অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড'জ 8.1 প্ৰিভিউত এপ্প নিৰ্মাণ কৰা

উইণ্ড'জ 8.1 প্ৰিভিউত এপ্প নিৰ্মাণ কৰা

উইণ্ড'জ 8.1 প্ৰিভিউত বহুতো নতুন বৈশিষ্ট্য আছে যিবোৰে ব্যৱহাৰকাৰীসকলক গ্ৰাহকসকলৰ বাবে সমৃদ্ধ আৰু শক্তিশালী এপ্প নিৰ্মাণ কৰাটো সহজ কৰি তুলিব। ডেভল'পাৰসকলৰ বাবে উইণ্ড'জ 8.1 প্ৰিভিউ প্ৰডাক্ট নিৰ্দেশনাই ব্যৱহাৰকাৰীসকলক নতুন কি আছে সেইবোৰৰ উচ্চ-স্তৰীয় অৱলোকনৰ সুবিধা প্ৰদান কৰে। তাৰপাছত ব্যৱহাৰকাৰীসকলে পইণ্টাৰসহ নতুন নথিপত্ৰকৰণ কৰাৰ বাবে প্ৰতিটো বৈশিষ্ট্যৰ বিশদ লাভ কৰিবলৈ বৈশিষ্ট্য নিৰ্দেশনা পৰীক্ষা কৰিব পাৰে।

Microsoft-এ উইণ্ড'জ 8-ত ব্যৱহাৰকাৰীসকলে ব্যৱহাৰ কৰা বহুতো বিদ্যমান বৈশিষ্ট্যৰ উন্নতি সাধন কৰিছে আৰু কিছুমান একদম নতুন সূচনা কৰিছে যিবোৰে ব্যৱহাৰকাৰীসকলক এপ্পবোৰৰ ভিতৰত নতুন পৰিদৃশ্যবোৰ সম্পূৰ্ণ কৰাত সহায় কৰে। Microsoft-এ ৱেবভিউ (WebView) নিয়ন্ত্ৰণ সম্পূৰ্ণভাৱে পুনৰ্গঠন কৰিছে যাৰ বাবে ই অধিক পৰিদৃশ্য সমৰ্থন কৰে আৰু ব্যৱহাৰকাৰী এপ্পবোৰৰ সৈতে একত্ৰিত কৰিবলৈ সহজ। এতিয়া এইটো নতুন নিয়ন্ত্ৰণৰ এপ্প যেনে হাব নিয়ন্ত্ৰণ, যিয়ে এপ্পবোৰত সুন্দৰ লেআউট সৃষ্টি আৰু নেভিগেশ্বনৰ অভিজ্ঞতা সহজ কৰে, HTML-ত লিখা তেনে এপ্পবোৰ আৰু জাভাস্ক্ৰিপ্তৰ (JavaScript)  বাবেও উপলভ্য হয়।

বহুতো উইণ্ড'জ ষ্টোৰৰ এপ্পে নেভিগেশ্বনৰ পদানুক্ৰমিক পদ্ধতি হাব নেভিগেশ্বন বিন্যাস ব্যৱহাৰ কৰে। বৃহৎ সমল সংগ্ৰহ থকা বা সমলৰ বহুত স্বতন্ত্ৰ শাখা থকা এপ্পবোৰ ব্যৱহাৰকাৰীয়ে অন্বেষণ কৰাৰ বাবে এই বিন্যাসটো উৎকৃষ্ট।

হাব পৃষ্ঠাবোৰ হ'ল ব্যৱহাৰকাৰীৰ বাবে এপ্পত প্ৰৱেশ কৰাৰ প্ৰৱেশ বিন্দু। ইয়াত সমলসমূহ অনুভূমিক বা উলম্ব দৰ্শনত প্ৰদৰ্শন কৰা হয় যাতে ব্যৱহাৰকাৰীয়ে নতুন আৰু উপলভ্য কি আছে ভুমুকি মাৰি চাব পাৰে। হাবত বিভিন্ন শ্ৰেণীৰ সমল থাকে, যিবোৰৰ প্ৰতিটোৰেই এপ্পৰ শাখা পৃষ্ঠাবোৰৰ সৈতে সংযোগ থাকে। প্ৰতিটো শাখাৰেই ওপঙি থকা সমল বা কাৰ্যকাৰিতা থকা উচিত।

উইণ্ড'জ 8.1 প্ৰিভিউত হাব নিয়ন্ত্ৰণে এটা হাব পৃষ্ঠা সৃষ্টি কৰাটো সহজ কৰে।

অতিৰিক্তভাৱে উইণ্ড'জে এতিয়া অধিক টাইলৰ আকাৰ আৰু অধিক নমনীয় উইণ্ড'ৰ লেআউট সমৰ্থন কৰে যিবোৰে ব্যৱহাৰকাৰীক এপ্পবোৰৰ মাজত একাধিক-কাৰ্য সম্পাদন কৰাৰ অনুমতি দিয়ে।
এইটো কেৱল ছফটৱেৰ সম্পৰ্কেই নহয়। এতিয়া উইণ্ড'জে জনা ডিভাইচবোৰৰ সৈতে যেনে স্কেনাৰ, 3D প্ৰিণ্টাৰ, স্মাৰ্ট কাৰ্ড আৰু অনেকৰ বাবে  ইউজাৰ এপ্পবোৰ ইন্টাৰফেচ  কৰিবলৈ সহজ। Microsoft-এ অনুকূলিত ডিভাইচসমূহৰ সৈতে নতুন WinRT API-ৰ মাধ্যমেৰে ব্লুটুথ, HID, আৰু USB-ৰ নিজা ড্ৰাইভাৰ নিলিখাকৈয়েই যোগাযোগ কৰাটো সহজ কৰি তুলিছে।

যদিও Windows 8-ৰ বাবে নিৰ্মাণ কৰা এপ্পবোৰ এতিয়াও Windows 8.1-ত চলি আছে, কিন্তু এই সকলোবোৰ নতুন বৈশিষ্ট্যৰ সুবিধাবোৰ উপভোগ কৰিবলৈ আৰু Windows 8.1 উপলব্ধ হ'লে তেওঁলোকে আশা কৰা অভিজ্ঞতাবোৰ প্ৰদান কৰিবলৈ ব্যৱহাৰকাৰীসকলে এপ্পবোৰ প্ৰব্ৰজন কৰাৰ প্ৰয়োজন হ'ব। এপ্পবোৰে সমৰ্থন কৰা বৈশিষ্ট্যবোৰৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱহাৰকাৰীসকলে কিছুমান অতিৰিক্ত API কৰিব লগা হ'ব পাৰে আৰু তেতিয়া কাৰ্যক্ষমতাবোৰ এপ্পলৈ পৰিবৰ্তিত হ'ব।

  • প্ৰব্ৰজন নিৰ্দেশিকাই ব্যৱহাৰকাৰীসকলক উইণ্ড'জ 8.1 প্ৰিভিউত নিম্নলিখিতবোৰসহ এপ্পবোৰ সঠিকভাৱে কাম কৰিবলৈ আৱশ্যকীয় পৰিবৰ্তনবোৰ কৰাত সহায় কৰেভিজুৱেল ষ্টুডিঅ' 2013 প্ৰিভিউত প্ৰকল্প পুনৰ নিৰূপিত কৰা
  • WinRT আৰু UI (XAML বা HTML) প্লেটফৰ্মত কৰা বিভিন্ন পৰিবৰ্তনবোৰৰ মোকাবিলা কৰা
  • নতুন তৰল উইণ্ড' আকাৰবোৰ সমৰ্থন কৰা
উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate