অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড’জ ষ্ট’ৰ

উইণ্ড’জ ষ্ট’ৰ

উইণ্ড’জ ষ্ট’ৰৰ সহায়ত মাইক্ৰ’ছফটে আন্তৰ্জাতিক সেৱা প্ৰদানৰ প্ৰকল্প গ্ৰহণ কৰিছে। মাইক্ৰ’ছফটে ডেভেলপাৰসকলক সহায় কৰিব বিচাৰে আৰু ব্যৱহাৰকাৰীসকলক তেওঁলোকে বিচৰা ধৰণৰ এপলিকেশ্যন যোগান ধৰিব বিচাৰে। মাইক্ৰ’ছফটে ষ্ট’ৰক এনেদৰে ডিজাইন কৰিছে যাতে ই ডেভেলপাৰ আৰু গ্ৰাহক উভয়কে নমনীয় আৰু পৰিচিত লেনদেনৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰে।

কিন্তু যেতিয়া ডেভেলপাৰসকলে উইণ্ড’জৰ আওতাত কোনো সেৱাৰ আৰম্ভণি ঘটায়, তেতিয়া এয়া ক্ৰমান্বয়ে আৰু প্ৰত্যাশিতভাৱে বৃদ্ধি হোৱাটো অতিশয় প্ৰয়োজনীয়। অধিক সংখ্যক উপভোক্তাৰ সংযোগেৰে উইণ্ড’জ আপডেট সেৱা ব্যৱহাৰে মাইক্ৰ’ছফটক শিকাইছে নিৰ্মাণ, পৰিমাপন আৰু নিৰাপত্তাজনিত বহু কথা।

উপভোক্তাৰ প্ৰিভিউ ষ্ট’ৰে ডেভেলপাৰৰপৰা এপলিকেশ্যন দাখিলৰ বাবে পাঁচখন বজাৰত সহযোগ আগবঢ়াইছে, প্ৰতিখনৰ বাবে আছে সুকীয়া এপলিকেশ্যন কেটেলগ। এই বজাৰৰ বাহিৰৰ ক্ৰেটাই প্ৰত্যক্ষ কৰিব ‘ৰেষ্ট অব্ দ্য ৱৰ্ল্ড’ কেটেলগ।

ডেভেলপাৰসকলৰ বাবে মাইক্ৰ’ছফটে অতিৰিক্ত ৩৩টা আঞ্চলিক এপলিকেশ্যন দাখিল সংযোগ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে, ই উইণ্ড’জ ৮ৰ মেট্ৰ’ ষ্টাইল এপলিকেশ্যনৰ বাবে সহযোগী বজাৰৰ সংখ্যা ৩৮লৈ বৃদ্ধি কৰিব।  মাইক্ৰ’ছফটে বজাৰ-বিশেষীকৃত এপলিকেশ্যন কেটেলগৰ সংখ্যা ২৬লৈ সম্প্ৰসাৰিত কৰিব।

ইয়াৰ উপৰি মাইক্ৰ’ছফটে আঞ্চলিকীকৰণ পৰিধি সম্প্ৰসাৰণ কৰিব প্ৰী-ৰিলিজ ডেভেলপাৰ পোৰ্টেলত ৭টা নতুন ভাষা অন্তৰ্ভুক্ত কৰি। ষ্ট’ৰ সেৱাৰ পৰৱৰ্তী উন্নীতকৰণ মুকলিৰ লগে লগে, ডেভেলপাৰসকলে মেট্ৰ’ ষ্টাইল প্ৰী-ৰিলিজ এপলিকেশ্যন যিকোনো ১০৯টা ভাষাত দাখিল কৰিব পাৰিব।

ষ্ট’ৰৰ প্ৰতিটো মাত্ৰাত, যেনে—ডেভেলপাৰ প’ৰ্টেল, এপলিকেশ্যন দাখিল বজাৰ, এপলিকেশ্যন প্ৰত্যায়িতকৰণ, এপলিকেশ্যনৰ ভাষা, এপলিকেশ্যন কেটেলগ আদিৰ বাবে মাইক্ৰ’ছফটে ভাষাৰ সংখ্যা বৃদ্ধি কৰি আহিছে, সেৱাৰ মান উন্নীতকৰণ তথা বৃদ্ধি কৰাৰ বাবে নিৰৱিচ্ছিন্নভাৱে কাম কৰি আহিছে। সম্প্ৰতি এই আটাইবোৰ বৃদ্ধি উইণ্ড’জ-৮ৰ প্ৰী-ৰিলিজৰ সময় সীমাৰ গণ্ডীত।

উপভোক্তাৰ প্ৰিভিউৰ গণ্ডী অতিক্ৰম কৰি

উইণ্ড’জ ৮ উপভোক্তাৰ প্ৰিভিউ এতিয়ালৈ লাখ লাখ মানুহে ডাউনলোড কৰিছে। ষ্ট’ৰে নিয়মিতভাৱে আটাইবোৰ প্ৰশংসিত কনজিউমান প্ৰিভিউ এপলিকেশ্যন প্ৰদান কৰি থাকিব আৰু এই এপলিকেশ্যনে চলাই নিব কনজিউমাৰ প্ৰিভিউ বিল্ড। ই ডেভেলপাৰসকলৰ বাবে মাইক্ৰ’ছফটৰ সহযোগিতা নিশ্চিত কৰিব এই মঞ্চৰ পৰৱৰ্তী প্ৰী-ৰিলিজ সংস্কৰণলৈ লেনদেনৰ ক্ষেত্ৰত।

এপলিকেশ্যন দাখিলকৰণ

এই প্ৰিভিউ সময়সীমাৰ ভিতৰত কেৱলমাত্ৰ সহযোগীসকলেহে মেট্ৰ’ ষ্টাইল এপলিকেশ্যন ষ্ট’ৰত জমা কৰিব পাৰিব। কোনো এপলিকেশ্যনৰ ক্ষেত্ৰত মাইক্ৰ’ছফটৰ সৈতে পোনপটীয়াভাৱে কাম নকৰা ডেভেলপাৰসকল প্ৰিভিউ ষ্ট’ৰ জমাকৰণৰ বাবে একোজন প্ৰাৰ্থী হ’ব পাৰিব এখন উইণ্ড’জ ডেভেলপমেণ্ট কেম্পত অংশগ্ৰহণ কৰি। এই শিবিৰ ইতিমধ্যেই আৰম্ভ হৈ গৈছে আৰু পৰৱৰ্তী কেইমাহমানৰ ভিতৰতে শ শ জনে বিশ্বৰ ভিন্ন প্ৰান্তলৈ আগুৱাই যাব পাৰিব। এয়া বিনামূলীয়া, ডেভেলপাৰসকলৰ বাবে ডেভেলপাৰসকলে ডিজাইন কৰা আৰু যোগান ধৰা, আনহাতে ডেভেলপাৰসকলকৰ বাবে তথ্য আৰু আহিলাৰ যোগান ধৰিব যি আপোনাৰ মেট্ৰ’ ষ্টাইল এপলিকেশ্যনৰ বাবে তেওঁলোকে কৰাৰ প্ৰয়োজন হ’ব।

উইণ্ড’জ ডেভেলপাৰ কেম্পত সামৰি লোৱা কেইটামান বিষয় হৈছে

উইণ্ড’জ ষ্ট’ৰ এপলিকেশ্যনৰ বাবে উইণ্ড’জ ৮ মঞ্চ
মাইক্ৰ’ছফট ডিজাইন নীতি আৰু উইণ্ড’জ ব্যক্তিত্বৰ আধাৰত ডিজাইন
উইণ্ড’জ ষ্ট’ৰ এপলিকেশ্যন প্ৰস্তুত কৰিবলৈ ৱেব ডেভেলপাৰসকলে বাধ্যতামূলকভাৱে জানিবলগীয়া সকলো
আধুনিক হাৰ্ডৱেৰৰ বাবে সুচল  উইণ্ড’জ ষ্ট’ৰ এপলিকেশ্যন প্ৰস্তুতকৰণ
ডেভেলপাৰৰ সুযোগ
XAMLৰ দ্বাৰা উইণ্ড’জ ষ্ট’ৰ এপলিকেশ্যন প্ৰস্তুতকৰণ
উইণ্ড’জ ষ্ট’ৰ এপলিকেশ্যন প্ৰস্তুতকৰণত UI

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate