অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভিজুৱেল ষ্টুডিঅ’ ২০১২ ব্যৱহাৰ কৰি উইণ্ড’জ ষ্ট’ৰ এপ্লিকেশ্যন প্ৰস্তুত

ভিজুৱেল ষ্টুডিঅ’ ২০১২ ব্যৱহাৰ কৰি উইণ্ড’জ ষ্ট’ৰ এপ্লিকেশ্যন প্ৰস্তুত

উইণ্ড’জ ৮ নিৰ্মাণ কৰা হৈছে বিশ্বজুৰি অধিক স্থানীয় ৰূপে কাম কৰিবলৈ। উইণ্ড’জ ৮ৰ বাবে বহুভাষিক এপ্লিকেশ্যন টুলকিট, ভিজুৱেল ষ্টুডিঅ’ ২০১২ৰ এক সম্প্ৰসাৰণ মুকলি কৰাত ই ব্যৱহাৰকাৰীক অধিক স্থানীয়কৃত এপ্লিকেশ্যন ব্যৱহাৰৰ সুবিধা, যান্ত্ৰিক অনুবাদ সেৱা অথবা অধিক স্থানীয়কৰণৰ সুবিধা প্ৰদান কৰে।

এমএটি বৈশিষ্ট্য

বহুভাষিক এপ্লিকেশ্যন টুলকিট উইণ্ড’জ ৮ৰ মাইক্ৰ’ছফট ভিজুৱেল ষ্টুডিঅ’ এক্সপ্ৰেছ ২০১২ৰ সৈতে সংলগ্ন হৈ থাকে অথবা ভিজুৱেল ষ্টুডিঅ’ প্ৰফেশ্যনেল ২০১২ৰ সৈতে, ই উইণ্ড’জ ষ্ট’ৰ এপ্লিকেশ্যনক অনুবাদৰ সুবিধা প্ৰদান কৰে, ফাইল মেনেজমেণ্ট অনুবাদ আৰু সম্পাদনা সঁজুলিসমূহো স্থানীয়কৰণ কৰে। উইণ্ড’জত সমৰ্থিত যিকোনো ভাষাত এপ্লিকেশ্যন প্ৰস্তুত কৰি ই এইবোৰ বজাৰত প্ৰৱেশৰ সুবিধা দিয়ে।

বহুভাষিক এপ্লিকেশ্যন টুলকিটৰ বাবে প্ৰয়োজন হয় গোলকীয় আৰু স্থানীয় দৃষ্টিকোণেৰে প্ৰস্তুত কৰা এপ্লিকেশ্যন। এবাৰ কোনো এপ্লিকেশ্যনে স্থানীয় আৰু গোলকীয় দৃষ্টিকোণৰ এপ্লিকেশ্যন আৰ্হিৰ সৈতে সংলগ্ন হ’লে, এই টুলকিটত ভাষা সংযোগ কৰাটো সুচল আৰু ক্ষিপ্ৰ হৈ পৰে।

এপ্লিকেশ্যনৰ স্থানীয়কৰণ আৰম্ভ কৰাৰ বাবে বহুভাষিক এপ্লিকেশ্যন টুলকিটক এই প্ৰজেক্টৰ বাবে সক্ৰিয়কৰণ কৰি ল’ব লাগিব।

1. প্ৰজেক্ট সমাধান ফাইল খোলক

2. সমাধান এক্সপ্ল’ৰাৰত প্ৰয়োজনীয় প্ৰজেক্ট নিৰ্বাচন কৰক

3. Tools মেনুত, Enable Multilingual App Toolkit নিৰ্বাচন কৰক

ব্যৱহাৰকাৰীয়ে প্ৰত্যক্ষ কৰিব "Multilingual App Toolkit was successfully enabled on the selected project” বাৰ্তা আৰু এয়া ব্যৱহাৰৰ বাবে সাজু হৈ উঠিল।

প্ৰজেক্টত ভাষা সংলগ্নকৰণ

1. প্ৰজেক্টত ৰাইট-ক্লিক কৰক

2. Add translation languages নিৰ্বাচন কৰক।

3. Translation Languages windowত, ভাষা নিৰ্বাচন কৰক আৰু OKত ক্লিক কৰক। ই নিৰ্বাচিত ভাষা সংলগ্নকৰণ নিশ্চিত কৰিব।

4. প্ৰজেক্টত ৰাইট-ক্লিক কৰক আৰু Rebuild নিৰ্বাচন কৰক, বহুভাষিক সমল ভাষা ফ’ল্ডাৰত .xlf ফাইলত সূচী অন্তৰ্ভুক্ত কৰিবৰ বাবে।

 

মাইক্ৰ’ছফট অনুবাদ সেৱা ব্যৱহাৰ কৰিব পাৰি যান্ত্ৰিক অনুবাদ এপ্লিকেশ্যনৰ বাবে, যেতিয়া ইয়াৰ আইকন ভাষাৰ নামৰ পিছত উল্লেখিত হয়।

এটা ভাষা আঁতৰাবলৈ মাল্টিলিংগুৱেলৰিছ’ৰ্চেজ ফ’ল্ডাৰৰ ভাষাত ক্লিক কৰক আৰু  Delete ত ক্লিক কৰক। অনুদিত ভাষা উইণ্ড’ৰ চেকবক্স পৰিস্কাৰ কৰি এটা ভাষা আঁতৰাব নোৱাৰি।

ছিঅ’ড’ লেংগুৱেজ ব্যৱহাৰ কৰি এপ্লিকেশ্যন পৰীক্ষা কৰক

ছিঅ’ড’ লেংগুৱেজ হৈছে ছফটৱেৰ প্ৰ’ডাক্টৰ এক কৃত্ৰিম উন্নীতকৰণ ব্যৱস্থা যিয়ে প্ৰায় প্ৰকৃত ভাষাৰ স্থানীয়কৰণ প্ৰকাশ কৰে।  ছিঅ’ড’ লেংগুৱেজ ব্যৱহাৰ কৰিব পাৰি প্ৰকৃত স্থানীয়কৰণ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰজেক্ট শৃংখলত থকা সম্ভাব্য স্থানীয়কৰণ বিষয় অথবা বাগসমূহ ডিলিট কৰিবলৈ। ছিঅ’ড’ লেংগুৱেজ উইণ্ড’জ ৮ৰ লেংগুৱেজ প্ৰিফাৰেন্সেজত সংলগ্ন কৰিবই লাগিব।

1. কণ্ট্ৰ’ল পেনেল খোলক, আৰু নিৰ্বাচন কৰক Clock, Language, and Region > Language

2. Add a language ত ক্লিক কৰক

3. ছাৰ্চ বক্সত, টাইপ কৰক qps-ploc.

4. English (pseudo-qps) নিৰ্বাচন কৰক আৰু Addত ক্লিক কৰক

5. নিশ্চিত কৰক যাতে English (qps-ploc) নিৰ্বাচিত ভাষাৰ তালিকাত থাকে।

নিৰ্বাচিত ভাষাত অনুবাদ এপ্লিকেশ্যন

বহুভাষিক এপ্লিকেশ্যন টুলকিট সংলগ্ন থাকে ভিজুৱেল ষ্টুডিঅ’ৰ নিৰ্মাণ প্ৰক্ৰিয়াত। প্ৰতিটো নিৰ্মাণত আপডেট ষ্ট্ৰিংছবোৰ স্বয়ংক্ৰিয়ভাৱে প্ৰতিটো ভাষাৰ .xlf  ফাইলৰ সৈতে সংযুক্ত হয় মাল্টিলিংগুৱেলৰিছ’ৰ্চেজ ফ’ল্ডাৰৰ আওতাত।

স্থানীয়কৰণ সম্পাদক ব্যৱহাৰ কৰিব পাৰি স্বয়ং ষ্ট্ৰংছ অনুবাদ কৰাৰ বাবে।

1. অনুবাদ কৰিবলগীয়া .xlf ফাইলত ৰাইট-ক্লিক কৰক

2. Open With... ত ক্লিক কৰক

3. Multilingual Editor (default) নিৰ্বাচন কৰক

4. অনুবাদ কৰিবলগীয়া ষ্ট্ৰিং থকা শাৰী নিৰ্বাতন কৰক

5. Translation কলমত অনুবাদ টাইপ কৰক

স্থানীয়কৰণ আৰু সম্পাদনা কৰ্মত বাহ্যিক সহযোগিতা লাভ কৰিব পাৰি ই-মেইলৰ মাধ্যমেৰে ফাইল প্ৰেৰণ কৰি অথবা বহুভাষিক এপ্লিকেশ্যন টুলকিট থকা স্থানলৈ হাৰ্ড ড্ৰাইভ প্ৰেৰণ কৰি।

স্থানীয়কৰণ অনুবাদকৰ্ম সম্পূৰ্ণ হোৱাৰ পিছত ফাইলটো স্থানীয়কৃত এপ্লিকেশ্যন প্ৰস্তুত কৰাৰ বাবে প্ৰজেক্টলৈ আনিব পাৰি

1. বিচৰা ভাষাৰ .xlf ফাইলত ৰাইট ক্লিক কৰক

2. Import translationত ক্লিক কৰক

3. অন্তৰ্ভুক্ত কৰিবলৈ.XLF অথবা TPX ফাইলত ক্লিক কৰক

স্থানীয়কৰণ সম্পাদকৰ জৰিয়তে যান্ত্ৰিক অনুবাদৰ বাবে

অনুবাদ সহায়কত মাইক্ৰ’ছফট অনুবাদ সেৱা ব্যৱহাৰ কৰাৰ বাবে এক ষ্ট্ৰিং নিৰ্বাচন কৰক আৰু  Translate বাটনত ক্লিক কৰক। বহুভাষিক সম্পাদকে নিৰ্দিষ্ট ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰি লয় যান্ত্ৰিক অনুদিত ষ্ট্ৰিংছবোৰ। অনুবাদ সহায়কসমূহ যোগান ধৰাৰ পিছত সঠিত কৰি ল’ব পাৰি।

উইণ্ড’জ ষ্ট’ৰ প্ৰত্যয়ন প্ৰক্ৰিয়াৰ পূৰ্বে, ছিঅ’ড’ লেংগুৱেজ (Pseudo) .xlf ফাইল প্ৰকল্পৰপৰা আঁতৰাব লাগে।

উৎস: ভাষা ইণ্ডিয়া

 

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate