাধিকবাৰ পঞ্জীয়নৰ বাবে এটা ই-মেইলত একেইতা ই-মেইলকে গ্ৰহণ কৰা নহয় তেনে ক্ষেত্ৰত এই পদ্ধতি অত্যন্ত সহায়ক হয়। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ঠিকনা ব্যৱহাৰ কৰি মেইল ফিল্টাৰিঙ কৰাৰ সুবিধা প্ৰদান কৰে।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate