অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আযোৰ প্ৰতিচ্ছবি গেলাৰীত উইণ্ড'জ চাৰ্ভাৰ 2012 আৰ2

ভাৰ্চুৱেল মেচিন আৰু ক্লাউড সেৱাত উইণ্ড'জ চাৰ্ভাৰ 2012 আৰ2

উইণ্ড'জ চাৰ্ভাৰ 2012 আৰ2 এতিয়া নিজা ডাটা কেন্দ্ৰ চলাবলৈ গ্ৰাহকসকলৰ বাবে উপলভ্য হৈছে আৰু ই উইণ্ড'জ আযোৰ প্ৰতিচ্ছবি গেলাৰীত উপলভ্য। যদি ব্যৱহাৰকাৰীসকলে এই নতুনকৈ মুকলি কৰা অপাৰেটিং ছিষ্টেমলৈ এপ্প প্ৰব্ৰজন কৰাৰ চিন্তা কৰি আছে বা কেৱল কাৰ্যকাৰিতা পৰীক্ষা কৰিম বুলি ভাবি আছে, তেন্তে উইণ্ড'জ আযোৰত প্ৰতিচ্ছবিটো ঘূৰাই ইয়াক আৰম্ভ কৰাটো অতি সহজ। সময় দ্ৰুত বিন্যাস কৰিব বিচৰা গ্ৰাহকসকলে উইণ্ড'জ চাৰ্ভাৰ 2012 আৰ2তকৈ এই নতুন প্ৰতিচ্ছবিৰে প্ৰায় 30% দ্ৰুত বিন্যাস উপভোগ কৰিব।

উইণ্ড'জ চাৰ্ভাৰ 2012 আৰ2 ৱেবৰ বাবে এটা অতিথি অপাৰেটিং ছিষ্টেম হিচাপে উপলভ্য আৰু উইণ্ড'জ আযোৰ ক্লাউড সেৱাৰ এটা অংশ হিচাপে ভূমিকা পালন কৰে।

Microsoftএ উইণ্ড'জ, লিনাক্স আৰু ক্লাউড সেৱাসমূহৰ স্মৃতি-বহুল কম্পিউট দৃষ্টান্তৰ বাবে 22% মূল্য হ্ৰাস কৰিছে। স্মৃতি-বহুল কম্পিউট দৃষ্টান্তসমূহ SharePoint, SQL চাৰ্ভাৰ, 3য় পক্ষৰ ডাটাবেছ, ইন-মেম'ৰী বিশ্লেষণ আৰু অন্যান্য এণ্টাৰপ্ৰাইজ সমাধান আদিৰ দৰে এপ্লিকেশ্বন চলাবলৈ দুৰ্দান্ত। সেয়েহে স্মৃতি-বহুল কম্পিউট দৃষ্টান্ত ব্যৱহাৰৰ প্ৰবাহ বৃদ্ধি অব্যাহত আছে।

উইণ্ড'জ চাৰ্ভাৰ 2012 আৰ2 দৃষ্টান্ত এটা সৃষ্টি কৰিবলৈ কেৱল উইণ্ড'জ আযোৰ ব্যৱস্থাপনা পোৰ্টেলত New->Compute->Virtual Machine বাছনি কৰক। ব্যৱহাৰকাৰীসকলে "উইণ্ড'জ চাৰ্ভাৰ 2012 আৰ2" প্ৰতিচ্ছবি চয়ন কৰিব পাৰে আৰু “Quick Create” বিকল্প ব্যৱহাৰ কৰি এটা নতুন ভাৰ্চুৱেল মেচিন সৃষ্টি কৰিব পাৰে।

অথবা বৈকল্পিক ভাৱে আপুনি যদি অধিক কনফিগাৰেশ্বন বিকল্পসমূহ অনুকূলিত কৰিব বিচাৰে  “From Gallery” বিকল্প ক্লিক কৰক।

উইণ্ড'জ আযোৰত এটা নতুন ভাৰ্চুৱেল মেচিন সৃষ্টি আৰু তাৎক্ষণিকীকৰণ কৰাটো অতি দ্ৰুত। উইণ্ড'জ চাৰ্ভাৰ 2012 আৰ2 প্ৰতিচ্ছবিয়ে এতিয়া পূৰ্বৰ সংস্কৰণৰ উইণ্ড'জ চাৰ্ভাৰতকৈ 30% দ্ৰুত বিন্যাস কৰে আৰু চলায়। এবাৰ VM বিন্যাস কৰা পাছত ব্যৱহাৰকাৰীসকলে ইয়াৰ ছেটিং ব্যৱস্থাপনা কৰিব পাৰে:

“Connect” বুটাম ক্লিক কৰিলে ব্যৱহাৰকাৰীক ডেস্কটপ VMত ৰিম'ট কৰিবলৈ অনুমতি দিয়ে আৰু ব্যৱহাৰকাৰীয়ে পূৰ্ণ ব্যৱস্থাপক হিচাপে ইয়াক অনুকূলিত আৰু ব্যৱস্থাপনা কৰিব পাৰে।

ৱেব আৰু কৰ্মীৰ ভূমিকাৰ সৈতে উইণ্ড'জ চাৰ্ভাৰ 2012 আৰ2

উইণ্ড'জ আযোৰে ক্লাউড সেৱা আধাৰিত এপ্লিকেশ্বনসমূহত, ৱেব আৰু কৰ্মী ভূমিকাৰ ভিতৰত উইণ্ড'জ চাৰ্ভাৰ 2012 আৰ2 আৰু .NET 4.5.1 ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে।ইয়াক সক্ষম কৰাটো সহজ। ব্যৱহাৰকাৰীসকলে নতুন “OS Family 4” ছেটিং ব্যৱহাৰ কৰিবলৈ ক্লাউড সেৱা কনফিগাৰেশ্বন ফাইল (.cscfg) আপডেট কৰি উইণ্ড'জ চাৰ্ভাৰ 2012 আৰ2 ব্যৱহাৰ কৰিবলৈ বিদ্যমান ক্লাউড সেৱা এপ্লিকেশ্বন কনফিগাৰ কৰিব পাৰে:

অথবা বৈকল্পিকভাৱে ব্যৱহাৰকাৰীয়ে উইণ্ড'জ আযোৰলৈ ইতিমধ্যে বিন্যাস কৰা ক্লাউড সেৱা আপডেট কৰিবলৈ উইণ্ড'জ আযোৰ ব্যৱস্থাপনা পোৰ্টেল ব্যৱহাৰ কৰিব পাৰে। কেৱল অপাৰেটিং ছিষ্টেমৰ পৰিয়াল ড্ৰপডাউনত সেইবোৰৰ কনফিগাৰ টেব বাছনি কৰক আৰু উইণ্ড'জ চাৰ্ভাৰ 2012 আৰ2 চয়ন কৰক, এইবোৰে উইণ্ড'জ চাৰ্ভাৰ 2012 আৰ2 আৰু .NET 4.5.1ৰ সুবিধাসমূহ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে আৰু ইয়াত দুৰ্দান্ত সুবিধাসমূহ উপলভ্য হয়।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate