অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড’জ ষ্ট’ৰ এপলিকেশ্যন নিৰ্মাণত সুৰক্ষাৰ উত্তম অনুশীলন

উইণ্ড’জ ষ্ট’ৰ এপলিকেশ্যন নিৰ্মাণত সুৰক্ষাৰ উত্তম অনুশীলন

উইণ্ড’জ ষ্ট’ৰ এপলিকেশ্যনৰ বাবে এপলিকেশ্যন প্লেটফৰ্ম প্ৰস্তুতকৰণৰ অংশ হিচাপে এটা প্ৰাথমিক উদ্দেশ্য হৈছে তেওঁলোকৰ এপলিকেশ্যন সম্পৰ্কে গ্ৰাহকক নিশ্চিতি প্ৰদান কৰা। আমি গ্ৰাহকক নিশ্চিতি প্ৰদান কৰিব বিচাৰো যাতে এপলিকেশ্যন সম্পৰ্কে তেওঁলোকৰ নিঃসন্দেহ হ’ব পাৰে আৰু সম্পূৰ্ণকৈ আনইনষ্টল কৰিব পাৰে। উইণ্ড’জ ষ্ট’ৰত এই নিশ্চিতি প্ৰদান কৰা হয় ব’ৰ্ডিঙৰ সময়ত, মসৃণ ইনষ্টল আৰু আনইনষ্টলৰ সময়ত, ব্যৱহাৰকাৰীৰ অৱস্থিতি আৰু ৱেবকেম ব্যৱহাৰৰ অনুমতিৰ ক্ষেত্ৰত, উইণ্ড’জ ষ্ট’ৰত জমা দিয়াৰ সময়ত ব্যৱহাৰকাৰীৰ এপলিকেশ্যন পৰীক্ষণৰ বাবে উইণ্ড’জ এপলিকেশ্যন চাৰ্টিফিকেশ্যন কিটৰ ক্ষেত্ৰত।

সাম্প্ৰতিক এপলিকেশ্যনত কেতিয়াবা গ্ৰাহকৰ প্ৰয়োজনীয় ডেটা সংৰক্ষিত হৈ থাকে, যাৰ ভিতৰত বিত্তীয় নথিপত্ৰৰ লগতে প্ৰয়োজনীয় ফোন নম্বৰ আদিও সংৰক্ষণ কৰা হয়। ব্যৱহাৰকাৰীৰ এপ্লিকেশ্যনত সুৰক্ষাৰ উত্তম অনুশীলন কৰাটো নিতান্তই প্ৰয়োজন গ্ৰাহকৰ সন্দেহ প্ৰসমন কৰাৰ বাবে আৰু সময়ৰ সৈতে গ্ৰাহকক উচ্ছাসিত কৰিবলৈ। সুৰক্ষাৰ সৰ্বোত্তম অনুশীলন পোণপটীয়া, আৰু ইউজাৰ এপলিকেশ্যনত সুৰক্ষা ব্যৱস্থা সংযোগ কৰাটো দূৰূহ কাম নহয়। অদ্বিতীয় এপলিকেশ্যন কণ্টেইনাৰৰ বাবে চালিত এপলিকেশ্যনবোৰে ডেটা সুৰক্ষিত কৰি ৰাখে আৰু অন্য এপলিকেশ্যনৰপৰা ডেটা সংগ্ৰহ কৰে। এপলিকেশ্যন কণ্টেইনাৰে ইউজাৰ এপলিকেশ্যনৰ বাবে অনুকূল পৰিৱেশ প্ৰদান কৰে, সমান্তৰালভাৱে নিজা ষ্ট’ৰ আৰু ডেটা আৰু ছেটিঙো প্ৰদান কৰে।

উইণ্ড’জ ৮ আৰু ভিজুৱেল ষ্টুডিঅ’ ২০১২এ প্ৰদান কৰে এপিআইৰ এক সংহতি, নিয়ন্ত্ৰণ আৰু সম্ভাব্য এপলিকেশ্যন স্পৰ্শকাতৰতা আৰু সাধাৰণ সুৰক্ষা সমস্যা নিৰসনৰ সঁজুলি।

ভিজুৱেল ষ্টুডিঅ’ৰ সৈতে কম্পাইল

যেতিয়া ভিজুৱেল ষ্টুডিঅ’ ২০১২ৰ সৈতে কম্পাইল কৰা হয়, সাধাৰণ আক্ৰমণ (জিএছ, এএছএলআৰ, ডিইপি আদি...)ৰপৰা ৰক্ষা কৰা সুৰক্ষা প্ৰযুক্তি এপলিকেশ্যনৰ ভিতৰত স্বয়ংক্ৰিয়ভাৱে সক্ৰিয় হৈ উঠে নেটিভ কোডৰ বাবে।

এপলিকেশ্যনৰ সামৰ্থ হ্ৰাসকৰণ

এপলিকেশ্যনৰ প্ৰয়োজনীয় নিম্নতম সামৰ্থৰ সংহতি নিৰূপণ অতি গুৰুত্বপূৰ্ণ, যাতে এপলিকেশ্যন এটা প্ৰয়োজনীয় নিম্নতম সমল ব্যৱহাৰেৰে চলিব পাৰে।

এণ্টাৰপ্ৰাইজ অথেণ্টিকেশ্যন, শ্বেয়াৰ্ড ইউজাৰ চাৰ্টিফিকেট আৰু ডকুমেণ্ট লাইব্ৰেৰীৰ সামৰ্থৰ বাবে উইণ্ড’ড ষ্ট’ৰত এপলিকেশ্যন দাখিলকৰণৰ ক্ষেত্ৰত প্ৰয়োজন এটা কোম্পানী একাউণ্ট। এইবোৰ সামৰ্থ এণ্টাৰপ্ৰাইজ এপ্লিকেশ্যনৰ বাবে প্ৰয়োজনীয় যিবোৰ ব্যৱহাৰৰ বাবে কৰ্প’ৰেট সমলৰ প্ৰয়োজন আনহাতে এইবোৰৰ ব্যৱহাৰো সীমাৱদ্ধ আৰু এইবোৰ ব্যৱহাৰৰ বাবে অতিৰিক্ত উইণ্ড’জ ষ্ট’ৰ ৰিভিউৰ প্ৰয়োজন হয়।

লাইব্ৰেৰী সামৰ্থৰ পৰিৱৰ্তে ফাইল পিকাৰ ব্যৱহাৰ কৰক

ফাইল পিকাৰে এপলিকেশ্যন কোড সৰলীকৰণ কৰে আৰু ব্যৱহাৰকাৰীক তেওঁলোকে প্ৰকৃততে বিচৰাখিনি অতিৰিক্ত এপলিকেশ্যন সামৰ্থ অবিহনেই ব্যৱহাৰৰ সুবিধা প্ৰদান কৰে।

এটা ফাইল পিকাৰে পিকচাৰ লাইব্ৰেৰী দেখুৱাইছে

উইন-আৰটিত ৱেব ব্যৱহাৰ হ’বলৈ নিদিব

উইণ্ড’জ-৮এ কেৱলমাত্ৰ এপলিকেশ্যন পেকেজৰ কনটেণ্টক অনুমতি দিয়ে উইণ্ড’জ ৰানটাইম (উইন-আৰটি) ব্যৱহাৰৰ বাবে। যদিহে এপলিকেশ্যনে ইনপুট বা ডেটা ৱেবৰপৰা গ্ৰহণ কৰে, তেন্তে এই ডেটাক উইন-আৰটি এপিআইসমূহৰ কোনো ব্যৱহৃত এপলিকেশ্যন নিয়ন্ত্ৰণ কৰিবলৈ নিদিব।

যদিহে এপলিকেশ্যনে ৱেবৰপৰা কণটেণ্ট আহৰণ কৰে, সেই কণটেণ্টে এপলিকেশ্যনৰ ছেটিং আৰু ডেটা ব্যৱহাৰ কৰিব পাৰে, অথবা ফাইল ব্যৱহাৰ কৰিব পাৰে। এয়া জাভাস্ক্ৰিপ্টত লিখা এপলিকেশ্যনৰ বাবে স্পৰ্শকাতৰ, যিবোৰ ততাতৈয়াকৈ ব্যৱহাৰৰ সময়ত সৰল।

ফাইল, প্ৰট’কল আৰু প্ৰয়োজনীয় ডেটা নিশ্চিতকৰণ

ফাইল খোলা, ডেটা সংগ্ৰহ কৰা বা শ্বেয়াৰ্ড কনটেণ্ট গ্ৰহণ কৰা এপলিকেশ্যন ব্যৱহাৰ কৰাৰ সময়ত যথেষ্ট সতৰ্ক হ’ব লাগে আৰু ইয়াত ব্যৱহাৰৰ পূৰ্বে নিশ্চিতকৰণ হ’ব লাগে। এই নিশ্চিতকৰণ ইনপুটৰ ধৰণ আৰু কনটেণ্টৰ ওপৰত এপলিকেশ্যনে কেনেদৰে কাম কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে আৰু ই সৰল বা কঠিন হ’ব পাৰে।

বিশেষভাৱে স্পৰ্শকাতৰ ডেটাৰ বাবে, যেনে- ব্যক্তিগত বিত্তীয় এপলিকেশ্যনৰ ক্ষেত্ৰত অবিশ্বাসযোগ্য কনটেণ্টৰপৰা অতিশয় সাৱধান হ’ব লাগে, কিয়নো গ্ৰাহকৰ দৰকাৰী তথ্য ই ব্যৱহাৰ কৰিব পাৰে।

এইচটিটিপিএছ সংযোগ ব্যৱহাৰ কৰক

এইচটিটিপিএছ সংযোগে ৰিম’ট ছাৰ্ভাৰলৈ প্ৰামাণিক প্ৰেৰণ কৰে আৰু মধ্যস্থ আক্ৰমণ নিৰসনৰ ক্ষেত্ৰত ইয়াৰ অনুমোদন কৰা হয়। এতিয়াও পৃথিৱীত বহুতো আনএনক্ৰেপটেড বেতাঁৰ নেটৱৰ্ক আছে য’ত আদৰ্শ এইচটিটিপি সংযোগ সুৰক্ষিত নহয়।

এক আদৰ্শ এইচটিটিপিএছ সংযোগৰ বাবে দূৰৱৰ্তী ৱেবছাইটৰ বাবে প্ৰয়োজন এক চিএ-প্ৰদত্ত প্ৰমাণপত্ৰ আৰু এইচটিটিপি সংযোগৰ বাবে প্ৰস্তুত। উইণ্ড’জ-৮ৰ দ্বাৰা আৰম্ভ কৰাৰ ফলত এটা এপলিকেশ্যনে এছএছএল সংযোগৰ সুবিধা লাভ কৰিব পাৰে ব্যৱহাৰকাৰীৰ অন্য প্ৰান্তৰ ছাৰ্ভাৰ সুৰক্ষিতভাৱে নিশ্চিতকৰণ কৰাৰ ক্ষেত্ৰত স্ব-স্বাক্ষৰিত প্ৰত্যয়ন ব্যৱহাৰেৰে। এক স্ব-স্বাক্ষৰিত প্ৰত্যয়ন ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰকাৰীয়ে মাথোঁ এপলিকেশ্যনত প্ৰমাণপত্ৰ ঘোষণা সংযোগ কৰিব লাগে ডিজাইনাৰ ইন ভিজুৱেল ষ্টুডিঅ’ ২০১২ৰ মাধ্যমেৰে, ব্যৱহাৰকাৰীয়ে অন্য প্ৰান্তৰ ছাৰ্ভাৰৰ সৈতে এই প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিব পাৰে।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate