মূল পৃষ্ঠা / শিক্ষা / ডিজিটেল সাক্ষৰতা / কম্পিউটাৰ / উইণ্ড’জ ৮ৰে আপোনাৰ পৰিয়ালৰ অধিক সুৰক্ষিতকৰণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উইণ্ড’জ ৮ৰে আপোনাৰ পৰিয়ালৰ অধিক সুৰক্ষিতকৰণ

উইণ্ড’জ ৮ৰে আপোনাৰ পৰিয়ালৰ অধিক সুৰক্ষিতকৰণ

উইণ্ড’জ ৮ৰ অন্যতম স্বকীয় বৈশিষ্টø হৈছে কম্পিউটাৰসমূহত একাধিক একাউণ্ট পৰিচালনা কৰাৰ ক্ষমতা। ই অভিভাৱকসকলক ইণ্টাৰনেটত অপ্ৰত্যাশিত কনটেণ্ট প্ৰত্যক্ষ কৰাৰ পৰা বিৰত ৰাখিবলৈ আহিলা ব্যৱহাৰত অধিক সুবিধা প্ৰদান কৰে। ইয়াৰ উপৰি একেটা কম্পিউটাৰকে পৰিয়ালৰ সকলো সদস্যই বিনিময় তেওঁলোকৰ নিজৰ অদ্বিতীয় অনলাইন চিনাকি অব্যাহত ৰখাৰ ক্ষেত্ৰতো ই সুন্দৰ সুবিধা আগবঢ়ায়। সকলো ব্যৱহাৰকাৰীলৈ বিশেষকৈ অভিভাৱকসকলৰ বাবে কম্পিউটাৰ ব্যৱহাৰৰ সুৰক্ষিত পৰিৱেশৰ বাবে সহায় কৰিবলৈ আহিলা সৃষ্টি কৰাৰ ক্ষেত্ৰত মাইক্ৰ’ছফটে নেতৃত্ব বহন কৰি আহিছে। উইণ্ড’জ ৮ত উপলব্ধ পৰিয়ালৰ সুৰক্ষাৰ বৈশিষ্ট্য আৰু সেৱা। আজিৰ শিশুৱে সৰুৰপৰাই ইণ্টাৰনেটৰ ব্যৱহাৰ কৰে তেওঁলোকৰ হোমৱৰ্ক কৰিবলৈ, গেম খেলিবলৈ, বন্ধু-বান্ধৱীৰ সৈতে যোগাযোগ ৰক্ষা কৰিবলৈ আৰু ৱেবৰপৰা তথ্যৰ মেটমৰা সম্ভাৰ আহৰণ কৰিবলৈ, গতিকে অভিভাৱকৰ বাবে নীৰিক্ষণ কৰাটো কষ্টকৰ হৈ উঠে প্ৰকৃততে তেওঁলোকৰ সন্তানে অনলাইনত কি চাইছে।

কম্পিউটাৰত সন্তানে কি চাইছে সেয়া নীৰিক্ষণ কৰাত উইণ্ড’জ ৮এ অভিভাৱকসকলক সহায় কৰে মাত্ৰ তেওঁৰ সন্তানৰ বাবে উইণ্ড’জত প্ৰতিটো সন্তানৰ বাবে একাউণ্টৰ ব্যৱস্থা কৰি, পৰিয়ালৰ সুৰক্ষাৰ বাবে বক্সটো সক্ৰিয়কৰণেৰে।


অভিভাৱসকলে শিশুৰ কম্পিউটাৰ ব্যৱহাৰ সম্পৰ্কীয় সাপ্তাহিক প্ৰতিবেদন পৰ্যবেক্ষণ কৰিব পাৰে। ইয়াৰ বাবে অতিৰিক্ত ডাউনল’ড, ইন্সটলেশ্যন উইজাৰ্ডৰ অথবা কনফিগাৰেশ্যনৰ কোনো প্ৰয়োজন নাই। অভিভাৱসকললৈ প্ৰথমতে এখন আদৰণি ই-মেইল প্ৰেৰণৰ পিছত শিশুৰ কম্পিউটাৰ ব্যৱহাৰ সম্পৰ্কীৰ সংক্ষিপ্ত সাপ্তাহিক ইমেইল প্ৰতিবেদন প্ৰেৰণ কৰা হয়।


বাধানিষেধ আৰোপ কৰিব পাৰি কেৱল কাৰ্য-প্ৰতিবেদনৰ লিংকত মাত্ৰ এটা ক্লিক কৰিয়েই। মাইক্ৰ’ছফট একাউণ্টৰ পৰা, ব্যৱহাৰকাৰীয়ে যিকোনো স্থানৰপৰা, যিকোনো কম্পিউটাৰৰপৰা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কিয়নো এই প্ৰতিবেদন পোনপটীয়াভাৱে ইমেইললৈ প্ৰেৰণ কৰা হয়। যিকোনো সালসলনি সুৰক্ষিত থাকে familysafety.microsoft.comত আৰু স্বয়ংক্ৰিয়ভাৱে সকলো কম্পিউটাৰত ই প্ৰযুক্ত হয়, য’ত পৰিয়ালৰ সুৰক্ষা ব্যৱস্থা সক্ৰিয় কৰা হয়।

ৱেব ফিল্টাৰৰ সহায়ত অধিক নিয়ন্ত্ৰণ কৰা সম্ভৱ। ৱেব ফিল্টাৰে ছাইটসমূহ ফিল্টাৰিং কৰিব পাৰে


ছেফ ছাৰ্ছে একোটা ছাইটৰ পৰা এডাল্ট কনটেণ্ট ফিল্টাৰ কৰিব পাৰে।

এপ্লিকেশ্যন আৰু গেম নিষেধকৰণে শিশুৰ দ্বাৰা সেই গেম আৰু সেই এপ্লিকেশ্যন ব্যৱহাৰত অনুমতি প্ৰদান নকৰে।

সময়সীমা নিৰ্দিষ্টকৰণেৰে শিশুৱে কম্পিউটাৰ ব্যৱহাৰ কৰাৰ সময় নিৰ্ধাৰণ কৰিব পাৰি।

উৎস: ভাষা ইণ্ডিয়া।
3.01587301587
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top