অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইন্টাৰনেট

৬.০ ইন্টাৰনেট

  • ইন্টাৰনেট বহুত কম্পিউটাৰৰ এটা সংগ্রহ য’ত এটা আনটোৰ লগত সংযোজিত হৈ থাকে।
  • এই সংযোজিত কম্পিউটাৰবোৰ বিভিন্ন অনুসন্ধান সংস্থা, বিশ্ববিদ্যালয়, চৰকাৰী অথবা ব্যক্তিগত এজেঞ্চি আদিৰ হয়।
  • ইন্টাৰনেটৰ জৰিয়তে সংযোজিত কম্পিউটাৰসমূহে নিজৰ ভিতৰত কিছুমান ইন্টাৰনেট নিয়মাৱলীৰ(Internet Protocol)দ্বাৰা বার্তাসমূহৰ আদান প্রদান কৰে।

৬.১ ইন্টাৰনেটৰ ব্যৱহাৰ

  • ইন্টাৰনেটৰ জৰিয়তে বিশ্বব্যাপি থকা সংবাদ তথা সেৱাসমূহ পাব পাৰি।
  • এই সেৱাসমূহৰ ভিতৰত ৱেব পেজেচ (Web Pages), ই-মেইল (E-mail), মিউজিক (Music), ভিডিঅ’ (Video), অডিঅ’ (Audio), এনিমেচন(Animation)ইত্যাদি।
  • ইন্টাৰনেটৰ মাধ্যমত অনলাইন বজাৰ (Online shopping), অনলাইন বেংকিং (banking)আদি কৰিব পাৰি।
  • ইন্টাৰনেটত পোৱা Free Software File Transfer Protocol ৰ জৰিয়তে আপোনাৰ হার্ডডিক্সত ষ্ট’ৰ (store)কৰিব পাৰে।

৬.২ ৱর্ল্ড ৱাইড ৱেব

ৱর্ল্ড ৱাইড ৱেব (WWW) বা ৱেব (Web) এক বিশ্বপ্রসিদ্ধ ইন্টাৰনেট সেৱা প্রণালী যাৰ সহায়ত পৰস্পৰ সংযোজিত হৈ থকা হাইপাৰটেক্সট ডকুমেন্টসমূহ(Hypertext Document) ইন্টাৰনেটত পাব পাৰি।

ৱর্ল্ড ৱাইড ৱেব ছাৰ টিম ব্রান্স লীয়ে ১৯৮৯ চনত ইউৰোপীয় পৰমাণু অনুসন্ধান সংগঠনত বনাইছিল।

  • ইয়াত বহুত পেজেজ থাকে, য’ত সংবাদ, ফটো, অডিঅ’ তথা ভিডিঅ’ আদি ষ্ট’ৰ হৈ থাকে।
  • WWW ত থকা প্রতিটো পেজকে আমি ৱেব পেজ (Web Page) বুলি কওঁ।

৬.৩ ৱেব ব্রাউজাৰ

  • ৱেব ব্রাউজাৰ (Web Browser) একপ্রকাৰৰ Software, যাক ৱেব পেজত উপলব্ধ টেক্সট, ইমেজ, ভিডিঅ’, মিউজিক বা অন্য কোনো বস্তু চাবৰ বাবে প্রয়োগ কৰা হয়।
  • ৱেব পেজ (Web Page) স্থানীয় তথা বিশ্বব্যাপী হব পাৰে আৰু এই পেজ HTML নামৰ এক কম্পিউটাৰ ভাষাত লিখা হয়।
  • ইন্টাৰনেট এক্সপ্ল’ৰাৰ (Internet Explorer) অথবা নেটস্কেপ কমিউনিকেটৰ (Netscape Communicator)হৈছে মূখ্য ৱেব ব্রাউজাৰ (Web Browser)
  • ৱেব ব্রাউজাৰ (Web Browser) জী.ইউ.আই (GUI) বা টেক্সট (Text)ৰ ওপৰত আধাৰিত হব পাৰে ;

৬.৪ নেটস্কেপ কমিউনিকেটৰ

  • নেটস্কেপ কমিউনিকেটৰ (Netscape Communicator)ৱেব ব্রাউজাৰৰ প্রয়োগ ৱেব পেজ চাবৰ বাবে কৰা হয়।
  • নেটস্কেপ কম্প’নেন্টৰ দ্বাৰা বহুতো ধৰণৰ ৱেবপেজ চাবলৈ বা বিচাৰবলৈ সুবিধা হয়।
  • যেতিয়া আমি প্রথম নেটস্কেপ খোলো, ব্রাউজাৰ উইন্ড’ত নেটস্কেপৰ হ’ম্ পেজ দেখিবলৈ পাওঁ।
  • নেটস্কেপৰ বুকমা্র্ক সুবিধাৰ দ্বাৰা আপুনি আপোনাৰ পচন্দৰ ৱেব পেজৰ এখন লিষ্ট বনাব পাৰে আৰু যেতিয়াই আৱশ্যক হয়, অতি সহজতেই বুকমা্র্ক মেনুৰ পৰা বিচাৰি উলিয়াব পাৰে।

৬.৫ ৱেব ব্রাউজাৰ লে-আউট

  • ইন্টাৰনেট এক্সপ্ল’ৰাৰ (Internet Explorer) তথা নেটস্কেপ কমিউনিকেটৰ (Netscape Communicator) ব্রাউজাৰৰ লে-আউট নিম্নলিখিত ধৰণৰঃ
  • টাইটেল বাৰ (Title Bar)- ৱেবপেজৰ সকলোতকৈ ওপৰত থকা পংক্তিটোক টাইটেল বাৰ বুলি কোৱা হয় য’ত সম্বন্ধিত ৱেবপেজটোৰ নাম দিয়া থাকে।
  • মেনু বাৰ (Menu Bar)- টাইটেল বাৰৰ তলতেই ‘ FILE’ৰ পৰা একাদিক্রমে মেনু বাৰ আৰম্ভ হয়।
  • স্টে্র্ন্ডাড টুলবাৰ (Standard Tool Bar)-এই তিনিনম্বৰ পংক্তিটো BACK বাFORWARD বুটামটোৰ পৰা আৰম্ভ হয়।
  • এড্রেচবাৰ (Address Bar)-এটা বক্স য’ত ইউ.আৰ.এল. (URL) দেখুৱায়। এই বক্সটোত যিকোনো ৱেবচাইটৰ URL লিখি নির্দিষ্ট ৱেব পেজ পাব পাৰি।
  • ডকুমেন্ট উইন্ড’ (Document Window)- ৱেব ব্রাউজাৰৰ মাজৰ ডাঙৰ অংশখিনি য’ত ৱেব পেজ দেখিবলৈ পোৱা যায়।
  • স্ক্রল বাৰ (Scroll Bar)- ডাঙৰ ৱেব ডকুমেন্টৰ বিষয় বস্তু তল উপৰ বা সোঁফালে বাওঁফালে গৈ পুৰাকৈ চাবৰ বাবে স্ক্রল বাৰ ব্যৱহাৰ কৰা হয়।
  • প্রগ্রেচ বা স্টেটাচ বাৰ (Progress Or Status Bar)- ই যিকোনো লিংকৰ URLদেখুয়ায়।

৬.৬ ইউ.আৰ.এল. এড্রেচ দিয়া

  • প্রত্যেক ৱেব পেজৰ এটা নির্দ্দিষ্ঠ এড্রেচ থাকে যাক আমি ইউ.আৰ.এল. (Uniform Resource Locator)বুলি কওঁ।
  • ৱেব পেজৰ ইউ.আৰ.এল. http:// ৰে আৰম্ভ হয় য’ত http ৰ অর্থ হৈছে Hyper Text Transfer Protocol।
  • কোনো নিশ্চিত ৱেব চাইট চাবৰ বাবে সেই ৱেব চাইটটোৰ ইউ.আৰ.এল. (Uniform Resource Locator) জনা উচিত।
  • কোনো ৱেব চাইট সম্বন্ধীয় ৱেব পেজ চাবৰ বাবে ৱেব ব্রাউজাৰৰ এড্রেচ বক্সত ইউ.আৰ.এল.টো লিখি Go বা Enter বুটামটো টিপিব লাগে।

৬.৭ কোনো ৱেব চাইটক নিজৰ ৱেব ব্রাউজাৰৰ হ’ম পেজ বনোৱাৰ উপায়

কোনো ৱেবপেজক আমি নিজৰ ৱেব ব্রাউজাৰৰ হ’ম পেজ বনাব পাৰো। তাৰ বাবে Tool Menuলৈ গৈ Internet Optionটো চিলেক্ট কৰা হয়।

  • এখন স্ক্রীণ দেখিবলৈ পোৱা যাব য’ৰ Address Boxত সেই ৱেবপেজৰ URLলিখা হয়, যাক হ’মপেজ বনাব বিচাৰো।
  • এতিয়া OK বুটাম ক্লিক কৰি হ’মপেজ চেট কৰিব পৰা যায়।
উৎস: ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate