অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড’জ স্পৰ্শ

উইণ্ড’জ স্পৰ্শ

উইণ্ড’জৰ দলে বাহ্যিক হাৰ্ডৱেৰ পাৰ্টনাৰসমূহৰ সৈতে কাম অব্যাহত ৰাখি সম্পূৰ্ণ অভিজ্ঞতাৰে আমি আগবাঢ়িছো উইণ্ড’জ ৮ৰ দিশে। নতুন উইণ্ড’জ পিচিত উইণ্ড’জ ৮ যাতে সম্পূৰ্ণৰূপে উজ্বলি উঠে তাৰ বাবেও আমি ভাৰসাম্য বজাই ৰাখিবলগীয়া হৈছে।

‘বিল্ড’ সন্মিলনত মাইক্ৰ’ছফটে পৰিচয় কৰাই দিছিল স্পৰ্শৰে বাৰ্তা বিনিময়ৰ এক সংহতিৰ সৈতে যি উইণ্ড’জ ৮ৰ স্পৰ্শ ভাষা হিচাপে ব্যৱহাৰ কৰা হৈছে। এই আভ্যন্তৰিণ বাৰ্তা বিনিময়ে উইণ্ড’জ ৮ৰ ইউজাৰ ইণ্টাৰফেচৰ ভিত্তি নিৰ্ণয় কৰিছে আৰু এপ্লিকেশ্বনৰ গাঁথনিত ইয়াক যথেষ্ট ৰূপত ব্যৱহাৰ কৰা হৈছে। আমাৰ এই স্পৰ্শৰ ভাষাৰ প্ৰাথমিত লক্ষ্য হৈছে ব্যৱহাৰ সহজসাধ্য কৰা আৰু ব্যৱহাৰকাৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰা। সকলো স্পৰ্শৰ ভাব বিনিময়ে নিয়মিতভাৱে আৰু সকলো সময়তে বিশ্বাসযোগ্যভাৱে কাম কৰে। আমাৰ নিয়ন্ত্ৰণ গ্ৰহণ কৰা ডেভেলপাৰসকলে স্বয়ংক্ৰিয়ভাৱে এই ভাষা তেওঁলোকৰ এপ্লিকেশ্বনসমূহতো ব্যৱহাৰ কৰিব যেতিয়া তেওঁলোকে সাধাৰণ নিয়ন্ত্ৰণৰ পুনৰব্যৱহাৰ কৰিব বা নমুনা ব্যৱহাৰ কৰিব, আৰু তেনে কৰাৰ ফলত ব্যৱহাৰকাৰীয়ে শিকাৰ প্ৰয়োজনীয়তাও হ্ৰাস পাব।

প্ৰাথমিক সঞ্চালনৰ ক্ষেত্ৰত দুটাতকৈ বেছি আঙুলিৰ প্ৰয়োজন নহয়। অৱশ্যে এইখিনিতে মনত ৰাখিবলগীয়া যে বিভিন্ন ধৰণৰ এপ্লিকেশ্বনছৰ বাবে দুটা আঙুলিৰ ব্যৱহাৰ ষথেষ্ট সীমিত হ’ব পাৰে। এইবাবেই উইণ্ড’জ ৮ পিচিৰ বাবে প্ৰয়োজন ডিজিটাইজাৰৰ য’ত কমেও পাঁচটা আঙুলি ব্যৱহাৰ হয়। উইণ্ড’জ ৮ৰ নতুন ইউআই ধাৰণাই স্পৰ্শ হাৰ্ডৱেৰৰ ডিজাইনতো প্ৰভাৱ পেলাব। এয়া নতুন ক্ষেত্ৰ য’ত বৰ্তমানৰ উইণ্ড’জ ৭ কম্পিউটাৰৰ পৰিৱৰ্তে উইণ্ড’জ ৮ কম্পিউটাৰসমূহ অধিক সামৰ্থ হ’ব।

কিছুমান টাচ্চস্ক্ৰীণৰ ক্ষেত্ৰত, স্ক্ৰীণৰ পৰা উপলব্ধ হোৱা তথ্য প্ৰণালীবদ্ধ নহয়, তন্ত্ৰটোৰ বাবে এয়া জনাটোও অসম্ভৱ হৈ পৰে যে প্ৰকৃততে আঙুলি স্থিৰ হৈ আছে নে লৰচৰ কৰিছে। কোনো কোনো ক্ষেত্ৰত ‘দবোৱা আৰু ধৰা’ৰ দৰে সাধাৰণ সঞ্চালনো গণনা কৰাটো অতিশয় কঠিন হৈ পৰে। আঙুলিৰ জ্যামিতি ব্যৱহাৰ কৰি আমি নতুন পদ্ধতি উদ্ভাৱন কৰিছো স্পৰ্শৰ লক্ষ্যৰ পুনৰ মানচিত্ৰণেৰে, যাতে যিকোনো ইউআই ব্যৱহাৰ কৰাটো অধিক সহজ হৈ পৰে আঙুলিৰ স্পৰ্শৰ ব্যাসাৰ্ধৰ ভিতৰত। বিভিন্ন স্থানত হাৰ্ডৱেৰৰ বিভিন্নতাৰ বাবে আমি কাম কৰিছো, এনে বহু ক্ষেত্ৰ আছে য’ত ছফটৱেৰে কাম কৰিব নোৱাৰে।

তিনিটা কাৰকে সাধাৰণতে প্ৰভাৱ পেলায়, টাচ্চস্ক্ৰীণৰ ৰেছপন্স ৰেট, টাইপত বেগ আৰু টাচ্চ পইণ্টৰ সংখ্যা। সাধাৰণতে টাচ্চ স্ক্ৰীণৰ ৰেছপন্স ৰেট ড্ৰেগিং সঞ্চালনৰ বাবে অধিক উপযোগী ৰেপিড টেপছৰ তুলনাত, যাৰ ফলত ই মিছড টেপছ বুলি গণ্য কৰে। প্ৰাথমিক স্পৰ্শৰ বাবে সঁহাৰি দিওতে সাধাৰণ কিছু সময়ৰ প্ৰয়োজন হয়। ছুইপ আৰু শ্লাইডক টেপ বুলি ভুল কৰাটোও সম্ভৱ, বিশেষকৈ যিবোৰ হাৰ্ডৱেৰ অধিক স্পৰ্শকাতৰ নহয় তেনে ক্ষেত্ৰত। দাঁতিৰ পৰা ছুইপে সকলো সময়তে কাম নকৰে, বিশেষকৈ ক্ষিপ্ৰ ছুইপবোৰৰ বাবে।

এইবোৰ কাৰ্যকৰীভাৱে কেইবাটাও প্ৰণালীত উইণ্ড’জ ৭.০ ব্যৱহাৰেৰে পৰীক্ষা কৰি চোৱা হৈছে। উইণ্ড’জ ৭ৰ বেছিভাগ টাচ্চস্ক্ৰীণ উইণ্ড’জ ৮ৰ সৈতে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ অৰ্থ হৈছে যে টাচ্চ ড্ৰাইভাৰসমূহ লোড হৈ আছে, আৰু আপুনি উইণ্ড’জ ৮ত প্ৰাথমিক সংযোগ সম্পন্ন কৰিব পাৰিব এক উল্লেখনীয় ভাল ফলাফলেৰে। তলৰ তালিকা দুখনে উদাহৰণ দেখুৱাইছে কিমান সফলতা লাভ কৰা হৈছে উইণ্ড’জ ৮ ব্যৱহাৰৰ দ্বাৰা টাইল, ম’ভ কৰিবলৈ টাইল ড্ৰেগিং, স্নেপড্ ভিউৰ আকৃতি সালসলনি কৰিবলৈ ড্ৰেগিং আদিত। ১০০ শতাংশ মানে সকলো চেষ্টাই সফল।

উইণ্ড’জ ৮ প্ৰস্তুত কৰাৰ সময়ত আমি বাহ্যিক হাৰ্ডৱেৰ সহযোগীসকলৰ সৈতে অতি ওচৰৰ পৰা কাম কৰিছিলো যাতে হাৰ্ডৱেৰৰ বিভিন্নতা কম হয় আৰু উইণ্ড’জ ৮ৰ প্ৰণালীবদ্ধ প্ৰয়োজনীয়তা স্থাপন কৰিব পাৰি। মাইক্ৰ’ছফটে পৰীক্ষা কৰি প্ৰমাণপত্ৰ প্ৰদান কৰিছে প্ৰতিটো নতুন টাচ্চ ডিভাইচক বজাৰত উইণ্ড’জ ৮ পিচি হিচাপে প্ৰৱেশ কৰাৰ আগে আগে। এইদৰেই আমি নিশ্চিতি প্ৰদান কৰিছো উইণ্ড’জ ৮ হাৰ্ডৱেৰৰ প্ৰণালীবদ্ধতা আৰু মান সম্পৰ্কে।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate