অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড’জ ৮ত ইণ্টাৰনেট এক্সপ্ল’ৰাৰৰপৰা লিংক শ্বেয়াৰ

উইণ্ড’জ ৮ত ইণ্টাৰনেট এক্সপ্ল’ৰাৰৰপৰা লিংক শ্বেয়াৰ

এটা ৱেব পেজত লিংক শ্বেয়াৰ কৰাটো পিচিৰ সাধাৰণ কাৰ্য, আৰু উইণ্ড’জ ৮ত ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ৰপৰা ই অধিক সুন্দৰ হৈ পৰিছে। উইণ্ড’জ ৮ত এটা নতুন সুবিধা হৈছে শ্বেয়াৰ চাৰ্ম যিয়ে ব্যৱহাৰকাৰীক অনিৰুদ্ধভাৱে কম্পিউটাৰৰ এপ্লিকেশ্যনৰ পৰা কনটেণ্ট প্ৰেৰণৰ সুবিধা প্ৰদান কৰে। পূৰ্বতে, যদি ব্যৱহাৰকাৰীয়ে কোনো মনোগ্ৰাহী লিখনি বন্ধুবৰ্গৰ সৈতে বিনিময় কৰিব বিচাৰে, অথবা ধেমেলীয়া ছবি ব্লগত প্ৰকাশ কৰিব বিচাৰে তেন্তে তেওঁলোকে এড্ৰেছ বাৰৰ পৰা লিংকটো কপী কৰি ভিন্ন ছাইট অথবা এপ্লিকেশ্যনলৈ গৈ পেষ্ট কৰিব লাগিছিল। এতিয়া, উইণ্ড’জ ৮ শ্বেয়াৰ চাৰ্মৰ সহায়ত বৰ্তমানৰ পৃষ্ঠাটোৰপৰা আঁতৰ নোহোৱাকৈয়ে ব্যৱহাৰকাৰীয়ে পোনপটীয়াকৈ বিনিময় কৰিব পাৰে।

ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০-এ দুই ধৰণৰ ডেটা ফৰ্মেট প্ৰস্তুত কৰে য’ত অন্তৰ্ভুক্ত হয় প্ৰয়োজনীয় অন্তৰ্ভুক্তি— URI আৰু HTML য’ত থাকে পৃষ্ঠাটোৰ এক অভিজাত প্ৰতিনিধিত্ব।

এই আৰ্হি এপ্লিকেশ্যনে সাধাৰণভাৱে শ্বেয়াৰিঙৰ বাবে সমৰ্থন কৰে  HTML ডেটা ফৰ্মেটক, আৰু ইণ্টাৰনেট এক্সপ্ল’ৰাৰে প্ৰদান কৰে লিংক প্ৰিভিউ। লিংক প্ৰিভিউসমূহ হৈছে HTML য’ত থাকে প্ৰতিটো শ্বেয়াৰ্ড লিংকৰ শিৰোনাম, ছবি আৰু বৰ্ণনা। ই ব্যৱহাৰকাৰীসকলৰ বাবে ছাইট কনটেণ্ট বুজি পোৱাটো উজু কৰি তোলে। উইণ্ড’জ ৮ শ্বেয়াৰ চাৰ্মে উত্স আৰু লক্ষ্য এপ্লিকেশ্যনৰ মাজত সমন্বয়ৰক্ষা নিয়ন্ত্ৰণ কৰে সকলো এপ্লিকেশ্যনৰ মাজত সামগ্ৰিক শ্বেয়াৰিঙৰ সুবিধা প্ৰদান কৰাৰ বাবে। ই উত্স আৰু লক্ষ্য এপ্লিকেশ্যনৰ মাজত সতৰ্ক হৈ থকা আৰু পৰস্পৰৰ মাজত সমন্বয় স্থাপন কৰাৰ প্ৰয়োজনীয়তা আঁতৰ কৰে। এই ছবিত এক উচ্চ মানৰ ৰেখাচিত্ৰ দেখুওৱা হৈছে কিদৰে ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ৰ পৰা লিংকসমূহ শ্বেয়াৰ কৰিব পাৰি।

HTML হৈছে ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ক শ্বেয়াৰ চুক্তিৰ সৈতে সংযুক্ত কৰাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় ডেটা ফৰ্মেট। ইণ্টাৰনেট এক্সপ্ল’ৰাৰে উভয়ৰে বাবে লিংক প্ৰিভিউ প্ৰস্তুত কৰে যিয়ে ব্যৱহাৰকাৰীক প্ৰদান কৰে অতি উন্নত শ্বেয়াৰিঙৰ অভিজ্ঞতা, আৰু ৱেব ডেভেলপাৰক উইণ্ড’জ ৮ শ্বেয়াৰৰ সৈতে সংযুক্ত কৰাত সহায় কৰে। সামান্য অতিৰিক্ত মেটা-ডেটা মাৰ্কাপেৰে ছাইটবোৰে নিৰ্ণয় কৰিব পাৰে কোনবোৰ তথ্য তেওঁলোকৰ লিংক প্ৰিভিউত অন্তৰ্ভুক্ত কৰা হৈছে।

অন্য প্ৰান্তত যিয়ে শ্বেয়াৰ চুক্তি, লক্ষ্য এপ্লিকেশ্যনৰ HTML ডেটা ফৰ্মেট সমৰ্থন কৰে, এটা ৱেবছাইটৰো বিশ্লেষণ নকৰাকৈ প্ৰাসংগিক ৱেব হাইপাৰলিংকছৰ দ্বাৰা  পূৰ্ণ সুবিধা গ্ৰহণ কৰিবলৈ সমৰ্থ হয়। এই ধৰণৰ শ্বেয়াৰিংবোৰৰ স্ক্ৰীণশ্বট এনে ধৰণৰ

যেতিয়া ব্যৱহাৰকাৰীয়ে এটা ৱেবছাইট শ্বেয়াৰ কৰে, ইণ্টাৰনেট এক্সপ্ল’ৰাৰে লিংক প্ৰিভিউ প্ৰস্তুত কৰাৰ বাবে ৱেবছাইটটো বিশ্লেষণ কৰে। URIৰ উপৰি  HTML শ্বেয়াৰিং কৰাৰ মূল উদ্দেশ্য হৈছে সম্ভাব্য সৰ্বোত্তম প্ৰতিনিধিত্ব বিনিময় কৰা, যি ব্যৱহাৰকাৰীয়ে বিনিময় কৰিব বিচাৰে, সেইবাবে সকলোবোৰ শ্বেয়াৰৰ বাবে ইণ্টাৰনেট এক্সপ্ল’ৰাৰে লিংক প্ৰস্তুত কৰে। HTMLৰ সুবিধাবোৰ হৈছে যে ইয়াত  URIতকৈ বহুত বহুত বেছি তথ্য অন্তৰ্ভুক্ত কৰিব পাৰি, আৰু এটা হাইপাৰলিংকছৰ তুলনাত HTMLৰ অন্তৰ্ভুক্তি বেছি অৰ্থৱহ। HTML ব্যৱহাৰ কৰা এপ্লিকেশ্যনসমূহ ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০-এ শ্বেয়াৰ কৰা লিংক প্ৰিভিউৰ দ্বাৰা উপকৃত হ’ব পাৰে কিয়নো ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০-এ সকলো কঠিন কাম সম্পাদন কৰে। ই ছাইটটো বিশ্লেষণ কৰে আৰু এটা চমু আৰু তথ্যসম্বলিত লিংক প্ৰিভিউত একত্ৰিত কৰে, আৰু সকলো এপ্লিকেশ্যনৰ কৰণীয় মাথো প্ৰদৰ্শন কৰা আৰু  এই HTML হোষ্ট কৰা। এই হাইপাৰলিংক এমবেড কৰা হয় প্ৰিভিউটোৰ ভিতৰতেই, সেইবাৰে ই কেৱল  Uriৰ দৰেই কাৰ্য সম্পাদন কৰে। এইদৰে এপ্লিকেশ্যনসমূহে পৃষ্ঠাবোৰ সৰু, উন্নত প্ৰিভিউৰ বাবে ৱেব বিশ্লেষণত সমল ব্যৱহাৰ কৰাৰ প্ৰয়োজন নহয়, আৰু প্ৰাসংগিক লিংকবোৰ  HTML আকাৰে প্ৰিভিউ কৰা হয়।

ইণ্টাৰনেট এক্সপ্ল’ৰাৰকে ধৰি বহু এপ্লিকেশ্যনে HTML শ্বেয়াৰ কৰে।  HTML গ্ৰহণ কৰা লক্ষ্য এপ্লিকেশ্যনসমূহ শ্বেয়াৰ কৰা ডেটাৰ উত্সক লৈ অৱগত নহ’ব। ওপৰত উল্লেখ কৰাৰ দৰে, ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০-এ HTML শ্বেয়াৰ কৰে আভ্যন্তৰিণ আৰু বাহ্যিক উভয় শ্বেয়াৰিং পৰিৱেশৰ বাবে, সেইবাবেই কেতিয়াবা এই HTML হৈছে লিংক প্ৰিভিউ আৰু কেতিয়াবা ব্যৱহাৰকাৰীৰ নিৰ্ণয়। উভয় ক্ষেত্ৰতে  HTMLৰ অন্তৰ্ভুক্তি হৈছে সম্ভাব্য সৰ্বোত্তম প্ৰতিনিধিত্ব, যি ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিব বিচাৰে।

উৎস: ভাষা ইণ্ডিয়া

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate