অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড'জ 8-ত হাইপাৰ-ভি-ৰ সমৰ্থন

উইণ্ড'জ 8-ত হাইপাৰ-ভি-ৰ সমৰ্থন ভাৰ্ছুৱেল মেচিনবোৰ (ভিএম)একেটা মেচিনতেই বিভিন্ন অপাৰেটিং ছিষ্টেম বা ছফটৱেৰ কনফিগাৰেচন চলোৱাসহ বিস্তৃত ধৰণত কাৰ্যৰ বাবে খুব ভাল। উইণ্ড'জ 8-য়েই হ'ল পৃথক ডাউনলোড বা ইনষ্টলৰ প্ৰয়োজন নথকা হাৰ্ডৱেৰ ভাৰ্ছুৱেলাইজেচন সমৰ্থন অন্তৰ্ভুক্ত কৰা প্ৰথম উইণ্ড'জ ক্লায়েণ্ট অপাৰেটিং ছিষ্টেম। উইণ্ড'জ 8-ৰ এই বৈশিষ্ট্যক ক্লায়েণ্ট হাইপাৰ-ভি (Client Hyper-V) বুলি কোৱা হয়। ক্লায়েণ্ট হাইপাৰ-ভি উইণ্ড'জ চাৰ্ভাৰ 2012 হাইপাৰ-ভি-ৰ দৰে একেই প্ৰযুক্তি, গতিকে এই প্ৰযুক্তিলৈ পৰিবৰ্তন কৰা ব্যৱহাৰকাৰীসকলে বৈশিষ্ট্যবোৰ আৰু সঁজুলিবোৰ পুনৰ শিকাৰ প্ৰয়োজন নহয়।

উইণ্ড'জ 8-ত হাইপাৰ-ভি চলাওক

উইণ্ড'জ 8-ত ক্লায়েণ্ট হাইপাৰ-ভি চলাবলৈ ব্যৱহাৰকাৰীৰ নিম্নলিখিতবোৰৰ প্ৰয়োজন হয়:

  • উইণ্ড'জ 8 প্ৰো বা এণ্টাৰপ্ৰাইজ 64 বিট অপাৰেটিং ছিষ্টেম
  • ছেকেণ্ড লেভেল এড্ৰেছ ট্ৰেঞ্চলেচনসহ (SLAT)64 বিট প্ৰছেচৰ
  • BIOS-লেভেল হাৰ্ডৱেৰ ভাৰ্ছুৱেলাইজেচন সমৰ্থন
  • কমেও 4GB ছিষ্টেম ৰেম (ram)

হাইপাৰ-ভি ছেটিং কৰা

ক্লায়েণ্ট হাইপাৰ-ভি চলাবলৈ সাজু হওতে প্ৰথম কৰিব লগা কাম হ'ল BIOS-ছেটিংত হাৰ্ডৱেৰ ভাৰ্ছুৱেলাইজেচন সমৰ্থন অন কৰা আছেনে নিশ্চিত কৰা। প্ৰদৰ্শনৰ বাবে HP Z820 ডেক্সটপ ছিষ্টেম ক্লায়েণ্ট হাইপাৰ-ভি চলাবলৈ কনফিগাৰ কৰা আছে।

হাৰ্ডৱেৰ ভাৰ্ছুৱেলাইজেচন সমৰ্থনৰ উপলভ্যতা আৰু সক্ষমতা নিশ্চিত কৰা পাছত, এতিয়া "উইণ্ড'জৰ বৈশিষ্ট্যবোৰ অন বা অফ কৰক" ডায়লগত হাইপাৰ-ভি সক্ষম কৰক, যিটো ব্যৱহাৰকাৰীয়ে ষ্টাৰ্ট স্ক্ৰীণত "উইণ্ড'জৰ বৈশিষ্ট্যবোৰ অন কৰক" (“turn windows features”) টাইপ কৰি আৰু তাৰপাছত সোঁফালৰ পেনত "ছেটিংচ"(“Settings”) চয়ন কৰি আৰম্ভ কৰিব পাৰে।

যদি আগতে হাইপাৰ-ভি সক্ষম কৰা হোৱা নাছিল, ব্যৱহাৰকাৰীয়ে এই পৰিবৰ্তন প্ৰয়োগ কৰা পাছত ৰিবুট কৰা উচিত। হাইপাৰ-ভি সক্ষম কৰাৰ পাছত হাইপাৰ-ভি পৰিৱেশৰ বাবে নেটৱৰ্কিং কনফিগাৰ কৰাটো এটা ভাল কথা। বাহ্যিক নেটৱৰ্ক সংযোগবোৰ সমৰ্থন কৰিবলৈ, ব্যৱহাৰকাৰীয়ে ভাৰ্ছুৱেল চুইচ সৃষ্টি কৰাটো আৰু কাৰ্যক্ষম থকাটো নিশ্চিত কৰা উচিত। ব্যৱহাৰকাৰীয়ে ভাৰ্ছুৱেল চুইচ মেনেজাৰ খোলা উচিত, যিটো হাইপাৰ-ভি মেনেজাৰৰ ক্ৰিয়া পেনেলত (Actions panel )থাকিব।

ক্ৰিয়া পেনত "ভাৰ্ছুৱেল চুইচ মেনেজাৰ"ত(“Virtual Switch Manager”) ক্লিক কৰাৰ পাছত নিশ্চিত কৰক যাতে "বাহ্যিক" (“External”)হাইলাইট কৰা আছে আৰু তাৰপাছত "ভাৰ্ছুৱেল চুইচ সৃষ্টি কৰক" (“Create Virtual Switch”) বুটামত ক্লিক কৰক।

যদি ব্যৱহাৰকাৰীৰ এটাতকৈ অধিক এনআইচি (NIC) ছিষ্টেম থাকে, তেন্তে ভিএম বাহ্যিক নেটৱৰ্ক সংযোগত ব্যৱহাৰ কৰিবলৈ চিত্ৰত দেখুওৱাৰ দৰে এনআইচি (NIC) চয়ন কৰা উচিত।

ভিএম (VM) সৃষ্টি কৰা

এটা ভিএম সৃষ্টি কৰিবলৈ ব্যৱহাৰকাৰীয়ে হাইপাৰ ভি মেনেজাৰৰ সোঁফালৰ পেনেলত থকা "ক্ৰিয়া"ৰ (“Actions” ) ভিতৰত "নতুন ভাৰ্ছুৱেল মেচিন..."ত (“New Virtual Machine…”) ক্লিক কৰা উচিত। "নতুন ভাৰ্ছুৱেল মেচিন উইজাৰ্ড" (“New Virtual Machine Wizard” ) আৰম্ভ হ'ব। এতিয়া প্ৰথম কাম হ'ল এটা ভিএম নাম পচন্দ কৰা আৰু বৈকল্পিকভাৱে ভিএম ফাইলৰ পাথ নিৰ্দিষ্ট কৰা:

ব্যৱহাৰকাৰীয়ে চিত্ৰত দেখুওৱা উইণ্ড'ত স্মৃতি আবন্টণ ছেট কৰিব লাগিব।

ইয়াৰ পাছত ব্যৱহাৰকাৰীয়ে নেটৱৰ্কিংৰ প্ৰয়োজন থাকিলে এটা ভাৰ্ছুৱেল চুইচ চয়ন কৰিব লাগিব, যিটো চিত্ৰত দেখুওৱাৰ দৰে কৰিব পাৰিব।

পৰবৰ্তী পদক্ষেপ হ'ল সৃষ্টি কৰি থকা ভিএমৰ বাবে ভিএইচডি (VHD) ছেট কৰা। ব্যৱহাৰকাৰীৰ বাবে এটা নতুন ভিএইচডি (VHD) সৃষ্টি কৰাৰ, বিদ্যমান ভিএইচডি (VHD) ব্যৱহাৰ কৰাৰ বা ভিএইচডি (VHD) কনফিগাৰেচন স্থগিত ৰখাৰ বিকল্প থাকে।

"সমাপ্ত" (“Finish”) ক্লিক কৰাৰ পাছত, অন্তিম পদক্ষেপটো হ'ল ভিএম ছেটিংচত এটা লিগেচি নেটৱৰ্ক এডাপ্টাৰ (Legacy Network Adapter) সৃষ্টি কৰা, যিটো ভিএমৰ ছেটিংচ ডায়লগত কৰা উচিত, যাৰ বাবে নেটৱৰ্ক বুট সমৰ্থনৰ প্ৰয়োজন হয়। তাৰপাছত বাওঁ পেনৰ শীৰ্ষত থকা "হাৰ্ডৱেৰ যোগ কৰক"ত (“Add Hardware”) ক্লিক কৰক আৰু "যোগ কৰক" বুটামত (Add) ক্লিক কৰক আৰু তাৰপাছত সঠিক ভাৰ্ছুৱেল চুইচটো ব্যৱহাৰ কৰাটো নিশ্চিত কৰক।

এই ভিএম এতিয়া PXE বুট আৰু অপাৰেটিং ছিষ্টেম (OS) ইনষ্টল কৰিবলৈ বাবে সাজু হৈছে।

ভিএমৰ বাবে হাইপাৰ-ভি মেনেজাৰৰ সেউজীয়া "আৰম্ভ" (“Start”) বুটামত ক্লিক কৰাৰ পাছত নেটৱৰ্ক বুটৰ বাবে F-12  টিপিলে এটা পৰিচিত PXE বুট মেনু দেখিবলৈ পোৱা যাব। এইটো ঠিক শাৰীৰিক মেচিনৰ নেটৱৰ্ক বুটিংৰ দৰে কাম কৰে।

বিভিন্ন অপাৰেটিং ছিষ্টেমত ছফটৱেৰ পৰীক্ষা কৰিবলৈ, নেটৱৰ্কৰ পৰা বিচ্ছিন্ন থকা মেচিন প্ৰতিচ্ছৱি চলাবলৈ, পৰিদৃশ্য আপগ্ৰেড পৰীক্ষা কৰিবলৈ আৰু বহুতো কাৰ্যকলাপৰ বাবে বিভিন্ন অপাৰেটিং ছিষ্টেমত ভিএম ৰখাটো খুব ভাল কথা।

উইণ্ড'জ 8-ত ভিএমলৈ সংযোগ কৰা

ব্যৱহাৰকাৰীয়ে এবাৰ ভিএম ছেটআপ কৰা পাছত আন্তঃক্ৰিয়া কৰিবলৈ আৰু ভিএমলৈ সংযোগ কৰিবলৈ দুটা ভাল বিকল্প থাকে: দূৰৱৰ্তী ডেস্কটপ প্ৰট'কল (RDP) ব্যৱহাৰ কৰি হাইপাৰ-ভি মেনেজাৰ, বা দূৰৱৰ্তী ডেস্কটপ সংযোগ কৰা।

হাইপাৰ-ভি মেনেজাৰ ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীয়ে ভাৰ্ছুৱেল মেচিন সংযোগ উইণ্ড'ত ভিএমৰ অৱস্থা নিয়ন্ত্ৰণ কৰিব পাৰে।

হাইপাৰ-ভি ৰে দূৰৱৰ্তী ডেস্কটপ ব্যৱহাৰ কৰোতে কীব'ৰ্ড আৰু মাউছে নিঁখুতভাৱে কাম কৰে। একমাত্ৰ ঋণাত্মক দিশটো হ'ল এই দৰ্শনত ভিএমৰ অৱস্থা ব্যৱস্থাপনা নিয়ন্ত্ৰণৰ অনুপলব্ধতা। যদি একেই উইণ্ড'জ 8 মেচিনত আৰডিপি (RDP), হাইপাৰ-ভি মেনেজাৰ হিচাপে চলোৱা হয়, তেন্তে ব্যৱহাৰকাৰীয়ে সদায় হাইপাৰ-ভি মেনেজাৰ আৰু দূৰৱৰ্তী ডেস্কটপৰ মাজত সলনা-সলনি কৰিব পাৰে।

ভিএম সৃষ্টি কৰাৰ বিভিন্ন উপায় আছে আৰু উইণ্ড'জ 8-ত হাইপাৰ-ভি আৰম্ভ কৰাটো সহজ। উইণ্ড'জ চাৰ্ভাৰত বিদ্যমান একেই PowerShell ব্যৱস্থাপনা সক্ষমতাসহ উইণ্ড'জ 8-ত হাইপাৰ-ভি ব্যৱস্থাপনা কৰিবলৈ বহুতো শক্তিশালী সঁজুলি আছে।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 5/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate