অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ডজ

উইণ্ডজ হ’ল অপাৰেটিং চিষ্টেমৰ আন এটা উদাহৰণ। ই হ’ল চিষ্টেম চফ্টৱেৰ আৰু এপ্লিকেশ্যন্ চফ্টৱেৰৰ এটা সুসংবদ্ধ সংমিশ্ৰণ। এই শক্তিশালী উইণ্ডজ নামৰ চফ্টৱেৰ পেকেজটোৰ উদ্ভাৱক হৈছে আমেৰিকাৰ বিশ্ব-বিখ্যাত ‘MicroSoft Corporation Inc.’ নামৰ সংস্থাটো। এই সংস্থাটোৰ মুৰব্বী হৈছে বিশ্বৰ সৰ্ব্বাধিক ধনী ব্যক্তিগৰাকী, যাৰ নাম হ’ল- Bill Gates। এমএছ-ডচ-ৰ দৰে এই অপাৰেটিং চিষ্টেমটোও বিশ্বৰ সৰ্ব্বাধিক জনপ্ৰিয় আৰু প্ৰচলিত। ই খুব সহজ আৰু সুবিধাজনক। উইণ্ডজ-ৰ আগতে পাই অহা বহুকেইটা ভাৰ্চন্ বা সংস্কৰণ, যেনে- ৩, ৩.১, ৩.১১ আদি মাথোঁ এপ্লিকেশ্যন্ চফ্টৱেৰ অৰ্থাত্ নন্ অপাৰেটিং চিষ্টেম হিচাপেহে বজাৰত উপলব্ধ আছিল, কিন্তু উইণ্ডজ 95 সংস্কৰণৰ পাছৰে পৰা সমগ্ৰ ভাৰ্চন্ সমূহক এপ্লিকেশ্যন্ চফ্টৱেৰ হিচাপে ৰখাৰ উপৰিও চিষ্টেম্ চফ্টৱেৰ (বা অপাৰেটিং চিষ্টেম্) হিচাপেও বজাৰত মেলি দিয়া গৈছিল। উইণ্ডজ 95-ৰ পৰা আদি কৰি ইয়াৰ সমগ্ৰ সংস্কৰণসমূহক অত্যাধুনিক উপাদেনেৰে সমৃদ্ধ কৰি তোলা হৈছে। যাৰ ফলত এই সংস্কৰণসমূহে গ্ৰাহকৰ বিভিন্ন চাহিদা পূৰণ কৰিবলৈ সমৰ্থ হৈছে। সেয়েহে, উইণ্ডজ-নামৰ চফ্টৱেৰ পেকেজটো বৰ্ত্তমান ইনফ’ৰমেশ্যন টেক্ন’ল’জীৰ বজাৰখনত সৰ্ব্বাধিক জনপ্ৰিয় বা চাহিদাযুক্ত চফ্টৱেৰ হিচাপে পৰিগণিত হৈছে। সমগ্ৰ চফ্টৱেৰ পেকেজটোক যিহেতু “Menu Driven”  কৰি তোলা হৈছে, সেয়েহে ইয়াক সাধাৰণ ব্যৱহাৰকৰ্ত্তা বা ন-শিকাৰু এজনেও পূৰ্ব্বৰ কোনো জ্ঞান অবিহনে ব্যৱহাৰ কৰিব পাৰে। কিয়নো, ইয়াত পূৰ্ব্বতে সন্নিবিষ্ট হৈ আছে ব্যৱহাৰৰ বাবে আৱশ্যকীয় নিৰ্দ্দেশাৱলীসমূহ। সেয়েহে, আন চফ্টৱেৰৰ তুলনাত উইণ্ডজ-ত পূৰ্ব্ব উল্লেখিত নিৰ্দ্দেশাৱলী অনুসৰণ কৰি আমি এই চফ্টৱেৰটোত অতি সহজে আৰু ক্ষীপ্ৰগতিৰে কাম কৰিব পাৰোঁ। তলত উইণ্ডজ-ৰ কিছুমান উল্লেখযোগ্য বৈশিষ্ট্য, যাৰ ফলত ই এটা বিশেষ আৰু একক অপাৰেটিং চিষ্টেম্ হিচাপে পৰিগণিত হৈছে, সিহঁতক চমুৱাই আলোচনা কৰা হ’ল-

টাস্ক বাৰ আৰু ষ্টাৰ্ট মেনু

উইণ্ডজ স্ক্ৰীণ্ খনৰ একেবাৰে তলত এডাল চেপেটা দণ্ড দেখা পোৱা যায়। এই দণ্ডডালক টাস্ক বাৰ্ বুলি কোৱা হয়। এই দণ্ডডালৰ ওপৰত আমি যিবোৰ প্ৰোগ্ৰাম বা পেকেজ খুলি লওঁ, তাৰ নামটো দেখা পাওঁ। এই প্ৰোগ্ৰাম বা পেকেজসমূহৰ যিটোত আমি বৰ্ত্তমানে কাম কৰি থাকোঁ, সেই নামটো বাকীকেইটা নামৰ তুলনাত বেছি স্পষ্ট হৈ থাকে। এই টাস্ক বাৰৰ ওপৰত জিলিকি থকা প্ৰোগ্ৰামৰ নামসমূহৰ ওপৰত মাউচেৰে এবাৰ লেফ্ট ক্লিক্ কৰিয়েই আমি এটা প্ৰোগ্ৰামৰ পৰা আনটো প্ৰোগ্ৰামলৈ পোনপটীয়াকৈ যাব পাৰোঁ। টাস্ক বাৰ্ ডালৰ ওপৰত, ইয়াৰ উপৰিও আমি আন আন বিভিন্ন প্ৰোগ্ৰামৰ আইকন্ সমূহ দেখা পাওঁ। এই আইকনবোৰত লেফ্ট ক্লিক্ কৰিলে উক্ত প্ৰোগ্ৰাম বা পেকেজটো পোনচাটেই খোলা যায়।

টাস্ক বাৰ্ ডালৰ একেবাৰে বাঁওফালে এটা ক্ষুদ্ৰ আয়তাকাৰ চতুৰ্ভূজ দেখা যায়। এই চতুৰ্ভূজটিৰ ভিতৰত ষ্টাৰ্ট বুলি লিখা থাকে। ইয়াক ষ্টাৰ্ট আইকন্ বুলি জনা যায়। এই আইকনটিত ক্লিক্ কৰিলে এখন মেনু ওলায়। এই মেনুখনক ষ্টাৰ্ট মেনু বা মেইন্ মেনু বুলি কোৱা হয়। ইয়াত থকা বিভিন্ন ক’মাণ্ড বা Option-বোৰত আমি চিলেক্ট কৰি লেফ্ট ক্লিক্ কৰিলে উক্ত ক’মাণ্ড বা Option-টো কাৰ্য্যক্ষম হ’ব। ইয়াত থকা প্ৰধান কমাণ্ডবোৰ হ’ল-

প্ৰোগ্ৰামছ

ই হ’ল ষ্টাৰ্ট মেনুৰ অন্তৰ্গত প্ৰধান ক’মাণ্ড। ইয়াৰ অধীনত থকা বিভিন্ন প্ৰোগ্ৰামৰ নামবোৰৰ পৰা আমাক প্ৰয়োজন হোৱা প্ৰোগ্ৰামৰ নামটো চিলেক্ট কৰি লৈ তাৰ ওপৰত লেফ্ট ক্লিক্ কৰিলে উক্ত প্ৰোগ্ৰামটো খোলা যাব আৰু আমি তাত কাম কৰিবলৈ সক্ষম হম।

ডকুমেন্ট

ই হ’ল ষ্টাৰ্ট মেনুৰ অন্তৰ্গত আন এটা প্ৰধান ক’মাণ্ড। ইয়াৰ অধীনত শেহতীয়াকৈ ব্যৱহৃত হোৱা বিভিন্ন ফাইলৰ নামবোৰ দেখা যায়। এই নামবোৰৰ পৰা আমাক প্ৰয়োজন হোৱা ফাইলৰ নামটো চিলেক্ট কৰি লৈ তাৰ ওপৰত লেফ্ট ক্লিক্ কৰিলে উক্ত ফাইলটো পোনপটীয়াকৈ খোলা যাব আৰু আমি তাত কাম কৰিবলৈ সক্ষম হম। উল্লেখযোগ্য যে, ইয়াৰ অধীনস্থ File Name-ৰ তালিকাখনত এটা নিৰ্দ্দিষ্ট সংখ্যক ফাইলৰ নামহে সন্নিবিষ্ট হয়। তাতকৈ অধিক হ’লে পুৰণা ফাইল নামবোৰ মচা গৈ তাত নতুন File Name-ৰ অন্তৰ্ভূক্তি হয়।

চেটিংছ

ষ্টাৰ্ট মেনুৰ অন্তৰ্গত এই ক’মাণ্ডটোৰ অধীনত Control Panel, Printer, Task Bar & Start Menu, Folder Option, Option, Active Desktop আদি Sub-Command-বোৰ অন্তৰ্নিহিত হৈ থাকে। ইয়াৰ ভিতৰত Control Panel নামৰ চাব্-কমাণ্ডটোৰ অধীনস্থ Sub Sub-Command-বোৰৰ দ্বাৰা আমি কম্পিউটাৰৰ বহুখিনি ভিতৰুৱা কাৰ্য্য সম্পন্ন কৰিব পাৰোঁ। কেতবোৰ Sub Sub-Command হ’ল-

Accessibility Option, Add New Hardware, Add/Remove Programs, Date/Time, Desktop Themes, Display, Fonts, Internet, Keyboard, Modems, Mouse, Multimedia, Network, ODBC, Passwords, Printers, Regional Settings, Sounds....ইত্যাদি।

ফাইণ্ড

ষ্টাৰ্ট মেনুৰ অন্তৰ্গত এই ক’মাণ্ডটোৰ জৰিয়তে আমি কোনো এটা ফাইল বা ফ’ল্ডাৰ বিচাৰি ল’ব পাৰোঁ। এই পদ্ধতিৰ দ্বাৰা ফাইল এটা বিচাৰিলে উক্ত ফাইলৰ নামটোৰ লগতে তাৰ লগত মিল থকা আন ফাইলৰ নামসমূহে দেখা যায় আৰু আমি তাৰ পৰা আমাৰ প্ৰয়োজনীয় ফাইলটো বাচি লৈ নামটোৰ ওপৰত লেফ্ট ক্লিক্ কৰিলে উক্ত ফাইলটো পোনচাটেই খোল খাব।

হেল্প

এই ক’মাণ্ডটোৰ জৰিয়তে আমি কোনো এটা ট’পিকৰ ওপৰত বিশদ বিৱৰণ পাব পাৰোঁ। আমি আগতেই উল্লেখ কৰি আহিছোঁ যে উইণ্ডজ-টো হ’ল এটা Menu Driven Picture Oriented Software Package। ইয়াক শিকিবলৈ অইন কাৰো সহায় নহ’লেও হয়। ইয়াৰ অধীনত আমি যি শিকিব খোজোঁ, প্ৰত্যেকটোৰ ওপৰত একোটা ‘হেল্প ট’পিক’ পোৱা যায়। তাত সম্পূৰ্ণ সাৱলীল ভাষাত ব্যৱহাৰৰ বিশদ বিৱৰণ দিয়া থাকে, যাক পঢ়িয়েই সকলোখিনি নিজৰ আয়ত্বলৈ আনিব পাৰি।

ৰান

এই ক’মাণ্ডটোৰ জৰিয়তে আমি কোনো এটা বিশেষ প্ৰোগ্ৰাম, উইণ্ডজ-ৰ অদীনত থাকিয়েই চলাব (এক্টিভেট্) পাৰোঁ। ইয়াৰ বাবে অৱশ্যেই উক্ত প্ৰোগ্ৰামটোৰ সঠিক পথ নিৰ্দ্দেশনা কম্পিউটাৰটোক যোগান ধৰিব লাগিব। কিন্তু ন-শিকাৰুৱে কোনো অভিজ্ঞ ব্যক্তিৰ সহায় নোলোৱাকৈ এই ক’মাণ্ডটো ব্যৱহাৰ নকৰাই ভাল। ইয়াৰ ফলত হয়তো বহুতো বেমেজালিও হ’ব পাৰে- কম্পিউটাৰৰ আভ্যন্তৰীণ দিশত।

চাট ডাউন

এই ক’মাণ্ডটো হ’ল ষ্টাৰ্ট মেনুৰ অন্তৰ্গত শেষৰ ক’মাণ্ড। ইয়াৰ জৰিয়তে আমি কম্পিউটাৰটো বন্ধ বা পুনৰ চালিত কৰিব পাৰোঁ। যিদৰে কম্পিউটাৰটো অন্ কৰাৰ সময়ত আমি এটা ধাৰাবাহিকতা ৰক্ষা কৰোঁ বা কৰাটো ভাল, ঠিক তেনেদৰে অফ্ কৰাৰ সময়তো এটা ধাৰাবাহিকতা ৰক্ষা কৰাটো বাঞ্চনীয়। অন্যথাই, কম্পিউটাৰে হয়তো বিসঙ্গতি দেখুৱাব পাৰে। আকৌ, আমি কম্পিউটাৰটো চাট্ ডাউন্ কৰাৰ সময়ত এইটো লক্ষ্য ৰাখিব লাগে যে সকলো প্ৰোগ্ৰাম বন্ধ হৈ টাস্ক বাৰ্ ডাল যেন খালি (ব্লেঙ্ক/ফ্ৰি) হৈ আছে। নহ’লে, পিছৰ বাৰ কম্পিউটাৰটো অন্ (বুট্) কৰাৰ সময়ত ই বহুতো বিশৃংখলতাৰ সৃষ্টি কৰে।

অৱশেষত, টাস্ক বাৰ্ ডালৰ একেবাৰে সোঁফালে কম্পিউটাৰটোৰ মেম’ৰীত সঞ্চিত হৈ থকা সময়টো দৃশ্যমান হৈ থাকে। ইয়াৰ ওপৰত মাউচটোৰ পইণ্টাৰৰ সংস্পৰ্শ ঘটিলেই স্বয়ংক্ৰিয়ভাৱে তাৰিখ, মাহ, বছৰটোৰ উপৰিও বাৰটো দেখা যাব। যদিহে, ই সঠিক হৈ নাথাকে তেন্তে ইয়াক সংশোধন কৰিবও পাৰি। তাৰ বাবে আমি টাস্ক বাৰৰ ওপৰৰ সময়টোত দুবাৰ লেফ্ট ক্লিক্ কৰি দিলে এখন Date/Time Properties নামৰ মেনু ওলাব। তাত মাউচ্ বা কী-বোৰ্ডৰ সহায়েৰে আমি শুদ্ধ তাৰিখ আৰু সময়টো পাব পাৰোঁ। ইয়াৰ লগতে আমি মেনুখনৰ Time Zone নামৰ ঠাইখিনিত পৃথিৱীৰ যিকোনো এখন ঠাইৰ লগতে Greenwich Mean Time (GMT)-ৰ সমসাময়িক সময়টো পাব পাৰোঁ। উক্ত সংশোধনবোৰ কৰি লৈ আমি Apply বা OK নামৰ Option-টোত ক্লিক্ কৰিলে সেই সকলোবোৰ সংশোধন কম্পিউটাৰৰ মেম’ৰীত জমা হৈ ৰ’ব।

মাই কম্পিউটাৰ

উইণ্ডজ স্ক্ৰীণখনৰ ওপৰত থকা আইকনবোৰৰ ভিতৰত ইয়াক সৰ্ব্বপ্ৰথমেই পোৱা যায়। এই Option-টোৰ জৰিয়তে আমি কম্পিউটাৰ এটাৰ লগত সংলগ্ন হাৰ্ডৱেৰৰ সকলো ড্ৰাইভ যেনে- FDD, HDD, CDD আদিৰ উপৰিও আন আন আনুসঙ্গিক অংশসমূহৰ বিৱৰণ পোৱাৰ লগতে ইহঁতৰ ভিতৰৰ কণ্টেণ্টবোৰো দেখা যাব। ইহঁতৰ যিকোনো এটাত দুবাৰ লেফ্ট ক্লিক্ কৰিলে আমি তাৰ ভিতৰত সন্নিৱিষ্ট সামগ্ৰিক ফাইল আৰু ফ’ল্ডাৰ সমূহ চাব পাৰিম। ই এটা ৰেডিমেড্ ফ’ল্ডাৰ।

মাই ডকুমেন্ট

উইণ্ডজ Screen খনৰ ওপৰত থকা ই এটা আন প্ৰধান আইকন্। ইও এটা ৰেডিমেড্ ফ’ল্ডাৰৰ উদাহৰণ। ইয়াৰ ভিতৰত বিভিন্ন ফাইল, ফ’ল্ডাৰ আৰু ছবি সংৰক্ষণ কৰি ৰাখিব পাৰি। ইয়াৰ ভিতৰত কি কি সংৰক্ষিত হৈ আছে, তাক চাবলৈ আমি উক্ত আইকনটোৰ ওপৰত দুবাৰ লেফ্ট ক্লিক্ কৰিব লাগে।

দি ডেক্সটপ এৰিয়া

উইণ্ডজ অপাৰেটিং চিষ্টেমৰে কম্পিউটাৰটো বুট্ কৰিলে উইণ্ডজ স্ক্ৰীণ্ খনৰ ওপৰত দেখা পোৱা ঠাইখিনি, য’ত আইকনসমূহ উপস্থাপিত হৈ থাকে- সেই ঠাইখিনিকেই Desktop Area বুলি কোৱা হয়। এই ঠাইখিনি এজন ব্যৱহাৰকৰ্ত্তাৰ ইচ্ছানুযায়ী বা তেওঁৰ উপযোগীকৈ বিভিন্ন ৰং, ছবি আদিৰে সুন্দৰকৈ সজাই ল’ব পাৰি। ইয়াৰ বাবে আমি Desktop Area-ৰ ওপৰৰ যিকোনো ঠাইত ৰাইট্ মাউচ্ বুটনটো ক্লিক্ কৰিব লাগে, যাৰ ফলত এখন নতুন ধৰণৰ মেনু দেখা যাব আৰু তাত থকা Properties নামৰ Option-টোত এইবাৰ আমি লেফ্ট মাউচ্ বুটনটো ক্লিক্ কৰিলে উক্ত সংশোধনবোৰ আমাৰ ইচ্ছা অনুসৰি কৰি ল’ব পাৰিম।

লং ফাইলনেম

উইণ্ডজ-ৰ অধীনত কোনো এটা ফাইলৰ নামাকৰণত, ইতিমধ্যে পাই অহা সৰ্ব্বাধিক ৮-টা কেৰেক্টাৰৰ নিয়মটো প্ৰযোজ্য নহয়। ইয়াত আমি আমাৰ প্ৰয়োজন অনুসৰি ফাইল নেমটো দীঘল কৰিব পাৰোঁ। আনকি এই ফাইল নেমবোৰত ব্লেঙ্ক স্পেচ্ দিয়াৰ উপৰিও বিভিন্ন স্পেচিয়েল কেৰেক্টাৰ/চিম্বল-ও দিব পাৰি।

ৰিচাইকেল বিন

উইণ্ডজ-ৰ অধীনত থকা ই এটা অতি গুৰুত্বপূৰ্ণ ক’মাণ্ড। কাটি পেলোৱা বা মচি দিয়া কোনো ফাইল বা ফ’ল্ডাৰ প্ৰথমে গৈ এই Recycle Bin-নামৰ Option-টোত জমা হৈ ৰয়। যদি কিবা কাৰণত এই ফাইল বা ফ’ল্ডাৰৰ কোনো এটা পুনৰ প্ৰয়োজন হয়, তেন্তে তাক Recycle Bin-ৰ পৰা উদ্ধাৰ কৰিব পৰা যায়। ইয়াৰ বাবে আমি ৰিষ্ট’ৰ ক’মাণ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু, যদিহে সেই ফাইল বা ফ’ল্ডাৰটো Recycle Bin-ৰ পৰা মচি বা কাটি দিয়া হয়, তেন্তে তাক পুনৰুদ্ধাৰ কোনোপধ্যে সম্ভৱ নহয়। ই স্থায়ীভাৱে ডিলিট্ হৈ যায়। জমা হৈ থকা সকলো ফাইল বা ফ’ল্ডাৰ একেবাৰতে ডিলিট্ কৰিবলৈ Recycle Bin-ত পোৱা ‘Empty Recycle Bin’ নামৰ Option-টো ব্যৱহাৰ কৰিব পাৰোঁ।

উইণ্ডজ  এক্সপ্ল’ৰাৰ

উইণ্ডজ-ৰ অধীনত থকা এই Option-টো আমি কম্পিউটাৰৰ মেম’ৰীত সঞ্চিত হৈ থকা সকলোবোৰ ফাইল আৰু ফ’ল্ডাৰৰ নাম চাবলৈ আৰু প্ৰয়োজন সাপেক্ষে নামবোৰ পৰিৱৰ্ত্তন (Rename), Delete বা Open আদি কৰিবলৈ ব্যৱহাৰ কৰা হয়।

উইণ্ডজ-ৰ মূল উপাদানসমূহ

উইণ্ডজ-হ’ল এটা অতি জনপ্ৰিয় আৰু সৰ্ব্বাধিক চাহিদাযুক্ত অপাৰেটিং চিষ্টেম্। ইয়াৰ জনপ্ৰিয়তাৰ মূলতে আছে ইয়াত সন্নিৱিষ্ট কৰা কেতবোৰ অত্যাধুনিক উপাদানৰ সংযোজন। এই সকলোবোৰ উপাদান আমি ষ্টাৰ্ট মেনুৰ প্ৰোগ্ৰাম নামৰ Option-টোৰ অন্তৰ্গত Accessories নামৰ Option-টোৰ অধীনত বিচাৰি পাওঁ। তলত এই সকলোবোৰৰ এটি থুলমূল আলোচনা কৰা হ’ল-

কেলকুলেটৰ

উইণ্ডজ-ৰ অধীনতো আমি সচৰাচৰ ব্যৱহৃত কেলকুলেটৰ নামৰ উপাদান এটি পাওঁ। ইয়াৰ কামো সাধাৰণ কেলকুলেটৰ এটাৰ দৰে একেই। যিকোনো ধৰণৰ গাণিতিক যোগ, বিয়োগ, পূৰণ, হৰণ, শতকৰা হিচাপ আদি কামৰ বাবে এই উপাদানটো ব্যৱহাৰ কৰিব পৰা যায়। অৱশ্যে, কম্পিউটাৰত সৰ্ব্বমুঠ দুই ধৰণৰ কেলকুলেটৰ পোৱা যায়।

  • ষ্টেণ্ডাৰ্ড আৰু
  • চাইন্টিফিক।

ইয়াৰে প্ৰথমবিধ সাধাৰণ কেলকুলেটৰ এটাৰ নিচিনা কাম কৰিব পাৰে। অৰ্থাত্, যিকোনো ধৰণৰ সাধাৰণ যোগ, বিয়োগ, পূৰণ, হৰণ, শতকৰা হিচাপ আদিৰ বাবে এই কেলকুলেটৰ-টো ব্যৱহৃত হয়।

আনহাতে, দ্বিতীয়বিধ, অৰ্থাৎ, চাইণ্টিফিক কেলকুলেটৰ-এ উক্ত কামবোৰ কৰাৰ উপৰিও বিভিন্ন নম্বৰ পদ্ধতি, যেনে- Hexadecimal (Base 16), Decimal (Base 10), Octal (Base 8) আৰু Binary (Base 2) পদ্ধতিত গাণিতিক প্ৰক্ৰিয়াসমূহ সম্পন্ন কৰে। তাৰোপৰি, বিভিন্ন ত্ৰিগোনোমেত্ৰিক্ সমস্যা আৰু ল’গাৰিথম্-ৰ কাম কৰোঁতেও এই কেলকুলেটৰ-টো ব্যৱহাৰ কৰিব পৰা যায়।

কেৰেক্টাৰ মেপ

উইণ্ডজ-ৰ অধীনত থকা এই অপচনটোৰ দ্বাৰা আমি কোনো এটা বিশেষ কী-ৰ আনুসঙ্গিক সাংকেতিক মূল্য (স্পেচিয়েল্ চিম্বল্ ভ্যেলু) কোনো এটা বিশেষ ফটণ্ট (আখৰৰ ধৰণ)-ত কি বা কেনেকুৱা হ’ব তাক নিৰূপণ কৰিব পাৰোঁ। উক্ত সাংকেতিক মূল্যটো বিচাৰি লোৱাৰ পাছত তাক কপি কৰি লৈ আমাৰ প্ৰয়োজন সাপেক্ষে আন প্ৰোগ্ৰামত পেষ্ট কৰি লৈ ব্যৱহাৰ কৰিব পাৰোঁ।

নোটপেড

উইণ্ডজ-ৰ অধীনস্থ  নোটপেড হৈছে অতি সাধাৰণভাৱে তথ্য-পাতি লিখি ৰাখিব পৰা এটা প্ৰোগ্ৰাম। ইয়াত আন চফ্টৱেৰৰ তুলনাত অতি কম পৰিমাণে তথ্য জমা (ষ্ট’ৰ) ৰাখিব পাৰি। ইয়াত সাধাৰণতে DOS-ৰ অন্তৰ্গত Batch File-বোৰ বা উইণ্ডজ-ৰ অধীনস্থ .INI ফাইলবোৰ জমা ৰখা হয়। নোটপেড-ত সৰ্ব্বাধিক ৬৪ কিলোবাইট্ পৰ্য্যন্ত দীঘল টেক্সট্ ফাইল এটা তৈয়াৰ কৰিব পাৰি। ইয়াত সৃষ্টি কৰা ফাইল এটা আমি ইণ্টাৰনেট বা ই-মেইলৰ যোগেৰে নিৰ্দ্দিষ্ট গন্তব্য স্থানলৈ প্ৰেৰণ কৰিব পাৰোঁ। আনহাতে, যিকোনো ডিজাইনিং আদি কৰি উঠি কোনো এটা ফাইল ইণ্টাৰনেটত খুলি তাক কাৰ্য্যক্ষম কৰিবও পাৰি। এই প্ৰোগ্ৰামটো খুলিবলৈ আমি তলত দিয়া নিৰ্দ্দেশ পালন কৰিব লাগিব-

Start→Programs→Accessories→নোটপেড¿

নোটপেড খোলাৰ লগে লগে এটা নতুন ফাইল নিজে নিজে খোল খাই যায়। ইয়াত আমি প্ৰয়োজনীয় তথ্যসমূহ লিখি যাব পাৰোঁ। এই তথ্যসমূহক ডকুমেণ্ট বুলি জনা যায়। নোটপেড-ৰ স্ক্ৰীণখনত তলত দিয়া উপাদানসমূহ দেখা পোৱা যায়।

টাইটেল বাৰ

স্কীণখনৰ একেবাৰে ওপৰত থকা বাৰ্ ডালকেই Title Bar বুলি কোৱা হয়। ইয়াত বৰ্ত্তমানে আমি কাম কৰি থকা ড্ৰাইভ্ নেমটো আৰু ফাইল নেমটো দেখা যায়। যদিহে এটা নতুন ফাইলত কাম কৰা যায়, তেনেহ’লে Title Bar ডালত ‘Untitled-নোটপেড’ বুলি লিখা থাকে।

Maximise, Minimise আৰু Close Button- Title Bar-ৰ একেবাৰে সোঁফালে থকা ঠাইখিনিয়েই হ’ল Maximise, Minimise আৰু Close Button। ইয়াৰ বাবে তিনিটা পৃথক পৃথক বুটাম থাকে। ইয়াৰ ১নং বুটামত লেফ্ট ক্লিক্ কৰিলে উক্ত প্ৰোগ্ৰামৰ স্ক্ৰীণখন একেবাৰে সৰু হৈ Task Bar ডালত সোমাই যায়। পুনৰ স্ক্ৰীণখন পূৰ্ব্বাৱস্থালৈ আনিবলৈ আমি Task Bar-ৰ ওপৰত থকা প্ৰোগ্ৰামৰ নামটোৰ ওপৰত লেফ্ট ক্লিক্ কৰিব লাগে। আনহাতে, ২নং বুটামটোত ক্লিক্ কৰিলে স্ক্ৰীণখনৰ আকাৰ Maximum Size-লৈ বৃদ্ধি হয় আৰু দ্বিতীয়বাৰ তাত ক্লিক্ কৰিলে পুনৰ আগৰ আকাৰলৈ স্ক্ৰীণখন ঘুৰি আহে। আকৌ, ৩নং বুটামটোত ক্লিক কৰিলে স্ক্ৰীণখন সম্পূৰ্ণৰূপে বন্ধ (ক্ল’জ) হৈ যায়।

মেনু বাৰ

টাইটেল বাৰৰ ঠিক তলতেই অৱস্থিত বাৰ্ ডালকেই মেনু বাৰ্ বুলি কোৱা হয়। দৰাচলতে, ই এটা প্ৰোগ্ৰামত ব্যৱহৃত হোৱা বিভিন্ন ক’মাণ্ডৰ তালিকাৰ সমষ্টি। এই ক’মাণ্ডসমূহ একো একোখন তালিকা বা মেনুৰ অধীনত শৃংখলাবদ্ধভাৱে আৰু পৰিপাটিকৈ একাদিক্ৰমে সজোৱা থাকে। মেনু বাৰত পোৱা বিভিন্ন ক’মাণ্ড মেনু সমূহৰ ভিতৰত ঘাইকৈ তলত দিয়া মেনু সমূহেই প্ৰধান-

ফাইল, এডিট, চাৰ্চ, ভিউ, হেল্প

স্ক্ৰোল বাৰ

স্ক্ৰোল বাৰৰ সহায়ত আমি কাম কৰি থকা ফাইল বা ডকুমেণ্টটোৰ নিৰ্দ্দিষ্ট পৃষ্ঠাখনৰ ওপৰ, তল, সোঁ, বাঁও- আদি দিশলৈ গতি কৰিব পাৰোঁ। সৰ্ব্বমুঠ দুডাল স্ক্ৰোল্ বাৰ্ পোৱা যায়। স্ক্ৰীণখনৰ একেবাৰে সোঁফালে এডাল লম্বভাৱে থাকে, যাৰ সহায়ত পৃষ্ঠাখন ওপৰ-তল কৰিব পাৰি আৰু আনডাল স্ক্ৰীণখনৰ একেবাৰে তলত আনুভূমিকভাৱে থাকে, যাৰ ফলত পৃষ্ঠাখন সোঁৱে-বাঁওৱে ঘুৰাব পাৰি। প্ৰতিডাল স্ক্ৰোল্ বাৰৰ মাজত একো একোটা বৰ্গাকৃতিৰ চতুৰ্ভূজ থাকে। ইহঁতক স্ক্ৰোল্ বুটাম বুলি কোৱা হয়। ইয়াত ক্লিক্ কৰি ড্ৰাগ্ কৰিলে আমি পৃষ্ঠাখনক আমাৰ ইচ্ছানুযায়ী লৰচৰ কৰিব পাৰোঁ।

মেনু বাৰত থকা ক’মাণ্ডবোৰ

ফাইল মেনুৰ অন্তৰ্গত ক’মাণ্ডবোৰ তলত দিয়া ধৰণৰ। ইহঁতৰ দ্বাৰা ফাইল বা ডকুমেণ্ট এটাৰ ওপৰত কাম কৰিব পৰা যায়।

নিউ

এই ক’মাণ্ডটোৰ দ্বাৰা আমি নতুন এটা ডকুমেণ্ট খুলিব পাৰোঁ। যদি পূৰ্ব্বতে এটা নতুন ডকুমেণ্ট খোলা আছে, তেন্তে আগৰটো বন্ধ হৈ যাব আৰু নতুন ডকুমেণ্টটো খোলা যাব। অৱশ্যে আগৰ ডকুমেণ্টটো বন্ধ হোৱাৰ আগে আগে তাক আমি চেভ্ কৰিম নে নাই- সেই অপচনটো আমি কম্পিউটাৰৰ পৰা নিশ্চয়েই পাম।

অপেন

এই ক’মাণ্ডটোৰ দ্বাৰা আমি ইতিপূৰ্ব্বে কম্পিউটাৰৰ মেম’ৰীত সঞ্চিত (সংৰক্ষিত/জমা) হৈ ৰোৱা পুৰণা ফাইলবোৰৰ পৰা আমাৰ প্ৰয়োজনীয় ফাইলটো বাচি লৈ তাক খোলাৰ সুবিধা পাওঁ।

চেভ

এই ক’মাণ্ডটোৰ দ্বাৰা আমি কোনো এটা ফাইলত লিখা তথ্যসমূহ স্থায়ীভাৱে জমা কৰিব পাৰোঁ। যদিহে ফাইলটো পুৰণা হয়, তেন্তে এই ক’মাণ্ডটো ব্যৱহাৰ কৰিলেই যথেষ্ট হয়। কিন্তু, নতুন ফাইল এটা চেভ্ কৰাৰ ক্ষেত্ৰত কম্পিউটাৰে উক্ত ফাইলটোৰ বাবে এটা বৈধ ফাইল নেম্ বিচাৰে আৰু ইয়াক দিয়াটো বাধ্যতামূলক।

চেভ্‌ এজ

এই ক’মাণ্ডটোৰ দ্বাৰা আমি ইতিপূৰ্ব্বে জমা থকা কোনো এটা ফাইলক এটা নতুন নামেৰে পুনৰ জমা (চেভ্) কৰিব পাৰোঁ। অৰ্থাত্, কোনো এটা ফাইলৰ হুবহু প্ৰতিলিপি পাবলৈ এই ক’মাণ্ডটো ব্যৱহৃত হয়।

পেজ চেটআপ

কোনো এটা ডকুমেণ্টৰ পৃষ্ঠাখন কি জোখত লাগে, পৃষ্ঠাখনৰ চাৰিওফালৰ মাৰ্জিন্ (সীমা) কিমান এৰি দিয়া হ’ব, পৃষ্ঠাখন দীঘলীয়া বা পথালিকৈ খোলা, শিৰোনামা (হেডাৰ্) পাদটিকা (ফুটাৰ্) দিলে তাত কি লিখা যাব- ইত্যাদিবোৰ তথ্য কম্পিউটাৰক যোগান ধৰিবলৈ এই ক’মাণ্ডটো ব্যৱহাৰ কৰা হয়।

প্ৰিন্ট

কোনো এটা ডকুমেণ্টৰ তথ্যখিনি প্ৰিণ্টাৰৰ যোগেদি প্ৰিণ্ট কৰিবলৈ হ’লে এই ক’মাণ্ডটো ব্যৱহাৰ কৰা হয়। ডকুমেণ্টটো প্ৰিণ্ট কৰিবলৈ আমি কেতবোৰ নিৰ্দ্দিষ্ট প্ৰশ্নৰ উত্তৰ প্ৰথমতে দি ল’ব লাগে।

এক্সিট

নোটপেড বন্ধ কৰি তাৰ পৰা ওলাই আন কোনো প্ৰোগ্ৰাম বা উইণ্ড’জলৈ ঘুৰি যাবলৈ এই ক’মাণ্ডটো ব্যৱহাৰ কৰা হয়।

এডিট মেনুৰ অন্তৰ্গত ক’মাণ্ডবোৰ তলত দিয়া ধৰণৰ। ইহঁতৰ দ্বাৰা ফাইল বা ডকুমেণ্ট এটাৰ ওপৰত কাম কৰোঁতে প্ৰয়োজন হ’ব পৰা বিভিন্ন সংশোধনসমূহ কৰিব পৰা যায়।

আনডো

একেবাৰে শেহতীয়া কাৰ্য্যটো নাকচ কৰিবলৈ এই ক’মাণ্ডটো ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে আমি কী-বোৰ্ডৰ পৰা Ctrl+Z ও প্ৰেচ্ কৰিব পাৰোঁ।

কাট

কোনো Text, Word, Sentence, Paragraph বা Document এটাৰ কোনো অংশ কাটি পেলাবলৈ এই ক’মাণ্ডটো ব্যৱহাৰ হয়। ইয়াৰ বাবে আমি কী-বোৰ্ডৰ পৰা Ctrl+X ও প্ৰেচ্ কৰিব পাৰোঁ।

কপি

ইয়াৰ দ্বাৰা কোনো Text, Word, Sentence, Paragraph বা Document এটাৰ কোনো অংশ এটা কপি কৰি তাক মেম’ৰীত ৰাখি থৈ প্ৰয়োজন ভেদে পুনঃ পুনঃ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে আমি কী-বোৰ্ডৰ পৰা Ctrl+C ও প্ৰেচ্ কৰিব পাৰোঁ।

পেষ্ট

কাট্ বা কপি কৰা কোনো Text, Word, Sentence, Paragraph বা Document এটাৰ কোনো অংশ এটা পুনঃ ব্যৱহাৰ কৰিব খুজিলে আমি এই ক’মাণ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ বাবে আমি কী-বোৰ্ডৰ পৰা Ctrl+V বা Insert Key-টোও প্ৰেচ্ কৰিব পাৰোঁ। (Insert Key-এ অৱশ্যে সকলো প্ৰোগ্ৰামত পেষ্ট-ৰ কাম নকৰে)।

চিলেক্ট অ’ল

যদি ডকুমেণ্ট এটাৰ আটাইখিনি তথ্যকেই এবাৰতে চিলেক্ট কৰিব লাগে, তেন্তে এই ক’মাণ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ।

টাইম/ডেট

যদি ডকুমেণ্ট এটাত Automatically কম্পিউটাৰৰ মেম’ৰীত সঞ্চিত তাৰিখ আৰু সময়টো Insert কৰিব লাগে, আমি এই ক’মাণ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ বাবে আমি কী-বোৰ্ডৰ পৰা F5 কী-টোও প্ৰেচ্ কৰিব পাৰোঁ।

ৱৰ্ড ৰেপ

আমি ডকুমেণ্ট এটাত টাইপিং কৰি থাকোঁতে যদি সোঁফালে একেবাৰে শেষ সীমা (ৰাইট্ মাৰ্জিন্) পাওঁগৈ, তেন্তে, এই অপচনটো সক্ৰিয় (এক্টিভেট্) কৰিলে  কম্পিউটাৰে নিজে নিজে ই শেষৰ আখৰ বা শব্দটো ঠেলি পৰৱৰ্ত্তী শাৰীলৈ লৈ আহিব। এই সুবিধাটোকেই ‘ৱৰ্ড ৰেপ্ ফেচিলিটি’ বুলি কোৱা হয়। ইয়াক কাৰ্য্যক্ষম কৰাৰ লগে লগে এই Option-টোৰ সন্মুখত এটা √ চিহ্ন দেখা পোৱা যাব আৰু ইয়াক নিষ্ক্ৰিয় কৰাৰ লগে লগে √ এই চিহ্নটো নাইকীয়া হৈ যাব।

চেট ফন্ট

এই ক’মাণ্ডৰ জৰিয়তে আমি ডকুমেণ্ট এটাত প্ৰয়োগ কৰিবলগীয়া আখৰৰ ষ্টাইল (যাক ফ’ণ্ট বুলি কোৱা হয়) আৰু ইয়াৰ আকাৰ (চাইজ্) সৰু বা ডাঙৰ- আদি সংশোধন কৰিব পৰা যায়।

চাৰ্চ মেনুৰ অন্তৰ্গত ক’মাণ্ডবোৰ তলত দিয়া ধৰণৰ। ইহঁতৰ দ্বাৰা ফাইল বা ডকুমেণ্ট এটাৰ ওপৰত কাম কৰাৰ সময়ত কোনো শব্দ বিচাৰিব পাৰি।

ফাইণ্ড আৰু ফাইণ্ড নেক্সট

এই ক’মাণ্ড দুটাৰ জৰিয়তে আমি ডকুমেণ্ট এটাত প্ৰয়োগ কৰা কোনো এটা বিশেষ শব্দ উক্ত ডকুমেণ্টটোত কেইবাৰ প্ৰয়োগ হৈছে বা শব্দটো সঁচাকৈয়ে প্ৰয়োগ হৈছে নে নাই- তাক পৰীক্ষা কৰি চাব পাৰি। ইয়াৰ উপৰিও বিচাৰিব লগা শব্দটো পৃষ্ঠাখনৰ ওপৰ বা তল- কোন দিশে বিচাৰিব লাগিব- তাকো আমি এই ক’মাণ্ডটোৰ দ্বাৰা ঠিক কৰিব পাৰোঁ। ইয়াৰ বাবে আমি কী-বোৰ্ডৰ পৰা F3 নামৰ ফাংশ্যনেল্ কী-টো প্ৰেচ্ কৰিব পাৰোঁ।

হেল্প মেনুৰ অন্তৰ্গত ক’মাণ্ডবোৰৰ দ্বাৰা আমি কোনো এটা বিষয়ৰ ওপৰত প্ৰয়োজন হোৱা বিশদ বিৱৰণ লাভ কৰিব পাৰোঁ। এই বিৱৰণসমূহ পঢ়ি লৈয়েই আমি উইণ্ড’জৰ অধীনত অইন কাৰো সহায় নোলোৱাকৈ নিজেই জ্ঞান লাভ কৰিব পাৰোঁ।

ৱৰ্ডপেড

ৱৰ্ডপেড হৈছে নোটপেড-ৰ দৰে প্ৰায় একেই, কিন্তু তাতকৈ বহুগুণে অদিক শক্তিশালী আৰু উন্নত এটা এপ্লিকেশ্যন্ চফ্টৱেৰ। নোটপেড-ৰ তুলনাত অধিক সাৱলীলভাৱে ইয়াত কাম কৰিব পৰা যায়। নোটপেড-ৰ তুলনাত ৱৰ্ডপেডত কিছুমান বেছি সুবিধা সংযোজন কৰা হৈছে, যাতে ইয়াত কাম কৰোঁতে সাৱললীতা ৰক্ষা হয়। ইহঁতক তলত আলোচনা কৰা গল। এই প্ৰোগ্ৰামটো খুলিবলৈ আমি তলত দিয়া নিৰ্দ্দেশ পালন কৰিব লাগিব-

Start→Programs→Accessories→Wordpad¿

নোটপেড-ৰ তুলনাত ৱৰ্ডপেডৰ স্ক্ৰীণখন কিছু পৰিমাণে পৃথক। ইয়াত আমি Title Bar, Menu Bar, Maximise, Minimise আৰু Close Button-ৰ উপৰিও নতুন সংযোজন হিচাপে Standard Tool Bar, Formatting Tool Bar, Ruler Line আৰু Status Bar ডাল পাওঁ।

ইয়াৰ Title Bar ডালত আমি নতুন ফাইল এটাৰ নামটো ‘Document-Wordpad’ বুলি লিখা থকা দেখা পাওঁ।

Menu Bar ডালত আমি File, Edit, View, Insert, Format আৰু Help Menu কেইখন দেখা পাওঁ।

Standard Tool Bar ডালত আমি Wordpad-ৰ প্ৰধান ক’মাণ্ডসমূহৰ আইকনবোৰ দেখা পাওঁ। এই আইকনবোৰত লেফ্ট ক্লিক্ কৰিলে উক্ত ক’মাণ্ডটো কাৰ্য্যক্ষম হয়। ইয়াত থকা আইকনবোৰ হ’ল-

নিউ- এটা নতুন ফাইল বা ড’কুমেণ্ট বনাবলৈ।

অপেন- এটা পুৰণা ফাইল বা ড’কুমেণ্ট খুলিবলৈ।

চেভ- এটা ফাইল বা ড’কুমেণ্ট কম্পিউটাৰৰ মেম’ৰীত জমা/সংৰক্ষণ (ষ্ট’ৰ/চেভ্) কৰিবলৈ।

প্ৰিণ্ট- এটা ফাইল বা ড’কুমেণ্ট প্ৰিণ্টাৰৰ মাধ্যমেৰে প্ৰিণ্ট কৰিবলৈ।

প্ৰিন্ট প্ৰিভিউ

এটা ফাইল বা ড’কুমেণ্ট প্ৰিণ্ট কৰাৰ আগেয়ে কেনেকুৱা হৈছে, তাক চাবলৈ।

ফাইণ্ড

এটা আখৰ বা শব্দ বিচাৰি উলিয়াবলৈ।

কাট

যিকোনো টেক্সট্ কাটি পেলাবলৈ।

কপি

যিকোনো টেক্সট্ কপি কৰি মেম’ৰীত ৰাখিবলৈ।

পেষ্ট

কপি কৰা কোনো টেক্সট্, ডকুমেণ্টটোত পেষ্ট কৰিবলৈ।

আনডো

কোনো শেহতীয়া কাৰ্য্য এটা নাকচ কৰিবলৈ।

ডেট/টাইম

মেম’ৰীত জমা থকা শেহতীয়া তাৰিখ আৰু সময়টো স্বয়ংক্ৰিয়ভাৱে ডকুমেণ্ট এটাত ইনচাৰ্ট কৰিবলৈ।

Formatting Tool Bar ডালত পোৱা Option সমূহৰ দ্বাৰা আমি Wordpad-ত কাম কৰোঁতে সংশোধন কৰিবলগীয়া আখৰৰ প্ৰয়োজনীয় ষ্টাইল, আকাৰ (চাইজ্), Font Colour, Alignment, Bullet (সাঙ্কেতিক চিহ্ন) আদি প্ৰয়োগ কৰিব পাৰোঁ।

Ruler Line ডালৰ দ্বাৰা আমি কোনো এটা ডকুমেণ্টৰ পৃষ্ঠাখনৰ প্ৰয়োজনীয় জোখ-মাখ, মাৰ্জিন্ (সীমা) আৰু টেব্ চেটিং আদি কৰি ল’ব পাৰোঁ। এই ৰুলাৰ লাইন ডাল ভিজিবল বা হাইড্ কৰাৰ বাবে আমি ভিউ মেনুৰ অধীনস্থ ৰুলাৰ নামৰ Option-টোত লেফ্ট ক্লিক্ কৰিব লাগে।

সদৌ শেষত, Status Bar ডালত আমি কোনো এটা বিষয় বা ট’পিক-ৰ ওপৰত প্ৰয়োজন হোৱা সহায়ৰ বাবে দিয়া নিৰ্দ্দেশ আৰু নাম্ ল’ক আৰু কেপ্চ ল’ক-ৰ অন্/অফ্-ৰ অৱস্থিতি (পজিশ্যন্/ষ্টেটাচ্) সম্বন্ধে জানিব পাৰোঁ।

পেইন্ট

পেইন্ট হৈছে উইণ্ড’জ-ৰ অন্তৰ্গত এটা অতি আৱশ্যকীয় উপাদান। ই আচলতে এটা গ্ৰাফিকেল্ চফ্টৱেৰ। অৰ্থাত, প্ৰোগ্ৰামটো ব্যৱহাৰ কৰি আমি যিকোনো ধৰণৰ ছবি সাৱলীলভাৱে আৰু অতি সহজতে আঁকিব পাৰোঁ। কোনো এখন ফটো ডিজাইনিঙৰ কামটো এই প্ৰোগ্ৰামটো ব্যৱহাৰ কৰিব পাৰি। ইয়াক ল’ড্ কৰাৰ বাবে তলত দিয়া নিৰ্দ্দেশাৱলী পলন কৰিব লাগে-

Start→Programs→Accessories→Paint¿

Paint-ৰ স্ক্ৰীণখনত থকা উপাদাসমূহ তলত দিয়া ধৰণৰ-

Title Bar, Maximise, Minimise আৰু Close Button, Menu Bar, Tool Box, Graphical Area, Color Palette আৰু Status Bar.

ইয়াৰ Title Bar ডালত আমি নতুন ফাইল এটাৰ নামটো Untitled-Paint বুলি লিখা থকা দেখা পাওঁ।

মেনু বাৰ ডালত আমি File, Edit, View, Image, Colors আৰু Help Menu কেইখন পাওঁ।

পেইন্টৰ টুল্ বক্সটোত আমি ডকুমেণ্ট এটাত কাম কৰোঁতে প্ৰয়োজন হোৱা বিভিন্ন আহিলা-পাতিবোৰ দেখা পাওঁ। সৰ্ব্বমুঠ ১৬ টা বিভিন্ন টুলেৰে এই টুল্ বক্সটো সমৃদ্ধ। তলত ইহঁতৰ চমু পৰিচিতি দিয়া হ’ল-

চিলেক্ট বক্স

টুল্ বক্সত থকা প্ৰথম টুল দুটাক চিলেক্ট টুল্ বুলি কোৱা হয়। ইহঁতৰ দ্বাৰা আমি কোনো টেক্সট্ বা অ’ব্জেক্ট চিলেক্ট কৰিব পাৰোঁ।

ইৰেজাৰ

এই টুলটোৰ দ্বাৰা আমি কোনো টেক্সট্ বা অ’ব্জেক্ট-ৰ অপ্ৰয়োজনীয় অংশখিনি মচি দিব পাৰোঁ।

ফিল কলাৰ

এই টুলটোৰ দ্বাৰা আমি কোনো টেক্সট্ বা অ’ব্জেক্ট-ৰ প্ৰয়োজনীয় অংশখিনি Color Palette-ৰ পৰা চিলেক্ট কৰা ৰঙেৰে পূৰ্ণ কৰিব পাৰোঁ।

পিক কলাৰ

এই টুলটোৰ দ্বাৰা আমি কোনো টেক্সট্ বা অ’ব্জেক্ট-ৰ ওপৰত প্ৰয়োগ কৰা ৰঙৰ বিষয়ে জানিব পাৰোঁ।

মেগনিফায়াৰ

এই টুলটোৰ দ্বাৰা আমি কোনো টেক্সট্ বা অ’ব্জেক্ট-ক ডাঙৰ বা সৰু ৰূপত চাব পাৰোঁ।

পেঞ্চিল

এই টুলটোৰ দ্বাৰা আমি স্ক্ৰীণখনত সাধাৰণ পেঞ্চিল এডালেৰে অঁকাৰ দৰে ‘ফ্ৰি হেণ্ড ড্ৰয়িং’ কৰিব পাৰোঁ। ইয়াৰ বাবে উক্ত টুলটো চিলেক্ট কৰি লৈ মাউচটো ড্ৰাগ্ কৰি থাকিব লাগে।

ব্ৰাছ

কলাৰ পেলেটৰ পৰা কোনো এটা ৰং চিলেক্ট কৰি লোৱাৰ পাছত, এই টুলটোৰ দ্বাৰা আমি স্ক্ৰীণখনত উক্ত বাচনিকৃত ৰং টোৰে বিভিন্ন আকৃতি তৈয়াৰ কৰিব পাৰোঁ। ইয়াৰ বাবে উক্ত টুলটো চিলেক্ট কৰি লৈ মাউচটো ড্ৰাগ্ কৰি থাকিব লাগে। ব্ৰাচ্ টুলটোৰ আকাৰ আৰু গঠন বিভিন্ন ধৰণৰ কৰিব পৰা যায়।

এয়াৰ ব্ৰাছ

কোনো এটা টেক্সট্ বা অ’ব্জেক্ট-ৰ ওপৰত Color Palette-ৰ পৰা চিলেক্ট কৰা ৰংটো ছটিয়াই (স্প্ৰে) দিবলৈ এই টুলটো ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে উক্ত টুলটো চিলেক্ট কৰি লৈ মাউচটো ড্ৰাগ্ কৰি থাকিব লাগে। এয়াৰ ব্ৰাচ্ টুল-টোৰ আকাৰ আৰু গঠন বিভিন্ন ধৰণৰ কৰিব পৰা যায়।

টেক্স

এই টুলটোৰ দ্বাৰা আমি গ্ৰাফিকেল্ এৰিয়া-ৰ ওপৰত চিলেক্ট কৰা ঠাইখিনিত আখৰ লিখিবলৈ সমৰ্থ হওঁ। এই আখৰখিনি প্ৰয়োজন সাপেক্ষে ৰঙো কৰিব পৰা যায়।

ষ্ট্ৰেইট লাইন

এই টুলটোৰ দ্বাৰা আমি গ্ৰাফিকেল্ এৰিয়া-ৰ ওপৰত এডাল সৰল ৰেখা অঙ্কন কৰিব পাৰোঁ। ইয়াৰ বাবে আমি য’ৰ পৰা সৰল ৰেখাডাল আৰম্ভ কৰিম তাৰ পৰা আৰম্ভ কৰি য’লৈকে ৰেখাডাল অঙ্কন কৰিম তালৈকে মাউচটো লেফ্ট ক্লিক্ কৰি ধৰি থাকি ড্ৰাগ কৰিব লাগে।

কাৰ্ভ

এই টুলটোৰ দ্বাৰা আমি গ্ৰাফিকেল্ এৰিয়া-ৰ ওপৰত এডাল বক্ৰ ৰেখা অঙ্কন কৰিব পাৰোঁ। ইয়াৰ বাবে আমি প্ৰথমে Straight টুল্-টোৰ মাধ্যমেৰে কৰাৰ দৰে এডাল সৰল ৰেখা অঙ্কন কৰি ল’ব লাগে। তাৰ পাছত ৰেখাডালৰ যিখিনি অংশত ভাঁজটো দিম, সেইখিনি অংশত মাউচটোৰে লেফ্ট ক্লিক্ কৰি যিমান ভাঁজ লাগে সিখিনি পৰ্য্যন্ত ড্ৰাগ্ কৰিব লাগে। এই সমগ্ৰ প্ৰক্ৰিয়াটো আকৌ এবাৰ ৰিপিট্ কৰিব পাৰি। অৰ্থাত, এডাল সৰল ৰেখাক আমি সমুদায় দুবাৰ ভাঁজ লগাব বা দিব পাৰোঁ।

ৰেকটেংগল

এই টুলটোৰ দ্বাৰা আমি গ্ৰাফিকেল্ এৰিয়াৰ ওপৰত আয়ত বা বৰ্গ এটা অঙ্কিত কৰিব পাৰোঁ। ইয়াৰ বাবে আমি য’ৰ পৰা চতুৰ্ভূজটো অঙ্কন কৰিম তাৰ পৰা আৰম্ভ কৰি য’লৈকে চতুৰ্ভূজটো অঙ্কন কৰিম তালৈকে মাউচটো লেফ্ট ক্লিক্ কৰি ধৰি থাকি ড্ৰাগ্ কৰিব লাগে।

পোলিগন

এই টুলটোৰ দ্বাৰা আমি গ্ৰাফিকেল্ এৰিয়াৰ ওপৰত আমাৰ ইচ্ছানুযায়ী বহুভূজ এটা বনাব পাৰোঁ। ইয়াৰ বাবে আমি প্ৰথমে এডাল সৰল ৰেখা অঙ্কন কৰি ল’ব লাগে। তাৰপাছত, আমাক বহুভূজটোত যিমানডাল আৰু য’ত য’ত বাহু (লাইন্) লাগে, সিমানবাৰ আৰু ত’ত ত’ত মাউচটোৰে লেফ্ট ক্লিক্ কৰি গৈ থাকি, শেষৰ বাহুডালত দুবাৰ লেফ্ট ক্লিক্ কৰি দিব লাগে।

এলিপচে

এই টুলটোৰ দ্বাৰা আমি গ্ৰাফিকেল্ এৰিয়াৰ ওপৰত বৃত্তাকাৰ (চাৰ্কুলাৰ) বা উপবৃত্তাকাৰ ক্ষেত্ৰ এটা অঙ্কন কৰিব পাৰোঁ। ইয়াৰ বাবে আমি য’ৰ পৰা বৃত্তটো অঙ্কন কৰিম তাৰ পৰা আৰম্ভ কৰি য’লৈকে বৃত্তটো অঙ্কন কৰিম তালৈকে মাউচটো লেফ্ট ক্লিক্ কৰি ধৰি থাকি ড্ৰাগ কৰিব লাগে।

ৰাউণ্ডেড ৰেকটেংগল

এই টুলটোৰ দ্বাৰা আমি গ্ৰাফিকেল্ এৰিয়াৰ ওপৰত আয়ত বা বৰ্গ এটা অঙ্কিত কৰিব পাৰোঁ। কিন্তু এই ক্ষেত্ৰটোৰ কোণবোৰ ঘূৰণীয়া হয়। ইয়াৰ বাবে আমি য’ৰ পৰা চতুৰ্ভূজটো অঙ্কন কৰিম তাৰ পৰা আৰম্ভ কৰি য’লৈকে চতুৰ্ভূজটো অঙ্কন কৰিম তালৈকে মাউচটো লেফ্ট ক্লিক্ কৰি ধৰি থাকি ড্ৰাগ্ কৰিব লাগে।

লেখক: প্ৰণৱ জ্যোতি ঠাকুৰীয়া

উৎস: অসমীয়াত প্ৰাথমিক কম্পিউটাৰ শিক্ষা

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate