অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড'জ 8.1 প্ৰিভিউ

উইণ্ড'জ 8.1 প্ৰিভিউ

Microsoft-ৰ মতে, ব্যক্তিগত কম্পিউটাৰ (PC) উদ্যোগটো গতিশীলতাৰে চালিত এটা পৰিবৰ্তনৰ মাজেৰে গৈ আছে। Microsoft-এ আগতে ঘোষণা কৰিছিল যে উইণ্ড'জ 8.1-টো উইণ্ড'জ 8-ৰ গ্ৰাহকসকলৰ বাবে উইণ্ড'জ ষ্টোৰৰ মাধ্যমেৰে এটা বিনামূলীয়া আপডেট হ'ব। ই মানুহক উইণ্ড'জ 8.1 প্ৰিভিউৰ বহুতো নতুন বৈশিষ্ট্যত এটা পোনপটীয়া দৰ্শন লাভ কৰিবলৈ সুযোগ প্ৰদান কৰিছে।

উইণ্ড'জ 8.1-এ নতুন দুটা টাইলৰ আকাৰ সংযোজন কৰিছে: ডাঙৰ আৰু সৰু। ডাঙৰ টাইলবোৰত বহুত বেছি তথ্য থাকিব পাৰে। সৰু স্ক্ৰীণৰ ডিভাইচবোৰত সৰু আকাৰৰ টাইলেৰে একক দৰ্শনতেই একেলগে বহুতো এপ্প ৰাখিব পৰা যায়। উৎকৃষ্ট সুবিধাবোৰ হ'ল ষ্টাৰ্ট স্ক্ৰীণ অনুকূলিতকৰণ, এপ্পবোৰ, আৰু ফাইলবোৰ সকলো উইণ্ড'জ 8.1 পিচি আৰু টেবলেটত চিংক হয়। ব্যৱহাৰকাৰীয়ে ষ্টাৰ্ট স্ক্ৰীণ পৰিবৰ্তন কৰিব পাৰে, নতুন এপ্প ইনষ্টল কৰিব পাৰে, এটা পিচিৰ ষ্টাৰ্ট স্ক্ৰীণত নতুন এপ্প পিন কৰিব পাৰে আৰু ব্যৱহাৰকাৰীৰ অন্যান্য পিচিত চিংক কৰিব পাৰে। এপ্পবোৰ অতি সহজে বিচাৰি পাব পৰাকৈ উইণ্ড'জ ষ্টোৰ পুনৰ্ৰূপাংকন কৰা হৈছে। উইণ্ড'জ 8-ৰ সৈতে অহা ভালেকেইটা এপ্প উইণ্ড'জ 8.1-ৰ বাবে আপডেট কৰা হৈছে।

উইণ্ড'জ 8.1 প্ৰিভিউ ইনষ্টল কৰাৰ আগতে, ব্যৱহাৰকাৰীসকলক যিকোনো ফাইল বেক আপ কৰিবলৈ প্ৰবলভাৱে অনুমোদন কৰা হৈছে, কাৰণ কিছুমান নিৰ্দিষ্ট ক্ষেত্ৰত উইণ্ড'জ 8.1 ইনষ্টল কৰাৰ পাছত উইণ্ড'জ 8-লৈ প্ৰত্যাবৰ্তন কৰিবলৈ সক্ষম নহ'ব।

উইণ্ড'জ 8.1 প্ৰিভিউ ইনষ্টল কৰক

Windows.com-ত উইণ্ড'জ 8.1 প্ৰিভিউ পৃষ্ঠালৈ যাওক। উইণ্ড'জ 8.1 প্ৰিভিউ উইণ্ড'জ ষ্টোৰৰ মাধ্যমেৰে ইনষ্টল কৰা হ'ব।

ব্যৱহাৰকাৰীয়ে প্ৰথমতে পূৰ্বলোকন পৃষ্ঠাত উপলব্ধ এটা সৰু আপডেট ইনষ্টল কৰাৰ আৱশ্যক হয় যিয়ে উইণ্ড'জ 8-লৈ উইণ্ড'জ ষ্টোৰৰ মাধ্যমেৰে উইণ্ড'জ 8.1 প্ৰিভিউ আপডেট আগবঢ়াবলৈ সক্ষম কৰে। আপডেটটো ইনষ্টল কৰাৰ পাছত ব্যৱহাৰকাৰীয়ে পিচিটো ৰিবুট কৰিব লাগিব। যেতিয়া উইণ্ড'জ 8.1 মুকলি হ'ব, উইণ্ড'জ ষ্টোৰৰ এই আপডেট উইণ্ড'জ আপডেটৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে ইনষ্টল কৰা হ'ব।

ৰিবুট হোৱাৰ পিছত পিচিলৈ লগ ইন কৰাৰ পিছত ব্যৱহাৰকাৰীক উইণ্ড'জ 8.1 প্ৰিভিউ ইনষ্টল কৰিবলৈ এটা বাৰ্তাৰে সম্ভাষণ জ্ঞাপন কৰা হ'ব। উইণ্ড'জ 8.1 প্ৰিভিউ ইনষ্টল আৰম্ভ কৰিবলৈ "ষ্টোৰলৈ যাওক" (Go to the Store) টিপক।

উইণ্ড'জ 8.1 প্ৰিভিউৰ বাবে ব্যৱহাৰকাৰীক উইণ্ড'জ ষ্টোৰ পৃষ্ঠালৈ লৈ যোৱা হ'ব আৰু উইণ্ড'জ 8.1 প্ৰিভিউ ইনষ্টল কৰিবলৈ "ডাউনলোড" ক্লিক কৰিব পাৰে। ব্যৱহাৰকাৰীয়ে উইণ্ড'জ 8.1 প্ৰিভিউৰ অধিক তথ্যৰ বাবে লিংকবোৰ পাব আৰু ইনষ্টল কৰাৰ আগতে ইয়াক পঢ়িব পাৰে।

তাৰপিছত উইণ্ড'জ 8.1 প্ৰিভিউ ডাউনলোড হ'ব। ই ইনষ্টল হোৱাৰ আগতে পিচিটোৱে প্ৰিভিউ ৰান কৰিবলৈ পৰাটো নিশ্চিত কৰিবলৈ একগুচ্ছ সুসমতা পৰীক্ষা কৰিব। কোনো সমস্যা পোৱা গ'লে, ইনষ্টলেচন আগুৱাই নিনিব।

ইনটেলৰ নতুন 32-বিট এট'ম প্ৰছেচৰৰে চলা প্ৰায়বোৰ টেবলেট আৰু পিচিৰ বাবে এতিয়া নতুন ড্ৰাইভাৰ উপলব্ধ হৈছে আৰু এতিয়া উইণ্ড'জ 8.1 প্ৰিভিউ ইনষ্টল কৰিব পাৰে।

ইনষ্টলেচন সম্পূৰ্ণ হোৱাৰ পিছত, কেইখনমান স্ক্ৰীণত ক্লিক কৰিব লাগিব। উইণ্ড'জ 8.1 প্ৰিভিউত ক্লাউড সংযোগৰ সম্পূৰ্ণ সুযোগবোৰ উপভোগ কৰিবলৈ ব্যৱহাৰকাৰীয়ে Microsoft একাউণ্টেৰে ছাইন ইন কৰিব লাগিব আৰু স্ক্ৰীণত চলমান বুৰবুৰণিৰে সৈতে বিটা ফিছ টেটু থাকিব।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate