অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৰল সহযোগোৰে স্কাইড্ৰাইভত তথ্য

মাইক্ৰ’ছফটে স্কাইড্ৰাইভত ক্ষিপ্ৰতাৰে তথ্য সঞ্চয় কৰা আৰু আনৰ সৈতে বিনিময় কৰিবলৈ এটা লিংক লাভ কৰাটো সহজসাধ্য কৰি তুলিছে। নিজৰ মাইক্ৰ’ছফট একাউণ্টত ছাইন ইন নকৰাকৈয়ে অফিচ ৱেব এপলিকেশ্যনৰ জৰিয়তে কোনো ব্যক্তিয়ে এতিয়া তথ্য বিনিময় কৰিব পাৰে বা সম্পাদন কৰিব পাৰে।

এক এডিট লিংকৰ জড়িয়তে সকলো প্ৰাপকে একে সময়তে তথ্য সম্পাদনা কৰিব পাৰে। বৰ্তমানৰ স্কাইড্ৰাইভ এডিট লিংকে কোনো প্ৰাপকক বিব্ৰত কৰি তুলিব পাৰে যিসকলে সাধাৰণ একোটা সম্পাদনাৰ বাবে মাইক্ৰ’ছফট একাউণ্টত ছাইন ইন নাইবা ছাইন আপ কৰিবলগীয়া হৈছিল। কিন্তু প্ৰাপকে এতিয়া এক স্নেপত থকা সম্পাদনা লিংকত ক্লিক কৰিয়েই আগবাঢ়িব পাৰে আৰু ব্যৱহাৰকাৰীয়ে ন দি ক’ব পাৰে যে প্ৰাপকে নিঃসন্দেহে চাব পাৰিব অথবা তথ্য সম্পাদনাও কৰিব পাৰিব।

এডিট লিংক ব্যৱহাৰ কৰি, ইউজাৰ্ছ লিংক লাভ কৰা সকলো প্ৰাপকে তথ্য সম্পাদনা কৰিব পাৰিব। অধিক নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰকাৰীসকলক ইমেইলৰ জড়িয়তে নিৰ্দিষ্ট লোকক আমন্ত্ৰণ কৰিবলৈ আৰু ‘Require user to sign-in’ চেকবক্স  নিৰ্বাচন কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে।

জুলাই মাহত মাইক্ৰ’ছফটে মুকলি কৰিছে অ’ফিচ ৱেব এপলিকেশ্যন এপলিকেশ্যন প্ৰিভিউ, য’ত আছে উন্নত মানৰ সম্পাদনা আৰু ফৰমেটিঙৰ সুবিধা, অন্যৰ সৈতে সহযোগিতামূলকভাৱে লিখন আৰু টাচ্ছ ভিত্তিক ডিভাইছৰ বাবে অধিক সহযোগিতা।

সকলো ৱেব এপলিকেশ্যনত সহযোগিতামূলকভাৱে লিখন

স্কাইড্ৰাইভত তথ্য সংৰক্ষণ কৰাৰ এটা ডাঙৰ সুবিধা হৈছে ই বিনিময় আৰু সহযোগিতামূলক প্ৰক্ৰিয়াবোৰ অতি সহজ কৰি তুলিছে, কিয়নো সকলোৱে ডকুমেণ্টৰ একে সংস্কৰণত কাম কৰি। ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট আৰু ৱাননোট ৱেব এপলিকেশ্যনে সহযোগিতামূলক লিখনত সহায় কৰে আৰু বৰ্তমান মাইক্ৰ’ছফটে পাৱাৰপইণ্টতো সহযোগিতামূলক লিখন সংযুক্ত কৰিছে।

দক্ষতা

মাইক্ৰ’ছফটে সদায়েই একে এক পথৰ সন্ধান কৰি আছিল ৱেব এপলিকেশ্যনত প্ৰত্যক্ষ কৰা আৰু তথ্য সম্পাদনা কৰাটো ক্ষিপ্ৰ হৈ পৰাৰ ক্ষেত্ৰত, যাতে ব্যৱহাৰকাৰীৰ সময়ৰ খৰছ কমে আৰু ক্ষিপ্ৰতাৰে কাম সম্পন্ন হয়। পূৰ্বৰ সংস্কৰণৰ সৈতে তুলনাত্মকভাৱে বিশ্লেষণ কৰিলে দেখা যাব যে সম্প্ৰতি সম্পন্ন হ’বলৈ ৩০ শতাংশ সময় ৰাহি হয়।

টাচ্ছ সুবিধা

স্কাইড্ৰাইভৰ প্ৰতিশ্ৰুতিৰ এটা অংশ হৈছে ব্যৱহাৰকাৰীৰ ফাইল সকলোতে উপলব্ধ হয় আৰু এই ক্ষেত্ৰত ব্যৱহৃত ডিভাইচ যাতে কোনো কাৰণতে অন্তৰাই হৈ ধৰা নিদিয়ে। অফিচ ৱেব এপলিকেশ্যন এতিয়া টাচ্ছৰ ক্ষেত্ৰত সুবিধাজনক আৰু টাচ্ছৰ বিভিন্ন জেছাৰ মানি চলে, যেনে—পিন্সিং, ছুইপিং, হোল্ডিং আৰু ড্ৰেগিং। টেক্সট নিৰ্বাচন কৰাটোও সুবিধাজনক আৰু নিৰ্বাচিত অংশত এক ক্ষিপ্ৰ টেপ দেখা যায়, যাৰ দ্বাৰা এক স্নেপ সম্পাদন কৰিব পাৰি।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate