অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ই-মেইল

ই-মেইল

  • ই-মেইলৰ সম্পূ্র্ণ নাম হৈছে ‘ইলেকট্রনিক মেইল’। ই-মেইলৰ জৰিয়তে সংযোগ থকা যিকোনো ব্যক্তিৰ লগত অতি সহজতে ইলেকট্রনিক মাধ্যমৰ সহায়ত সংবাদ বা বার্তা দিয়া লোৱা কৰিব পাৰি।
  • প্রতিটো ই-মেইল তিনিটা ভাগত ভাগ কৰা থাকে

o হেডৰ(Header): ই-মেইলৰ Header ত নিম্নলিখিত ভাগবোৰ থাকে

  • To বক্সত ই-মেইল পাবলগীয়াজনৰ এড্রেচ্ থাকে।
  • CCবক্সত বেলেগ কাৰোবাৰ ই-মেইল এড্রেচো দিব পৰা যায় যাক সেই ই-মেইলৰ কপি পঠিয়াবলগীয়া থাকে।
  • Subject বক্সত ই-মেইলৰ বিষয় লিখা হয়।

o মেজেজ বডি(Message body)

  • মেচেজ বডি-এই টেক্স বক্সত আপোনাৰ পঠিয়াব বিচৰা সংবাদ থাকে।

o সিগনেচাৰ(Signature)

  • সিগনেচাৰ-এই অংশটোরে ই-মেইল পঠিয়াব বিচৰাজনক নির্দেশ কৰে যে এই ভাগত নাম, ফোন নম্বৰ বা এড্রেচ থাকে।

ই-মেইল এড্রেচিং

  • সাধাৰণতে ইন্টাৰনেটত যিকোনো ইউজাৰৰ ই-মেইল এড্রেচ,ইন্টাৰনেট এড্রেচ(URL) ৰ লগত একে হয় কিন্তূ E-mail address ত ইন্টাৰনেট এড্রেচৰ প্রট’কলৰ নামৰ ঠাইত ইউজাৰ নাম হয়।
  • ইন্টাৰনেট এড্রেচ প্রট’কলৰ নাম, সংস্থাৰ নাম(যাৰ ৱেবচাইট হয়) আৰু সংস্থাৰ প্রকাৰ এই সকলো মিলি গঠিত হয়।যেনেঃ http://www.doeacc.edu.in এই ৱেবচাইটত http এটা প্রট’কল, র্ৱড ৱাইড ৱেব, doeacc সংস্থাৰ নাম তথা edu সংস্থাৰ প্রকাৰ যিটোরে শৈক্ষিক সংস্থাৰ বিষয়ে বুজাইছে।
  • আনহাতে ই-মেইল এড্রেচ এইধৰণৰ হয় nkag@doeacc.org.in এই ই-মেইল এড্রেচৰ বাওঁফালে ইউজাৰৰ নাম দেখিবলৈ পোৱা যায়।

মেইলবক্স

ইনবক্স আৰু আউটবক্স

  • ইনবক্স (inbox)হ’ল এনে এক ঠাই য’ত বাহিৰৰ পৰা অহা মেইলবোৰ সঞ্চয় কৰি ৰখা হয়।
  • ইনবক্স খুলিবৰ বাবে ইনবক্স নামৰ আইকন(icon)টো ক্লিক কৰা হয়।
  • এবাৰ যদি ইনবক্সত মেচেজ আহে,তেন্তে সেই মেইলটো পঢ়িব পৰা যায়।
  • আপুনি আপোনাৰ মেচেজটো এখন নতুন উইন্ড’(window)বা একেখন উইন্ড’তেই পঢ়িব পাৰিব।
  • আপুনাৰ ইনবক্সত যদি একাধিক মেচেজ থাকে তেতিয়া যিটো মেচেজ পঢ়িব বিচাৰে তাত ক্লিক কৰক।

আউটবক্স

  • যেতিয়া আমি নতুন মেইল এটা কম্প’জ(compose)কৰি কাৰোবালৈ পঠিয়াও তেতিয়া আমাৰ জৰিয়তে পঠিওৱা প্রতিটো মেইল আউটবক্সত একেলগে সঞ্চিত হৈ থাকে।
  • আউটবক্সৰ জৰিয়তে আমি নিজে পঠিওৱা মেইলবোৰ পাচতো আকৌ খুলি চাব পাৰো।
  • যদি আমি মেইলবোৰ কম্প’জ কৰি পাচত পঠিয়াব বিচাৰো তেন্তে ইয়াক আউটবক্সত সঞ্চয় কৰি ৰাখিব পাৰো।

ই-মেইলৰ প্রয়োগ

ই-মেইল একাউন্ট খোলাৰ উপায়

  • ই-মেইল পঠিয়াবলৈ প্রথমে আমাক ই-মেইল একাউন্ট খোলাতো আৱশ্যক হয়।
  • ইন্টাৰনেটত এনেধৰণৰ বহুতো চাইট(website)পোৱা যায় য’ত আমি ই-মেইল একাউন্ট খুলিব পাৰো।
  • কিছুমান এনেধৰণৰ ৱেবচাইট য’ত আমি সহজতে ই-মেইল একাউন্ট খুলিব পাৰো তলত দিয়া হ’ল-
  • www.yahoomail.com
  • www.gmail.com
  • www.indiatimes.com
  • www.hotmail.com

ই-মেইল চোৱাৰ উপায়

নিজৰ মেইলসমূহ চাবৰ আৰু পঢ়িবৰ বাবে নিম্নলিখিত নিয়মসমূহ পালন কৰিবঃ

  • প্রথমে নিজৰ ৱেব ব্রাউচাৰত ৱেবচাইটতো খোলক য’ত আপোনাৰ ই-মেইল আই-ডি(Email I.D.) আছে, তাৰ হ’মপেজ(Homepage)ত ইউজাৰ নাম(User name) তথা পাচৱর্ড(Password)দি নিজৰ ই-মেইল একাউন্টটো খোলক।
  • এতিয়া ইনবক্স বুতামটো ক্লিক কৰি তাক খোলক, আপোনাৰ আই-ডিলৈ যিমান মেইল আহিছে সকলোখিনিৰ লিস্টখন ওলাই পৰিব।
  • এতিয়া যিটো মেচেজ আপুনি পঢ়িব বিচাৰিব ক্লিক কৰিলেই খোল খাই পৰিব।
  • যদি আপুনি বেলেগ মেচেজ পঢ়িব বিচাৰে তেন্তে Inboxৰ Back বুটামটো টিপিব অথবা উপৰুক্ত প্রক্রিয়াটো পুনৰাবৃত্তি কৰিব ।

ই-মেইল পঠোৱাৰ উপায়

  • ই-মেইল পঠাবৰ বাবে Compose বক্সটো ক্লিক কৰক, লগে লগে এখন নতুন উইন্ড’ খোল খাব।
  • ইয়াৰে To বক্সত সেই ব্যক্তিজনৰ এড্রেচ লিখিব যালৈ আপুনি মেইল কৰিব বিচাৰিছে।
  • এতিয়া আপুনি Subject বক্সত আপোনাৰ মেচেজৰ বিষয় লিখক।
  • এতিয়া মেচেজ এৰিয়াত মেচেজটো লিখি Send বুতামটো ক্লিক কৰক, মেচেজটো গুচি যাব।

একেটা মেইল এজনতকৈ ইউজাৰলৈ পঠোৱাৰ উপা

  • আপুনি আপোনাৰ E-mail ID খুলি Compose বুটামটোত ক্লিক কৰক।
  • Compose Windowৰ To বক্সত সেই ব্যক্তিজনৰ ই-মেইল এড্রেচ লিখক যালৈ আপুনি মেইল কৰিব বিচাৰে।
  • যদি আপুনি এজনতকৈ অধিক লোকলৈ একেটাই মেইল কৰিব বিচাৰে তেন্তে আপোনাৰ কম্প’জ উইন্ড’ত CC আৰু BCC নামৰ দুটা বক্স থাকে। উদাহৰণ- BCC: abc@yahoo.co.in, eam@rediffmail.com
  • এতিয়া মেচেজবডিত মেচেজ লিখি send ক্লিক কৰক, আপোনাৰ মেচেজ নির্দ্দিষ্ঠ এড্রেচবোৰলৈ গুচি যাব।

ই-মেইলৰ লগত ডকুমেন্টৰ soft কপি পঠোৱাৰ উপায়

  • আপুনি আপোনাৰ e-mail IDৰ কম্প’জ বিকল্পটোত যাওক, মেচেজ লিখক।
  • To ত সেই ব্যক্তিজনৰ এড্রেচ লিখক যালৈ আপুনি মেইল এটাচমেন্টৰ লগত পঠিয়াব বিচাৰিছে।
  • এতিয়া Attach a File বুটামটোত ক্লিক কৰক।
  • ইউজাৰ ফাইল উইন্ড’ খুলি যাব যৰ পৰা আপুনি সেই এটাচ (সংযুক্ত) কৰি দিব বিচৰা ফাইলটো বিচাৰি লওঁক।
  • যদি আপুনি এটাতকৈ অধিক ফাইল এটাচ কৰি দিব বিচাৰে, তেন্তে আকৌ Attach another File বুটামটোত ক্লিক কৰক।
  • শেষত Send বুটামটো ক্লিক কৰক।

ই-মেইলৰ লগত থকা বিভিন্ন প্রকাৰৰ সংলগ্ন বিষয়ৰ সূচী

  • এটাচমেন্টৰ লগত আপুনি কেৱল Word ডকুমেন্টেই নহয়, বিভিন্ন প্রকাৰৰ ফাইলো Attach কৰিব পাৰে। আপুনি আপোনাৰ Attachment ত Document ফাইল, Image, Picture, Text(ছবি, ফটো, টেক্সট)ডকুমেন্ট আদিও এটাচ(সংযুক্ত)কৰিব পাৰে।

Gmail ৱেবচাইটত ই-মেইল একাউন্ট খোলাৰ উপায়

  • ৱেব ব্রাউচাৰৰ এড্রচ বাৰ(Address Bar)ত www.gmail.com টাইপ কৰক আৰু Enter Key টিপি দিয়ক, কিছুসময়ৰ পাচতেই এখন পেজ স্ক্রীণত দেখিবলৈ পাব।
  • এই পেজখনৰ চাইনআপ(signup)বুটামটোত ক্লিক কৰিলে এখন নতুন পেজ খোল খাব য’ৰ Text Box ত নিজৰ ইনফৰমেচন(Information)টাইপ কৰক আৰু শেষত Submit বুটামটোত ক্লিক কৰক।
  • এখন নতুন পেজ খোল খাব য’ত আপোনাৰ একাউন্ট খোল খাই যোৱাৰ কথা নিশ্চিতকৈ জানিব পাৰিব।
উৎস: ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate