অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপোনাৰ কম্পিউটাৰৰ ইউএছবি পোৰ্ট সুৰক্ষিত কৰক

আপোনাৰ কম্পিউটাৰৰ ইউএছবি পোৰ্ট সুৰক্ষিত কৰক

কাৰ্য্যালয়তে হওক বা ব্যক্তিগত কম্পিউটাৰেই হওক, ইয়াত আমাৰ বহুবোৰ ব্যক্তিগত, গুৰুত্বপূৰ্ণ তথ্য আৰু ফাইল থাকে। যিকোনো ব্যক্তিয়ে আপোনাৰ অনুপস্থিতিত এই গুৰুত্বপূৰ্ণ তথ্যসমূহ পেনড্ৰাইভ বা আন কোনো ড্ৰাইভৰ যোগেৰে গোপনে লৈ যাব পাৰে। বহু ক্ষেত্ৰত বিভিন্ন ভাইৰাছ যুক্ত পেনড্ৰাইভ সংযোগ কৰি আপোনাৰ অগোচৰে কম্পিউটাৰলৈ ভাইৰাছ সংক্ৰমিত কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ কম্পিউটাৰত থকা গুৰুত্বপূৰ্ণ তথ্য আৰু ফাইলসমূহ চিৰকালৰ বাবে নষ্ট হৈ পৰিব পাৰে। এনে অনাকাংশিত পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ তলত উল্লেখ কৰা পদ্ধতিটো অৱলম্বন কৰিব পাৰে।

প্ৰথমে আপোনাৰ কম্পিউটাৰৰ Dekstop ৰ পৰা My Computer ৰ ওপৰত মাউচৰ সোঁ বুটাম ক্লীক কৰক। এনে কৰাৰ লগে লগে এখন তালিকা ওলাব। ইয়াৰ পৰা Manage ত ক্লীক কৰক আৰু পিছত Continue ত টিপি ডিভাইচ মেনেজাৰত টিপক। এতিয়া ইউনিভাৰ্চেল চিৰিয়েল বাচ কন্ট্ৰলাৰৰ পৰা USB Root Hub ৰ একেবাৰে শেষৰ আগৰটোক মাউচৰ সোঁ বুটাম ক্লীক কৰি নিষ্ক্ৰিয় (visible) কৰি দিব লাগিব। এতিয়া আৰু আপোনাৰ কম্পিউটাৰত USB পোৰ্টত সংযোগ কৰা আহিলা দেখা পোৱা নাযাব। পুনৰ ব্যৱহাৰৰ বাবে আকৌ ইয়াক সক্ৰিয় (unable) কৰিব পৰিব।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 4/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate