অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড'জ 8-ত ইনপুট আধুনিকীকৰণ

Microsoft-এ উইণ্ড'জ 8-ত আধুনিকীকৃত ইনপুট ছেট কৰিবলৈ পৰিকল্পনা কৰিছে। Microsoft-এ এটা বুনিয়াদ তৈয়াৰ কৰিছে যিটোৱে উইণ্ড'জ আৰু এপ্পবোৰে উদ্ভাৱন কৰা নতুন ইনপুট মোডেলিটিবোৰ বৃদ্ধি আৰু সমৰ্থন কৰিব পাৰে।

প্লেটফৰ্ম নীতি

উইণ্ড'জ সদায়ে ইয়াৰ ওপৰত নিৰ্মাণ কৰা এপ্পবোৰৰ এটা প্ৰতিফলন হয়। উইণ্ড'জ 8-ত, OS কাৰ্যকাৰিতাৰ অধিকাংশই এপ্পৰ অভিজ্ঞতাৰ মাধ্যমত প্ৰদান কৰা হয়। বিকাশ প্ৰক্ৰিয়া আৰু প্লেটফৰ্ম সংগতিপূৰ্ণ আৰু পূৰ্বানুমানযোগ্য হোৱাটো প্ৰয়োজনীয়। এটা সফল প্লেটফৰ্ম বিকাশ কৰিবলৈ সহজ, সংগতিপূৰ্ণ আৰু আস্থা উদ্দীপক হ'ব লাগিব আৰু ব্যাপকভাৱে বিস্তৃত হ'ব লাগিব।

ব্যাপক বিস্তৃতি

ব্যৱহাৰকাৰীয়ে যিমান পাৰে সিমান বেছি ডিভাইচ সহজেই লক্ষ্যস্থিত কৰিবলৈ সমৰ্থ হ'বলৈ বিচাৰে। এই ক্ষেত্ৰত উইণ্ড'জ এনেকুৱা এটা বিস্তৃত আৰু সফল প্লেটফৰ্ম, কাৰণ ই বহু কেইটা ফৰ্ম ফেক্টৰ আৰু ডিভাইচ সমৰ্থন কৰে।

সুসংগতি আৰু আস্থা

ডেভেল'পাৰসকলে নতুন আন্তঃক্ৰিয়া বা ইনপুট নমুনাসমূহ ব্যৱহাৰকাৰীক শিকোৱাৰ প্ৰয়োজন হ'ব নালাগে। ই এপ্পবোৰ আৰু ইকোছিষ্টেমৰ বাবে ব্যৱহাৰকাৰীৰ আস্থা বৃদ্ধি কৰে।

বিকাশৰ সৰলতা

কোনো প্লেটফৰ্মেই সফল হ'ব নোৱাৰে যদি ই  অতিৰিক্ত জটিল, সুসংগতিহীন বা বিকাশৰ বাবে কঠিন হয়।

ইনপুট প্লেটফৰ্মৰ পৰিচয়

ইনপুট প্লেটফৰ্ম স্তৰে স্তৰে নিৰ্মাণ কৰা হয়। একেবাৰে তলিত থাকে উইণ্ড'জ ৰানটাইম ইনপুট এপিআই (Windows Runtime Input API)।শীৰ্ষত HTML আৰু XAML ফ্ৰেমৱৰ্কৰ ভংগিমা আৰু পইণ্টাৰ ইভেন্টবোৰ থাকে, যিবোৰে এপ্পবোৰৰ বাবে সাধাৰণ ভংগিমা আৰু ৰ' ডাটা ইভেণ্টবোৰ প্ৰদান কৰে।

ব্যৱহাৰকাৰীয়ে সহজেই এপ্প টেমপ্লেটবোৰ আৰু HTML আৰু XAML নিয়ন্ত্ৰণবোৰ ব্যৱহাৰ কৰিব পাৰে। উইণ্ড'জ 8-ত স্পৰ্শৰ বাবে অতি সচৰাচৰ পৰিদৃশ্য হ'ল পেনিং আৰু ঝুমিং, আৰু HTML আৰু XAML-ৰ বাবে স্ক্ৰ'ল দৰ্শন নিয়ন্ত্ৰণ। উইণ্ড'জ 8-ত ষ্টাৰ্ট মেনু এই সমৰ্থনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।

ভংগিমাবোৰৰ ভিতৰত আছে সহজ আন্তঃক্ৰিয়া টেপিং আৰু ঝুমিং, পেনিং, আৰু একে সময়তে ঘূৰোৱাৰ দৰে অধিক জটিল আন্তঃক্ৰিয়াবোৰ। পইণ্টাৰ এপিআই-এ উইণ্ড'জ 8-ত মাউচ, স্পৰ্শ আৰু পেন ডাটা মসৃণভাৱে পাবলৈ সমৰ্থ কৰে।

অৱশেষত, উইণ্ড'জ ৰানটাইম ইনপুট এপিআই (Windows Runtime Input API) স্তূপৰ একেবাৰে তলিৰ স্তৰ হয়। এই এপিআইবোৰে সম্পূৰ্ণ নমনীয়তা আৰু নিয়ন্ত্ৰণ, ভংগিমাৰ সম্পূৰ্ণ ছেট আৰু ভংগিমাৰ কনফিগাৰেছন, পইণ্টাৰ ডিভাইচ এপিআই আৰু বহুত কিবাকিবি প্ৰদান কৰে। ইনপুট প্লেটফৰ্মৰ নেপথ্যৰ ধাৰণাটো সকলো মেট্ৰ' এপ্প ফ্ৰেমৱৰ্কৰ মাজত ভাগ-বতৰা কৰা হয়।

পইণ্টাৰ- একত্ৰিত কৰা ইনপুট

স্পৰ্শ স্বাভাৱিকভাৱে মোকাবিলা কৰাটোৱে, আনফালে জটিলতা সংযোজন কৰিবলৈ আৰম্ভ কৰে, যিবোৰ মাউচৰ ক্ষেত্ৰত নাথাকে। ব্যৱহাৰকাৰীসকলে একে সময়তে একাধিক আঙুলি ব্যৱহাৰ কৰিব পাৰে। মাউচৰ ওপঙি থকা অৱস্থা আছে। এপ্পবোৰৰ বাবে স্পৰ্শৰ জ্যামিতিক যোগাযোগৰ দৰে স্পৰ্শৰো আকৰ্ষণীয় গুণবোৰ আছে।

আমি পইণ্টাৰ বুলি কোৱা এটা সুংসগত এপিআই পৃষ্ঠত পইণ্টিং ইনপুটবোৰ একত্ৰিত কৰিবলৈ Microsoft-এ উদ্যোগ লয়। 
স্পৰ্শ, পেন আৰু মাউচৰ ইনপুট প্ৰতিনিধিত্ব কৰা পইণ্টাৰ ইনপুটবোৰৰ ইনপুটৰ অৱস্থান, প্ৰকাৰ আৰু এটা সংযুক্ত আইডিৰ দৰে আৰু প্ৰাথমিক সাধাৰণ ধৰ্মবোৰ আছে। প্ৰতিটো মোডেলিটিৰেই অনন্য ডাটা থাকিব পাৰে যিবোৰ ইয়াৰ পইণ্টাৰ ইভেণ্টবোৰৰ সৈতে সংযুক্ত কৰিব লগা হ'ব পাৰে। Microsoft -এ এই অনন্য ডাটাবোৰ পইণ্টাৰৰ সৈতে প্ৰকাশ কৰিবৰ বাবে সক্ষমতা সংযোজন কৰিছে। ব্যৱহাৰকাৰীৰ স্পৰ্শ ইনপুটৰ পৰা পইণ্টাৰ ডাটা থাকে, ই প্ৰাথমিক ধৰ্মবোৰ যেনে, অৱস্থান আৰু এটা পইণ্টাৰ আইডি আৰু স্পৰ্শৰ বাবে যোগাযোগ আয়তক্ষেত্ৰৰ দৰে স্পৰ্শ-নিৰ্দিষ্ট ডাটা ধাৰণ কৰে।

পইণ্টাৰ, আৰু ভংগিমা পদ্ধতিৰ সৈতে ইয়াৰ আন্তঃক্ৰিয়া, পাৰদৰ্শিতা উন্নত কৰাৰ বাবে সহায় গুৰুত্বপূৰ্ণ আছিল। ই স্বাভাৱিকতে প্লেটফৰ্ম নীতিৰ সৈতে সংৰেখন কৰে আৰু বিভিন্ন স্বয়ংক্ৰিয় ইনপুট উৎপাদকৰ মোকাবিলা কৰাটো সহজ কৰে, কোড লিখিত ৰেখাসমূহ হ্ৰাস কৰে আৰু বিকাশ কৰাটো সহজ কৰি তোলে।

ভংগিমা- স্পৰ্শৰ ভাষা আপোনাৰ এপ্পৰ অংশ কৰে

ভংগিমাবোৰ উইণ্ড'জ 8-ৰ ভাৱ-বিনিময় ভাষাৰ অভিব্যক্তি। সেইবোৰে ব্যৱহাৰকাৰীৰ ইনপুট গ্ৰহণ কৰে আৰু ইয়াক এপ্প আৰু ছিষ্টেমত স্বাভাৱিক অপাৰেচনলৈ অংকিত কৰে।

ভংগিমা ইনপুটবোৰ পইণ্টাৰৰ শীৰ্ষত গঠন হয়। প্ৰায়বোৰ এপ্পেই ভংগিমা গ্ৰাহক আৰু টেপ, পেন আৰু ঝুম মোকাবিলা কৰে আৰু ভংগিমা চিহ্নিত কৰিবলৈ আগুৱাই দিয়াৰ বাহিৰে ৰ' পইণ্টাৰ ডাটা ফ্লয়িঙেৰে খুব কমেইহে কাম কৰে।

ইনপুট প্লেটফৰ্মৰ স্তৰবোৰৰ কথা পুনৰ চিন্তা কৰি, প্ৰতিটো স্তৰেই ভংগিমাবোৰৰ এটা সুসংগত ছেট সমৰ্থন কৰে আৰু উইণ্ড'জ 8-ৰ আন্তঃক্ৰিয়া ভাষাৰ মিৰ'ৰ ছেট কৰে।

উইণ্ড'জ 8-এ ডিফল্ট হিচাপে সকলো এপ্পৰ পইণ্টাৰ ইনপুট দিয়ে আৰু ভংগিমা চিনাক্ত কৰিবলৈ কোন ছেটৰ ডাটা ফীড দিব লাগে, সেই ভংগিমা চিনাক্তকৰণ কেনেকৈ কনফিগাৰ কৰিব আৰু আউটপুটেৰে কি কৰিব সেইটো পচন্দ কৰিবলৈ দিয়ে।

মোডেলিটিজ আৰু ফৰ্ম ফেক্টৰবোৰৰ মাজত ব্যাপক বিস্তৃতিৰ বাবে কোডিং

তাকৰীয়া কোড শাৰীৰ প্ৰয়োজনতাৰে পইণ্টাৰে বিকাশ সহজ কৰাত অৰিহণা যোগায়, ই ব্যৱহাৰকাৰী এপ্পক ষ্টোৰলৈ দ্ৰুত প্ৰৱেশ ঘটায় আৰু একাধিক ইনপুট ডিভাইচ লক্ষ্যস্থিত কৰাটো সহজ কৰি ব্যাপক বিস্তৃতি সক্ষম কৰে।স্পৰ্শৰ বাবে কোড, বা চিএফটি (CFT)টো আমাৰ ইনপুট পুনৰ্চিন্তাৰ ফলাফল আৰু আমাৰ প্ৰাথমিক দৰ্শনৰ পথনিৰ্দেশক হৈ পৰিছে। প্ৰতিটো পইণ্টাৰ ইভেণ্ট হেণ্ডলাৰে বাস্তৱ জগতত আগতীয়াকৈ চিএফটি (CFT) প্ৰমাণ কৰিছে। সকলো ভংগিমা নমুনাৰ পইণ্টাৰ হেণ্ডলাৰেই ইনপুটৰ প্ৰকাৰৰ প্ৰতি অজ্ঞতাবাদী।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate