অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড’জ ৮ত ফ্লেছ

উইণ্ড’জ ৮ত ফ্লেছ

উইণ্ড’জ ৮ আৰু উইণ্ড’জ আৰ টিত ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ আপডেট কৰি আছে মাইক্ৰ’ছফটে, যাতে স্বয়ংক্ৰিয়ভাৱে ফ্লেছ ফাইল খোলে। উইণ্ড’জ ৮ত সকলোবোৰ ফ্লেছ ফাইল সক্ৰিয়কৰণ কৰা হৈছে ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ডেস্কটপৰ বাবে। ফ্লেছ ফাইল সংলগ্ন বেছিভাগ ৱেবছাইটেই এতিয়া স্পৰ্শ, দক্ষতা আৰু বেটাৰী চলাৰ সময়ৰ সৈতে সংলগ্ন হৈ পৰিছে। এই আপডেটৰ বাবে একত্ৰিত কমপেটেবিলিটী ভিউ, চমুকৈ চিভি তালিকাত অতি কম সংখ্যক ফ্লাছ ফাইল থকা ৱেবছাইটহে ব্লক কৰা হয়, যিবোৰ এতিয়াও উইণ্ড’জৰ সৈতে সংলগ্ন হ’ব পৰা নাই বা এই ছাইটবোৰ এতিয়াও অন্য প্লাগ-ইনৰ দ্বাৰাহে চলে।

ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ উন্নীতকৰণ কৰা হৈছে উপভোক্তা, বাণিজ্য আৰু ডেভেলপাৰৰ বাবে। কিছুমান জনপ্ৰিয় ৱেবছাইটৰবাবে প্ৰয়োজন হয় এড’ব ফ্লাছ আৰু  HTML5ৰ বিকল্পৰ বাবে অনুমতি প্ৰদান নকৰে, এড’ব আৰু মাইক্ৰ’ছফটে একত্ৰিতভাৱে কাম কৰিছে ফ্লাছ প্লেয়াৰ উপলব্ধ উইণ্ড’জৰ বাবে।


উইণ্ড’জ ৮

উইণ্ড’জ আৰ টি

ইমাৰছিভ ইণ্টাৰনেট এক্সপ্ল’ৰাৰ

চিভি তালিকাৰ বাহিৰে সক্ৰিয়

চিভি তালিকাৰ বাহিৰে সক্ৰিয়

ডেক্সটপ ইণ্টাৰনেট এক্সপ্ল’ৰাৰ

সকলো ছাইটৰ বাবে সক্ৰিয়

চিভি তালিকাৰ বাহিৰে সক্ৰিয়

অধিক সুবিধাজনক ৱেব অভিজ্ঞতা

মাইক্ৰ’ছফটে ধাৰণা কৰে উপভোক্তা আৰু ডেভেলপাৰসকলৰ বাবে উইণ্ড’জত ফ্লেছ এক ব্যৱহাৰিক বিষয়। মাইক্ৰ’ছফটে এডবৰ সৈতে কাম কৰিছে এক নতুন ফ্লেছ সংস্কৰণৰ বাবে, যি উইণ্ড’ড ৮ৰ টাছ, দক্ষতা, সুৰক্ষা, বিশ্বাসযোগ্যতা আৰু বেটাৰী চলাৰ সময়ৰ ক্ষেত্ৰত উপযুক্ত হয়। এড’বে ফ্লেছ প্লেয়াৰত প্ৰভুল পৰিমাণে সাল-সলনি ঘটাইছে আৰু এয়া উইণ্ড’জ ৮ৰ সৈতে একত্ৰিতভাৱে প্ৰদানৰ বাবে প্ৰস্তুত কৰা হৈছে। উইণ্ড’জ ৮ৰ ফ্লেছ সংলগ্ন ইণ্টাৰনেট এক্সপ্ল’ৰাৰত ব্যৱহাৰকাৰীয়ে উপভোগ কৰে অন্যান্য টাছ-ফাৰ্ষ্ট অথবা টেবলেট ব্ৰাউজাৰ বা ডিভাইছৰ তুলনাত উন্নত মানসম্পন্ন অধিক সুচল ৱেবছাইট। যেতিয়া মাইক্ৰছফটে উইণ্ড’জ ৮ আৰু উইণ্ড’জ আৰ টিৰ বাবে ইণ্টাৰনেট এক্সপ্ল’ৰাৰ চি ভি তালিকা প্ৰকাশ কৰিলে, তাৰ পিছৰে পৰা ৱেব ব্ৰাউজিঙৰ ক্ষেত্ৰত ৱেবছাইটসমূহৰ বাবে ফ্লেছ ফাইল সক্ৰিয়কৰণৰ বাবে সুবিধাজনক হৈছে।

মাইক্ৰ’ছফটে পৰীক্ষা কৰা বেছিসংখ্যক ফ্লেছ ব্যৱহাৰ কৰা ৱেবছাইটেই উইণ্ড’জৰ বাবে উপযোগী হিচাপে বিবেচিত হৈছে। মাইক্ৰ’ছফটে পৰীক্ষা কৰা হাজাৰ হাজাৰ ৱেবছাইটৰ ভিতৰত মাথোঁ ৪ শতাংশ ৱেবছাইটহে উইণ্ড’জৰ বাবে উপযোগী নহয়, কিয়নো এইবোৰে ফ্লেছৰ লগতে অন্যান্য এক্টিভ-এক্স নিয়ন্ত্ৰণ ব্যৱহাৰ কৰে।

উপযুক্ত ফ্লেছ কনটেণ্ট প্ৰস্তুত

চিভি তালিকাৰপৰা আঁতৰাবলৈ অনুৰোধ কৰাৰ পূৰ্বে ডেভেলপাৰসকলে তেওঁলোকৰ ফ্লেছ কনটেণ্ট থকা ৱেবছাইটসমূহ পৰীক্ষা কৰিব পাৰে ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ৰ জৰিয়তে। তেওঁলোকৰ ছাইটৰ উপযোগিতা নিৰূপণ কৰিবৰ বাবে ডেভেলপাৰসকলে চি ভি তালিকাত থাকিলেও তেওঁলোকৰ ৱেবছাইট এক ৰেজিষ্ট্ৰী তালিকাত সংযুক্ত কৰিব পাৰে, যিয়ে যিকোনো ফ্লেছসংযুক্ত ৱেবছাইট ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ত খোলাৰ অনুমতি প্ৰদান কৰে।

HKEY_LOCAL_MACHINE \ Software \ Microsoft \ Internet Explorer \Flash \ Debug Domain = aatest.com

এই ডিবাগ ডমেইন সংযুক্ত কৰাৰ লগে লগে ডমেইনত থকা সকলো পৃষ্ঠা (ছাবডমেইনকে ধৰি)ইণ্টাৰনেট এক্সপ্ল’ৰাৰত ফ্লেছ প্লেয়াৰ চলোৱাৰ অনুমতি প্ৰদান কৰে।

উইণ্ড’জ ৮ আৰু উইণ্ড’জ আৰ টিৰ ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১০ত থকা ফ্লেছে প্ৰদান কৰে বৰ্তমানৰ ৱেবছাইট আৰু  HTML5 প্ৰযুক্তিৰ মাজত এক সেতুৰ সুবিধা।

উৎস: ভাষা ইণ্ডিয়া

শেহতীয়া উন্নীতকৰণ: : 6/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate