অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গুগল এডচেনচ কি? কেনেকৈ ব্যৱহাৰ কৰিব?

গুগল এডচেনচ কি? কেনেকৈ ব্যৱহাৰ কৰিব?

গুগল এডচেনচ ইন্টাৰনেট মাৰ্কেটিঙৰ আতাইতকৈ জনপ্ৰিয় ব্যৱস্থা। গুগল এডচেনচ হৈছে গুগলৰ বিজ্ঞাপন সেৱা। সেৱা বোলাতকৈ ব্যৱসায় বুলিলেহে শুদ্ধ হ'ব। বিভিন্ন প্ৰতিস্থানে গুগল এডচেনচৰ জৰিয়তে নিজৰ সামগ্ৰীৰ বিষয়ে বিজ্ঞাপন দিয়ে। আৰু গুগলে সেই বিজ্ঞাপন বিভিন্ন ৱেবছাইটৰ জৰিয়তে ইন্টাৰনেট ব্যৱহাৰকাৰীৰ ওচৰ পোৱায়। এই বিজ্ঞাপনসমূহ আকৌ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। কিছুমান হ'ব পাৰে CPM (Cost Per Million) অৰ্থাৎ প্ৰতি ১০০০ বাৰ দৰ্শনৰ মূৰত নিৰ্দিষ্ট পৰিমাণৰ ধন বিজ্ঞাপন প্ৰদৰ্শিত হৈ থকা ৱেবছাইটৰ গৰাকীয়ে লাভ কৰিব। অন্য এক প্ৰকাৰ হ'ল PPC (Pay Per Click)। এই প্ৰকাৰৰ বিজ্ঞাপন ৱেবছাইটত প্ৰদৰ্শন কৰিলেই ৱেবছাইটৰ গৰাকীয়ে ধন লাভ নকৰে, লাভ কৰিব যদিহে বিজ্ঞাপনত কোনোৱে টিপা (Click) মাৰিছে। প্ৰতি ক্লিকৰ বাবদ ৱেবছাইটৰ গৰাকীয়ে ধন লাভ কৰিব। গুগলে কেতিয়াও এটা ক্লিকৰ পৰা কিমান উপাৰ্জন কৰিব পাৰিব সেয়া জানিবলৈ নিদিয়ে। সাধাৰণতে এই পৰিমাণ .০১ চেন্টৰ পৰা ৪ ডলাৰলৈকে হ'ব পাৰে। বেছি উপাৰ্জনকাৰী বিজ্ঞাপন  নিৰ্ভৰ কৰে ৱেবছাইটটোত থকা সমল কিমান উন্নত মানদণ্ডৰ তাৰ ওপৰত। যিহেতু গুগল এডচেনচৰ পৰা গুগলে বাৰ্ষিক মুঠ ৰাজহৰ ৬৮% উপাৰ্জন কৰে, গতিকে বিজ্ঞাপনসমূহৰ বাবদ বিজ্ঞাপনদাঁতাৰ পৰা গুগলে যিমান ধন লাভ কৰে, তাৰ এটা অংশহে বিজ্ঞাপন প্ৰদৰ্শন কৰা ৱেবছাইটৰ গৰাকীয়ে লাভ কৰে। আৰু যিসমূহ ৱেবছাইট অধিক জনপ্ৰিয় আৰু অধিক ব্যৱহাৰকাৰী থকা ৱেবছাইটত বেছি লাভজনক বিজ্ঞাপন সংস্থাপন কৰে।

যিহেতু এয়া এক বিশুদ্ধ ব্যৱসায়, বিভিন্ন ব্যৱসায়িক Terms and Conditions জৰিত হৈ আছে। ভূৱা ক্লিক (click fraud) ধৰা পেলাবৰ বাবেও গুগলৰ বিভিন্ন ব্যৱস্থা আছে। আপুনি হয়তো ভাবিছে এই click fraud আকৌ কি? নতুন এডচেনচ ব্যৱহাৰকাৰীসকলে সাধাৰণতে বেছি উপাৰ্জনৰ আশাত নিজেই নিজৰ ৱেবছাইটত থকা বিজ্ঞাপনত বাৰে বাৰে ক্লিক কৰে অথবা কোনো বন্ধুৰ হতুৱাই ক্লিক কৰোৱায়। কিছুমান ৱেব ডিজাইনাৰে আকৌ কোনোৱে ক্লিক নকৰিলেও নিজে নিজেই ক্লিক হোৱাকৈ প্ৰগ্ৰাম লিখি থ'ব পাৰে। এনে ধৰণৰ ভুৱা ক্লিক ধৰা পেলাবলৈ গুগলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। কেৱল ৱেবছাইট বা ব্লগ এটাৰ গৰাকী হ'লেই যে গুগল এডচেনচৰ জৰিয়তে বিজ্ঞাপন দিব পাৰিব তেনে নহয়। বৰ্তমান গুগলৰ পলিচি অনুসৰি এবছৰ বা ততোধিক সময় অতিক্ৰম কৰা, আৰু উচ্চ মানবিশিষ্ট ৱেবছাইটহে গুগল এডচেনচ বিজ্ঞাপনৰ বাবে বিবেচিত হয়।

এই কথা মিছা নহয় যে বহুতো ৱেবছাইট বিজ্ঞাপনৰ জৰিয়তে উপাৰ্জন কৰা ধনেৰেই চলি আছে। আৰু বহুতেই ৱেবছাইট নিৰ্মাণ নতুবা ব্লগিং পেছা হিচাপে গ্ৰহণ কৰি বৃহৎ পৰিমাণৰ উপাৰ্জন কৰি আছে। Most earning bloggers বুলি গুগলত সন্ধান কৰিলেই আটাইতকৈ বেছি উপাৰ্জনকাৰী ব্লগাৰসকল আৰু তেওলোকৰ চকু কঁপালত তুলিব পৰা বাৰ্ষিক আয় জানিব পাৰিব।

এডচেনচে বৰ্তমান ৩৬ টা ভাষাৰ ৱেবছাইটত বিজ্ঞাপন দিয়ে। দূ:খবৰ যে ভাৰতীয় ভাষাসমূহক এতিয়ালৈকে এই তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই।

পুনশ্চ: সাধাৰণ দৃষ্টিত গুগল এডচেনচৰ জৰিয়তে ধন উপাৰ্জন কৰাটো বৰ সহজ যেন লাগিলেও দৰাচলতে কথাটো তেনে নহয়। প্ৰথম কথা এডচেনচ বিজ্ঞাপনৰ বাবে বিবেচিত হ'বলৈকে আপোনাৰ ৱেবছাইট বা ব্লগটোৱে প্ৰতিমাহে যথেষ্টসংখ্যক visitor পাব লাগিব। দ্বিতীয়, আপোনাৰ ৱেবছাইটলৈ অহা visitor য়ে আপোনাৰ ৱেবছাইটৰ পৰা তথ্য জানিবলৈহে আহিব, প্ৰতিজনেই যে বিজ্ঞাপনত ক্লিক কৰিব তেনে নহয়। তাৰ মাজৰেই দুই এজনে কৌতুহলবশত: দুই এটা বিজ্ঞাপনত ক্লিক কৰি দিবও পাৰে। যদি আপোনাৰ ৱেবছাইটত গুগলে দিয়া বিজ্ঞাপনসমূহ অধিক দামী নহয়, মানে যদি প্ৰতি ক্লিকত কেৱল .০১ ডলাৰমানকৈহে খৰছ কৰা হৈছে, তেন্তে আপোনাৰ উপাৰ্জন সহজেই অনুমেয়। তৃতীয়, আগতেই উল্লেখ কৰা হৈছে যে এয়া এক ব্যৱসায়। গতিকে, অন্য ব্যৱসায়ত থকাৰ দৰেই তীব্ৰ প্ৰতিযোগিতা অনলাইন ব্যৱসায়তো আছে। আপুনি আপোনাৰ ৱেবছাইটত যি কথা লিখিছে, সেই ধৰণৰ কথা থকা অন্য হাজাৰোধিক ৱেবছাইট পূৰ্বৰপৰাই ইন্টাৰনেটত থাকিব পাৰে। গতিকে, গুগলে কেতিয়াও প্ৰথমে আপোনাৰ ৱেবছাইটলৈ নিৰ্দেশ নকৰি অন্য ৱেবছাইটলৈ নিৰ্দেশ কৰিব। এডচেনচৰ সদস্য হোৱা মানেই একপ্ৰকাৰ আপুনি গুগলৰ ব্যৱসায়িক অংশীদাৰ হৈছে, গতিকে ব্যৱসায়ত লোকচান হ'বপৰা কোনো কামেই গুগলে সহ্য নকৰে। অৱশ্যে গুগল এডচেনচৰ দৰে অন্য বহুতো ad-serving প্ৰতিস্থান আছে। অসমীয়া ভাষাৰ ৱেবছাইট বা ব্লগত বিজ্ঞাপনৰ বাবে Chitika, bidvertiser আদি চাব পাৰে।

সংযোগ: গুগল এডচেনচ

মৃণ্ময় কুমাৰ নাথ

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate