অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড’জ এজুৰ ম’বাইল সেৱা

উইণ্ড’জ এজুৰ ম’বাইল সেৱা

উইণ্ড’জ এজুৰ ম’বাইল সেৱাৰ জৰিয়তে সংযুক্ত হয় বিশাল উইণ্ড’জ ষ্ট’ৰ এপ্লিকেশ্যনৰ সৈতে। ইয়াত ব্যৱহাৰ কৰা হয় লাইভ টাইল, একক ছাইন-অনৰ জৰিয়তেই ই ব্যৱহাৰকাৰীক চিনাক্তকৰণ কৰে আৰু ডিভাইচ তথা ব্যৱহাৰকাৰীৰ মাজত সংযোগ স্থাপন কৰে। সংযুক্ত হোৱাৰ এই আটাইবোৰ সুবিধা লাভ কৰিবৰ বাবে, ব্যৱহাৰকাৰীয়ে ক্লাউডত থকা সেৱা গ্ৰহণ কৰিব লাগিব।

গৰিষ্ঠ সংখ্যক ক্লাউড প্লেটফৰ্মে সাধাৰণ উদ্দেশ্যত ডেটা সংৰক্ষণ আৰু কোড কাৰ্যকৰী কৰাৰ সুযোগ প্ৰদান কৰে, ব্যৱহাৰকাৰীসকলে অনন্য এপ্লিকেশ্যনৰ সুবিধাৰ ওপৰত দৃষ্টিপাত কৰা উচিত। উইণ্ড’জ এজুৰত নতুন সেৱা: ম’বাইল সেৱা প্ৰৱৰ্তন।

নতুন এক ম’বাইল সেৱা আৰম্ভ কৰক

ছাইন আপ কৰাৰ পিছত ব্যৱহাৰকাৰী যাব লাগিব http://manage.windowsazure.com/ লৈ, মাইক্ৰ’ছফট একাউণ্টৰ জৰিয়তে লগ ইন কৰি নতুন ম’বাইল সেৱা আৰম্ভ কৰিব পাৰিব নেভিগেচন ফলকৰ একেবাৰে তলত থকা +NEW বুটামত ক্লিক কৰি।

ইয়াৰ পিছত ব্যৱহাৰকাৰীয়ে ম’বাইল সেৱা নিৰ্বাচন কৰিব লাগিব আৰু এই স্ক্ৰীণত দেখুওৱাৰ দৰে  leading লীডিঙত ক্লিক কৰিব লাগিব।


নতুন ম’বাইল সেৱা উইজাৰ্ডত এপ্লিকেশ্যনৰ নাম টাইপ কৰক। নতুন সেৱাৰ বাবে ই URL ৰ অংশ।

যেতিয়া ব্যৱহাৰকাৰীয়ে উইণ্ড’জ এজুৰ ম’বাইল সেৱা আৰম্ভ কৰে, উইণ্ড’জে স্বয়ংক্ৰিয়ভাৱে ইয়াক উইণ্ড’জ এজুৰৰ অভ্যন্তৰত এক SQL ডেটাবেছৰ সৈতে সংযুক্ত কৰে। এই পাৰ্শ্ব সেৱাই ইয়াৰ পিছত প্ৰদান কৰে দূৰ সেৱা সক্ৰিয়কৰণৰ সুবিধা আৰু সুৰক্ষিতভাৱে ডেটা সংৰক্ষণ কৰে আৰু ইয়াৰপৰা ডেটা পুনৰুদ্ধাৰ কৰে, কোনো কাষ্টম ছাৰ্ভাৰ কোড নিলিখাকৈ বা স্থাপন নকৰাকৈ। ডেটাবেছৰ নাম টাইপ কৰক আৰু নতুন  SQL ছাৰ্ভাৰৰ বাবে লগইন নাম আৰু পাছৱৰ্ড অন্তৰ্ভুক্ত কৰক।

নতুন উইণ্ড’জ ষ্ট’ৰ এপলিকেশ্যন আৰম্ভ কৰক

নতুনকৈ আৰম্ভ কৰা ম’বাইল সেৱাৰ নামত ক্লিক কৰক।

উপলব্ধ বিকল্পবোৰ হৈছে নতুন এপ্লিকেশ্যন আৰম্ভ কৰাৰ বাবে অথবা ম’বাইল সেৱাৰ বিদ্যমান এপ্লিকেশ্যনৰ সৈতে সংযুক্ত কৰাৰ বাবে। ব্যৱহাৰকাৰীয়ে প্ৰথম বিকল্প হিচাপে সাধাৰণ ‘to do list’ নিৰ্বাচন কৰিব পাৰে, যিয়ে  SQL ডেটাবেছত কৰিবলগীয়া কামবোৰ অন্তৰ্ভুক্ত কৰিব।

ভিজুৱেল ষ্টুডিঅ’ ২০১২ আৰু ম’বাইল সেৱা এছডিকে ইনষ্টল কৰক। কৰিবলগীয়া কামৰ তালিকা সংৰক্ষণ কৰিবৰ বাবে ব্যৱহাৰকাৰীয়ে এখন তালিকা প্ৰস্তুত কৰিব লাগিব। ব্যৱহাৰকাৰীক তালিকা প্ৰস্তুত কৰাৰ বাবে পূৰ্ব পৰিকল্পনাৰ প্ৰয়োজন নাই। ই স্বয়ংক্ৰিয়ভাৱে কলম সংযোজন কৰিব ডেটা সংৰক্ষণৰ সময়ত।  C# অথবা  JavaScript ডাউনলোড কৰিব লাগিব পাৰে। এই ডাউনলোডবোৰ ব্যক্তিগতকৃত প্ৰকল্প, যাক পূৰ্বে কনফিগাৰ কৰিব লাগিবন নতুন ম’বাইল সেৱাৰ সৈতে সংযুক্ত কৰিবলৈ। এই কমপ্ৰেছড প্ৰজেক্ট ফাইলসমূহ কম্পিউটাৰত সাচি ৰাখক।

কমপ্ৰেছড প্ৰজেক্ট ফাইল সাচি ৰখাৰ স্থান ব্ৰাউজ কৰক, কম্পিউটাৰত এই ফাইলবোৰ সম্প্ৰসাৰ কৰক আৰু উইণ্ড’জ ৮ৰ ভিজুৱেল ষ্টুডিঅ’ ২০১২ এক্সপ্ৰেছত এই  সমাধান অ’পেন কৰক।

এপ্লিকেশ্যন আৰম্ভ কৰিবলৈ  F5 ডবাওক। বাওঁফালৰ টেক্সটবক্সত এটা কৰিবলগীয়া কামৰ বিষয়ে টাইপ কৰক আৰু ছেভ কৰক। ই উইণ্ড’জ এজুৰত হোষ্ট কৰা নতুন ম’বাইল সেৱালৈ এক  HTTP অনুৰোধ প্ৰেৰণ কৰিব। তাৰ পিছত এই ডেটা সুৰক্ষিতভাৱে তালিকাত সংৰক্ষিত হ’ব। আপুনি এই ম’বাইল সেৱাৰপৰা এক প্ৰাপ্তিস্বীকাৰ বাৰ্তা লাভ কৰিব আৰু আপোনাৰ ডেটা সোঁফালত তালিকাত প্ৰদৰ্শিত হ’ব।

আপোনাৰ ম’বাইল সেৱা পৰিচালন আৰু পৰ্যবেক্ষণ কৰক

উইণ্ড’জ এজুৰ পৰিচালনা প’ৰ্টেললৈ উভতি যাওক, Dashboard টেবত ক্লিক কৰক আৰু পোনপটীয়াকৈ পৰ্যবেক্ষণ কৰক আৰু নতুন ম’বাইল সেৱাৰ তথ্য ব্যৱহাৰ কৰক।

Data টেবত ক্লিক কৰক আৰু তাৰ পিছত তালিকাত ক্লিক কৰক।

ইয়াৰপৰা আপুনি ডেটা ব্ৰাউজ কৰিব পাৰিব যিবোৰ এপ্লিকেশ্যনে তালিকাত অন্তৰ্ভুক্ত কৰিছে।

উৎস: ভাষা ইণ্ডিয়া

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate