অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৱৰ্ড প্ৰচেচিং বা ৱৰ্ডষ্টাৰ

 

কোনো এজন লোকৰ বক্তব্য লিখিতৰুপত পাবৰ বাবে আগেয়ে হয়তো বক্তাজনে নিজে লিখি দিয়ালৈ বাট চাব লাগিছিল,নাইবা বাণীবদ্ধ কৰি পাছত লিখি উলিয়াব লাগিছিল।কোনোক্ষেত্ৰত বিশেষকৈ চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠান আদিৰ বিষয়াবিলাকে তেওঁলোকৰ বক্তব্যখিনি ষ্টেন’গ্ৰাফাৰক শ্ৰুতলিপি দি লিখিতৰুপে দিব লাগিছিল।কিন্তু ইলেকট্ৰনিক বিপ্লৱৰ ফলস্বৰুপে পুৰ্বৰ পদ্ধতিবোৰ সহজ আৰু ক্ষীপ্ৰ ব্যৱস্থালৈ সলনি হ’ল।এটা কম্পিউটাৰৰ জৰিয়তে এইদৰে তথ্য বা বক্তব্য লিপিবদ্ধ কৰা পদ্ধতিক “ৱৰ্ডষ্টাৰ প্ৰচেচ (Wordstar Process)বোলা হয়।1978 চনত উদ্ভাৱিত এই ৱৰ্ডষ্টাৰ প্ৰয়োগ কৰি বক্তব্য লিপিবদ্ধ কৰা নতুন কৌশলটোৰ যোগে কম্পিউটাৰৰ জনপ্ৰিয়তা আৰু ব্যৱহাৰ বৃদ্ধি পালে।

বানান পৰীক্ষা,অতিৰিক্ত বাক্য বা পেৰেগ্ৰাফ সংযোজন অথবা বাদ দিয়া,বৈয়াকৰণিক পৰীক্ষা,পৃষ্ঠাৰ ক্ৰমিক ন্ং প্ৰদান ইত্যাদিবোৰ সুবিধা থকাৰ উপৰিও ৱৰ্ড প্ৰচেচিংত তলত দিয়াৰ দৰে আন সুবিধা থাকে-

*শব্দ সঠিককৰণ (Word adjusting)উলম্বিক মাবজিন আদিৰে শব্দ নিয়ন্ত্ৰণ

*বক্তব্য সংযোজন বা উহ্যকৰণ (Add or Delete Text)

*লিখিত বক্তব্য নিৰ্বাচন (Select Blocks of Text)

*লিখিত বক্তব্যৰ নকল উলিওৱা (Copying a Text)

*লিখিত বক্তব্যৰ স্থান সলনি কৰা (Moving a Text)

*উদ্ভাৱন আৰু দুৰকৰণ (Search & Replace )ভুল উক্তি/শব্দ বাচি উলিয়াই শুদ্ধটোৰ পুৰ্বৰটো দুৰীকৰণ ইত্যাদি।

*ডকুমেণ্ট চেকিং (Document Checking)যেনে –বৈয়াকৰণিক পৰীক্ষা (Grammer Check),বানান পৰীক্ষা (Spell Check)আৰু পৰিপুৰক নাইবা বিপৰীত শব্দৰ সন্ধান (Tresaures)।

*ক্যাৰাক্টাৰ ফৰমেটিং (Character formatting and Style)-বিভিন্ন ফণ্ট (font),ফণ্টাৰ ভিন্ন আকাৰ (various font),গোট আখৰ (Bold),হেলনীয়া আখৰ (Italic)বা আঁচ টনা (Underline)কৰা আদি কাম।

*পেজ ফৰমেটিং (Page formatting)যেনে-শিৰোনামা (Header)দ্ৰষ্টব্য (Footer),পৃষ্ঠা ন্ং (Page No )আদি প্ৰধান।

*বক্তব্যৰ সঠিক সংস্থাপন (Justification of Text),যেনে-বাওঁহাতে মাৰজিন ৰাখি,সোঁহাতে মাৰজিন ৰাখি (Left & Right justified)নাইবা কেন্দ্ৰত থুপ খুৱাই (Centered Text)ৰুপত আদি।

*শাৰীৰ ব্যৱধান (Line spacing)

*টেব চেটিং (Tab setting)স্তম্ভ নিৰ্মাণ

চমুকৈ:এটা উৎকৃষ্ট ডিচপ্লে মুড কেবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।প্ৰথমে বিবেচনা কৰিব লাগিব মনিটৰৰ আকাৰ আৰু ইয়াৰ ডটপিটচ (dot pitch)এটা সৰু মনিটৰত উচ্চ ৰিজালিউশ্বন নিৰ্বাচন নকৰাটোৱেই ভাল,কাৰণ উচ্চ ৰিজলিউশ্বন মানেই হ’ল মনিটৰ ষ্ক্ৰীণত উচ্চ সংখ্যাৰ পিক্সেলৰ প্ৰতিফলন,আৰু এই উচ্চ সংখ্যাৰ পিকচাৰ ইলিমেণ্ট আটাইবোৰ ওপৰা-ওপৰিকৈয়ে প্ৰতিফলিত হয়।যিহেতু ডটপিটচে পিক্সেলবোৰ এটা আনটোৰ কিমান ওচৰ চপা উচিত তাক নিয়ন্ত্ৰণ বা নিৰ্দ্ধাৰণ কৰে,সেয়ে ইয়েই প্ৰতিফলন ঘটাব পৰা আটাইতকৈ সৰু পিক্সেলটোৰ আকাৰো নিৰ্ণয় কৰে।

ডেষ্ক টপ পাব্লিচিং (Desktop Publishing-DTP)

 

কম্পিউটাৰ যাদুকৰী স্পৰ্শই ছপাকৰ্যৰ ক্ষেত্ৰখনত অভুতপুৰ্ব পৰিবৰ্তন সাধন কৰিলে।ছপাকামৰ কাৰিকৰী জ্ঞান আয়ত্ব কৰিবৰ বাবে মানুহৰ আৱশ্যক হোৱা বছৰৰ পাছত বছৰ সময় কম্পিউটাৰে তুলনামুলকভাৱে বহু চমু কৰি দিব পাৰে।তাৰোপৰি পুৰ্বৰ পৰম্পৰাগত পদ্ধতি/আৰ্হিৰ উপস্থাপন ৰীতিৰ বিপৰীতে  ডেষ্ক টপ পাব্লিচিং বা চমুকৈ ডিটিপি (DTP) ৰ চফটওৱেৰৰ সহায়ত আজিকালি নিত্য নতুন আৰু আৰ্কষণীয় ৰুপত বক্তব্য উপস্থান কৰিব পাৰি।আজিকালিৰ বাতৰি কাকত,আলোচনী আদিবোৰ এই ডিটিপি চফটওৱেৰৰ সহায়তেই প্ৰস্তুত কৰি ছপা কৰা হয়।চমুকৈ বৰ্তমান আমি যিকোনো ছপাৰুপত লিখিত বক্তব্যৰ সতে চিত্ৰ আদি দেখিলেই,সেয়া ডিটিপিৰ সহায়তে সমাপন কৰা বুলি সহজে কৈ দিব পাৰো।

ডিটিপিৰ সহায়ত বক্তব্য লিখাৰ উপৰিও সেইবোৰ বিভিন্ন আৰ্হিত অঁকোৱা,ভিন্ন আৰ্হিৰ আৰু আকাৰৰ আখৰ পচন্দ কৰা,তালিকা ,চিত্ৰ প্ৰস্তুত কৰা,ফটোগ্ৰাফ আদি অন্তৰ্ভুক্ত কৰা,তাৰোপৰি এই আটাইবোৰ বিভিন্ন আকাৰত পচন্দ কৰা নকল কৰি অন্য নমুনা প্ৰস্তুত কৰা বা ইচ্ছানুসৰি যিকোনো পৃষ্ঠাৰ যিকোনো ঠাইত স্থাপত কৰা আদি কাৰ্যবোৰ কৰিব পাৰি।

ডিটিপিৰ চফটওৱেৰ বুলিলে পুৰ্বতে এম এচ ৱৰ্ডৰ পেকেজবোৰকে বুজা গৈছিল।এইবোৰৰ অন্তৰ্গত চফটওৱেৰৰ টোপোলাবোৰ এনে ধৰণৰ-হাভাৰ্ড গ্ৰাফিকচ (Havard Graphics)এম এচ অফিচৰ পাৱাৰ পইণ্ট (Power pont of MS Office),কৰেল ড্ৰ(Corel Draw)ইত্যাদি।

সেইবোৰৰ উপৰিও বৰ্তমানে অধিক সুবিধাসম্পন্ন চফটওৱেৰৰ টোপোলা উদ্ভাৱন হৈছে আৰু বহুলভাৱে ব্যৱহৃতও হৈছে।এনে চফটওৱেৰৰ টোপোলাবোৰ হৈছে-এড’ব ফটোশ্বপ (Adobe Photoshop),এড’ব ইমেজ ৰেডী (Adobe Image Ready),এড’ব ইলাষ্ট্ৰেটৰ (Adobe Illustrater),মাক্ৰমেডিয়া ফ্ৰীহেণ্ড (Macromedia freehand),জে এ এচ চি পেইণ্টশ্বপ প্ৰ’(JASC Paintshop Pro),ক’ৰেল ফটো পেইণ্ট (Corel Photo Paint),এড’ব ডিজাইন (Adobe In Degisn),এড’ব পেজমেকাৰ (Adobe Pagemaker),কোৱাৰ্ক এক্সপ্ৰেচ (Quark Express),মাইক্ৰচফট পাব্লিচাৰ (Microsoft Publisher)ইত্যাদি।

চমুকৈ:আজিকালি কম্পিউটাৰৰ ব্যৱহাৰৰ লগত সংগতি থকা এষাৰ কথা খুউব সচৰাচৰে শুনিবলৈ পোৱা যায়,সেয়া হ’ল মাল্টিমেডিয়া (Multimedia)।এটা কম্পিউটাৰত মাল্টিমেডিয়াৰ সুবিধা আছেনে নাই বুলি সুধিলে অতি সহজে প্ৰশ্নটো সন্মুখীন হোৱাজনে বুজি লই যে যন্ত্ৰটোৰ চিডিৰম আৰু চাউণ্ড কাৰ্ড থকা নথকাৰ কথাটোৱেই জানিব বিচাৰিছে।আচলতে মাল্টিমেডিয়া এক অৰ্থত কেৱল সেয়াই নহয়,দৰাচলতে মাল্টিমেডিয়া মানে বিভিন্ন বহু মাধ্যম,যিবোৰৰ সহায়ত তথ্যৰ ভিন্ন দিশে পৰিব্যাপ্ত হয়।এই তথ্য পৰিব্যাপ্তিৰ মাধ্যমবোৰৰ জৰিয়তে লিপি,চিত্ৰ বা শব্দ আদি যিকোনো ৰুপত তথ্যৰ (Destimination)প্ৰবাহ হ’ব পাৰে।

অফিচ অট’মেশ্বন (Office Automation)

কাগজ নোহোৱাকৈয়ে সফলভাৱে কাৰ্যক্ষম এটা কাৰ্যালয়।কথাষাৰ অতি আচৰিত আছিল,কিন্তু সেয়া বৰ্তমান অন্য উন্নত দেশৰ কথা বাদেই ভাৰতৰ বহু সৰু সৰু চহৰতে এনে কাৰ্যালয় দেখিবলৈ পোৱাৰ পাছত বিষয়টো আমাৰ মনত অলীক কল্পনা যেন বোধ নোহোৱা হ’ল।এয়া হ’ল অফিচ অট’মেশ্বন নামৰ পৰিভাষাটোৰ গৌৰৱ।

চমুকৈ অফিচ অট’মেশ্বন হ’ল এনে এটা ব্যৱস্থা,য’ত কম্পিউটাৰ ভিত্তিক সংযোগ ব্যৱস্থাৰে কোনো কাৰ্যালয় স্বয়ংক্ৰিয় কৰা হয়।এই সংযোগ ব্যৱস্থাত থকা সুবিধাবোৰ হ’ল-ইলেকট্ৰনিক মেইল,ভইচ মেইল (Voice mail),ফেকচিমাইল (facsimile),টেলি কনফাৰেঞ্চিং (Teleconferencing)ইত্যাদি।

চমুকৈ:কম্পিউটাৰ হাৰ্ডএৱেৰত বাচ (Bus)মনে হ’ল কিছুমান ইলেকট্ৰিকেল চাৰকুইটৰ (Electrical circuits),সমষ্টি,যিবোৰৰ কম্পিউটাৰৰ বিভিন্ন অংগৰ মাজত সংকেতৰ আদান-প্ৰদান বা প্ৰবাহত সন্মতি জনায়।এই চাৰকুইট বিলাকত থাকে ক্ৰমে-

*কিছুমান ডেটা লাইন (Data lines)

*কিছুমান এড্ৰেচ লাইন (Address lines)আৰু

*কিছুমান কণ্ট্ৰল লাইন (Control lines)বা নিয়ন্ত্ৰণ লাইন,যিয়ে সমগ্ৰ ব্যৱস্থাটোৰ ভিন্ন অংগবোৰক কি কৰিব লাগে তাৰ সংকেত প্ৰদান কৰে।

অফিচ অট’মেশ্বনৰ বাবে দৰকাৰী কম্পিউটাৰ ভিত্তিক সংযোগী সুবিধা আৰু ইবোৰৰ কাৰ্যৰ বিষয়ে চমু আলোচনা আমি এখন তালিকা আকাৰে প্ৰস্তুত কৰিব পাৰো।

ভয়ংকাৰী ভাইৰাচ:মানুহৰ শৰীৰত যিদৰে বাৰ্দ্ধক্যজনিত ,দুৰ্ঘটনাবশত:বা বীজাণুৰ আক্ৰমণৰ যোগে অসুখ হয়,কম্পিউটাৰৰো অসুখ হয়।হাৰ্ডওৱেৰৰ বিজুতি নাইবা চফটওৱেৰৰ বীজাণু বা ভাইৰাচৰ যোগে কম্পিউটাৰ ৰোগ হ’ব পাৰে।কিন্তু এইটো অতি আচৰ্যৰ বিষয় যে চফটওৱেৰৰ ভাইৰাচ বা বীজানুবোৰ চফটওৱেৰ প্ৰস্তুতকাৰী তীক্ষ্ণ মগজুৰ বিজ্ঞানীসকলৰে সৃষ্টি।এই ভাইৰাচবোৰ হ’ল চফটওৱেৰৰ প্ৰগ্ৰাম বিনষ্ট কৰিব পৰা কিছুমান বিষাক্ত প্ৰগ্ৰাম;যাৰ আক্ৰমণত ,প্ৰগ্ৰামিঙৰ যোগে প্ৰয়োজনীয় সম্ভাব্য ফল পোৱাৰ পৰিবৰ্তে অশুদ্ধ ফল ওলাব বা সমগ্ৰ চফটওৱেৰটোৱেই অকামিলা হৈ পৰিব পাৰে।

কম্পিউটাৰৰ জৰিয়তে বন্ধুবৰ্গৰ মাজত খেল খেলি থাকোতে প্ৰতিদ্বন্দ্বী বন্ধুজনক হৰুৱাই আমোদ ল’বৰ বাবেই প্ৰথম আৱিষ্কাৰ কৰা হৈছিল আনৰ প্ৰগ্ৰাম নষ্ট কৰিব পৰা কিছুমান কৌশলী প্ৰগ্ৰাম।ষাঠিৰ দশকত আমেৰিকাৰ “বেল লেবৰেটৰী”ৰ বিজ্ঞানীসকলে “ক’ৰ ৱাৰ্বছ”(Core Wars)নামৰ খেলবিধ খেলোতে এই চক্ৰান্তকাৰী প্ৰগ্ৰাম ব্যৱহাৰ কৰিছিল ।এই প্ৰগ্ৰামবোৰক তেওঁলোকে ‘অৰ্গেনিজম (Organism)বুলিছিল।অৰ্গেনিজম প্ৰস্তুতকাৰী ৰবাৰ্ট মৰিছৰ পুত্ৰ জুনিয়ৰ মৰিছে দেউতাকৰ পদাংক অনুসৰণ কৰি একে লেবৰেটৰীতে পাছলৈ ভাইৰাচ সৃষ্টি কৰি আমেৰিকাত সন্ত্ৰাস বিয়পাইছিল।

আজৰি পৰৰ খেল ক’ৰ ৱাৰছৰ পৰা ওলাই আহি ভাইৰাচৰ কৌশলী জাল বিয়পোৱাত সুবিধা লৈছিলহি গালফ ৱাৰ (Gulf war)বা আমেৰিকা আৰু ইৰাকৰ মাজত চলা পাৰস্য উপসাগৰীয় যুদ্ধত।ইৰাকী সামৰিক মহলৰ চকুত ধুলি দি আমেৰিকাৰ কোনো চতুৰ বিজ্ঞানীয়ে কম্পিউটাৰৰ দ্বাৰা নিয়ন্ত্ৰিত মিছাইলবোৰ লক্ষ্যভ্ৰষ্ট কৰিবৰ বাবে ইৰাকী কম্পিউটাৰৰ প্ৰগ্ৰামবোৰ ভাইৰাচৰ দ্বাৰা নষ্ট কৰিছিল।ফলত ইৰাকী মিছাইলবোৰ সঁচাকৈয়ে লক্ষ্য ভ্ৰষ্ট হৈ পৰিব লগা ঠাইত নপৰি অন্য ঠাইত পৰিছিল।

আমাৰ পেলনীয়া সামগ্ৰীবোৰ পুনৰাই ব্যৱহাৰ কৰিব পৰা সম্ভাৱনীয়তাৰ বিষয়ে চিন্তা-চৰ্চা কৰি থাকোতেই যিদৰে আমাৰ চাৰিওফালে প্ৰদুষণে ছানি ধৰিছে,সেইদৰে কম্পিউটাৰৰ ভাইৰাচ প্ৰগ্ৰামবোৰৰ সৎ প্ৰয়োগৰ কথা ভাবি থাকোতেই বিস্তৰ অসৎ প্ৰয়োগ হ’ল।

1981 চনত ‘আলভি’ভাতৃদ্বয়ে ‘চি ব্ৰেইন’নামৰ এলানি ভাইৰাচ সৃষ্টি কৰি পৃথিৱীৰ প্ৰতি প্ৰান্ততে ত্ৰাসৰ আলোড়ন তুলিছিল।তেওঁলোকৰ বহু সাধনাৰ ফল উল্লেখযোগ্য কিছুমান প্ৰগ্ৰাম চুৰি হোৱাৰ পিছত সেইবোৰ পৃথিৱীৰ য’তেই নাথাকক,সেইসমুহত ব্যৱহাৰৰৰ অনুপযোগী কৰিবৰ বাবে আৱিষ্কাৰ কৰিছিল ‘চি ব্ৰেইন’।আমেৰিকা-পাকিস্তানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ফ্লপি আদান-প্ৰদানৰ যোগে,তাৰোপৰি গোপন এজেণ্টৰ যোগে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ কম্পিউটাৰৰ হাৰ্ডমেমৰিত চি ব্ৰেইন স্থাপন কৰিছিল।পৃথিৱীৰ লাখ লাখ কম্পিউটাৰ মহামাৰীৰুপী সংক্ৰামনৰ কৱলত পৰা ঘটনাটোৰ নাম দিয়া হৈছিল পাকিস্তানী ফ্লু।ভাৰতৰ বিশাখাপট্টনমৰ এক ৰাজহুৱা প্ৰতিষ্ঠানৰ কম্পিউটাৰ এই আক্ৰমণৰ প্ৰথম বলি হৈছিল।

চি-ব্ৰেইন আৱিষ্কাৰৰ মাথো কেইবছৰমানৰ ভিতৰতে পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ ভাইৰাচ ওলাল।যেন-মেৰিজুৱানা,পি চি ষ্টৰ,জেৰুজালেম ৰেইন ড্ৰপ,গ্ৰেভিটি,ফলিং টিয়েৰ্ছ (ৰাছিয়ান),ফ্ৰাইডে 13,য়াংকি ডুড়লে,হেপী বাৰ্থডে যোশী,ভিয়েনা ,ডাৰ্ক এভেনজাৰ,9.8 মিনিট ভাইৰাচ (ভাৰতীয়), আছাৰ লেহী ,ডেটা ক্ৰাইম (1280/1168)ইত্যাদি।

পিং প্ং নামৰ বুটছেক্টৰ ভাইৰাচবিধে কম্পিউটাৰক আক্ৰান্ত কৰিলে মনিটৰ ষ্ক্ৰীণত পিং প্ং বল এটা জপিয়ায় থকা দেখা যায়।এইটো জপিয়াই থাকোতে সন্মুখত আখৰ বা সংখ্যা যিয়েই নাপাওক খুন্দিয়াই বিচ্যুত কৰে।ই সক্ৰিয় হোৱাৰ সময় আধাঘণ্টাৰ বিৰতিৰ অন্তৰে অন্তৰে জপিয়াই।ফলিং টিয়েৰ্ছ নামৰ ভাইৰাচবিধে আক্ৰমণ কৰিলে মনিটৰ ষ্ক্ৰীণৰ পৰা তথ্যবোৰ চকুলো সৰাৰ দৰে তললৈ খহি পৰে।

ভাইৰাচ এবিধে কম্পিউটাৰত কিদৰে আক্ৰমণ কৰে তাৰ ওপৰত ভিত্তি কৰি বুটছেক্টৰ (Boot Sector)আৰু পেৰাচাইটিক (parasitic)এই দুটা ভাগত ভগোৱা হয়।বুটছেক্টৰ ভাইৰাচবিধে হাৰ্ডমেমৰিক বুটছেক্টৰ নামৰ অংশত আক্ৰমণ কৰে।ইয়াৰ পৰাই কম্পিউটাৰটোৰ অন্যান্য অপাৰেটিং চিষ্টেম আৰু ইউজাৰ স্পেচ (User space)ৰ সকলো ফাইল নষ্ট কৰে।ৰঘুমলাই যিদৰে গছৰ এটা ডালত খোপনি পুতি অন্যান্য ডাললৈ বাগৰে,সেইদৰেই পেৰাছাইটিক ভাইৰাচ বিধেও কোনো এটা প্ৰগ্ৰামত থিতাপি লৈ প্ৰগ্ৰামটো ৰাণ হোৱাৰ লগে লগে অন্যান্য প্ৰগ্ৰামলৈ বাগৰিবলৈ আৰম্ভ কৰে।পেৰাছাইটিক ভাইৰাচ দুবিধ-ৰেচিডেণ্ট আৰু নন ৰেচিডেণ্ট।ইয়াৰ ৰেচিডেণ্ট ভাইৰাচে হাৰ্ড মেমৰিত অৱস্থিতি লয়,আনবিধে নলয়।

কিছুমান ভাইৰাচ কেৱল বিশেষ বিশেষ সময়তহে সক্ৰিয় হয়,অন্য কিছু ভাইৰাছে যিকোনো সময়তে একাধিক প্ৰগ্ৰামক আক্ৰমণ কৰিব পাৰে।একোটা বিশেষ প্ৰগ্ৰামক বহুসময় ধৰি একেৰাহে আক্ৰমণ কৰি থকা ভাইৰাচো আছে।ইয়াৰে প্ৰথমবিধ ভাইৰাচক “টাইম বোম্ব”বোলা হয়।‘জেনেৰেল ভাইৰাচ’আৰু ‘হুকৱৰ্ম’এই দুবিধ ভাইৰাচে দ্বিতীয় ধৰণেৰে আক্ৰমণ কৰে।আনহাতে তৃতীয়বিধ ভাইৰাচ হ’ল ‘ট্ৰজান হৰ্ছ’।

পাৰ্টিচন ছেক্টৰ ভাইৰাচ ,ফাইল ভাইৰাচ আৰু ক্লাষ্টাৰ ভাইৰাচ এইদৰেও অন্য তিনিভাগত কম্পিউটাৰ ভাইৰাচক বিভক্ত কৰা হয়।

ভাইৰাচৰ সংক্ৰমণৰ দুটামান সৰ্বসাধাৰণ প্ৰক্ৰিয়া:

 

*নকল চুৰি (Pirated)চফটওৱেৰ

*বন্ধু সম্বন্ধীয় বা সহকৰ্মীৰ মাজত প্ৰগ্ৰাম বিনিময়ৰ যোগে।

*চাৰ্ভিছ ইঞ্জিনিয়াৰে ব্যৱহাৰ কৰা প্ৰগ্ৰামৰ যোগে।

ফ্লপিৰ আদান-প্ৰদানৰ যোগে প্ৰগ্ৰামৰ প্ৰয়োজন পুৰোৱা ব্যৱস্থাতো যিদৰে অতি জনপ্ৰিয়,সেইদৰেই ভাইৰাচ সংক্ৰমণৰো সহজ সুলভ উপায়।

ইণ্টাৰনেট যোগাযোগৰ ব্যাপক প্ৰসাৰৰ লগে লগে ভাইৰাচৰ সন্ত্ৰাসৰ প্ৰকোপো বৃদ্ধি পাবলৈ ধৰিছে।এনে হোৱাৰ মুলতে হ’ল ভাইৰাচৰ সংখ্যা দ্ৰুততৰ বৃদ্ধিৰ লগতে নতুন ভাইৰাচ সমুহ সুক্ষ্মাতিসুক্ষ্ম উন্নত প্ৰযুক্তিলব্ধ।ডিচেম্বৰ 1998 পৰা ফেব্ৰুৱাৰী 2000 লৈ মাত্ৰ এটা বছৰৰ ভিতৰতে কম্পিউটাৰ বিশ্বৰ ভাইৰাচৰ সংখ্যাটো একেজাপে 20,500 ৰ পৰা 46,000 ত অৱতৰণ কৰিলে।ইয়াৰ ভিতৰত ভয়ংকৰ দুৰ্যোগ কঢ়িয়াই অনা দুবিধমান ভাইৰাচ হ’ল-মেলিছা (Melissa),বাবুলবয়(Bubbleboy),চাৰন’বিল(Chernobyl)ইত্যাদি।

কম্পিউটাৰ বিজ্ঞানীসকলে ভাইৰাচৰ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে এণ্টিভাইৰাচ প্ৰগ্ৰামো আৱিষ্কাৰ কৰি উলিয়াইছে।আমাৰ শৰীৰ ৰোগমুক্ত কৰিবৰ বাবে যিদৰে প্ৰতিৰোধী আৰু নিৰাময়ৰ চিকিৎসা ব্যৱস্থা আছে,এণ্টিভাইৰাচ প্ৰগ্ৰামো সেইদৰে দুই ধৰণৰ।ভাইৰাচ প্ৰতিৰোধী প্ৰগ্ৰামবোৰ কম্পিউটাৰৰ হাৰ্ডমেমৰিত লিখি লোৱা হয়,এই প্ৰগ্ৰামবোৰক কোৱা হয় ভেকচিন (Vaccin)যেনে-টি এছ আৰ (TSR বা Terminal & Strong Resident)কম্পিউটাৰৰ চুইচ অন কৰিলেই এই প্ৰগ্ৰামে হাৰ্ডমেমৰি পৰীক্ষা কৰি লয়।আনহাতে ভাইৰাচৰ দ্বাৰা আক্ৰান্ত কম্পিউটাৰৰ ভাইৰাচ নষ্ট কৰিবৰ বাবে ব্যৱহাৰ কৰা প্ৰগ্ৰামবিধক এণ্টিবায়টিক বোলা হয়,তেনে এবিধ প্ৰগ্ৰাম হ’ল-স্মাৰ্টডগ (Smartdog)।

আৰু কেইবিধমান ভাইৰাচ প্ৰতিৰোধী প্ৰগ্ৰাম হ’ল-মেক ফ্ৰি,ভাইৰাচ স্কেন,নৰটন এণ্টি ভাইৰাচ এফ-প্ৰট,নাচট,ৰেড এলৰ্টি ইত্যাদি।ভাইৰাচ স্কেনাৰৰ যোগে কম্পিউটাৰৰ ভাইৰাচ আঁতৰোৱা হয় যদিও,ইয়াক চালন কৰাৰ আগেয়ে স্কেনাৰটো যে ভাইৰাচৰ দ্বাৰা আক্ৰান্ত নহয়,সেয়া নিশ্চিত হোৱাটো অতি প্ৰয়োজন।

চমুকৈ:1.ভাইৰাচে কেতিয়াও ৰাইট প্ৰটেক্টড ডিষ্ক (Write Protected disk)ৰ ফাইল বা কমপ্ৰচদ ফাইল (Compressed file)ত আক্ৰমণ কৰিব নোৱাৰে।

2.ভাইৰাচে কম্পিউটাৰটোৰ হাৰ্ডওৱেৰৰ কোনো অংগ,যেনে-মনিটৰ,কম্পিউটাৰ চিপচ আদিত আক্ৰমণ নকৰে।এইবোৰে কেৱল কম্পিউটাৰটোৰ চফটওৱেৰ সমুহতহে সংক্ৰমণ ঘটায়।

3.সাধাৰণতে ভাইৰাচে কেতিয়াও নিজকে ভাইৰাচ বুলি চিনাক্ত নকৰে,আনকি সিহঁতে কম্পিউটাৰত কোনো ধ্বংসকাৰী ক্ৰিয়া কৰাৰ পাছতো।

কম্পিউটাৰ নেটৱৰ্ক বা কম্পিউটাৰ জালক্ষেত্ৰ:

বিশ্বৰ উন্নত ঔদ্যোগিক দেশবোৰেই নহয় আজিকালি ভাৰততো প্ৰায়বোৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়,ব্যৱসায়ীৰ আবাস আদিও কম্পিউটাৰ জালক্ষেত্ৰৰৰ অন্তৰ্ভুক্ত হৈছে।এইয়া কেৱল ফেশ্বন হিচাপে নহয় বৰঞ্চ সুদক্ষ কৰ্ম পৰিচালনাৰ বাবে প্ৰয়োজনীয় আৰ্ন্তগাঠনিমুলক সুবিধা হিচাপে আদৰ লভিছে।

কিন্তু কম্পিউটাৰ জালক্ষেত্ৰনো কি?সাধাৰণতে একোটাহত পুৰ্ণ সুবিধাসম্পন্ন কম্পিউটাৰ একেবাৰেই আত্মকেন্দ্ৰিক আৰু সেই অৰ্থতে অন্য কোনো দ্বিতীয় এটা কম্পিউটাৰৰ সতে যোগসুত্ৰহীন।সেয়ে এনে কম্পিউটাৰ এটা ব্যৱহাৰকাৰী এজনে তেনে আন এজন কম্পিউটাৰ ব্যৱহাৰকাৰীৰ সতে কোনো তথ্য বা বাৰ্তাৰ আদান-প্ৰদান কৰিবৰ বাবে নিজে আগবাঢ়ি যাব লাগিব,বা আনৰ হাতত কাগজত লিখিতৰুপত সেয়া পঠাব লাগিব।কিন্তু আজিৰ ইলেকট্ৰনিক বিপ্লৱৰ যুগত সেই পদ্ধতি তেনেই দক্ষতাহীনতাৰ পৰিচায়ক।বিকল্প হিচাপে এটা স্বয়ং সম্পুৰ্ণ কম্পিউটাৰৰ সতে যদি যোগসুত্ৰ বা তথ্যৰ আদান-প্ৰদান কৰিব লগা আন কম্পিউটাৰৰ সতে সংযোগৰ ব্যৱস্থা কৰা হয় বা চমুকৈ জালক্ষেত্ৰ এখন তৈয়াৰ কৰি লোৱা হয়,এই জালক্ষেত্ৰৰ অন্তৰ্ভুক্ত যিকোনো কম্পিউটাৰ ব্যৱহাৰকাৰীয়ে অন্য সহস্ংযুক্ত কম্পিউটাৰৰ সতে ইলেট্ৰনিক মেইল বা ই-মেইল প্ৰেৰণ কৰি তথ্যৰ আদান-প্ৰদান কৰিব পাৰিব।

উপৰোক্ত পদ্ধতিত এটা কেন্দ্ৰীয় মিনি কম্পিউটাৰ বা আপেক্ষিকভাৱে কিছু শক্তিশালী কম্পিউটাৰৰ সতে আন কম্পিউটাৰসমুহ সংযোগ কৰি ৰাখিব পাৰি।কেন্দ্ৰীয় কম্পিউটাৰটোত প্ৰগ্ৰামবোৰ সাঁচি ৰখা হ’ব আৰু অন্যান্য কম্পিউটাৰ ব্যৱহাৰকাৰীয়ে ইচ্ছানুসৰি সেইবোৰৰ সুবিধা ল’ব পাৰিব।

এতিয়া চমুকৈ এনেদৰে ক’ব পাৰি যে কিছুমান কম্পিউটাৰৰ এক সমষ্টিক কোনো বিশেষ ব্যৱস্থাৰে আন্ত:সংযোগ কৰি ৰখা পদ্ধতিটোৱেই হ’ল কম্পিউটাৰ জালক্ষেত্ৰ।এই পদ্ধতিটোক আনাতাঁৰ বা দুৰদৰ্শন কেন্দ্ৰৰ সতে ঘৰুৱা অনাতাঁৰ বা দুৰদৰ্শন যন্ত্ৰবোৰৰ সংযোগৰ সতে তুলনা কৰিব পাৰি যদিও,কম্পিউটাৰৰ ক্ষেত্ৰত এক বিশেষ প্ৰাথমিক বিশেষত্ব আছে।সেয়া হ’ল কম্পিউটাৰৰ জালক্ষেত্ৰত থকা দ্বৈত পথসেৱাৰ সুবিধা।অৰ্থাৎ এখন জালক্ষেত্ৰৰ অন্তৰ্ভুক্ত প্ৰতিটো সহ কম্পিউটাৰে তথ্য গ্ৰহণ আৰু প্ৰেৰণ দুয়োটা কাৰ্য কৰিব পাৰে।

চমুকৈ:বহু সময়ত ইণ্টাৰনেট শব্দটো বুজাবৰ বাবে বহু লোকে ৱেব (Web)শব্দটো ব্যৱহাৰ কৰে,কিন্তু মনত ৰখা দৰকাৰ যে ইণ্টাৰনেট আৰু ৱেব (Web)এটা আনটোৰ পৰিপুৰক নহয়।কাৰিকৰীগতভাৱে ৱেব (ৱৰ্লড ৱাইড ৱেবৰ চমুৰুপ)ইণ্টাৰনেটৰ এটা অংশহে মাত্ৰ।

কম্পিউটাৰ জালক্ষেত্ৰৰ প্ৰকাৰ:

কম্পিউটাৰৰ জালক্ষেত্ৰ সৃষ্টি ধাৰণাটো কিছু প্ৰচাৰৰ লগে লগে,প্ৰথমে তিনিটা পৰ্যায়ত এই ব্যৱস্থা কৰা হৈছিল-

1. LAN-Local Area Network:একোটা কাৰ্যালয় গৃহ বা বহুখলপীয়া ঘৰ এটাৰ নিৰ্দিষ্ট এক মহলাৰ বিভিন্ন স্থানৰ পিচি সমুহকলৈ কৰা জালক্ষেত্ৰ।

2.MAN-Metropolitan Area Network:এটা চৌহদৰ ভিতৰত থকা বিভিন্ন ঘৰৰ ভিতৰত পি চি বোৰ বা এখন মহানগৰৰ ভিতৰৰ বিভিন্ন পি চি বোৰ সংযোগ কৰা কৌশল।

3.WAN-Wide Area Network:এই ব্যৱস্থাৰে এক বিস্তৃত অঞ্চল বা আন্তৰ্দেশীয় জালক্ষেত্ৰ তৈয়াৰ কৰা হয়।

একক জালক্ষেত্ৰৰ পৰা আন্ত: জালক্ষেত্ৰলৈ:

একোটা কাৰ্যালয়ৰে সহকৰ্মীৰ সতে কম্পিউটাৰৰ তথ্য আদান-প্ৰদানৰ বাধা LAN-ৰ যোগে আঁতৰ কৰাৰ দৰে WAN ৰ যোগে দুৰৱৰ্তী স্থানৰ কম্পিউটাৰ ব্যৱহাৰকাৰীৰ সতে তথ্যৰ আদান-প্ৰদান সম্ভৱ হ’ল।কিন্তু WAN ৰ যোগে মহাসমুদ্ৰৰ সিপাৰৰ দেশ এখনৰ কোনো কম্পিউটাৰ এটাৰ সতে আকস্মিকভাৱে প্ৰয়োজন হ’লে যোগাযোগ কৰাটো অসম্ভৱ।ভাবাতীত সুবিধাৰ কম্পিউটাৰ যন্ত্ৰটোৰ কাষৰ পৰা অসন্তুষ্টিজনক ভাৱ এটা লৈ আঁতৰি আহি তেনে ক্ষেত্ৰত আমি পুৰণিকলীয়া টেলিফোন এটাৰ সহায় লৈয়েই আমাৰ তাৎক্ষণিক সমস্যাটো সমাধা কৰিম।স্বাভাৱিকমতে সেই সময়তে আমাৰ মনত অন্য এটা চিন্তাই ভুমুকি মাৰিব।সেয়া হ’ল যে-দুটা পি চিৰ মাজত ভাৱৰ আদান-প্ৰদান কৰিবৰ বাবে এই টেলিসংযোগৰ সুবিধাটোৰ কিবা প্ৰকাৰে প্ৰয়োগ কৰিব নোৱাৰিনে?

আন্ত: কম্পিউটাৰৰ যোগাযোগৰ ক্ষেত্ৰত টেলিসংযোগৰ সুবিধাটো প্ৰয়োগৰ সম্ভাৱনীয়তাৰ চিন্তাটো নিতান্তই গুৰুত্বপুৰ্ণ।কিন্তু এই ক্ষেত্ৰত দুটা সমস্যাই দেখা দিয়ে,প্ৰথমে-টেলিসংকেতৰ ভাষা আৰু কম্পিউটাৰৰ ভাষাৰ বৈসাদৃশ্য।দ্বিতীয়তে টেলিসংকেতৰ লেহেমীয়া গতিৰ তুলনাত কম্পিউটাৰৰ ডিজিটেল সংকেতৰ ব্যাপক ব্যৱধানৰ তীব্ৰগতি।অৱশ্যে সমস্যাৰ সমাধানো বহু দিনৰ আগতেই হৈ গৈছে।কম্পিউটাৰ আৰু টেলিফোনৰ মাজত দোভাষী হিচাপে কাম কৰা যন্ত্ৰটো হ’ল মডেম (Modem)।এটা মডেম সংযুক্ত কৰি যোগাযোগ সম্বন্ধীয় চফটওৱেৰ এটাৰ সহায়ত বিশ্বৰ যিকোনো এনে সুবিধাসম্পন্ন কম্পিউটাৰৰ সতে সম্পৰ্ক স্থাপন কৰিব পৰা যায়।এই ব্যৱস্থাৰ বাবে কৃত্ৰিম উপগ্ৰহ নাইবা যোগাযোগৰ সুবিধা যেনে-মাইক্ৰ’ৱেভ আদিৰ সহায় লোৱা হয় আৰু সেয়া টেলিসংযোগৰ সফল প্ৰয়োগেৰে যোগাযোগ সম্বন্ধীয় চফটওৱেৰটোৱেই সমাপন কৰি দিয়ে।এয়াই হ’ল আন্ত:জালক্ষেত্ৰৰ জাল বা ইণ্টাৰনেট (Internet is the Network of Networks,i.e.Internetwork)।

বহু চৰ্চিত আৰু ক্ষীপ্ৰতাৰে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰা আন্ত:জালক্ষেত্ৰৰ জাল বা ইণ্টাৰনেটৰ সহায়ত কম্পিউটাৰ ব্যৱহাৰকাৰী এজনে এখন অনন্য বিচিত্ৰ পৃথিৱীত বিচৰণ কৰাৰ সুবিধা পায়।দৰাচলতে সেই সুকীয়া পৃথিৱীখনৰ বিচিত্ৰতাৰ সীমাহীন পৰিসৰলৈ চাই ইয়াক এখন মহাকাশ বোলাহে যুগুত।সেয়ে ইণ্টাৰনেট বিশ্বখন ‘চাইবাৰ স্পেচ’(Cyberspace)বুলিয়েই জনপ্ৰিয়।ইণ্টাৰনেট সেৱা গ্ৰহণকাৰী এজনক ইণ্টাৰনেট (Internaut)বা চাইবাৰনাট(cybernaut)বোলা হয়।এনে এজন চাইবাৰনাটৰ বাবে কম্পিউটাৰ এটাই দিব পৰা কেইটামান সুবিধা তলৰ চিত্ৰৰ দ্বাৰা দেখুওৱা হ’ল।

চমুকৈ:আন্ত:সংযোগী কম্পিউটাৰবোৰৰ জালক্ষেত্ৰখনৰ অংশীদাৰ গৰাকী হোৱাৰ উপৰিও ইণ্টাৰনেট সেৱাৰ যিকোনো যোগাযোগ বা তথ্য পুনৰ প্ৰাপ্তিৰ বাবে বিভিন্ন সজুঁলি আৰু কৌশলো পোৱা যায়।

উদাহৰণস্বৰুপে লেন (LAN)ৰ ব্যৱস্থা থকা কাৰ্যালয় এটাত কাম কৰা লোক এজনে ই-মেইল একাউণ্ট থকা অন্য এজন সহকৰ্মীলৈ কাৰ্যালয়টোৰ আভ্যন্তৰীণ আন্ত:যোগাযোগ ব্যৱস্থাৰ সুবিধা লৈ এটা সংবাদ প্ৰেৰণ কৰিব পাৰে।কিন্তু সেইটো উক্ত কাৰ্যালয়টোৰেহে ই-মেইল ,ইণ্টাৰনেট নহয়।

আনহাতে,আমেৰিকান অনলাইন (AOL)ৰ একাউণ্ট থাকিলে সেই একেটা কাৰ্যালয়ৰে কোনো কৰ্মচাৰী এজনে আমেৰিকাৰ কোনো লোকলৈ সংবাদ এটা প্ৰেৰণ কৰা মানেই ইণ্টাৰনেট ব্যৱহাৰ কৰাটো বুজাব নোৱাৰে।কিন্তু উক্ত কাৰ্যালয়টোৰ যদিহে ইণ্টাৰনেট সেৱাৰ এটা গেটৱে (Gateway)থাকে,আৰু সেই সুবিধাৰ আলমতে যদি কাৰ্যালয়ৰ কৰ্মচাৰী এজনে বাহিৰৰ কোনো এজনলৈ সংবাদ প্ৰেৰণ কৰে তেন্তে এইটোৱে ইণ্টাৰনেট ব্যৱহাৰ কৰা বুজাব।

ই মেইল(E-Mail):চাইবাৰনাট সকলে সাধাৰণতে গ্ৰহণ কৰা প্ৰথম প্ৰধান সুবিধাটো হ’ল ইলেকট্ৰনিক মেইল বা চমুকৈ ই-মেইল।প্ৰয়োজন অনুসাৰে বিশ্বৰ যিকোনো ঠাইৰ ইণ্টাৰনেট সংযোজিত কম্পিউটাৰলৈ এজন চাইবাৰনাট ই-মেইল প্ৰেৰণ কৰিব পাৰে।এই চাৰভাৰত (ইণ্টাৰনেট সংযোজিত পি চি)স্থায়ীভাৱে সক্ৰিয় হৈ থকা এক বিশেষ প্ৰগ্ৰামৰ জৰিয়তে সাধাৰণতে ই-মেইল ব্যৱস্থা পৰিচালিত হয়।সেইবাবে আনটো মুৰৰ ব্যৱহাৰকাৰীজনে আনকি পি চিটো বন্ধ কৰি থলেও এটা মুৰৰ পৰা ই-মেইল প্ৰেৰণ কৰিব পাৰি।আনটো মুৰৰ ব্যৱহাৰকাৰীজনে পি চিটো অন কৰিলেই তেওঁৰ কম্পিউটাৰৰ দুৱাৰমুখত ৰৈ থকা ই-মেইলটোৱে তেওঁক সজাগ কৰি দিব আৰু সেইটো আদৰিব পাৰিব।আনহাতে তেওঁ ই-মেইলটো গ্ৰহণ কৰিলে নে নাই তাকো এইটো মুৰৰ কম্পিউটাৰটোৰ যোগে গম পোৱা যাব।

চমুকৈ:ইণ্টাৰনেট সেৱাত মডুলেটৰ (Modulator)ডিমডুলেটৰ (Demodulator)কাম কৰা মডেম(Moderm)নামৰ যন্ত্ৰটোৰ তথ্য সৰবৰাহ গতিবেগ বি পি এচ (bps-bits per second)এককেৰে জোখা হয়।মডেমৰ তথ্য সৰবৰাহ গতিবেগ মুন্যতম 75 বিপিএচৰ পৰা 28,800 বিপিএচ বা ততোধিক হ’ব পাৰে।

অন লাইন কথোপকথন:ইণ্টাৰনেটৰ সেৱা গ্ৰহণ কৰি থকা লোক এজনক অন- লাইনত থকা বুলি কোৱা হয়।এনে অন লাইনত থকা লোকে বিশ্বৰ যিকোনো অংশৰ অন লাইনত থকা অন্য এজন লোকৰ সতে বাৰ্তালাপ কৰিব পাৰে।এনে বাৰ্তালাপৰ বিষয়ো ব্যক্তি বিশেষে বৈজ্ঞানিক গৱেষণাৰ পৰা সামান্য তুলুঙা কথাৰ ধেমালিৰে বন্ধুত্ব স্থাপন কৰালৈকে হ’ব পাৰে।

ৱৰ্লড ৱাইড ৱেৰ (WWW):ৱৰ্লড ৱাইড ৱেৰ চমুকৈ ৱেব (Web)য়েই হ’ল ইণ্টাৰনেটত শেহতীয়া সংযোজন আৰু বহুলভাৱে জনপ্ৰয় সুবিধা।এই সুবিধাটোৰ যোগে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ কম্পিউটাৰ সমুহত হাজাৰ হাজাৰ মাল্টিমেডিয়া তথ্য অথবা ৱেব পৃষ্ঠা (Web pages)সঞ্চিত থাকে।হাইপাৰটেক্সত (Hypertext)বা হাইপাৰমেডিয়া (Hypermedia)কৌশলৰ সহায়ত পৃথিৱীৰ বিভিন্ন কম্পিউটাৰৰ যোগে গোট খোৱা তথ্যৰ টুকুৰাবোৰ জোৰা লগোৱা হয়।হাইপাৰ মেডিয়াই সেৱা গ্ৰহণকাৰী এজনক ক্ৰমহীনভাৱে যিকোনো তথ্যৰ অভিযান চলোৱাৰ অনুমতি প্ৰদান কৰে।

ম’জাইক (mosaic),চেল’(cello)বা লিঙ্কস(Lynx)আদি বহুত ধৰণৰ চফটওৱেৰ পোৱা যায়,যিবোৰৰ সহায়ত আমি পৃথিৱীৰ বিভিন্ন বিষয়ৰ ওপৰত সন্ধান চলাব পাৰো কম্পিউটাৰৰ যোগে।আজিকালি পৃথিৱীৰ প্ৰায়বোৰ মজলীয়াৰ পৰা বৃহৎ ব্যৱসায়িক বা অন্যান্য সংগঠনে ৱেবৰ সুবিধা গ্ৰহণ কৰে আৰু তাৰ যোগাৰেই মিনিটৰ ভিতৰতে পৃথিৱীৰ চুকে কোণে থকা যিকোনো সংগঠনৰ সতে সম্পৰ্ক স্থাপন কৰিব পাৰোঁ।নিবনুৱা লোক এজনে বিভিন্ন ৰাষ্ট্ৰীয় আন্ত:ৰাষ্ট্ৰীয় কোম্পানীৰ ৱেবচাইট (Website)দৰ্শন কৰি বিজ্ঞাপন,খালী থকা পদ,প্ৰয়োজনীয় অৰ্হতা আদিৰ বিষয়ে তথ্য গোটাব পাৰে।নাইবা সংস্থাপনৰ সুবিধা দিয়া এজেণ্টসকলৰ ৱেবচাইটৰ যোগেও চাকৰিৰ সন্ধান কৰিব পাৰে।তেনে দুটামান ৱেবচাইট হ’ল-WWW.naukri.com,WWW.times job and careers.com,WWW.winjobs.com,WWW.resumenet.com ইত্যাদি।

শিক্ষাৰ বাবেও ৱেব পৃষ্ঠাবিলাক হৈছে এক অনন্য সন্ধান ক্ষেত্ৰ।শিক্ষা সম্বন্ধীয় বিভিন্ন সমস্যাৰ সন্ধান এই ৱেৰ পৃষ্ঠাবিলাক লুটিয়াই বিচাৰিব পাৰি।ৱেবচাইটৰ সহায়ত বিভিন্ন শিক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱাৰ সুবিধাও WWW.aptech online varsity.com হ’ল এপটেক(Aptech)নামৰ কম্পিউটাৰ শিক্ষা সংস্থাটোৰ ৱেবচাইট ,এই ৱেবচাইটৰ সহায়ত সংস্থাটোৱে বিভিন্ন শিক্ষাৰ পাঠ্যক্ৰম প্ৰদানৰ ব্যৱস্থা কৰিছে।

বহুচৰ্চিত,ইণ্টাৰনেটৰ লগত সংগতি থকা আন এটা বিষয় হ’ল ই কৰ্মাচ (E-Commerce)।ব্যৱসায়িক সংস্থাবোৰৰ ৱেবচাইট সমুহেই একোটাহঁত শ্ব’ৰুম।ৱেবচাইটৰ যোগে এই শ্ব’ৰুমবোৰত সোমাই সামগ্ৰী পচন্দ কৰি ক্ৰয় কৰিব পাৰি,এয়েই হ’ল ই-কৰ্মাচ।এই ব্যৱস্থাত এহাতে টকা দি আনহাতে সামগ্ৰী লোৱাৰ পৰিৱৰ্তে বেংক একাউণ্টৰ নাম্বাৰ বা ক্ৰেডিট কাৰ্ডৰ নাম্বাৰটোৱেই যথেষ্ট।ই-কৰ্মাচ বুলিলে অৱশ্যে আগেয়ে আলোচনা কৰা পেচাদাৰী এজেণ্টসকলৰ ৱেবচাইত বিচৰণ কৰাৰ লগতে নানান ব্যৱসায়ী সংস্থা,কোম্পানীবিলাকৰ ব্যৱসায় সম্বন্ধীয় ৱেবচাইটৰ জৰিয়তে কৰা আটাইবোৰ সম্পৰ্কই সামৰি লয়।

পিন্ধি থকা এযোৰ পোছাক,পোহৰ,পানীৰ ব্যৱস্থা থকিলেই এটা বন্ধ কোঠাত আৱদ্ধ হৈ এজন মানুহে আজিৰ দিনত বছৰ-দিনা একো অসুবিধা নোহোৱাকৈ পাৰ কৰি দিব পাৰে,যদিহে তেওঁৰ বাবে ইণ্টাৰনেটৰ সুবিধা থকা এটা কম্পিউটাৰ দিয়া হয়।এই বিষয়টো গল্পৰ কাহিনী যেন লাগিলেও বাস্তৱতে পশ্চিমীয়া দেশত এই অভিলেখ সৃষ্টি কৰিবৰ বাবে 2000 চনটো নতুন শতিকাৰ সন্ধিক্ষণৰ বৰ্ষ হিচাপে এইদৰে বন্ধ কোঠাত আৱদ্ধ হৈ কটোৱাৰ বাবে প্ৰতিযোগিতাও আৰম্ভ হৈছে।

চাইবাৰ অপৰাধ:চাইবাৰ বিশ্বৰ সতে ভাৰতৰ দৰেপিছপৰা দেশৰ সৰহ সংখ্যক লোক পৰিচিত হোৱাৰ আগেয়েই ইণ্টাৰনেটৰ সতে সহ-অৱস্থান কৰিলে অন্য এটা বিষয়ে।সেয়া হ’ল চাইবাৰ অপৰাধ।অপৰাধী বা দুষ্টচক্ৰই ইণ্টাৰনেট সেৱা অপপ্ৰয়োগ কৰাই হ’ল চাইবাৰ অপৰাধ।একবিংশ শতিকাত এই অপৰাধেই হ’ব আটাইতকৈ ভয়াবহ বগাপোছাকী অপৰাধ।আমেৰিকাৰ দৰে দেশত পৰম্পৰাগত বেংক ডকাইতিৰ তুলনাত আজিকালি ইণ্টাৰনেট সেৱাৰ সুবিধা লৈ বেংক লুটাৰ পৰিমাণ বেছি হ’বলৈ ধৰিছে।1997 চনত মুম্বাইস্থিত “ষ্টাৰডাষ্ট”আলোচনীয়ে ভাৰতৰ চিনেতাৰকা এগৰাকীৰ নগ্ন ফটো প্ৰকাশ কৰাটো দেশখনৰ বাবে লজ্জাজনক আৰু বিজ্ঞাপনৰ অগ্ৰগতিত কলংক সনা প্ৰথম চাইবাৰ অপৰাদ আছিল।

কিশোৰ-কিশোৰীৰ নিষিদ্ধ বিষয়বস্তু প্ৰদৰ্শন কৰি বা উপভোগ কৰিবলৈ দি বহু চাইবাৰ অপৰাধীয়ে সোপা সোপে ধন অৰ্জন কৰাৰ চেষ্টা কৰে।সেইদৰে চাইবাৰ-জুৱা,সংবাদ সেৱাৰ জালিয়াতি,কম্পিউটাৰ ভাইৰাচ ব্যাপন আদিও বিস্তৃতভাৱ সংঘটিত কিছুমান চাইবাৰ অপৰাধ।

এণ্টি অনলাইন নামৰ ৱেবচাইটৰ প্ৰতিষ্ঠাপক জন ব্ৰানেচেভিকে তেওঁৰ “How to be a Hacker Profilier”নামৰ কিতাপখনত হেকাৰসকলক হেংকিৰ উদ্দেশ্যৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি পাঁচটা গোটত ভাগ কৰিছে-

(1)সামাজিক অভিপ্ৰায় বা চচিয়েল মতিভেশ্বন (Social Motivation)ৰ গোটটোৱেই অন্যবোৰৰ তুলনাত সংখ্যাগৰিষ্ঠ।এনে হেকাৰবোৰে কম্পিউটাৰৰ যোগে সিহঁতৰ বিকৃত মানসিকতা প্ৰকাশ কৰিবলৈ নাপালে হয়তো ৰাষ্টাই ঘাটে অন্য অপকৰ্ম বিয়পালেহেঁতেন।

(2)কাৰিকৰী অভিপ্ৰায় বা টেকন’ল’জিকেল মতিভেশ্বন (Technological Motivation)ৰ গোটটো সংখ্যাত মুসটিমেয় হ’লেও গুৰুত্বপুৰ্ণ।এইটো গোটে প্ৰচলিত কাৰিকৰী ব্যৱস্থাৰ দুৰ্বলতাখিনি বাহিৰ কৰি নতুন কাৰিকৰী ব্যৱস্থাৰ আবিৰ্ভাৱত পৰোক্ষভাৱে উৎসাহ দিয়ে বুলিব পাৰি।

(3)ৰাজনৈতিক অভিপ্ৰায় বা পলিটিকেল মতিভেশ্বন (Political Motivation)থকা গোটটো হ’ল দুৰ্যোগৰ ৰাজনৈতিক সুবিধাবাদী।ৰাজনৈতিক মুনাফা লাভৰ বাবে এওঁলোকে ইণ্টাৰনেট সেৱাৰ যোগে কুটনীতি কৌশলৰ জাল মেলি দিয়ে।

(4)অৰ্থনতিক অভিপ্ৰায় পা ফাইনেঞ্চিয়েল মতিভেশ্বন (Financial Motivation)ৰ গোটটো কেৱল অৰ্থনৈতিক লাভালাভৰ বাবে হেকিং কৰা ব্যক্তি বা সংস্থাতে সীমাবদ্ধ।

(5)চৰকাৰী অভিপ্ৰায় বা গভৰ্ণমেণ্টেল মতিভেশ্বন (Governmental Motivation)গোটত এখন দেশৰ চৰকাৰ বা চৰকাৰী পক্ষই অন্য চৰকাৰী পক্ষৰ সতে কৰা তথ্য যুদ্ধৰ বিষয়টো অন্তৰ্ভুক্ত।

শব্দ পৰিচিতি:

বাইনাৰি চিষ্টেম (Binary System):বাইনেৰি চিষ্টেম হ’ল শুন্য (0)আৰু একৰ (1)সহায়ত গঠিত অন্তহীন সংযুক্তিৰ অৱস্থা,যিটোৰ ওপৰত ভিত্তি কৰিয়েই কম্পিউটাৰৰ ক্ৰিয়া-কৰ্ম পৰিচালিত হয়।সেয়ে,এই বাইনাৰি সংখ্যা দুটাৰ অৰ্থাৎ শুন্য (0)আৰু এক (1) ৰ অফ (0)আৰু অন(1)নাইবা অশুদ্ধ (0)আৰু শুদ্ধ (1)ইত্যাদি ধৰণেৰে সম্বন্ধ ঘটাব পাৰি।

বিট (Bit):বিট,বাইনেৰি সংখ্যাৰ সংকুচিত ৰুপ বুলিব পাৰি,কিয়নো এইটোৱেই হ’ল তথ্য সঞ্চয়ৰ সুক্ষ্মাতিসুক্ষ্ম একক।প্ৰতিটো বিটে আন আন বিটৰ সহায়ত কম্পিউটাৰৰ সঞ্চিত তথ্য বা ডেটাৰ ৰুপ দিয়ে।বাইনেৰি (Binary)শব্দৰ প্ৰথম দুটা আখৰ ‘Bi’আৰু ডিজিট (Digit)শব্দৰ আখৰটো ‘t’কলৈ এই Bit শব্দটো গঠন কৰা হৈছে।

বাফাৰ(Buffer):ভিন্ন গতিবেগেৰে দুটা সুকীয়া ডিভাইচ (Device)ৰ মাজত ইলেকট্ৰনিক যোগাযোগৰ সময়ত অস্থায়ীভাৱে ডাটা সঞ্চয় কৰিব পৰা ইলেকট্ৰনিক চিপৰ একধৰণৰ সঞ্চয় অৱস্থানক বাফাৰ বুলি কোৱা হয়।তথ্য প্ৰবাহৰ পথ সুগম নোহোৱা পৰ্য্যন্ত কিছু দীৰ্ঘ সময়ৰ বাবে তথ্য ধৰি ৰখাৰ বাবেও ইয়াক ব্যৱহাৰ কৰিব পাৰি।

ৱাইট (Byte):বাইটৰ যোগে কম্পিউটাৰত অন্তৰ্ভুক্ত তথ্যৰ পৰিমাণ বুজোৱা হয়।এক বাইট পৰিমাণ হ’ল বিট (Bit)ৰ আঠগুণ বিস্তৃত,যাৰ সাংখ্যিক মুল্যমান শুন্য(0)আৰু 255(দশমাংশ)ৰ মাজৰ।

চিপ(Chip):অতি পাতল এতৰপ চিলিকনেৰে তৈয়াৰী এক আই চি (Integrated Circuit)।এইবোৰ আকৌ তৈয়াৰী কৰা হয় দেখাত তাঁৰ যেন লগা ধাতুৰ অতি পাতল ফিল্মে (Film)ৰে।

হাৰ্টজ(Hertz):প্ৰতি ছেকেণ্ডত এপাক বুজোৱা কম্পনাংকৰ একক মেগাহাৰ্টজ (Megahertz MHz)এ প্ৰতিছেকেণ্ডত এক নিযুত পাক মৰা বুজায়।

পিক্সেল(Pixel):পিক্সেল শব্দটোৰে এক পিকচাৰ ইলিমেণ্ট (Picture Element)বা চিত্ৰ উপাদান বুজায়।সহজ অৰ্থত ইয়াক কম্পিউটাৰ স্ক্ৰীণত প্ৰতিফলিত হোৱা এটা বিন্দু বুলি কব পাৰি।যিকোনো সাঁচৰ সুক্ষ্মাতিসুক্ষ্ম বিন্দুটোৱেই হ’ল পিস্কেল।সাধাৰণতে প্ৰায়বোৰ কম্পিউটাৰৰ স্ক্ৰীণত 2.5 ছে:মি: বৰ্গাকাৰ ক্ষেত্ৰকোণত 72 টা পিক্সেল প্ৰতিফলিত হয়।

হাইলেভেল লেংগুৱেজ (High Level Language):মানুহৰ স্বাভাৱিক ভাষাৰ দ্ব্যৰ্থকতা আদিৰে পুষ্ট হোৱাৰ বাবে কম্পিউতাৰে বিচৰা নিশ্চিত নিৰ্দ্দেশ দিয়াত বিফল হয়।তথাপিও কম্পিউটাৰৰ ভাষা সম্বন্ধীয় বিভিন্ন সমস্যাবোৰ সমাধানৰ বাবে বেলেগ বেলেগ কেতবোৰ ভাষাৰ উদ্ভাৱন কৰা হৈছে আৰু এইবোৰক কোৱা হয়-প্ৰ’চিডিঅ’ৰ অৰিয়েণ্টজদ লেংগুৱেজ (Procedure Oriented Language)।বাণিজ্য বিষয়ক সমস্যা সমাধানৰ বাবে ক’বল(Common Business Oriented Language/COBOL) নামৰ এক ভাষাৰ উদ্ভাৱন কৰা হৈছে।সেইদৰে গাণিতিক বা বিজ্ঞান সম্বন্ধীয় গণনাৰ বাবে উদ্ভাৱন কৰা হৈছে ফ’ৰট্ৰান (Formula Translation/FORTRAN)।তেনে আন দুটামান ভাষা হ’ল এলগ’ল(ALGOrithmic Language/ALGOL),বেচিক(Beginners Allpurpose Symbolic Instruction Code/BASIC) আদি।এই ভাষা সমুহেই হ’ল উচ্চ পৰ্য্যায়ৰ ৰ ভাষা বা হাইলেভেল লেংগুৱেজ।

এৰে( Array):ডেটা বা তথ্যৰ থুপ এটাক কম্পিউটাৰ মেমৰীত তালিকা (List)বা টেবল (Table)আকাৰত শ্ৰেণীবদ্ধকৈ সজাই থোৱা ব্যৱস্থাকে সজ্জা বা এৰে (Array)বোলে।এৰে দুবিধ-সাংখ্যিক বা নিউমাৰিক (Numeric)আৰু স্ত্ৰিং (String)এৰে।

টুলবাৰ,মেনু,আইকণ (Toolbar,Menu & Icon):

বাড(Baud):বাড হ’ল তথ্য সৰবৰাহৰ গতিবেগ বুজোৱা একক।কম্পিউটাৰত এক বাড এককত প্ৰায় প্ৰতি চেকেণ্ড সময়ত এক বিটৰ সমান তথ্য সৰবৰাহ হয়।

চি ডি ৰম (CD Rom):এইটো হ’ল আটাইতকৈ ঘনকৈ তথ্য সঞ্চয় কৰি ৰাখিব পৰা কম্পিউটাৰ তথ্য সঞ্চয়ৰ মাধ্যম।ইয়াৰ যোগে অতি কমেও তিনি দশমিক পাঁচ ইঞ্চিৰ জোখৰ চাৰিশ পঞ্চাশখন ফ্লপিৰ তথ্য সঞ্চয় কৰি ৰাখিব পাৰে।

হেকাৰ(Hacker):হেকাৰ শব্দটোৰ যোগে প্ৰকৃততে উল্লেলহযোগ্যভাবে কম্পিউটাৰ তথা ইয়াৰ সতে সম্বন্ধ থকা আন ইলেকট্ৰনিক বিষয়ত গভীৰ মেধাসম্পন্ন লোক এজনক বুজোৱা হয়।কিন্তু আজিকালি এই শব্দটোৰ প্ৰয়োগ অন্য এক অৰ্থতহে বেছি ব্যৱহাৰ হয়,সেয়া হ’ল দক্ষ দুৰ্বুদ্ধিসম্পন্ন কম্পিউটাৰ প্ৰগ্ৰামাৰ।

হাইপাৰটেক্সট (Hypertext):এক সংগ্ৰহ বা লাইব্ৰেৰীৰ এক প্ৰকাৰ তথ্য অন্য সেই ধৰ্ম্মী তথ্যৰ সৈতে থকা সংযোগক হাইপাৰটেক্সট বোলা হয়।মাউচৰ বুটাম এটা শব্দ বা বাক্যাংশত ক্লিক কৰি ব্যৱহাৰকাৰী জনে সেই সম্বন্ধীয় ফাইলটো পোনপটিয়াকৈ উলিয়াই ল’ব পাৰে।

নেটিজেন(Netizen):ইণ্টাৰনেট ব্যৱহাৰকাৰী।পৰিভাষাটো চিটিজেন (Citizen)শব্দটোৰ পৰা উৎপত্তি হোৱা।চাই বাৰনাট (cybernaut),ইণ্টাৰনেট(Internaut)বা ইণ্টাৰনেটিজেন (Internetizen)আদি শব্দবোৰো নেটিজেনৰ সমাৰ্থক।

স্নোপাৰ (Snooper)এজন অনাকাংক্ষিত লোক যি আনলোকে কৰা যোগাযোগ বা তথ্য বিনিময়ৰ বিষয়ে চুৰকৈ গম লয়।

গেটৱে ( Gateway):গেটৱে হ’ল এটা কম্পিউটাৰ বা ইয়াত চলি থকা এটা প্ৰগ্ৰাম,যিটোৱে এটা নেটৱৰ্কৰ পৰা আন এটালৈ ফাইল নাইবা ইমেইল সংবাদ নাইবা নিৰ্দেশ স্থানান্তৰ কৰে।

এইচ টি টি পি (HTTP/http):Hypertext Trabsfer Protocol.

একাউণ্ট (Account):ইণ্টাৰনেট জগতৰ সৈতে জড়িত এই শব্দটোৰ এটা ইণ্টাৰনেট সংযিজিত কম্পিউটাৰ বা নেটৱৰ্কত অৰ্ন্তভুক্ত হোৱাৰ আৰ্হি বুজায়।ইয়াৰ বাবে দৰকাৰ হয় এটাকৈ সুকীয়া ইউজাৰ নেইম(Username), পাছৱৰ্ড(Password), ই-মেইল ইনবক্স(e-mail Inbox) আৰু এই সমুহ লাগিব এটা হোম ডাইৰেক্টাৰী(Home Directory) সহ।

 

 

উৎস- কম্পিউটাৰ পৃথিৱীৰ চমুবাট,অভিযান্ত্ৰিক শিক্ষা কেন্দ্ৰ,অসম

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

2.93333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top