অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ত প্ৰিভিউৰ সৈতে ৱেব ব্ৰাউজিঙৰ আৰম্ভণি উইণ্ড’জ ৮ত

ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ত প্ৰিভিউৰ সৈতে ৱেব ব্ৰাউজিঙৰ আৰম্ভণি উইণ্ড’জ ৮ত

মেট্ৰ’ষ্টাইল এপলিকেশ্যনৰ সুবিধাৰ জৰিয়তে উইণ্ড’জ ৮ত মাইক্ৰ’ছফটে প্ৰদান কৰিছথে ৱেব ব্ৰাউজিঙৰ নতুন সুবিধা। ইয়াত ব্যৱহাৰ কৰা হৈছে ইণ্টাৰনেট এক্সপ্ল’ৰাৰৰ অব্যৱহৃত আন্তঃগাঁথনি, যিয়ে প্ৰদান কৰে ক্ষিপ্ৰ, সম্পূৰ্ণ হাৰ্ডৱেৰসাপেক্ষ ব্ৰাউজিং ইঞ্জিনৰ লগতে কঠোৰ সুৰক্ষা আৰু  HTML5 তথা অন্যান্য ৱেব ব্ৰাউজাৰৰ প্ৰতি সমৰ্থন। ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ প্ৰস্তুত কৰা হৈছে যাতে টাচ্ছৰ লগতে কী-ব’ৰ্ড ব্যৱহাৰ কৰিলেও ক্ষিপ্ৰতা উপলব্ধ হয়। ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ ব্যৱহাৰৰ জৰিয়তে উইণ্ড’জত ৱেবছাইটসমূহে মেট্ৰ’ষ্টাইল এপ্লিকেশ্যনৰ সুবিধা প্ৰদান কৰে। মেট্ৰ’ষ্টাইল ব্ৰাউজিং ডেস্কটপ কম্পিউটাৰত ব্যৱহাৰৰ অতি উপযোগী। মেট্ৰ’ষ্টাইল ব্ৰাউজিঙে প্ৰদান কৰে ফুল-স্ক্ৰীণ ব্ৰাউজিঙৰ সুবিধা। এক সংলগ্ন ফ্লেছ প্লেয়াৰ ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ৰ সংলগ্ন, উইণ্ড’জ৮ ব্যৱহাৰকাৰীৰ বাবে, যাতে উইণ্ড’জ ৮ত সুন্দৰকৈ ৱেব ব্ৰাউজিং কৰিব পাৰি। কিছুমান জনপ্ৰিয় ৱেবছাইটত এড’ব ফ্লেছ প্লেয়াৰৰ প্ৰয়োজন হয় আৰু  HTML5ৰ বিকল্প গ্ৰহণ নকৰে।

উইণ্ড’জ ৮ত মেট্ৰ’ ষ্টাইল ব্ৰাউজিং

ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ প্ৰস্তুত কৰা হৈছে সকলো মেট্ৰ’ষ্টাইল ডিজাইন আৰ্হি ব্যৱহাৰ কৰি যাতে ই ক্ষিপ্ৰ হয় তথা ব্ৰাউজিঙৰ সময়ত ক্ষিপ্ৰতা লাভ কৰাৰ লগতে সংযোগ ত্ৰুতি সমাধান কৰিব পাৰে। ফৰ্মবোৰৰ বাবে সুন্দৰ টাচ্ছ কী-ব’ৰ্ড, অট’কাৰেক্টৰ ব্যৱহাৰেৰে বৰ্ণশুদ্ধি নিৰূপণৰ সুবিধাও সংলগ্ন কৰা হৈছে। ব্যৱহাৰকাৰীয়ে মেট্ৰ’ষ্টাইল পেটাৰ্ণৰ সুবিধা লাভ কৰে আৰু ব্যক্তিত্ব, এনিমেচন, কমাণ্ড সক্ৰিয়কৰণ তথা আন বহু সুবিধাও উপলব্ধ হয়।

 

টেবসমূহ উপলব্ধ

ব্ৰাউজিঙৰ ক্ষেত্ৰত ইণ্টাৰনেট এক্সপ্ল’ৰাৰেৰ গ্ৰহণ কৰিছে নতুনত্ব। ই সামগ্ৰিকভাৱে ৱেবছাইটত দৃষ্টিপাত কৰে। ছাইটৰ আইকন আৰু ৰং ব্যৱহাৰ কৰি ৱেবছাইট ব্ৰাউজ কৰিব পৰাকৈ নেভিগেছন টাইলসমূহ ডিজাইন কৰা হৈছে।

নেভিগেচন টাইল হিচাপে প্ৰয়োজনীয় ৱেবছাইটসমূহ


নেভিগেচন বাৰত সহজে নিয়ন্ত্ৰণযোগ্য সাধাৰণ কাৰ্যৰ দ্বাৰা গঠিত। ইয়াত সংলগ্ন বেক, ফৰৱাৰ্ড, ষ্টপ/ৰিফ্ৰেছ, পিনিং, ছাইটছ টু দ্য ষ্টাৰ্ট ষ্ক্ৰীণ আৰু গেটিং এন এপ্লিকেশ্যন। এড্ৰেছ বাৰত প্ৰদৰ্শন কৰা হয় বেজসমূহ আৰু সুৰক্ষিত ছাইট, স্মাৰ্ট স্ক্ৰীণ আৰু ইন প্ৰাইভেট ব্ৰাউজিভৰ ৰংসমূহ। ইয়াত ব্যৱহাৰ কৰা হয় অট’ কমপ্লিটৰ লগতে ৱেব ছাৰ্চ, সাদৃশ্য আৰু ডেস্কটপত ইণ্টাৰনেট এক্সপ্ল’ৰাৰৰ বৈশিষ্ট্য। আনহাতে ৰিলিজ প্ৰিভিউত নতুন হৈছে কপী কৰা ইউ আৰ এল অথবা ক্লিপব’ৰ্ডত সন্ধানৰ ক্ষিপ্ৰতাৰ বাবে পেষ্ট এণ্ড গ’ কমাণ্ড।



পেষ্ট এণ্ড গ’ৰ জৰিয়তে ক্ষিপ্ৰ নেভিগেচন

উন্নত টাচ্ছ ব্ৰাউজিং

ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ত মেট্ৰ’ষ্টাইল ব্যৱহাৰে একাধিক পৃষ্ঠাৰ ব্ৰাউজিং আৰু খণ্ডিত কনটেণ্টৰ ক্ষেত্ৰত নতুন পথৰ সূচনা কৰিছে। ফ্লিপ-এহেডে টাচ্ছ ভিত্তিক ডিভাইচত সক্ৰিয় কৰিছে অধিক প্ৰাকৃতিক নেভিগেচনৰ সুবিধা।

টাচ্ছৰ সৈতে সংলগ্নকৰণ

ইণ্টাৰনেট এক্সপ্ল’ৰাৰত ৱেবছাইট ব্ৰাউজ কৰাসকলৰ বাবে মেট্ৰ’ষ্টাইল এপ্লিকেশ্যন ব্যৱহাৰ কৰি ইয়াক সুচল কৰি তুলিছে। 
স্নেপে উইণ্ড’জ ৮ত একাধিক ব্যৱহাৰৰ বাবে সুবিধা প্ৰদান কৰি আহিছে। ব্যৱহাৰকাৰীয়ে ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ ব্যৱহাৰ কৰাৰ সমান্তৰালভাৱে মেইল, সংগীত তথা অন্যান্য এপ্লিকেশ্যন ব্যৱহাৰ কৰিব পাৰে। ব্ৰাউজাৰে সুক্ষ্ম ‘স্নেপ’ আকাৰ গ্ৰহণ কৰে আৰু প্ৰয়োজনৰ সময়ত স্বয়ংক্ৰিয়ভাৱে আনডক কৰে।

চাৰ্মছে উইণ্ড’জ ৮ত সন্ধান কৰা আৰু বিনিময় কৰাৰ ক্ষেত্ৰত সঠিক পথৰ সন্ধান দিয়ে। ইণ্টাৰনেট এক্সপ্ল’ৰাৰে সহযোগিতা কৰে সন্ধান, বিনিময়, ডিভাইচ আৰু ছেটিং চাৰ্মছত।

অসুৰক্ষিত ৱেবছাইটৰপৰা সুৰক্ষা

ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০এ প্ৰদান কৰে উদ্যোগৰ অগ্ৰণী সুৰক্ষা, গোপনীয়তা আৰু বিশ্বাসযোগ্য সুবিধা, যিবোৰ ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ৯ৰ সুবিধাবোৰৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। ইয়াৰ উপৰি, ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০এ ‘এনহেন্সড প্ৰটেকশ্যন মোডত’ অধিক সুৰক্ষা প্ৰদান কৰে।

উৎস: ভাষা ইণ্ডিয়া

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate