অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কম্পিউটাৰ কি?

কম্পিউটাৰৰ বিষয়ে লিখা হৈছে

মানুহে প্ৰথমে হিচাপে কৰিবলৈ শিকে আঙুলিৰ মুৰত,পাছলৈ কাগজ কলম লৈ,তাৰো পাছত বিভিন্ন হিচাব যন্ত্ৰৰ সহায়ত আৰু শেহত কম্পিউটাৰৰ সহায়ত।কিন্তু কম্পিউটাৰে মানুহক কেৱল বিশুদ্ধ বিচাপ উলিওৱাতহে সহায় কৰে এনে নহয়,কম্পিউটাৰৰ ব্যৱহাৰ ক্ষেত্ৰত অসীম।অৱশ্যে মানুহৰ কল্পনাৰ বাহিৰৰ চিন্তা কম্পিউটাৰে কৰিব নোৱাৰে,যিহেতু ইয়াৰ নিজা মস্তিষ্ক নাই।মানুহে কৰিব বিচৰা কামকে নিৰ্দ্দেশ অনুসৰি কম্পিউটাৰে ক্ষীপ্ৰতাৰে নিখুঁত আৰু অবিৰতভাৱে সমাপন কৰিব পাৰে।এতিয়ালৈকে বিজ্ঞানে যিমানবোৰ যন্ত্ৰ,আহিলা-পাতি মানুহৰ সেৱাৰ বাবে আৱিষ্কাৰ কৰিছে এই আটাইবোৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত কম্পিউটাৰ সংযোগ কৰি ক্ষীপ্ৰ আৰু উৎকৃষ্ট ফলাফল লাভ কৰিব পাৰি।আনহে নালাগে বিভিন্ন খেলা-ধুলা ,ছবি অঁকা,ৰোগ পৰীক্ষা কৰা আদি কাৰ্য্যটো কম্পিউটাৰৰ সফল প্ৰয়োগ হয়,মুঠতে কম্পিউটাৰ ক’ত ব্যৱহাৰ কৰিব নোৱাৰি সেয়া কোৱা কঠিন।

বৰ্ত্তমানলৈ উন্নতি লাভ কৰা এটা সম্পুৰ্ণ কম্পিউটাৰ হ’ল-আমাৰ তথ্য সংগ্ৰহ কৰি পৰিশোধন,সম্পাদন,প্ৰতিফলনেৰে ব্যৱহাৰোপযোগীকৈ বিশুদ্ধ ৰুপত সজাই তোলা অতি ক্ষীপ্ৰ এক ইলেক্ট্ৰনিক যন্ত্ৰ,যিটোৱে প্ৰয়োজন অনুসৰি আমাৰ তথ্যসমুহ সংৰক্ষণো কৰিব পাৰে।

আৱিষ্কাৰৰ কাহিনী:

 

1614 খৃষ্টাব্দত স্কটলেণ্ডৰ জন নেপিয়াৰ নামৰ গণিতজ্ঞজনে লগতালিকা প্ৰস্তুত কৰি উলিওৱা,1642 খৃষ্টাব্দত ফৰাচী গণিতজ্ঞ ব্লেইজ পাচকেলে প্ৰথম হিচাপযন্ত্ৰ প্ৰস্তুত কৰা আৰু 1671  খৃষ্টাব্দত জাৰ্মান গণিতজ্ঞ গটফ্ৰাইড লেইবানিজে পাচকেলৰ হিচাপযন্ত্ৰৰ অধিক উন্নতি সাধন কৰা আদি উদ্ভাৱনবোৰেই কম্পিউটাৰ আৱিষ্কাৰ চিন্তাটোৰ মুল উপজীৱ্য।

কম্পিউটাৰৰ পিতৃপুৰুষ হিচাপে আজিও স্বীকৃতি লাভ কৰা লোকজন হ’ল চালৰ্চ বাব্বেজ।জন্মসুত্ৰে তেওঁ ইংৰাজ আৰু বৃত্তিত আছিল গণিত শাস্ত্ৰৰ পণ্ডিত,কেম্ব্ৰিজত।তেওঁ 1822 খৃ:ত প্ৰস্তুত কৰা ডিফাৰেঞ্চ ইঞ্জিন (Difference Engine) নামৰ প্ৰথম মেকানিকেল কম্পিউটাৰটোৰ মুল কাৰ্য্যকৰী অংশবোৰৰ সতে আজিৰ উন্নত কম্পিউটাৰ এটাৰ ভালেখিনি মিল আছে।দুৰ্ভাগ্যবশত:চাৰ্লচে বিচৰা আটাইবোৰ সৰঞ্জাম যোগাৰ কৰাটো সেই সময়ত সম্ভৱ নহ’ল,যাৰ বাবে তেওঁৰ হাতত কম্পিউটাৰ যন্ত্ৰই বহুখিনি সম্ভাৱনীয় উন্নতিৰ পৰা বঞ্চিত হ’ল।

কুৰি শতিকাৰ প্ৰথমাৰ্দ্ধত আমেৰিকাৰ হাৰম্যান হোলৰিথ নামৰ পৰিস্ংখ্যাবিদ এজনে যান্ত্ৰিক আৰু বৈদ্যুতিক দুয়োটা পদ্ধতিকে একেলগ কৰি এটা হিচাপ যন্ত্ৰ প্ৰস্তুত কৰি উলিয়াইছিল।যন্ত্ৰটোত এটা বৈদ্যুতিক মটৰে খাজকটা গিয়াৰ,চকা আৰু চুঙাবোৰ ঘুৰাত সহায় কৰিছিল।ফুটাযুক্ত কাৰ্ডৰ সহায়ত যন্ত্ৰটোত তথ্যসমুহ ভৰোৱা হৈছিল আৰু ইয়াক কোৱা হৈছিল প্ৰগ্ৰাম।মেমৰি,এৰিথমেটিক লজিক আৰু কণ্ট্ৰোল বা নিয়ন্ত্ৰণ অংশেৰে এই তথ্যসমুহ আগবাঢ়িছিল।শেহত ফুটাযুক্ত কাৰ্ড (পাঞ্চকাৰ্ড)তেই পুনৰ সম্পুৰ্ণ হিচাপবোৰ বাহিৰ হৈছিল।হাভাৰ্ড আই বি এম মাৰ্ক ওৱান (Havard-IBM-Mark-1) নামৰ এই যন্ত্ৰটো হিচাপ কাৰ্যত আশ্চৰ্যজনকভাৱে ক্ষীপ্ৰ আছিল মাত্ৰ 1/3 চেকেণ্ড সময়তে ই তেত্ৰিশটা অংকৰে গঠিত সংখ্যা যোগ বা বিয়োগ কৰিব পাৰিছিল আৰু তেনে সংখ্যা পুৰণ কৰিবৰ বাবে সময় লাগিছিল মাত্ৰ 6 চেকেণ্ড।কম্পিউটাৰ বিপ্লৱত এই আৱিষ্কাৰ আছিল এক উল্লেখযোগ্য পদক্ষেপ।

দ্বিতীয় মহাসমৰৰ পাছতহে আচল কম্পিউটাৰ বিপ্লৱৰ সুচনা হৈছিল ।জন প্ৰেচপাৰ এচাৰ্ট আৰু জন ডাব্লিউ মাকচলি পৰিকল্পিত এনিয়াক (ENIAC-Electronic Numerical Integrator and Calculator)নামৰ যন্ত্ৰটো নিৰ্মিত হোৱাটোৱেই এই ক্ষেত্ৰত মুখ্য ভুমিকা পালন কৰিলে।এনিয়াক (ENIAC)হ’ল বিশ্বৰ প্ৰথম ইলেক্ট্ৰনিক তথা ডিজিটেল কম্পিউটাৰ আৰু ইয়াক প্ৰস্তুত কৰাৰ মুল উদ্দেশ্য আছিল আমেৰিকাৰ সমৰ কলা উন্নত কৰা ।এজন প্ৰশিক্ষিত গণিতজ্ঞই সাতৰ পৰা বিশ ঘণ্টা সময়ত যি কাম কৰিব পাৰিছিল,এই কম্পিউটাৰটোৱে সেয়া ত্ৰিশ চেকেণ্ড সময়তে সমাপ্ত কৰিব পাৰিছিল।পাৰমাণৱিক পদাৰ্থবিজ্ঞানৰ একোটাহঁত হিচাপ এনিয়াকে মাত্ৰ দুই ঘণ্টাতে সম্পুৰ্ণ কৰিব পাৰিছিল,যিটোৰ বাবে পাৰমাণৱিক বিজ্ঞানীসকলৰ হাতত এক শতিকা পৰ্যন্ত সময় ব্যয় হ’ব পাৰে।

ভন নিউম্যানে 1944 খৃষ্টাব্দত এক যুগান্তকাৰী তথ্য প্ৰকাশ কৰিলে।তেওঁ বক্তব্য হ’ল যে কম্পিউটাৰত সমাপ্ত কৰিব বিচৰা কামৰ নিৰ্দ্দেশসমুহ পুৰ্বতে ইয়াত সঞ্চিত কৰি ৰাখিলে সেই ধৰ্মীয় যিকোনো কাৰ্য প্ৰয়োজন অনুসাৰে সীমিত প্ৰক্ৰিয়াতে সমাপন কৰিব পৰা যাব।এনিয়াকৰ দলটোৰ সতে তেওঁ লগ হৈ এই সঞ্চিত সুচীৰ ধাৰণাটোৰে এডভাক (EDVAC-Electronic Discrete Variable Computer)নামৰ কম্পিউটাৰটোৰ ৰুপ দিলে।

ৰেমিংটন ৰেণ্ড (Remington Rand)নামৰ আমেৰিকাৰ ব্যৱসায়ী নিগম এটাই 1951 খৃ:ত প্ৰথম সঞ্চিতসুচীৰ নিয়ন্ত্ৰিত ইউনিভাক-ওৱান (UNIVAC-1 বা Universal Automatic Computer-1)নামৰ কম্পিউটাৰটো প্ৰস্তুত তথা বিক্ৰীৰ বাবে বজাৰত মুকলি কৰি দিয়ে।ইয়াৰ পাছত কম্পিউটাৰৰ বিভিন্ন উন্নতি সাধন হোৱাৰ ফলত বিস্তৃত ৰুপত পৃথিৱীৰ বিভিন্ন অংশত কম্পিউটাৰ ব্যৱহাৰ হ’বলৈ ধৰে,কিন্তু ইয়াৰ মুল অংশবোৰৰ আৰ্হি এনিয়াকৰ পৰা লোৱা হৈছিল।

কম্পিউটাৰৰ ক্ৰমবিকাশত ইয়াৰ নিৰ্মাণ কৌশল আৰু কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি চাৰিটা পুৰুষত ভাগ কৰা হৈছে।

1949-1955,প্ৰথম পুৰুষ কম্পিউটাৰসমুহ হাজাৰ হাজাৰ ভেকুৱাম টিউব (DIODES,TRIODES VALVES নামেৰে পৰিচিত)সংযুক্ত অতি বৃহদাকাৰৰ আৰু কম ক্ষমতাসম্পন্ন আছিল।

1956-1965,দ্বিতীয় পুৰুষ কম্পিউটাৰসমুহত ভেকুৱাম টিউবৰ সলনি ট্ৰেনজিষ্টাৰ ব্যৱহাৰ কৰাত আকাৰ সৰু হ’ল আৰু কাৰ্যক্ষমতা বৃদ্ধি হ’ল।

1966-1975 তৃতীয় পুৰুষ কম্পিউটাৰবোৰত ট্ৰেনজিষ্টাৰৰ পৰিবৰ্ত্তে আই চি (Integrated Circuit)ব্যৱহাৰ কৰিবলৈ লোৱাত অধিক ক্ষীপ্ৰতাৰে কাৰ্যসম্পন্ন কৰিব পৰা হ’ল আৰু প্ৰস্তুতৰ খৰচো কমিল।

1976 খৃ:ৰ পাছৰ চতুৰ্থ পুৰুষ কম্পিউটাৰসমুহত সুক্ষ্ম আকাৰত অধিক আই চি ব্যৱহাৰ কৰিবলৈ লোৱাত আকাৰ আৰু খৰচৰ মাত্ৰা পুৰ্বতকৈও কমি আহিল,আনহাতে কাৰ্য সম্পাদনৰ ক্ষীপ্ৰতা অকল্পনীয়ভাৱে বৃদ্ধি পালে।

পুৰ্বৰ চাৰিটা পুৰুষৰ কম্পিউটাৰ সেই সময়ৰ প্ৰচলিত  টেকন’লজি বা কাৰিকৰী বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত আছিল।আনহাতে বৰ্ত্তমানৰ পঞ্চম পুৰুষ কম্পিউটাৰসমুহ 0.13 মাইক্ৰণ টেকন’লজি ব্যৱহাৰেৰে অতি পাতল চিলিকন চিপ বা মাইক্ৰচিপ আধাৰিত।অকল্পনীয় কৃত্ৰিম বুদ্ধিমত্তা আৰু ক্ষীপ্ৰ কাৰ্যদক্ষতাৰে নিজকে বহু আগুৱাই আনি বৰ্তমানৰ কম্পিউটাৰ আটাইৰে আদৰৰ হৈ পৰিছে।

 

চমুকৈ:কম্পিউটাৰ পাঠ্যক্ৰম সাধাৰণতে দুই ধৰণৰ –কম্পিউটাৰ ইঞ্জিনিয়াৰিংৰ ডিগ্ৰী BE বা ডিপ্লমা কৰ্চ (Diploma Course )আৰু কম্পিউটাৰ প্ৰগ্ৰামিংৰ পাঠ্যক্ৰমযেনে-DCA (Dipolma is Computer Application),MCA (Master in Computer Application )ইত্যাদি।ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম অসম তথা ভাৰতৰ বিভিন্ন চৰকাৰী বেচৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু অন্যান্য কাৰিকৰী শিক্ষানুষ্ঠানবোৰৰ যোগে ল’ব পাৰি।আনহাতে প্ৰগামিৰ পাঠ্যক্ৰমসমুহ অসম তথা ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়বোৰৰ লগতে নানান বেচৰকাৰী কম্পিউটাৰ শিক্ষানুষ্ঠান সমুহে প্ৰদান কৰে।

 

কম্পিউটাৰ প্ৰকাৰ:

 

ব্যৱহাৰৰ ক্ষেত্ৰ বা উদ্দেশ্য আৰু আকাৰৰ ভিত্তিত কম্পিউটাৰক তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি।

উদ্দেশ্যভত্তিক প্ৰকাৰ:

এনালগ কম্পিউটাৰ (Analog Computer):বিশেষ কিছুমান বৈজ্ঞানিক বা কাৰিকৰী কামৰ বাবে ব্যৱহৃত কম্পিউটাৰ ,যেনে-চাপ,তাপ,বৈদ্যুতিক প্ৰবাহ আদিৰ হিচাপ তথা অধ্যয়নৰ বাবে।

ডিজিটেল কম্পিউটাৰ (Digital Computer):বিভিন্ন সংগ্ৰাহক অংগৰ সহায়ত সংখ্যা ,আখৰ আদি গ্ৰহণ তথা গণনা বিশ্লেষণ কৰিব পৰা কম্পিউটাৰ।এই ধৰণৰ কম্পিউটাৰৰ ব্যৱহাৰ এনালগ কম্পিউটাৰ দৰে কেৱল নিৰ্দিষ্ট এক কাৰ্যতে সীমাবদ্ধ নাথাকি ব্যৱসায়,প্ৰশাসন আদি কাৰ্যতো ব্যৱহৃত হয়।

হাইব্ৰিদ কম্পিউটাৰ (Hybrid Computer):এনালগ আৰু ডিজিটেল দুয়োবিধ যন্ত্ৰৰ বৈশিষ্ট্যসমুহ একেলগ কৰি সাজি উলিওৱা কম্পিউটাৰটোৱেই হ’ল হাইব্ৰিদ কম্পিউটাৰ।

আকাৰভিত্তিক প্ৰকাৰ:

 

চুপাৰ কম্পিউটাৰ (Super Computer):সুবৃহৎ আকাৰৰ আৰু অতি ক্ষীপ্ৰদক্ষতাসম্পন্ন কম্পিউটাৰ বিলাকক চুপাৰ কম্পিউটাৰ বোলা হয়।এনে ধৰণৰ কম্পিউটাৰ বিশেষকৈ সামৰিক ক্ৰিয়া কলাপ,বায়ুযান নিৰ্মাণ,বতৰ গৱেষণা বা অন্যান্য বৈজ্ঞানিক ক্ৰিয়াক্ষেত্ৰত ব্যৱহৃত হয়।বাৰগছে নিৰ্মাণ কৰা ইলিয়াকফ’ৰ (ILLIAC IV)নামৰ কম্পিউটাৰটোৱেই আছিল প্ৰথম চুপাৰ কম্পিউটাৰ হ’ল-CRAY,XMP-24,CDC আৰু  NEC ইত্যাদি ।CRAY-1 নামৰ চুপাৰ কম্পিউটাৰটোক বৰ্তমানলৈকে নিৰ্মিত আটাইবোৰ চুপাৰ কম্পিউটাৰৰ ভিতৰত অধিক শক্তিশালী বুলি গণ্য কৰা হয়।ভাৰতে নিজে সাজি উলিওৱা প্ৰথম চুপাৰ কম্পিউটাৰটোৰ নাম পৰম (Param)।

মেইনফ্ৰেম কম্পিউটাৰ (Mainframe Computer):সাধাৰণ কম্পিউটাৰবোৰতকৈ ডাঙৰ অথচ চুপাৰ কম্পিউটাৰতকৈ সৰু আৰু কম ব্যয়সাপেক্ষে উচ্চ ক্ষমতাসম্পন্ন কেন্দ্ৰীভুত সুবিধাৰ কম্পিউটাৰ সমুহেই হ’ল মেইনফ্ৰেম কম্পিউটাৰ।এইবোৰ কম্পিউটাৰ বৃহৎ সংগঠন সমুহৰ বিস্তৃত ব্যৱহাৰিক  ক্ষেত্ৰত প্ৰয়োগ হয়।যেনে-Ex-MEDHA,Sperry,Dec,IBM,HP,ICL ইত্যাদি।

মিনি কম্পিউটাৰ (Mini Computer):কম ব্যয় সাপেক্ষে লগতে সীমিত মেমৰি বা স্মৃতি আৰু কম কাৰ্যদক্ষতাসম্পন্ন কম্পিউটাৰ হিচাপে 1965 চনত জনপ্ৰিয় হৈ উঠা PDP-8 আছিল প্ৰথম মিনি কম্পিউটাৰ।এনে কম্পিউটাৰসমুহত মুলত: কম কাৰ্যক্ষমতাসম্পন্ন হ’লেও আপেক্ষিকভাৱে ক্ষীপ্ৰ।

মাইক্ৰ কম্পিউটাৰ(Micro  Computer):পুৰ্ণ পৰ্যায়ৰ ষ্টেণ্ডাৰ্ড মাইক্ৰ প্ৰচেচৰ লৈ গঠিত কম্পিউটাৰ এটাকৈ মাইক্ৰ কম্পিউটাৰ বোলা হয়।এইবোৰ কম্পিউটাৰ সাধাৰণতে পাৰচনেল কম্পিউটাৰ (Personal Computer বা pc)বুলিয়েই বেছি জনপ্ৰিয়।যিকোনো ঠাইলৈ লগত লৈ ফুৰিব পৰা সৰু ব্ৰীফকেচ এটাৰ সমান লেপটেপ (Laptop)কম্পিউটাৰ আৰু হাতৰ তলুৱাৰে ঢাকিব পৰা বা জেপতে লৈ ফুৰিব পৰা পামটপ (Palmotp)কম্পিউটাৰও এই মাইক্ৰ কম্পিউটাৰ শ্ৰেণীৰে অন্তৰ্ভুক্ত।

চমুকৈ:কামৰ ভিন্নতা অনুসৰি আমাৰ বিভিন্ন ধৰণৰ চফটওৱেৰৰ প্ৰয়োজন হয়,যেনে-

ৱৰ্ড প্ৰচেচিং (Word Processing)ৰ জৰিয়তে কম্পিউটাৰটোক এটা উন্নত টাইপৰাইটাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।এইক্ষেত্ৰত টাইপৰাইটাৰৰ তুলনাত কম্পিউটাৰে প্ৰদান কৰা অতিৰিক্ত সুবিধা এটাৰ উদাহৰণ হল যে কম্পিউটাৰে বানানৰ ভ্ৰান্তিও পৰীক্ষা কৰি দিব পাৰে।ভাৰতত অতি জনপ্ৰিয় এই ধমী প্ৰগ্ৰাম হ’ল ৱৰ্ডষ্টাৰ (Wordstar)।

স্প্ৰেড চিট প্ৰগ্ৰাম (Spreadsheet  Program)ৰ সহায়ত বিভিন্ন ধৰণৰ হিচাপ,অৰ্থনৈতিক পৰিকল্পনা আদি কৰা হয়।শাৰী আৰু স্তম্ভ বা অনুভুমিক আৰু উলম্বিক ৰেখাৰে চিহ্নিত হাজাৰ হাজাৰ কোষৰ দ্বাৰা এই স্প্ৰেড চিট তৈয়াৰী।প্ৰতিটো কোষতে সংখ্যা,আখৰ নাইবা একোটা সুত্ৰ থাকিব পাৰে।ইয়াৰ এটা সুত্ৰই স্প্ৰেডচিটখনৰ অনা এটা সুত্ৰৰে সম্নন্ধ কৰিব পাৰে।এনে এটা কোষৰ সুচী সলনি কৰিলে ইয়াৰ সতে সম্বন্ধ থকা আন কোষৰ সুচীৰো সেই অনুক্ৰমে সাল সলনি হয়।আটাইতকৈ বেছি ব্যৱহৃত স্প্ৰেডচিট প্ৰগ্ৰামটোৰ নাম হ’ল লটাচ (Lotus)।

ডেটাবেচ প্ৰগ্ৰাম (Database Program)টোৰ যোগে কম্পিউটাৰত নতুন তথ্যৰ অন্তৰ্ভুক্ত ,পুৰ্বে সাঁচি ৰখা তথ্য বিচাৰি উলিওৱা আৰু এনে তথ্য ছপা কৰি উলিওৱা আদি কাম কৰিব পাৰি।কোম্পানীবোৰে তেওঁলোকৰ বিভিন্ন প্ৰডাক্ট,যোগান ধৰোঁতা,কৰ্মচাৰী আৰু ক্ৰেতাসকলৰ ডেটাবেচ ৰাখিব পাৰে।তেনেদৰে ডাক্তৰ এজনে তেওঁৰ বিভিন্ন ৰোগীৰ আৰু তেওঁলোকৰ ৰোগৰ তথ্য বা ডেটাবেচ ৰাখিব পাৰে।

কম্পিউটাৰৰ দেহতত্ব বা অংগসমুহ:

 

কম্পিউটাৰ হাৰ্ডওৱেৰ (Computer Hardware),কম্পিউটাৰ চফটওৱেৰ (Computer Software)আৰু কম্পিউটাৰ চালক (Computer Personal)এই তিনিটাই হ’ল এক কাৰ্যক্ষম কম্পিউটাৰ পদ্ধতিৰ আৱশ্যকীয় অংগ।

কম্পিউটাৰ হাৰ্ডওৱেৰ:চিষ্টেম ইউনিট (System unit),দুটা ডিক্সড্ৰাইভ (Two disk drives),কী বৰ্ড (Full size Keyboard),ভিডিঅ’ডিচপ্লে ইউনিট (Video Display Unit-VDU)আৰু এটা প্ৰিণ্টাৰ সহ কম্পিউটাৰৰ সা-সৰঞ্জাম বা জঁকাটোৱেই হ’ল কম্পিউটাৰ হাৰ্ডওৱেৰ।কম্পিউটাৰ হাৰ্ডওৱেৰৰ সচিত্ৰ বৰ্ণনা তলত দিয়াৰ দৰে প্ৰকাশ কৰিব পাৰি-

হাৰ্ড ওৱেৰ(Hardware)=চিষ্টেম ইউনিট(System Unit)চি পি ইউ(CPU)

কম্পিউটাৰ চফটওৱেৰ-কম্পিউটাৰ এটাই যি সুচী বা প্ৰগামৰ আধাৰত তথ্যসমুহ গ্ৰহণ কৰি নিৰ্দ্ধাৰিত প্ৰণালীৰে এক পুৰ্ণ প্ৰক্ৰিয়া সমাপন কৰি ব্যৱহাৰোপযোগী ফলাফল দিয়ে,সেয়াই হ’ল চফটওৱেৰ।চফটওৱেৰ অবিহনে কেৱল হাৰ্ডওৱেৰকলৈ এটা কম্পিউটাৰ সম্পুৰ্ণ অচল প্ৰাণহীন।

কম্পিউটাৰ পাৰচনেল-সাধাৰণতে কম্পিউটাৰ যন্ত্ৰ এটাৰ ব্যৱহাৰকাৰীজনেই কম্পিউটাৰ পাৰচনেল।কিন্তু অলপ বহলকৈ চালে কম্পিউটাৰ পাৰচনেল বুলিলে এজন হাৰ্ডওৱেৰ বিশেষজ্ঞ বা কম্পিউটাৰ অভিযন্ত্ৰা নাইবা চফটওৱেৰ পাৰদৰ্শী লোকো হ’ব পাৰে।আনহাতে চফটওৱেৰৰ পৰবৰ্ত্তী শাখা অনুযায়ী চফটওৱেৰ পাৰদৰ্শীজন প্ৰগ্ৰামাৰ বা ডিজাইনাৰ হ’ব পাৰে।

 

চমুকৈ:সাধাৰণতে আটাইবোৰ কম্পিউটাৰৰ মুল দৰকাৰী অংগবোৰ,যেনে –প্ৰচেচৰ (The Processor),মেমৰি (The Mem2ory),বাচ(The Bus),ঘড়ী(The Clock),কী বৰ্ড নিয়ন্ত্ৰক(The Key board Controller)ইত্যাদি অৱস্থিত বৰ্ডখনৰ নাম মাদাৰ বৰ্ড (Mother Board)।আনহাতে কিছুমান পিচিত প্ৰচেচৰআৰু মেমৰি অন্য এখন বৰ্ডত স্থাপিত কৰা থাকে,এইখনৰনাম ডটাৰবৰ্ড (Daughter board)।

 

কম্পিউটাৰ উল্লেখনীয় অংগ

 

চিষ্টেম ইউনিট (System Unit):চিষ্টেম উইনিটক মুল কম্পিউটাৰ বুলি কোৱা হয়,কিয়নো ইয়েই পি চি এটাৰ আটাইবোৰ কাম নিয়ন্ত্ৰণ তথা কাৰ্যকৰী কৰে।উদাহৰণস্বৰুপে কী বৰ্ডৰ বুটাম এটা টিপাৰ লগে লগে সেইটোৰ সঠিক প্ৰতিফলন ষ্ক্ৰীণখনত হৈছেনে নাই তাক নিশ্চিত কৰে এই অংগটোৱে ।ইয়াৰ পাছফালেই মনিটৰ,কীবৰ্ড ,মাউচ ,প্ৰিণ্টাৰ আদি আটাইবোৰ সংযোগী অংগ কেব’লৰ যোগে সংযোগ কৰা থাকে।আনহে নালাগে ডিষ্ক ড্ৰাইভ কেইটাৰ অৰ্ন্তভুক্তিও ইয়াৰ যোগেৰেই হয়।

চিষ্টেম ইউনিটৰ সন্মুখভাগৰ বুটাম আদিবোৰ হ’ল-

১.পাৱাৰ অন (Power On)/অফ (Off):সাধাৰণতে পি চি এটাৰ পাৱাৰ অন/অফৰ মুল চুইচটো চিষ্টেম ইউনিটতে থাকে।

২.ৰিচেট বুটাম(Reset Button):পাৱাৰ সংযোগ কৰ্ত্তন নকৰাকৈ এই বুটামটোৰ সহায়েৰে কম্পিউটাৰ এটা পুনৰ চলাব পাৰি।বিশেষকৈ ব্যৱহাৰকাৰীৰ নিৰ্দেশসমুহ কম্পিউটাৰটোৱে অমান্য কৰি ওলমি ৰোৱা অৱস্থা এটা ল’লে এই বুটামটোৰ যোগে তেওঁ আৰম্ভণিৰ পৰ্যায়লৈ নিৰ্দেশসমুহ পুনৰ লৈ যাব পাৰে।

৩.টাৰ্ব বুটাম (Turbo Button):কিছুমান পি চি কিমান গতিবেগত চলোৱা হ’ব ,তাক বাচনি কৰি লোৱাৰ সুবিধা এই চিষ্টেম ইউনিটত দিয়া থাকে,আৰু এই সুবিধাটো ল’ব পাৰি টাৰ্ব’ বুটামটোৰ যোগে।এই বুটামটো থাকিলে ইয়াত হেঁচা প্ৰয়োগ কৰি কম্পিউটাৰটো অতি বেগী ৰুপত চলোৱাৰ বাচনি কৰি ল’ব পাৰি।

৪.কী লক (Key Lock):এই বুটামটোৱে কীবৰ্ডখন কাৰ্যক্ষম হোৱাত বাধা/অনুমতি প্ৰদান কৰিব পাৰে,সেয়ে এই বুটামটো নিৰাপত্তাৰ ফালৰ পৰা দৰকাৰী।

৫.ফ্লপি ডিষ্ক ড্ৰাইড (Floppy Disk Drive):এটা পি চিত 5.25 বা 3.5 ফ্লপি ড্ৰাইভ নাইবা দয়োটা থাকিব পাৰে।ইহঁতৰ প্ৰত্যেকৰে বাবে একোটা শ্লট (Slot)থাকে য’ত ফ্লপি সুমুৱাই পঢ়া-লিখা কৰিব পাৰি।

চিষ্টেম ইউনিটৰ অৰ্ন্তভাগত থকা সা- সৰঞ্জামবোৰ হ’ল-

১.মাদাৰ বৰ্ড (Mother Board)

২.চি পি ইউ (CPU)

৩.মেথ ক’ প্ৰচেচৰ শ্লট (Math co-processor Slot)

৪. ৰিয়াম চিপ(RAM Chip)

৫.এম্পটি ৰিয়াম  চিপ শ্লট (Empty RAM chip Slot)

৬.ফ্লপি ডিষ্ক ড্ৰাইভ (Floppy Disk Drive)

৭.হাৰ্ড ডিষ্ক ড্ৰাইভ(HDD)

৮.পাৱাৰ চাপ্লাই বক্স(Power Supply Box)

৯.ডিষ্ক ড্ৰাইভ কণ্ট্ৰ’ল কাৰ্ড (DD Control Card)

১০.ডিচপ্লে/প্ৰিণ্টাৰ এডপ্টাৰ কাৰ্ড (Display/Printer Adapter Card)

১১.এক্সপানচন শ্লট(Expansion Slot)

১২.ৰম চিপ(ROM Chip)

১৩.চি পি ইউ চাপৰ্ট  চিপ (CPU Support chip)

১৪.স্পিকাৰ (Speaker)ইত্যাদি

চেণ্ট্ৰেল প্ৰচেচিং ইউনিট (Central Processing Unit):চেণ্ট্ৰেল প্ৰচেচিং ইউনিটক আমি কম্পিউটাৰৰ প্ৰধান কাৰ্য্যকৰী অংশ বা তাতোকৈ সহজ ভাষাত কম্পিউটাৰ চিষ্টেমৰ মস্তিষ্ক বুলিব পাৰোঁ।চিপি ইউক মুলত:তিনি অংশত ভাগ কৰিব পাৰি,যেনে-মেমৰি ইউনিট (Memory Unit),এৰিথমেটিক লজিক ইউনিট (Arithmatic Logic Unit) আৰু কণ্ট্ৰোল ইউনিট (Control Unit)।

মেমৰি ইউনিটতে সকলো ধৰণৰ ডেটা বা তথ্য ,নিৰ্দেশ আৰু ফলাফল অস্থায়ীভাৱে সঞ্চিত হয়।চিপি ইউৰ মেমৰি ইউনিট বোলোতে আমি প্ৰাইমাৰি মেমৰি ৰিয়ামকেই বুজাওঁ।এই অংশটো আন তিনিটা অংশত ভাগ কৰা হয়-প্ৰগ্ৰাম চেকশ্বন (Program Section),ৱাৰ্কিং ষ্টোৰেজ চেকশ্বন (Working Storage Section)আৰু বাফাৰচ চেকশ্ব (Buffers Section)।প্ৰগ্ৰাম চেকশ্বনত আমি লিখা প্ৰগ্ৰাম সঞ্চিত হয়।ৱাৰ্কিং ষ্টোৰেজ চেকশ্বনত নিদ্দেৰ্শ আৰু ভেটা উভয়েই মেমৰি এড্ৰেচ বাইনাৰি (Memory Address Binary)ৰুপে সঞ্চিত থাকে।এই প্ৰসংগতে উল্লেখনীয় যে বাইনাৰি বুলিলে আমি কেৱল শুন্য (0)আৰু এক (1)ক লৈ গঠিত সংখ্যাকেই বুজিম।বাফাৰচ অংশত প্ৰগ্ৰাম আৰু ডেটা চেকেণ্ডাৰী মেমৰিৰ মাজত আদান প্ৰদানৰ বাবে অস্থায়ীভাৱে সঞ্চিত হৈ থাকে।মেমৰি ইউনিট অন্য কিছু নামেৰেও পৰিচিত,যেনে-ষ্টোৰেজ ইউনিট (Storage Unit)ইণ্টাৰনেল ষ্টোৰেজ (Interal Storage),প্ৰাইমাৰি ষ্টোৰেজ বা মেমৰি (Primary Storage or Memory)।

এৰিথমেটিক লজিক ইউনিট বা এ এল ইউ (ALU)ৰ সময়ত নানান গাণিতিক তথা যুক্তিসম্পন্ন কাম কৰা সম্ভৱ,যেনে-যোগ,বিয়োগ,পুৰণ,তুলনামুলক কাৰ্য ইত্যাদি।ধৰা হ’ল কম্পিউটাৰক ক আৰু খ দুটা সংখ্যা দিয়া হ’ল যোগফল নিৰ্ণয়ৰ বাবে।এই নিৰ্দ্দেশটো দিব লাগিব এটা প্ৰগ্ৰামৰ যোগে আৰু ইয়াৰ সমাধান পোৱা যাব ভিডিঅ’ ডিচপ্লে ইউনিট বা মণিটৰৰ মাধ্যমত।

কণ্ট্ৰোল ইউনিটে কম্পিউটাৰৰ বিভিন্ন অংশৰ মাজত তথাৰ প্ৰবাহ (Data flow)ঘটায়।ইয়াৰ বাহিৰেও আমাৰ নিৰ্দেশৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰৰ নিৰ্দিষ্ট অংশৰ সহায়ত নিপুণভাৱে কাৰ্য সম্পন্ন কৰে।

ডিষ্ক ড্ৰাইভ (Disk Drive):কম্পিউটাৰত ডেটা বা তথা সংৰক্ষণ কৰা মাধ্যমটো হ’ল ডিষ্ক ড্ৰাইভ।ডিষ্ক ড্ৰাইভ কেইবাধৰণৰ হ’ব পাৰে, যেনে- ফ্লপি ডিষ্ক ড্ৰাইভ (Floppy Disk Drive ),হাৰ্ডডিষ্ক ড্ৰাইভ (Hard Disk Drive),মেগনেট’অপ্তিক ড্ৰাইভ (Megneto Optic Drive)কাৰ্ট্ৰিজ ড্ৰাইভ (Cartridge Drive),চি ডি ড্ৰাইভ  (C D Drive )আদি।

ফ্লপি ড্ৰাইভ হ’ল সাধাৰণতে ব্যৱহৃত আৰু অস্থায়ীভাৱে তথ্য ধৰি ৰখাৰ উপায়।ৰেকৰ্ড প্লেয়াৰৰ ৰেকৰ্ডৰ দৰে পাতল কিন্তু আকাৰত সৰু (মাত্ৰ 3 1/2//)ফ্লপি ডিস্কেট এখনক অভিঅ’ভিডিঅ’কেচেটৰ সতে ৰিজাব পাৰি,যাৰ সহায়ত এটা কম্পিউটাৰৰ পৰা তথ্য আন এটা কম্পিউটাৰলৈ লৈ যাব পাৰি।ইয়াৰ আকৌ কেৱল এটা পিঠিতহে তথ্য ধৰি ৰাখিব পৰা চিংগল চাইডেত বা দুয়োটা পিঠিতে তথ্য ধৰি ৰাখিব পৰা ডাবল চাইডেত আদি দুটা প্ৰকাৰৰ থাকে।আকৌ তথ্যসমুহ কিমান ঘনকৈ সাচিব পাৰি,তাৰ ভিত্তিত চিংগল ডেনচিটি (Single Density বা  SD),ডাৱল ডেনচিটি (Double Density বা  DD)বা হাই ডেনচিটি (High Density বা HD )ৰ ৰুপত লিপিবদ্ধ কৰিব পৰাকৈ তিনি ধৰণৰ ফ্লপি ডিষ্ক ড্ৰাইভ থাকিব পাৰে।সচৰাচৰে পোৱা 3 1/2// ৰ ডি এচ ডি ডি (Double Sided Double Density-DSDD)আৰু ডি এচ ডি (Double Sided High Density –DSHD)ফ্লপিসমুহ ক্ৰমে 720 KB আৰু  1440 KB ক্ষমতাৰ।

সাধাৰণতে ব্যৱহৃত হোৱা কেইবিধমান ফ্লপি ডিষ্কেটৰ তালিকা,ইবোৰৰ বিশেষত্ব সহ তলত দিয়া হ’ল-

 

ক্ৰ ন্ং আকাৰ

তথ্য সঞ্চয়ৰ

টেকনিকেল নাম

1.    5.25”

360 কেবি(Kilobytes)

ডি এচ ডি ডি (DSDD)

2.   5.25”

1.2 এম বি (Megabytes)

ডি এচ এইচ ডি (DSHD)

3.   3.5”

720 কেবি (Kilobytes)

ডি এচ ডি ডি (DSDD)

4.    3.5”

1.44 এম বি (Megabytes)

ডি এচ এইচ ডি(DSHD)

 

মেগনেটিভ অপ্তিক ড্ৰাইভ আৰু কাৰ্ট্ৰিজ ড্ৰাইভ অধিক ক্ষমতাসম্পন্ন আৰু খৰচী।এইবোৰৰ সুবিধাও সেই অনুপাতে অধিক।কিয়নো কাৰ্ট্ৰিজ ড্ৰাইভৰ দৰে মাধ্যমত তথ্য সংৰক্ষণ কৰিলে ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হোৱাৰ নাইবা আনে নকল কৰাৰ সম্ভাৱনা সমুলি নাথাকে বাবে স্থায়ীভাৱে সংৰক্ষণ কৰাত সুবিধাজনক ।এইবোৰ 21 MB,128 MB,650 MB আৰু IGB ক্ষমতাসম্পন্ন হিচাপে পোৱা যায়।

উইনচেষ্টাৰ (Winchester)বা হাৰ্ডডিস্ক ড্ৰাইভসমুহত ফ্লপিৰ তুলনাত অধিক ডেটা সংৰক্ষণ কৰিব পাৰি।হাৰ্ডডিস্কসমুহ কম্পিউটাৰৰ আভ্যন্তৰত স্থায়ীভাৱে সংলগ্ন কৰা থাকে।প্ৰথমে এইবোৰ ডাঙৰ আকাৰৰ আছিল যদিও আজিকালি ফ্লপি ডিস্কেট এখনৰ দৰে সুক্ষ্ম  আৰু 40 MB ৰ পৰা 8 GB  পৰ্যন্ত উচ্চ ক্ষমতাৰ পোৱা যায়।

কী বৰ্ড (Key Board): কম্পিউটাৰৰ কী বৰ্ডখন এখন টাইপৰাইটাৰৰ কী বৰ্ডৰ দৰেই মাত্ৰ ইয়াত নিয়ন্ত্ৰণ কাৰ্য্যৰ বাবে কেইটামান অতিৰিক্ত কী বা বুটামেৰে সাধাৰণতে সৰ্বমুঠ 108 টা কী থাকে।ব্যৱহাৰৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰৰ কীবোৰক তিনিটা ভাগত ভাগ কৰা হয়-

ক)আলফানিউমাৰিক কী (Alphanumeric Keys)

খ)স্পেচিয়েল কী (Special Keys)

গ)ফাংচনেল কী (Functional Keys)

আলফানিউমাৰিক কী সমুহত আছে বৰ্ণমালা (A-Z বা a-z),সংখ্যা (0-9)বা অন্যান্য ক্যাৰাক্টাৰ যেনে-স্পেচ (Space),./;!//%&0-+= ইত্যাদি।

স্পেচিয়েল কী সমুহৰ কাম সুকীয়া ,যেনে-এণ্টাৰ (enter)বা ৰিটাৰ্ণ (Return),কী বেকস্পেচ কী (Back-space Key),চিফট কী (Shift Key),নাম লক কী (Num Lock Key),অল্টাৰ কী (Alter Key)ইত্যাদি।

কীবৰ্ডৰ ওপৰ অংশত ক্ৰমে F1 ৰ পৰা F12 লৈ চিহ্নিত বাৰটা কীৰে ফাংশ্বনেল কীপেড গঠিত।ইহঁতৰ যোগে পোনপটীয়া কাৰ্য সম্পাদনৰ সুবিধাৰ পৰিৱৰ্তে সহযোগী কীৰ সতে বহুবোৰ কাম একেলগে কৰি বা একেটাহঁত সমষ্টি কৰি সমাপণ কৰা হয়।এই কীবোৰৰ ব্যৱহাৰ ভিন্ন ধৰণৰ।

দেখাত টাইপৰাইটাৰৰ কীপেডৰ দৰে,কম্পিউটাৰৰ কীবৰ্ডৰ বাওঁহাতে তললৈ সৰহকৈ থুপ খাই থকা,বৰ্ণমালা,সংখ্যা আৰু যতিচিহ্নবোৰ ,যাক আগেয়ে আলফা নিউমাৰিক কী বোলা হৈছে;ইয়াৰ লগতে থকা দুটামান অতিৰিক্ত কীৰ সমষ্টিটক টাইপৰাইটাৰৰ কীপেড (Typewriter Keypad)ও বোলা হয়।আনহাতে টাইপৰাইটাৰ কীপেডৰ সোঁহাতে থকা স্পেচিয়েল কীসমুহৰ প্ৰথম থুপটোক এডিটিং কীপেড (Ed-iting Keypad)বোলা হয়।এডিটিং কীপেডৰ সোঁকাষে থকা অন্তিম স্পেচিয়েল কীৰ সমষ্টিটোক অক্সিলিয়াৰী কীপেড (Auxiliary Keypad)হিচাপে নামাকৰণ কৰিব পৰা যায়।টাইপৰাইটাৰ কীপেডৰ আলফানিউমাৰিক কীবোৰৰ বাদে অতিৰিক্ত ভাৱে থকা কী কেইটাৰ ব্যৱহাৰৰ বিষয়ে সম্যক আলোচনা কৰা হৈছে-

চিফট (Shift):দুটা চৰিত্ৰৰ বা বিশেষত্বযুক্ত (যেনে-ইংৰাজী বৰ্ণৰ বৰফলা আৰু সৰুফলা ৰুপ)কীত Shift কীটোৰে সুপ্ত ৰুপটো উলিয়াব পাৰি।যেনে-shift কীটো হেঁচি অন্য এটা কী হেঁচিলে আখৰটোৰ বৰফলা ৰুপ বা উচ্চ চিহ্নটো বাচি উলিওৱা হ’ব।যদি কেপচ লক (caps lock)টো ইতিমধ্যেই বহুৱাই থোৱা হৈছে,তেন্তে shift কী হেঁচি ধৰি বৰ্ণমালাৰ কী এটা হেঁচিলে ইয়াৰ সৰুফলা ৰুপটো বাচনি কৰা হ’ব।

কেপচ লক (Caps lock):Caps lock  বহুৱাই ৰাখি বৰ্ণমালাৰ কীবোৰ হেঁচিলে ইংৰাজী বৰ্ণৰ বৰফলাৰ ৰুপবোৰ পোৱা যায়।এইটো কী দ্বিতীয়বাৰ হেঁচা দিলে সাধাৰণভাৱে ইংৰাজী বৰ্ণমালাৰ সৰুফলা ৰুপটো পোৱা যায়।

কণ্ট্ৰোল (Control):Control কীটো বহুৱাই অন্য কীত হেঁচা দিলে এটা নিয়ন্ত্ৰণৰ সংকেট প্ৰেৰিত হয়।এই কীটোৱে অকলে একো কাম কৰিব নোৱাৰে।কণ্ট্ৰ’ল কীৰ সতে L কীটো হেঁচিলে মনিটৰৰ পৰ্দাত থকা সকলো চিহ্ন মচ খাই ষ্ক্ৰীণখন একেবাৰে চাফ হৈ পৰে।এইদৰেই এই কীটোৰ সতে B কীটো হেঁচিলে প্ৰিণ্টাৰটো সচল হৈ পৰে আৰু মনিটৰত দেখা পোৱা আটাইবোৰ কথা প্ৰিণ্টাৰৰ কাগজত ছপা হয়।আকৌ কণ্ট্ৰ’ল কীটোৰ সতে C কীটো হেঁচিলে প্ৰিণ্টাৰটো অচল হৈ পৰে।

টেব(Tab):Tab কীটো হেঁচাৰ ফলত কাৰচৰৰ সোঁহাতে থকা বৰ্ণ বা চিহ্নবোৰ টেবৰ পাছৰ যতি পৰ্যন্ত অনুভুমিক দিশত সোঁফালে ঠেলি নিয়ে।

এণ্টাৰ (Enter):Enter কীটোৰ যোগে একে ধাৰাবাহিকতাৰে অগ্ৰগতি কৰিব বা নতুন শাৰী এটাত আগবাঢ়িব পাৰি।

বেকস্পেচ(Backspace):সাধাৰণতে এটা স্তম্ভ পিছুৱাবৰ বাবে বা লিপিবদ্ধ কৰা এটা চিহ্ন/বৰ্ণ  মচিবৰ বাবে এই কীটোৰে সংকেত দিয়া হ’ব।

অল্টাৰ (Alter):Alter কীটোৰ জৰিয়তে পোনপটিয়া কোনো কীৰ নিৰ্দেশ পোৱা নাযায়।নিৰ্দেশ পাবৰ বাবে অন্য কীৰ সতে একেলগে হেঁচিব লাগে।

এডিটিং কীপেড (Editing Keypad):চাৰিটা কাৰচৰ নিয়ন্ত্ৰণ কী আৰু ছটা এডিটিং বা সম্পাদনৰ কীৰে এডিটিং কীপেড গঠিত।এই কীসমুহৰ কাৰ্য,ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে।

অক্সিলিয়াৰী কীপেড (Auxiliary Keypad):এটা কেলকুলেটৰৰ সহায়ত লাভ কৰা সাংখ্যিক তথ্যৰ হিচাপ ক্ষেত্ৰৰ লগতে এডিটিংৰ অতিৰিক্ত সুবিধা স্থানত প্ৰৱেশ ঘটোৱা কীসমুহ হৈছে অক্সিলিয়াৰী কীপেড ।Num Lock ৰ অৱস্থিতি অনুসৰি অক্সিলিয়াৰী কীপেডৰ সুবিধা সাংখ্যিক বা সম্পাদনাৰ কাৰ্যৰ ৰুপত ল’ব পাৰি।ইহঁতৰ ডাবল ক্যাৰাক্টাৰ বা দ্বৈত চৰিত্ৰৰ কীবোৰ চিফট হেঁচি ধৰিলে তলৰ সংকেট পোৱা যায়।আনহাতে সাধাৰণ অৱস্থাত Num Lock কী অন কৰি টাইপ কৰিলে ওপৰৰ চিহ্নৰ সংকেত প্ৰেৰিত হয়।

এচকেপ(Esc):এই কীটোৰ সহায়ত সাধাৰণতে কম্পিউটাৰত লিপিবদ্ধ কৰিব খোজা তথ্য বা নিৰ্দেশ হঠাৎ বাতিল কৰিব পাৰি।এই কীটো হেঁচাৰ ফলত প্ৰগ্ৰামখনৰ কাৰ্যপালন বন্ধ হৈ গ’লেও প্ৰগ্ৰামখন কিন্তু কম্পিউটাৰৰ মুখ্য স্মৃতি ভড়াল বা ৰেমৰ পৰা মচ নাখায়।পাছত পুনৰ একেখন প্ৰগ্ৰামকে চলাব খুজিলে RUN নিৰ্দেশ দিলেই হ’ল।

প্ৰিণ্ট ষ্ক্ৰীণ (Print Screen):চিফট কীৰ লগত এই কীটো টিপিলে ষ্ক্ৰীণত দেখা সকলো তথ্য প্ৰিণ্টাৰত প্ৰিণ্ট হয়।কিছুমান কী বোৰ্ডত আকৌ কেৱল প্ৰিণ্ট ষ্ক্ৰীণ চাবিটো টিপিলেই এই একেখিনি ফলাফলকে লাভ কৰা যায়।

ব্ৰেক (Break):এই কীটো টিপি দিলে কৰি থকা সকলো কাম কম্পিউটাৰটোৱে বাদ দিয়ে,তাৰোপৰি কম্পিউটাৰৰ মুখ্য স্মৃতিত থকা প্ৰগ্ৰাম,ডেটা গণনাৰ ফল আদি মচ খাই যায়।সেয়ে প্ৰগ্ৰামখনৰ কাৰ্য পালন মাজতে বন্ধ কৰিব খুজিলে এই কীটো ব্যৱহাৰ কৰাৰ সলনি ESC কীটোহে প্ৰয়োগ কৰা বাঞ্ছনীয়।

মনিটৰ বা ভি ডি ইউ (Monitor or VDU):টি.ভি.এটাৰ কায়িক পৰিগঠনৰ সতে প্ৰায় মিল থকা এই অংগটোৰ যোগেৰেই আমি ব্যৱহাৰ কৰি থকা কম্পিউটাৰটোৰ প্ৰয়োগ হোৱা ক্ষেত্ৰখন আমি চকুৰে দেখা পাওঁ।এইটো এটা টি.ভি. ৰ দৰেই মন’ক্ৰম বা ক’লা –বগা (Monochrome or B&W)অথবা ৰঙীণ (coloured)হ’ব পাৰে।

এটা এইচ জি এ (Hercules Graphic Adapter)মন’ক্ৰম মনিটৰৰ 750/348 পিক্সেল স্থিৰতা থাকে,কিন্তু ভি.জি.এ (Video Graphic Array)মনিটৰ এটাৰ এই স্থিৰতা 640/480 পিক্সেল।আকৌ এটা চুপাৰ ভি.জি. এৰ স্থিৰতা 800/600 পিক্সেলৰ পৰা 1024/768 পৰ্যন্ত হ’ব পাৰে।এইটোৰে ব্যৱহাৰ কৰা এডপ্টাৰটোৰ ওপৰত ভিত্তি কৰি 16 ৰ পৰা 256 টা ৰং আৰু 64,000 টা ছেদ প্ৰদৰ্শন কৰিব পাৰিব।

আদৰ্শমুলক মণিটৰ স্ক্ৰীণখন তলত দেখুওৱাৰ দৰে হয়-

ব্যৱহাৰকাৰীৰ ক্ষেত্ৰ:কী বৰ্ডৰ সহায়ত টাইপ কৰা একৰ পৰা চৌবিশ বা পঁচিশ শাৰী (ইমুলেশ্বৰ নিৰ্দ্ধাৰণৰ ওপৰত ভিত্তি কৰি)আখৰ বা চিহ্ন ব্যৱহাৰ কাৰীৰ ক্ষেত্ৰত প্ৰতিফলিত হয়।

কাৰচৰ (Cursor): মাউচটোৰ সহায়ত স্ক্ৰীণৰ যিকোনো ঠাইলৈ নিব পৰা সঘনে টিপটিপাই থকা আৰু কোনো সময়ত তেনে শান্ত হৈ থকা এডাল চুটি ৰেখাংশ অথবা এক সুক্ষ্ম দাগ যিটোৱে ষ্ক্ৰীণত ব্যৱহাৰকাৰীয়ে টাইপ কৰিব লগা পৰৱৰ্তী আখৰটোৰ প্ৰতিফলনৰ স্থান প্ৰদৰ্শন কৰে।

ষ্টেটাচ লাইন (Status Line):মনিটৰৰ ষ্ক্ৰীণত স্থায়ীভাৱে স্থান দখল কৰি থকা শেষ শাৰীটোৱেই হ’ল ষ্টেটাচ লাইন।ষ্টেটাচ লাইনে নিম্নোক্ত তথ্যবোৰ প্ৰদৰ্শন কৰে।

*কাৰচৰ অৱস্থিতি (শাৰী,স্তম্ভ ইত্যাদি)

*ইমুলেশ্বন মুড

*সময়

* লোকেল প্ৰিণ্টাৰ ষ্টেটাচ

*কীবোৰ্ড লক ষ্টেটাচ

*হ’লড ষ্টেটাচ

*কম্প’জড ফাংশ্বন

*মডেম চিগনেল ষ্টেটাচ।

মাউচ (Mouse):কম্পিউটাৰৰ সংযোগী অংগসমুহৰ ভিতৰত আটাইতকৈ সঘনে ব্যহৃত আৰু ব্যৱহাৰকাৰীসকলৰ এটি প্ৰিয় সম্পদ হ’ল এই মাউচটো।ঠিক এটা অডিঅ’ কেচেটৰ আকাৰৰ মাউচটো এখন সমতল কাৰ্ডৰ ওপৰেৰে ঘুৰাবৰ বাবে তলফালে এটা সৰু বল আৰু ওপৰফালে এক বা একাধিক বুটাম সংলগ্ন থাকে,আৰু এডাল কেব’লেৰে কম্পিউটাৰৰ সতে ইয়াক স্ংযোগ কৰা হয়।

মনিটৰ  ষ্ক্ৰীণত দেখা পোৱা নিৰ্দেশকাৰী চিহ্ন বা কাৰচৰডাল (cursor)ব্যৱহাৰকাৰীজনে প্ৰয়োজন অনুসাৰে যিকোনো অংশলৈ নিবৰ বাবে এই মাউচটো ব্যৱহাৰ কৰে।ব্যৱহাৰকাৰীজনে মাউচটো সমতল কাৰ্ডখনৰ ওপৰেৰে যি দিশত ঘুৰাব সেই অনুক্ৰমে কাৰচৰটোও মনিটৰৰ ষ্ক্ৰীণত যিকোনো দিশলৈ গতি কৰিব।মনিটৰ ষ্ক্ৰীণত দেখা পোৱা নিৰ্দেশসমুহৰ প্ৰয়োজনীয়তা নিৰ্দেশটোত কাৰচৰটো ৰাখি মাউচৰ বুটাম ক্লিক কৰিলে নিৰ্দেশ অনুসৰি প্ৰগ্ৰাম সলনি হয় আৰু ব্যৱহাৰকাৰীজন তাৰ পৰবৰ্তী পৰ্যায়লৈ আগবাঢ়ে।ইয়াৰ উপৰিও ভিন্ন চফটওৱেৰৰ প্ৰগ্ৰাম অনুসৰি ভিন্ন কাৰ্য সম্পাদন কৰিবৰ বাবে মাউচৰ ব্যৱহাৰ্ হয়।

প্ৰিণ্টাৰ (Printer):কম্পিউটাৰৰ যোগে সমাধা কৰা কামৰ ফলাফলসমুহ মনিটৰ ষ্ক্ৰীণত দেখা পোৱাৰ উপৰিও ছপাৰুপত পাবলৈ যি অতিৰিক্ত যন্ত্ৰৰ প্ৰয়োজন হয় সেইটোৱেই হ’ল প্ৰিণ্টাৰ।সাধাৰণতে প্ৰায়বোৰ মাইক্ৰকম্পিউটাৰৰসতে সংলগ্ন কৰা প্ৰিণ্টাৰ বিধ হ’ল  ডট মেট্ৰিক্স প্ৰিণ্টাৰ (Dot Metrix Printer or DMP)। পুৰ্বে থাৰ্মেল প্ৰিণ্টাৰ (Thermal Printer),বাবুল জেট প্ৰিণ্টাৰ (Bubble Jet Printer)আৰু ডেইজি হুইল প্ৰিণ্টাৰ (Daisy Wheel Printer)আদি প্ৰিণ্টাৰ ব্যৱহাৰ হৈছিল।আজিকালি এইবোৰৰ পৰিৱৰ্তে ইংকজেট প্ৰিণ্টাৰ (Ink Jet Printer)লেজাৰ প্ৰিণ্টাৰ (Laser Printer)প্লটাৰ (Plotter)আদি বহুলভাৱে ব্যৱহৃত হ’বলৈ লৈছে।ইয়াৰে প্লটাৰ মেশ্বিনটো ধুনীয়া বহুৰঙী ছবি (বিশেষকৈ হ’ৰ্ডিং ,গ্ল’চাইন আদি)প্ৰিণ্ট কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।

প্ৰিণ্টাৰে যিহেতু তথ্যসমুহ ছপাৰ ৰুপত বিন্দুৰ সহায়ত লিপিবদ্ধ কৰে,সেয়ে বিন্দুবোৰ যিমানে সুক্ষ্ম আৰু ঘন হয় ছপাৰ মানদণ্ডত সেই অনুপাতে উন্নত হয়।সেই কাৰণে প্ৰিণ্টাৰ বা ছপাযন্ত্ৰৰ মানদণ্ড নিৰ্ণায়ক এককটো হ’ল ডি.পি.আই. (Dpi-dot per inch)।এই এককৰ সতে থকা সংখ্যাটো যিমানে ডাঙৰ হ’ব,সিমানে বিন্দুবোৰ সুক্ষ্মৰ পৰা সুক্ষ্মতৰ হ’ব আৰু ছপাৰ মানদণ্ডও সেই অনুপাতে উন্নত হ’ব।

ওপৰত আলোচনা কৰা কম্পিউটাৰৰ অংগসমুহ হ’ল দৃশ্যমান,কিন্তু কোনো লোকে ব্যৱহাৰ কৰা বা কিনিব বিচৰা কম্পিউটাৰ এটাৰ বিষয়ে জানিব লাগিলে কম্পিউটাৰটোৰ সংযুক্ত যন্ত্ৰাংশ বা কনফিগাৰেশ্বন (configuration)ৰ বিষয়ে জানিব লাগিব।এই কনফিগাৰেশ্বনৰ অন্তৰ্গত বিষয়বোৰ হ’ল এনেধৰণৰ-

মাইক্ৰপ্ৰচেচৰ-পেণ্টিয়াম 166 বা 200 MMX বা পেণ্টিয়াম II

হাৰ্ডডিষ্ক-2.1 GB,4.2 GB,8 GB ইত্যাদি।

ৰেম-24 MB,32 MB ইত্যাদি ।

মনিটৰ-ক’লা –বগা বা ৰঙীণ SVGA-14”,15’’,17’’আদি

চি.ডি.ৰম-12 x,16 x ড্ৰাইভ ইত্যাদি।

অপাৰেটিং চিষ্টেম-উইণ্ডজ 95,উইণ্ডজ 98,উইণ্ডজ 2000 আদি।

মডেম- 33.6 Kbps,56 Kbps ইত্যাদি।

মাইক্ৰপ্ৰচেচৰ (Microprocessor):মাইক্ৰপ্ৰচেচৰেই কম্পিউটাৰটোৰ ক্ৰিয়া পদ্ধতি নিয়ন্ত্ৰণ কৰে,যাক কম্পিউটাৰটোৰ হৃদযন্ত্ৰ বুলিব পাৰি।মাইক্ৰপ্ৰচেচৰ যিমানেই শক্তিশালী বা বেগী হয় সিমানেই কম্পিউটাৰটোৰ ক্ৰিয়াবোৰেও প্ৰখৰ আৰু অধিক সুবিধাৰ হয়।আগেয়ে সাধাৰণতে 486,Dx2 বা Dxৰ ধৰণৰ প্ৰচেচৰেই কম্পিউটাৰত ব্যৱহৃত হৈছিল।কিন্তু বৰ্তমানে এম এম এক্স (MMX)বা পেণ্টিয়াম III আদি প্ৰচেচৰৰ ব্যৱহাৰ হ’বলৈ লৈছে।

মাইক্ৰপ্ৰচেচৰৰ গতিবেগ মগাহাৰ্টজ (MHz)ৰ এককেৰে বুজোৱা হয় আৰু এই গতিবেগ কম্পিউটাৰ এটাৰ মানদণ্ড নিৰ্ণয়ৰ বাবে অতি দৰকাৰী উপাদান।এসময়ত সাধাৰণতে 166 MHz কম্পিউটাৰেই প্ৰচলন হৈ আছিল,সম্প্ৰতি 450 MHz (Pentium III),466 MHz (Celeron)গতিবেগৰ প্ৰচেচৰো পোৱা হৈছে।পাছলৈ মানুহে তাতোধিক গতিবেগ সম্পন্ন মাইক্ৰপ্ৰচেচৰৰ কম্পিউটাৰ ব্যৱহাৰ কৰিবলৈ ল’ব।

ৰেম (RAM):মনিটৰ ষ্ক্ৰীণ আৰু হাৰ্ডডিষ্কৰ মাজত তথ্যৰ জিৰণি চ’ৰাই হ’ল ৰেম (RAM)বা ৰেণ্ডম এচেচ মেমৰি (Random Access Memory)।ই হাৰ্ডডিষ্কৰ দৰেই ক্ষমতাশালী আৰু ইয়াৰ ক্ষমতা 24 ৰ পৰা 32 MB হোৱাটো দৰকাৰী।

চি ডি ৰম (CD-ROM):নিত্য নতুন চফট ওৱেৰ বিলাক আদৰিব লাগিলে চি ডি ৰম (C D ROM বা Compact Disk Read Only Memory)অপৰিহাৰ্য।অৱশ্যে এই অংগটো নহ’লেও কম্পিউটাৰ এটাই সীমিত কিছু কাম সমাধা কৰিব পাৰে।চি ডি ৰম বিলাক 16x,24x বা 32x এককৰ হ’ব পাৰে।ইয়াৰ “x”হ’ল ধ্ৰুৱক আৰু তাৰ আগৰ সংখ্যাটোৱে চি ডি ড্ৰাইভটোৰ ঘুৰ্ণনৰ হাৰ বুজায়।16 x এককৰ চি ডি ড্ৰাইভ এটাৰ ঘুৰ্ণনৰ হাৰ অডিঅ’কেছেট এটাৰ ঘুৰ্ণনৰ বেগৰ ষোল্ল গুণ।

মডেম (Modem):ইণ্টাৰনেট সংযোগ কৰিবলৈ হ’লে কম্পিউটাৰৰ বাকী অংগবোৰৰ লগতে এই অংগটোও সংযোগ কৰিব লাগিব।কাৰণ দুটা ইণ্টাৰনেট সংযোজিত কম্পিউটাৰৰ মধ্যস্থতাকাৰী টেলিফোনটোৱে কম্পিউটাৰৰ ডিজিটেল ভাষা বুজি নাপায়,সেয়ে কম্পিউটাৰৰ ডিজিটেল ভাষা টেলিফোনটোৱে বুজি পোৱা এনালগ সংকেটলৈ ৰুপান্তৰ কৰিবৰ বাবে দোভাষী স্বৰুপ মডুলেটৰ এণ্ড ডিমডুলেটৰ চমুকৈ মডেমৰ সহায় লাগে।মডেমে টেলিফোন আৰু কম্পিউটাৰ দুয়োটাৰ ভাষা বুজি পায়।অত্যাধুনিক কাৰিকৰী প্ৰগতিয়ে আন্ত:ৰাষ্ট্ৰীয় মানদণ্ড হিচাপে 5.6 Kbps (Kilobytes per second)মডেমৰ পক্ষপাতিত্ব কৰিলেও,সাধাৰণতে 33.3 Kbps বা নুন্যতম 28.8 Kbps ক্ষমতাৰ মডেমৰ সহায়তো কম্পিউটাৰ এটাৰ কাম সুচাৰুৰুপে চলাব পাৰি।

অপাৰেটিং চিষ্টেম,মনিটৰ,হাৰ্ডডিষ্কৰ বিষয়ে অন্য পৃষ্ঠাত বিস্তৃত আলোচনা কৰা হৈছে।অৱশ্যে হাৰ্ডডিষ্কৰ সম্বন্ধত এটা কথা জানি থোৱা ভাল যে,গিগাবাইট হ’ল হাৰ্ডডিষ্কৰ তথ্য ধাৰণ ক্ষমতাৰ একক।এক গিগাবাইট বুলিলে এ ফ’ৰ (A4)জোখৰ পাঁচশ পৃষ্ঠাত অতি ঘনকৈ টাইপ কৰিব পৰা তথ্যৰ পৰিমাণক বুজায়।

কম্পিউটাৰৰ সতে প্ৰয়োজন অনুসাৰে সংযোগ কৰা অন্যান্য কেইটামান সম্পদ হ’ল-ইউ পি এচ,স্কেনাৰ,জয়ষ্টিক,গ্ৰাফিকচ কাৰ্ড,চাউণ্ড কাৰ্ড আদি।

চমুকৈ:কম্পিউটাৰ ডিষ্কৰ তথ্য ধাৰণৰ ক্ষমতা যাক ৱাইটচ (bytes)ৰ পৰা গিগাবাইটচলৈ হিচাপ কৰা হয়,তাৰ আৰ্যাখন এন ধৰণৰ-

কম্পিউটাৰ প্ৰগ্ৰামিং:

এটা কম্পিউটাৰত সুচী লিপিবদ্ধ কৰা বা প্ৰগ্ৰাম আৰম্ভ কৰাৰ যি কৌশল তাকে কম্পিউটাৰ প্ৰগ্ৰামিং বোলা হয়।প্ৰতিটো কম্পিউটাৰ যন্ত্ৰতে ইয়াৰ আভ্যন্তৰীণ হাৰ্ডওৱেৰ নিৰ্মাণ বিশেষত্ব অনুসৰি এক নিম্ন পৰ্যায়ৰ কম্পিউটাৰ ভাষা বা ল’ লেভেল লেংগুৱেজ (Low Level Language)থাকে যাক কোৱা হয় মেশ্বিন লেংগুৱেজ (Machine Language)।এটা বাইনাৰী সংকেতযুক্ত ডিজিটেল কম্পিউটাৰত এই ভাষা “0”আৰু “1”কলৈ গঠিত।এচেম্বলি লেংগুৱেজে এক প্ৰকাৰৰ স্মৰণ কৌশল বা নিম’নিক (Mnemonic)এই মেশ্বিন লেংগুৱেজৰ ক্ষেত্ৰত প্ৰয়োগ কৰে।আনহাতে উচ্চ পৰ্যায়ৰ কম্পিউটাৰৰ ভাষা বা হাই লেভেল মেশ্বিন  লেংগুৱেজ (High Level Language)সমুহ এচেম্বলি লেংগুৱেজৰ মাধ্যমত নিম’নিক ব্যৱহাৰ কৰি সুবিধাজনকভাৱে ব্যৱহাৰ কৰিব পাৰি।এইবিলাকৰ ভিতৰত ফ’ৰটন (FORTRAN বা Formula Translation),এলগৰ্ল (ALGOL বা Algorithmic language )আৰু বেচিক (BASIC বা Beginners All Purpose Symbolic Instruction Code)আদিয়েই হ’ল সৰ্বাধিক ব্যৱহৃত সাধাৰণ উদ্দেশ্যৰ প্ৰগ্ৰামিং লেংগুৱেজ।আনহাতে ক’ব’ল ( COBOL বা Common Business Oriented Language)ব্যৱসায়িক প্ৰয়োগৰ এক প্ৰকাৰৰ প্ৰগ্ৰামিং লেংগুৱেজ।ইয়াৰ চি লেংগুৱেজ (C Language)হ’ল শেহতীয়া আৰু এক শক্তিশালী প্ৰগ্ৰামিং লেংগুৱেজ,যিবোৰ ডচ (DOS),উইণ্ডজ (Windows),অ’এচ/2 (OS/2)আৰু ইউনিক্স (Unix)ৰ ভেটিত ব্যৱহৃত হয়।চি লেংগুৱেজৰ অন্য কেইটামান শেহতীয়া সংযোজন হ’ল-চি প্লাচ প্লাচ (C++),ভিচুৱেল চি (Visual C),কুইক চি (Quick C)আৰু টাৰ্ব’ চি (Turb C)আদি।

চমুকৈ:কম্পিউটাৰ যন্ত্ৰটো ব্যৱহাৰ কৰা হয়         ব্যৱহাৰিক                             চফটওৱেৰ চলাবৰ বাবে,যিবোৰ অসংখ্য আৰু ভিন কামৰ বাবে ব্যৱহৃত।এটা পি চি বা ইয়াৰ জৰিয়তে চলোৱা চফটওৱেৰবোৰ তিনিটা সাধাৰণ ক্ষেত্ৰত ব্যৱহৃত হয় যেনে-ৱৰ্ড প্ৰচেচিং (Word Processing ), স্প্ৰেডচিট (Spread sheet) আৰু ডেটাবেচ  (Database)।      ইয়াৰোপৰি     অন্যান্য জনপ্ৰিয় প্ৰয়োগবোৰৰ উদাহৰণ হ’ল-গ্ৰাফিক ডিজাইন (Graphic design),পেজ লে আউট (Page layout),ডিজিটেল ফট’ৰিটাশ্চিং(Degital photo retouching),কম্পিউটাৰ এচিষ্টেড ডিজাইন (Computer assisted design –CAD),প্ৰেজেণ্টেশ্বন গ্ৰাফিকচ (Presentation graphics),বিশেষ ধৰণৰ ডেটাবেচ পৰিচালনাৰ বাবে তৈয়াৰী প্ৰগ্ৰাম যেনে- একাউণ্টিং

(Accounting),ইনভেণ্টৰি মেনেজমেণ্ট (Inventory management),ইনভইচিং (invicing)ইত্যাদি।

অপাৰেটিং চিষ্টেম,বুটিং আৰু ফাইল:কম্পিউটাৰ চলাবৰ বাবে প্ৰয়োজন হোৱা প্ৰাথমিক চফটওৱেৰটোক অপাৰেটিং চিষ্টেম (Operating System)বোলা হয়।কম্পিউটাৰ যিহেতু এটা যন্ত্ৰ,সেয়ে প্ৰত্যক্ষভাৱে আমাৰ নিৰ্দেশ বুজাটো অসম্ভৱ।সেয়ে আমাৰ অপাৰেটিং চিষ্টেমৰ প্ৰয়োজন।আগতেই উল্লেখ কৰা হৈছ যে মেশ্বিন লেংগুৱেজ বাইনাৰি সংখ্যা শুন্য (0)আৰু এক (1)কলৈ গঠিত।পুৰ্ণব্যৱহৃত কম্পিউটাৰ এটাৰ ডেটাক এঠাইৰ পৰা আন এঠাইলৈ নিয়া অথবা আউটপুট হিচাপে ভি ডি ইউ (VDU)অথবা প্ৰিণ্টাৰৰ সহায়ত ফলাফল দিয়াই হ’ল অপাৰেটিং চিষ্টেমৰ প্ৰধান কাম।বিভিন্ন নামেৰে বহুতো অপাৰেটিং চিষ্টেম আজিকালি ব্যৱহাৰ হয়;যেনে-ডচ (DOS),ইউনিক্স (UNIX),উইণ্ডজ (WINDOWS),জেনিক্স (XENIX)ইত্যাদি।আমেৰিকাৰ মাইক্ৰ’চফট কৰ্পৰেশ্বন লি: নামৰ বিশ্বৰ প্ৰথম স্থানীয় কম্পিউটাৰ প্ৰস্তুতকাৰী সংস্থাটোৱে পৰ্যায়ক্ৰমে এটাৰ পৰা আনটো  অধিক উন্নত কৰি উইণ্ডজ ’95,উইণ্ডজ ’98 আৰু উইণ্ডজ’2000 আদি অপাৰেটিং চিষ্টেম বিলাক প্ৰস্তুত কৰি বিশ্বৰ বজাৰত মুকলি কৰি দিছে।এইলানি অপাৰেটিং চিষ্টেমেই সবাটোকৈ জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিছে।

অপাৰেটিং চিষ্টেমক মুলত:দুভাগত ভাগ কৰা হয়- চিংগল ইউজাৰ (Single User),উদাহৰণ-MS,DOS,PC DOS আদি ;আৰু মাল্টিট ইউজাৰ (Multi User)যেনে –UNIX,LAN ইত্যাদি ।যি অপাৰেটিং চিষ্টেমৰ সহায়ত এটা কম্পিউটাৰত এজন ব্যৱহাৰকাৰীয়েহে মাত্ৰ কম কৰিব পাৰে,তাকে চিংগল ইউজাৰ অপাৰেটিং চিষ্টেম বোলা হয়।আনহাতে একাধিক কম্পিউটাৰ পৰস্পৰ সংযুক্ত কৰি কেবাজনো ব্যৱহাৰকাৰীয়ে একেলগে কাম কৰিব পৰা অপাৰেটিং চিষ্টেমক কোৱা হয় মাল্টিট ইউজাৰ অপাৰেটিং চিষ্টেম।

ইয়াৰ উপৰিও অপাৰেটিং চিষ্টেমৰ সহায়ত কম্পিউটাৰৰ বুটিং বা ষ্টাৰ্টআপ প্ৰচেচ (Startup Process)চলে।মেশ্বিন চলাৰ লগে লগে কম্পিউটাৰ যন্ত্ৰ সক্ৰিয় হৈ যি প্ৰক্ৰিয়া চলে তাক কোৱা হয় বুটিং (Booting)প্ৰক্ৰিয়া।

ফাইল হ’ল ডেটা বা নিৰ্দেশৰ সমষ্টি।ফাইল মুলত:দুই ধৰণৰ –ডেটা ফাইল (Data file)আৰু প্ৰগ্ৰাম ফাইল (Program file)।ডেটা ফাইলত ডেটা সঞ্চয় হয় আৰু প্ৰগ্ৰাম ফাইলত বিভিন্ন অনুক্ৰমিক নিৰ্দেশনা বা অনুদেশ (Sequential instruction)সঞ্চিত হয়।একোটাহত নিৰ্দিষ্ট নামেৰে ফাইলবোৰ চিনাক্ত কৰা হয়,যাৰ পৰিভাষা হ’ল- ফাইল নেইম (File name)।

ফাইল নেইম দুটা অংশত ভাগ কৰা হয়-প্ৰাইমাৰী ফাইল নেইম আৰু চেকেণ্ডাৰী ফাইল নেইম বা এক্সটেনশ্বন ফাইল নেইম।ফাইলবোৰ আমি স্থায়ীভাৱে চেকেণ্ডাৰী বা পাৰ্মানেণ্ট ষ্টোৰেজ ডিভাইচত সঞ্চয় কৰি থওঁ।এইখিনিতে জনি থোৱা প্ৰয়োজন যে কিছুমান ফাইলৰ সমষ্টিয়েই হ’ল চফটওৱেৰ।ফাইল নেইম যথেষ্ট নিয়মেৰে বন্ধা।প্ৰাইমাৰী ফাইল নেইমত নুন্যতম এটা আৰু সৰ্বাধিক আঠটা ক্যাৰাক্টাৰ থাকিব পাৰে।আৰু চেকেণ্ডাৰী ফাইল নেইম বা এক্সটেনশ্বন ফাইল নেইমত নুন্যতম এটা আৰু সৰ্বাধিক তিনিটা ক্যাৰাক্টাৰ হ’ব পাৰে।ফাইল নেইমত এক্সটেনশ্বন থকাটো বাধ্যতামুলক নহয়।কিন্তু ফাইলৰ ধৰণ বুজাবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।যদি প্ৰাইমাৰী আৰু এক্সটেনশ্বন দুয়োটা ব্যৱহৃত হয়,সেই ক্ষেত্ৰত (.)ডট ক্যাৰাক্টাৰ (Dot character)ব্যৱহাৰ কৰি একেবাৰে সুকীয়া কৰা হয়।সাধাৰণতে ফাইল নেইমত A-Z,a-z আৰু 0-9 আদি চিহ্ন ব্যৱহাৰ কৰা হয়।স্পেচ ক্যাৰাক্টাৰ (Space character)লৈ ফাইল নেইম আৰম্ভ হ’ব নোৱাৰে বা ফাইল নেইমৰ মাজত আমি স্পেচ ক্যাৰাক্টাৰ ব্যৱহাৰ কৰিব নোৱাৰো।উদাহৰস্বৰুপে Bmp.mon নামেৰে এটা ফাইল থাকিব পাৰে;কিন্তু Bm P.mon কোনো ফাইলৰ নাম হ’ব নোৱাৰে।ইয়াত Bmp হ’ল প্ৰাইমাৰী নেইম আৰু mon চেকেণ্ডাৰী বা এক্সটেনশ্বন।

চমুকৈ:মনিটৰত ফলাফল প্ৰতিফলনৰ বা ডিচেপ্লেচৰ ধৰণ পিক্সেল ৰিজ’লিউশ্বন (Pexel resolution)অন্য অৰ্থত পিক্সেল স্থিৰতা আৰু ৰঙৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে সাধাৰণতে 640*480 ৰিজলিউশ্বন আৰু 16 টা ৰঙৰ ভিজিএ ডিচপ্লে (VGA display)য়েই নুন্যতম মানদণ্ড যদিও ভিজিএ প্লাচ (VGA+বা চুপাৰ ভিজিএ (Super VGA-SVGA)আদি উন্নত মানৰ বৰ্দ্ধিত ৰঙৰ সংখ্যা আৰু ৰিজলিউশ্বন ডিচপ্লেৰ আৱিষ্কাৰো হৈছে।SVGA মানৰ ডিচপ্লে একোটাই প্ৰায় 256 টা ৰঙৰ 1024*786 ৰিজলিউশ্বন প্ৰদান কৰিব পাৰে।একে ধৰণৰ ডিচপ্লে কাৰ্ড এখনে 256 টা ৰঙত 800*600 মুড বা অতিৰিক্ত মেমৰিৰে 16 নিযুত ৰঙৰ উৎপন্ন কৰিব পাৰে।

ডচ (DOS) ৰ কামাণ্ড:অপাৰেটিং চিষ্টেমে বান্ধি দিয়া সুনিৰ্দিষ্ট নিয়মৰ মাজেৰেহে কম্পিউটাৰৰ যিকোনো প্ৰগ্ৰামে গতি কৰে।ডচ নামৰ অপাৰেটিং চিষ্টেমটোৰ সম্পুৰ্ণ নাম হ’ল ডিষ্ক অপাৰেটিং চিষ্টেম (Disk Opearting System)।ই কীবৰ্ড,মআউচ আৰু স্কেনাৰৰ ইনপুটসমুহ ,মনিটৰ ষ্ক্ৰীণ বা প্ৰিণ্টাৰৰ যোগে প্ৰকাশ কৰা আউটপুট আদি নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰগ্ৰাম আৰু চি পি ইউৰ সহায়ত প্ৰচেচিংৰ অংশটোও নিয়ন্ত্ৰণ কৰে।

ডচৰ কামাণ্ড তিনি ধৰণৰ হ’ব পাৰে-

আভ্যান্তৰীণ নিৰ্দেশ বা ইণ্টাৰনেল কামাণ্ড,বাহ্যিক নিৰ্দেশ বা এক্সটাৰনেল কামাণ্ড আৰু বেচ ফাইলচ।

কাম অনুসৰি ডচৰ কামাণ্ডসমুহক ভিন্ন ফাইলত ভাগ কৰিব পাৰি।সেইসমুহ হ’ল-

*Directory ৰ কাম:Redirection

*File ৰ কাম:Batch files

*সুৰক্ষা সম্পৰ্কীয় কাম:Performance আদি

*মিশ্ৰিত কাম

*ৰ কাম

*মেমৰি সম্পৰ্কীয় কাম

*আন্ত:ৰাষ্ট্ৰীয়কৰণ

*CONFIG.SYS ফাইল

*Device Drivers

চমুকৈ:ডিপিআই (dpi)এককৰ যোগে যিদৰে প্ৰিণ্টাৰৰ মানদণ্ড জোখা হয় সেইদৰে ডি এম পি (DMP)অৰ্থাৎ ডট মেটিক্স প্ৰিণ্টাৰ স্পীড বা গতিবেগ জোখা হয়।চি পি এচ অৰ্থাৎ ক্যাৰাকটাৰ পাৰ চেকেণ্ড (CPS-Character Per Second)বা এল পি এচ অৰ্থাৎ লাইন পাৰ চেকেণ্ড (LPS-Line Pere Second)ৰ যোগে।

উইণ্ডজ(Windows):আমেৰিকাৰ মাইক্ৰচফট কৰ্পৰেচন লিমিটিডে নামৰ কোম্পানীটোৰ নিজা সম্পত্তি উইণ্ডজ (  Windows)নামৰ অপাৰেটিং চিষ্টেমটো আজি পৃথিৱীৰ ভিতৰতে সৰ্বাধিক জনপ্ৰিয়।নিত্য নতুন উদ্ভাৱনৰ সহযোগিতাৰে দিনক দিনে এই অপাৰেটিং চিষ্টেমটো নতুনৰ পৰা নতুনতম ৰুপ লৈ আহিছে।ইয়াৰ প্ৰথম সংকলনটো উইণ্ডজ 3.1 নামেৰে পৰিচিত।তাৰ পিছত W3.11,Window 95,Window 98,উইণ্ডজ এম ই (Windows ME),উইণ্ডজ এন টি (Windows NT),উইণ্ডজ 2000(Windows 2000)আদি শেহতীয়া সংকলন বা ভাৰচন (Version)ৰুপত মুকলি হৈছে ,এই সংকলনবোৰৰ প্ৰথম দুটা সংকলন অৰ্থাৎ উইণ্ডজ 3.1 আৰু উইণ্ডজ 3.11 স্বয়ং সম্পুৰ্ণ বা অতিৰিক্ত পৰিবেশ হিচাপে বা এনভাইৰনমেণ্ট আণ্ডাৰ ডচ (Environment Under DOS)হিচাপেহে পোৱা গৈছিল।কিন্তু উইণ্ডজ 95 ৰ পৰা এই অপাৰেটিং চিষ্টেমবোৰে স্বতন্ত্ৰতা বা স্বয়ং সম্পুৰ্ণ এক অপাৰেটিং চিষ্টেমৰ মানদণ্ড লাভ কৰিলে।

চমুকৈ:পি চি এটা অফ কৰাৰ আগেয়ে বা ৰিচেট বুটামটো টিপাৰ আগতে লিপিবদ্ধ কৰা ডেটাবোৰ ডিষ্কৰ ড্ৰাইভত চেভ বা সঞ্চয় কৰি ল’ব লাগে,অন্যথাই মেমৰীৰ পৰা এইবোৰ নোহোৱা হয়।হাৰ্ডডিষ্ট বা ফ্লপিডিষ্ক ড্ৰাইভৰ লাইট জ্বলি থাকিলে পাৱাৰ অফ কৰিব নালাগে।আনহাতে ড্ৰাইভ লাইত অন থাকিলে ফ্লপি ডিষ্কেটৰ ইডেক্ট বুটাম টিপিব নালাগে।এই ধৰণৰ সুক্ষ্ম অথচ দৰকাৰী কথাবোৰ মনত ৰাখিলে ডেটা হেৰুৱাব লগা,নষ্ট হোৱা নাইবা ডিষ্ক মেৰামতি কৰিব নোৱাৰকৈ বেয়া হোৱা পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰি।

এম এচ অফিচ (MS Office):এটা কাৰ্যালয় চলাবৰ বাবে যি ধৰণৰ কাম কাজ কাগজে –পত্ৰে কৰা হয়,সেয়া কম্পিউটাৰৰ সহায়ত কৰিব লাগিলে যি চফটওৱেৰৰ প্ৰয়োজন হয়,সেই অভাৱ পুৰণ কৰে এম এচ অফিচে (MS Office)।এম এচ অফিচ,মাইক্ৰচফট অফিচ চফটওৱেৰৰ চমু পৰিভাষা বুলিব লাগিব।এই চফটওৱেৰটো উইণ্ডজ ভিত্তিক প্ৰগ্ৰাম হিচাপে কাৰ্যক্ষম হয়।সাধাৰণতে অফিচ চফটওৱেৰ বুলিলে,ইয়াৰ অন্তৰ্গত চফটওৱেৰ পেকেজ বা টোপোলাবোৰ হৈছে-মাইক্ৰচফট ৱৰ্ড (Microsoft Word),মাইক্ৰচফট এক্সেল(Microsoft execl),মাইক্ৰচফট পাৱাৰ পইণ্ট (Microsoft Powerpoint),এম এচ চেদুল প্লাচ(MS Schedule+),মাইক্ৰচফট আউট লুক (Microsoft Outlook),লটাচ ৱৰ্ডপ্ৰ’(Lotus Word Pro),লটাচ -1-2-3(Lotus-1-2-3)লটাচ স্মাৰ্টচুইট (Lotus Smartsuit),লটাচ ফ্ৰীলেঞ্চ গ্ৰাফিকচ (Lotus Frelance Graphics),লটাচ অৰ্গেনাইজাৰ (Lotus Organiser),ষ্টাৰ অফিচ (Star Office),ক’ৰেল কোৱাট্ৰো প্ৰ’(Corel Quattro Pro),ক’ৰেল প্ৰেজেণ্টেশ্বন (Corel Presentation)ইত্যাদি।

এম এচ অফিচৰ অন্তৰ্গত চফট ওৱেৰ টোপোলাবোৰৰ দুটামানৰ চমু পৰিচয় দিয়া হ’ল।

এম এচ ৱৰ্ড (MS Word):শব্দ ব্যৱহাৰ কৰি চিঠি-পত্ৰ,আদেশ-পত্ৰ,চুক্তি-পত্ৰ,বৰ্ণনাত্মক ভাস্য আদি যিমান বোৰ কাম কৰা হয়,সেই ধৰ্মী আটাইবোৰ কাম এই পেকেজটোৰ যোগে কৰিব পাৰি।

এম এচ এক্সেল (MS Excel):এই চফটওৱেৰ টোপোলাটোৰে তালিকা,খচৰা প্ৰস্তুত,লেখ চিত্ৰ অংকণ,মানচিত্ৰ,নক্সা আদি প্ৰস্তুত কৰিবৰ বাবে সহায়ক হয়।

পাৱাৰ পইণ্ট (    Power Point):পাৱাৰ পইণ্ট চফটওৱেৰ টোপোলাটোৰ কৌশলবোৰ প্ৰয়োগ কৰি কম্পিউটাৰ ব্যৱহাৰকাৰী এজনে ব্যক্তব্য উপস্থাপন ৰীতি অধিক মনোগ্ৰাহী কৰি তুলিব পাৰে।মাল্টিমেডিয়া (Multimedia)এনিমেচন (Animation)আদি সুবিধাবোৰ থাকিলে এই পেকেজটো আৰু অধিক অতিৰিক্ত সুবিধাসম্পন্ন হৈ পৰে।

চেডুল প্লাচ (Schedul+):ঠিকনা-পত্ৰ,যোগাযোগ,নিযুক্তিৰ সময় নিৰ্দ্ধাৰণ,সংবাদ প্ৰেৰণ,আলোচক আদিৰ একত্ৰিকৰণ আদিৰ সুচী তৈয়াৰ কৰাকে আদি কৰি এই ধৰ্মী কাম কাজৰ অগ্ৰগতি নিয়ন্ত্ৰণ আৰু কাৰ্য কৰীকৰণৰ কাম চেডুল প্লাচ চফটওৱেৰ টোপোলাটোৰে কৰিব পাৰি।

এম এচ এচেচ (MS Access):এই চফটওৱেৰ টোপোলাটোৰে প্ৰতিবেদন লিপবদ্ধ,সদস্যৰ তালিকা প্ৰস্তুত,দাখিল কৰিব লগা হিচাপৰ খচৰা প্ৰস্তুত এই ধৰ্মী আন তথ্য লিপিবদ্ধ আৰু প্ৰয়োজন মতে যিকোনো সময়তে পোৱাকৈ সঞ্চয় কৰি ৰাখিব পাৰি।

 

উৎস- কম্পিউটাৰ পৃথিৱীৰ চমুবাট,অভিযান্ত্ৰিক শিক্ষা কেন্দ্ৰ,অসম

3.05555555556
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top