অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড’জ ৮ কেলেণ্ডাৰ এপলিকেশ্যন

উইণ্ড’জ ৮ কেলেণ্ডাৰ এপলিকেশ্যন

এখন ভাল কেলেণ্ডাৰে ঘৰ, কৰ্মক্ষেত্ৰ তথা বিদ্যালয় জীৱনক স্পষ্ট ৰূপৰূপত প্ৰতিফলিত কৰিব পাৰিব লাগে। কেলেণ্ডাৰৰ ঘৰত প্ৰযুক্ত অতিৰিক্ত সুবিধাই আৰু ইয়াত অন্তৰ্ভুক্ত কৰা তথ্যাৱলীয়ে অধিক বাস্তৱ ৰূপ প্ৰতিফলিত কৰিব পাৰে।


জীৱনৰ সম্পূৰ্ণ ছবি প্ৰতিফলিত কৰিবলৈ কেলেণ্ডাৰে সকলো বস্তু একত্ৰিত কৰে।


কৰ্মক্ষেত্ৰ আৰু ব্যক্তিগত এপইণ্টমেণ্টসমূহ একক দৃষ্টিত উপলব্ধ। ব্যৱহাৰকাৰীয়ে সকলোবোৰ স্পষ্ট ৰূপত চাবৰ বাবে বিশেষ উপাদান অদৃশ্যমান কৰি ৰাখিব পাৰে। বিভ্ৰান্তি পৰিহাৰ কৰিবৰ বাবে ছেটিঙত এনেধৰণৰ ব্যক্তিগতকৰণ ব্যৱস্থাৰ নিয়ন্ত্ৰণ উপলব্ধ।

ইভেণ্ট আৰু এপইণ্টমেণ্ট খুলিয়েই এই বিষয়ে সহজতে জানিব পৰাকৈ প্ৰস্তুত কৰা হৈছে য’ত সময় আগুওৱা বা পিছুওৱাটোত অতি সহজ, এবাৰ ছুইপ কৰি, কীব’ৰ্ডত পেজ-ডাউন কী ডবাই অথবা ফৰৱাৰ্ড বুটামত ক্লিক কৰি নিৰবিচ্ছন্নভাৱে  এবাৰত এমাহ আগুৱাব পৰা যায়। ই প্ৰদান কৰে অধিক নিয়ন্ত্ৰণ। উদাহৰণ স্বৰূপে, জুনৰ পৰা আগষ্টলৈ যাবলৈ সাধাৰণভাৱে ক্লিক কৰি নাই দুবাৰ ছুইপ কৰিলেই হয়।

দৃশ্যপটৰ পৰিৱৰ্তন

যিসকল ব্যক্তিৰ এপইণ্টমেণ্টৰ পৰিমাণ কম তেওঁলোকে মাহভিত্তিক দৃশ্যপট বিচৰাৰ বিপৰীতে ব্যস্ততাপূৰ্ণ লোকে দিনভিত্তিক দৃশ্যপট বিচাৰে। উইণ্ড’জ ৮ত আছে এক এপলিকেশ্যন বাৰ য’ত ৰাইট-ক্লিক কৰি নাইবা তলৰ পৰা ছুইপ আপ কৰি দৃশ্যপট পৰিৱৰ্তন কৰিব পাৰি।

উপলব্ধ ইভেণ্ট খোলা আৰু প্ৰত্যক্ষকৰণ

উইণ্ড’জ ৮ টীমে অনুকূল স্থানত ইভেণ্ট ছাইজ ডিজাইন কৰিছে য’ত মাহভিত্তিক দৃশ্যপটত মাউছ আৰু টাচ্চৰ ১০০ শতাংশ নিৰ্ভুলতা নিশ্চিত কৰি প্ৰতিদিনে দুটাকৈ ইভেণ্ট অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ বিপৰীতে সপ্তাহ দিনভিত্তিক দৃশ্যপটে একেই উচ্চমানৰ শুদ্ধতাৰে দেখুৱায় সকলো ইভেণ্ট।

নতুন উপাদান অন্তৰ্ভুক্তি সৰলীকৰণ

কেলেণ্ডাৰৰ গ্ৰীড কৌশলৰ সহায়েৰে ইভেণ্ট সৃষ্টি পোনপটীয়া আৰু সকলো সময়তে তাত্ক্ষণিকভাৱে উপলব্ধ। ব্যৱহাৰকাৰীয়ে দিন বা সময়ত ক্লিকিং নাইবা টেপিঙৰ দ্বাৰা সাধাৰণভাৱে কেলেণ্ডাৰত নতুন ইভেণ্ট সংযোগ কৰিব পাৰে।

সকলোবোৰ সময়মতে ৰাখক

উইণ্ড’জ ৮ ৰ বিল্ট-ইন নিৰ্দেশনা ব্যৱস্থাৰ জৰিয়তে লঘু পপ-আপৰ মাধ্যমেৰে নিৰ্দেশনা আৰু ৰিমাইণ্ডাৰ অতি সহজসাধ্য আৰু ইয়াৰ বাবে বৰ্তমানৰ পাঠ ব্যাহত কৰাৰ প্ৰয়োজন নহয়। আসন্ন ইভেণ্টবোৰ লক স্ক্ৰীণ আৰু ষ্টাৰ্ট টাইলট প্ৰদৰ্শিত হয়।

 

স্নেপৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে অন্যান্য এপলিকেশ্যন ব্যৱহাৰ কৰি থকাৰ সময়তো কেলেণ্ডাৰ প্ৰত্যক্ষ কৰিব পাৰে। স্নেপ দৃশ্যপটত থকা কেলেণ্ডাৰত ব্যৱহাৰকাৰীয়ে একেসময়তে পৰিকল্পনা আৰু ব্ৰাউজো কৰিব পাৰে। উইণ্ড’জ টীমে ডিজাইন কৰিছে এক সৰল আৰু স্থায়ী মডেল য’ত সকলো দৃশ্যপটেই একক আৰু স্নেপ দৃশ্যপটত উপলব্ধ।

 

বহু পৰিমাণৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত সপ্তাহভিত্তিক দৃশ্যপট উপযোগী।


দুদিনীয়া দৃশ্যপটো উপলব্ধ যিয়ে অধিক স্পষ্টতা আৰু দক্ষতা প্ৰদান কৰে।

উৎস: ভাষা ইণ্ডিয়া

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate