অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড’জ লাইভ মেছত আপডেট

উইণ্ড’জ লাইভ মেছত আপডেট

উইণ্ড’জ লাইভ মেছৰ প্ৰথম বিটা সূচনা কৰা হয় ২০০৮ চনৰ শেষৰফালে আৰু ইয়াৰ ব্যৱহাৰ কৰা হৈছিল দূৰ সংযুক্ত কম্পিউটাৰৰ ফাইলসমূহ ছিংক কৰি ৰাখিবৰ বাবে। সম্প্ৰতি ক্লাউড সৰ্বত্ৰে উপলব্ধ হৈছে আৰু ইয়াৰ জৰিয়তে বৃহৎ বৃহৎ ডেটা সংৰক্ষণ কৰি ৰাখিব পাৰি, ম’বাইল ফোনৰ দ্বাৰাও সকলো সময়তে সংযুক্ত হৈ থাকিব পাৰি।

মাইক্ৰ’ছফটে কাম কৰি আছে উইণ্ড’জ লাইভ মেছৰ ডি এন এ আৰু স্কাইড্ৰাইভৰ সুবিধা একত্ৰ সেৱাৰ অন্তৰ্ভুক্ত কৰাৰ বাবে। কেতবোৰ এপলিকেশ্যনৰ সংহতি আৰু ডেভেলপাৰ এ পি আইসমূহৰ সৈতে স্কাইড্ৰাইভৰ যথেষ্ট কাম-কাজ চলিছে। ইয়াক বিশ্বৰ সৰ্বাধিক ব্যৱহৃত ক্লাউড ষ্ট’ৰেজ সেৱা SkyDrive.comৰপৰা নতুন  HTML5ৰ জৰিয়তে কেতবোৰ সেৱাৰ সৈতে সংযুক্ত কৰিবলৈ প্ৰয়াস চলিছে, ইয়াৰ ভিতৰত আছে উইণ্ড’জ, উইণ্ড’জ ফোন, এণ্ড্ৰইড, আইফোন, আইপেড আৰু সম্প্ৰতি এক্সবক্স৩৬০. উইণ্ড’ড ৮, উইণ্ড’জ আৰ টি, উইণ্ড’জ ফোন ৮, নতুন অফিচ আৰু অন্যান্য শ শ এপলিকেশ্যন আৰু ৱেবছাইট নিৰ্মাণ হৈছে স্কাইড্ৰাইভ এ পি আইৰ জৰিয়তে, স্কাইড্ৰাইভ সম্প্ৰতি গভীৰভাৱে ডিভাইচ আৰু এপ্লিকেশ্যনসমূহৰ সৈতে সংলগ্ন হৈ পৰিছে, যাতে নিৰৱিচ্ছিন্নভাৱে ব্যৱহাৰকাৰীয়ে ক্লাউড ফাইল ব্যৱহাৰৰ সুবিধা উপভোগ কৰিব পাৰে।

মেছৰ ডি এন এ আৰু স্কাইড্ৰাইভক একত্ৰিত কৰাৰ বাবে অতি উল্লেখনীয় কাৰক আছে, সম্প্ৰতি ২০০ মিলিয়ন লোকে স্কাইড্ৰাইভ ব্যৱহাৰ কৰে আৰু দিনে দিনে ইয়াৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে। বৰ্তমান মেছ ব্যৱহাৰকাৰীসকলৰ স্কাইড্ৰাইভ ব্যৱহাৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰি অহা হৈছে।

স্কাইড্ৰাইভৰ আৰম্ভণি

স্কাইড্ৰাইভত ফাইল সংৰক্ষিত কৰিবৰ বাবে স্কাইড্ৰাইভ অন কম্পিউটাৰ্ছ এণ্ড ম’বাইল ডিভাইছ ইনষ্টল কৰক। ইয়াৰ পিছত মাথো মেছ ফ’ল্ডাৰৰ পৰা ফাইল আৰু ফ’ল্ডাৰসমূহ স্কাইড্ৰাইভলৈ ড্ৰেগ কৰিব লাগিব আৰু স্বয়ংক্ৰিয়ভাৱে ছিংক কৰিবলৈ আৰম্ভ কৰিব ক্লাউডলৈ আৰু স্কাইড্ৰাইভ ব্যৱহাৰ কৰা অন্য কম্পিউটাৰ বা মেকলৈ।

মেছৰ তুলনাত স্কাইড্ৰাইভ কিছু পৰিমাণে বেলেগ, কিন্তু বিভিন্ন ধৰণে ইয়াৰ সাদৃশ্যও আছে।

উইণ্ড’জ লাইভ মেছৰ ক্ষেত্ৰত

স্কাইড্ৰাইভত কেনেকৈ ব্যৱহাৰ কৰিব

পিচি মেক অথবা ক্লাউডৰ মাজত ফাইলবোৰ স্বয়ংক্ৰিয়ভাৱে ছিংক কৰে

ক্লাউড আৰু অন্য পিচি তথা মেকৰ মাজত ছিংক কৰিবলৈ ফাইল (২জিবি পৰ্যন্ত) অথবা ফ’ল্ডাৰ স্কাইড্ৰাইভৰ ফ’ল্ডাৰলৈ ড্ৰেগ কৰক। ব্যৱহাৰকাৰীয়ে ৭ জিবি বিনামূলীয়াকৈ লাভ কৰে আৰু ১০০ জিবি অথবা ইয়াতকৈ বেছি স্পেচ ক্ৰয় কৰিব পাৰে।

ব্যৱহাৰকাৰী আঁতৰত থকা সময়ত পিচিৰ ফাইল ব্যৱহাৰ কৰিব পাৰে

উইণ্ড’জত চলা যিকোনো স্কাইড্ৰাইভ ডেক্সটপ এপ্লিকেশ্যন ইনষ্টল কৰা পিচিৰপৰা ফাইল ফেটছ কৰিব পাৰি। ব্যৱহাৰকাৰীয়ে এয়া SkyDrive.comৰপৰা কৰিব পাৰে।

অন্যৰসৈতে ফাইল বিনিময় কৰিব পাৰে

স্কাইড্ৰাইভত থকা ফাইল অথবা ফ’ল্ডাৰ বিনিময় কৰিবলৈ SkyDrive.com ব্যৱহাৰ কৰক অথবা ডেক্সটপ এপ্লিকেশ্যন ব্যৱহাৰ কৰক।

1. দূৰত থকা ডেক্সটপৰ সংযোগ

ইতিমধ্যে উইণ্ড’জ পিচিৰ বাবে প্ৰস্তুত কৰা হৈছে, ৰিম’ট ডেস্কটপ সংযোগে কিছুমান সুবিধা প্ৰদান কৰে আৰু মেছ নিম্নলিখিত অ’পাৰেটিং ছিষ্টেমসমূহৰ বাবে সুবিধাজনক:

o উইণ্ড’জ ৮ প্ৰ’, উইণ্ড’জ 8 এণ্টাৰপ্ৰাইজ
o উইণ্ড’জ 8 প্ৰফেচনেল, উইণ্ড’জ ৭ এণ্টাৰপ্ৰাইজ, উইণ্ড’জ ৭ আলটিমেট
o উইণ্ড’জ ভিষ্টা বিজনেছ, উইণ্ড’জ ভিষ্টা আলটিমেট, উইণ্ড’জ ভিষ্টা এণ্টাৰপ্ৰাইজ
o উইণ্ড’জ এক্সপি প্ৰফেচনেল


2. লগমিইন প্ৰ’

লগমিইনে ব্যৱহাৰকাৰীক দূৰণিৰপৰা কম্পিউটাৰ (পিচি আৰু মেক) ব্যৱহাৰৰ সুবিধা প্ৰদান কৰে ৱেবৰ জৰিয়তে। ব্যৱহাৰকাৰীয়ে ফাইল সালসলনি কৰিব পাৰে, প্ৰিণ্ট কৰিব পাৰে অথবা যিকোনো ডিভাইচৰদ্বাৰা কম্পিউটাৰটো আপডেট কৰি ৰাখিব পাৰে।

লগমিইনে নিম্নলিখিত অ’পাৰেটিং ছিষ্টেমবোৰ সমৰ্থন কৰে:
o উইণ্ড’জ ৭
o উইণ্ড’জ ভিষ্টা
o উইণ্ড’জ এক্সপি
o মেক অ’এছ ১০.৪ৰ পৰা মেক অ’এছ এক্স ১০.৮ মাউণ্টেইন লায়নলৈ

উৎস: ভাষা ইণ্ডিয়া

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate