অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইন্ডোজ ৭

উইন্ডোজ ৭

উইন্ডোজ ৭ তৈয়াৰ কৰা হৈছে অধিক গতি সম্পন্ন আৰু ভৰসাযুক্ত কামৰ বাবে, যাতে আপুনাৰ পিচি আপুনি বিচৰা মতেই কাম কৰে।  উইন্ডোজ ৭ সাধাৰনতে অধিক সংকল্পযুক্ত ভাবে তৈয়াৰ কৰা হৈছে যাতে স্পষ্টভাবে উইন্ডোজ লাইনটো আৰু অধিক ভাবে কাম কৰিব পাৰে তাৰ হার্ডওয়েৰ আৰু অন্যান্য আনুসংগীক উপকৰনৰ সৈতে। বাচা ইণ্ডিয়া IME’s ৰ যোগেদি, ভাৰতত ব্যৱহাৰকাৰী সকলে উইন্ডোজ ৭ ব্যৱহাৰৰ ক্ষেত্রত ভাৰতীয় ভাষাৰ সাহায্যও পাব পাৰে।

নতুন বৈশিষ্ট

এটা নতুন বৈশিষ্ট যাক জাম্প লিষ্ট বোলা হয় সেইটো যুক্ত কৰা হৈছে যাতে আপুনি অতি সোনকালে আপুনাৰ প্রয়োজনীয় ছবি, গান, ওয়েবচাইট আৰু আন আন ডকুমেন্ট বিলাকলৈ যাব পাৰে । উইন্ডোজ টাকচ্‌ বাৰে আকৌ অতি ধুনীয়াকৈ সৰু সৰু প্রতিচ্ছবি বিলাক চাবলৈ, আইকন বিলাক আনকি বিভিন্ন ভাবে কাম কৰিবলৈ সাহায্য কৰে। কামৰ কৃতিত্ব খিনিৰ এনেকৈ উন্নতি সাধন হয় যাতে সেইবোৰ চকুৰ পচাৰতে লুকাই যায় আকৌ পুনৰায় প্রয়োজন মতে কামত লাগি যাব পাৰে, ইয়াৰ বাবে খুব কম মেমৰিৰ আৰু USB ডিভাইচ বিলাকক অধিক গতি প্রদান কৰে।

এই অনন্য দেখনিয়াৰ উইন্ডোজ ৭ হ’ল এৰোৰ এটা ফলাফল,এটা অতি সুন্দৰ ভিচুৱেল অভিজ্ঞতা যাতে আপুনাৰ পিচিৰ সৈতে কাম কৰাটো অতিশয় আনন্দদায়ক কৰি তোলে। উইন্ডোজৰ সীমা বিলাক একোটা স্বচ্ছ আইনাৰ দৰে যেন দেখি লগতে প্রায় বর্ননাতীত প্রচ্ছায়াযুক্ত আভা পাব যিবিলাক এটা বিস্তৃত ৰংৰ সাম্রাজ্যত আপোনাক লৈ যাব। উইন্ডোজ সাধাৰনতে উইন্ডোজ সীমা, নতুনকৈ আৰম্ভ মেনু আৰু টাক্সবাৰ আনকি বহুতো কিবা কিবি পাব পাৰে থিমচ্‌ত যাতে আপুনাৰ কম্পিউটাৰ খন মাথোন কেইটামান অতি সাধাৰন পদক্ষেপত অতুলনীয় হৈ উঠিব পাৰে।

হোমগ্রুপ হ’ল উইন্ডোজ ৭ ৰ এনে এটা সংস্কৰন যিটো আপুনাৰ ঘৰৰ কম্পিউটাৰত কাম কৰাটোৰ বাবে থকা আপুনাৰ চিন্তা একেবাৰে আতঁৰ কৰি দিয়ে। উইন্ডোজজ কনেক্ট হ’ল এতিয়া আন এটা উপকৰন যাৰ দ্বাৰা আপুনি তাঁৰ বিহীন ভাবে  ঘৰৰ নেটওয়ার্ক মাথোন এটা বটন চেপিয়েই কাম কৰিব পাৰে - “উইন্ডোজ ৭ ৰ লগত সামঞ্জস্যপূর্ণ” এটা হাইফাই ৰাউটাৰ যেন দেখি। এবাৰ আপুনাৰ নেটওয়ার্ক যদিহে তৈয়াৰ হৈ যায় তেন্তে নতুন নেটওয়ার্ক দৃশ্যটো আপুনাৰ যোগাযোগটোক আৰু অধিক সহজ কৰি দিব। টাক্সবাৰত থকাত ই আটাইকেইটা সুবিধা বিলাক - ওয়াইফাই, মোবাইল ব্রডব্যান্ড, ডাঊয়াল-আপ, বা কর্পোৰেট VPN - থিতাতে  দেখুয়াব পাৰে । মাথোন কেইটামান ক্লীক্‌ আৰু থিতাতে আপোনাৰ কাম হৈ যাব।

উইন্ডোজ ৭ টো আপুনাৰ লেপটপৰ বেটেৰীৰ পৰা অধিক পৰিমানে কার্য আদায় কৰিব লব পৰা ধৰনে তৈয়াৰ কৰা হৈছে । উদাহৰন হিচাবে, এইটো আপুনাৰ ইথাৰনেট জেকৰ শক্তিক বন্ধ কৰে যেতিয়া আপুনি এইটো ব্যৱহাৰ নকৰি এনেয়ে ৰাখি থয় যেনে আপুনা আপুনি আপোনাৰ LCD পর্দাখনৰ পোহৰ বন্ধ কৰি শক্তি অপচয় ৰোধ কৰে।

লাইব্রেৰী নামৰ এটা নতুন উইন্ডোজ ৭ উপকৰন আবিস্কাৰ হৈছে যাৰ ফলত আপোনাৰ ফাইল বিলাকক বিভিন্ন গ্রুপত ভগাই লব পাৰি, ফাইল বিলাক য’তেই নেথাকক কিয় বা যি নামতেই নেথাকক কিয় । এটা লাইব্রেৰী ৫০ টা ঠাইতে থাকিব পাৰে। আপুনি আকৌ নতুন লাইব্রেৰীও তৈয়াৰ কৰিব পাৰে - আৰু তাক মনে বিচৰা যিকোনো নামেই দিব পাৰে। এজন স্থাপত্যশিল্পী, উদাহৰন হিচাবে, তাৰ নিজৰ ব্লুপ্রিন্টৰ বাবে এটা লাইব্রেৰী তৈয়াৰ কৰিব পাৰে, চুক্তি আৰু বিল্ডিং আদি বনাবৰ বাবে কামত লগাব পাৰে।

উইন্ডোজ ৭ ৰ দ্বাৰা আপুনি নেদেখা ফাইল, ফোল্ডাৰ, ফটো আদি বিলাক বিচাৰিব পাৰে। ছার্চ বক্সৰ জৰিয়তে আপুনি প্রায় যিকোনো বস্তু বিচাৰিব পাৰে ষ্টার্ট মেনুত গৈ বা ওপেন উইন্ডোজত গৈ । আপুনি বিচৰা মতে ছার্চ বক্সখন ষ্টার্ট মেনুৰ প্রথমতেই পোৱা যায়। ষ্টার্ট মেনুত থকা এই ছার্চ বক্সখন বহুতো কামত যেনে ফাইল, ফোল্ডাৰ, প্রোগ্রাম আৰু ই-মেইলত বক্তব্য আদি আপুনাৰ কম্পিউটাৰত জমাই ৰাখিবৰ বাবে ব্যৱহাৰ কৰা হয়। মাথোন ষ্টার্ট বটন তো দবাই দিয়ক আৰু ছার্চ বক্সতগৈ টাইপ কৰা আৰম্ভ কৰক। আপুনি টাইপ কৰা আৰম্ভ কৰিবলৈ ললেই ষ্টার্ট মেনুত উপকৰন বিলাক দেখা দিব যিবিলাক আপুনি টাইপ কৰা বক্তব্যৰ সৈতে মিলি যাব পাৰে।

উইন্ডোজ টাচ হ’ল এনে এটা স্বাভাবিক প্রযুক্তি যাৰ মাধ্যমে আপুনি আপোনাৰ কম্পিউটাৰৰ পর্দাত মাথোন লাহেকৈ স্পর্শ কৰিয়েই কাম কৰিব পাৰে। যেতিয়া আপুনি উইন্ডোজ ৭ ক এটা টাচ স্ক্রীনৰ সৈতে যুক্ত কৰে, তেতিয়া আপুনি তাক আপোনাৰ আঙুলিৰ স্পর্শতেই কাম কৰাব পাৰে। মাল্টিটাচ প্রযুক্তিক সাহায্য কৰি, উইন্ডোজ ৭ এ এটা সম্ভাবনাৰ নতুন দিগন্ত খুলি দিছে। এটা দুগুন ক্লীক্‌ মানে এটা দুগুন সুত্রপাত। ইন্টাৰনেট এক্সপ্ল্রোৰাৰ ৮ ত আপুনি এটা ওয়েব পৃষ্ঠাক তললৈ বা ওপৰলৈ নিব পাৰে মাথোন পর্দাত আঙুলি স্পর্শক তললৈ বা ওপৰলৈ নি। ফটো দৃশ্যমান ঠাইলৈ গৈ আপুনি মাথোন হাতৰ আঙুলি দুটাক অলপ মেলি দিলেই হৈ যাব বা ফটোটো ঘুৰাব লগীয়া হলে মাথোন এটা আঙুলি আনটোৰ ওপৰেদি নিলেই কাম হৈ যায়।

মাইক্র’ছফট্‌ টাচ পেক ফৰ উইন্ডোজজ ৭ ভবিষ্যতলৈ বাট দেখায়। ই এনে এটা নতুন পেক য’ত আপুনি কিছুমান টাচ্‌ স্ক্রীন পিচি পাব, য’ত আপুনি এটা 3-D প্রকৃত পৃথিবী পাব যাক আপুনি আপুনাৰ হাতৰ জৰিয়তে ঘুৰাব পাৰিব।

মাইক্র’ছফট গ্লোবৰ পৃষ্ঠদেশখন ছুঁওক আৰু কাষৰ ডাঙৰকৈ থকা স্কেলখনলৈ চাওক

উইন্ডোজ ৭ প্রক্রিয়াটোক লাগে

  • ১ জিজাহার্টজ (GHz)   বা  অধিক গতিযুক্ত  ৩২- বিট (x৮৬) বা ৬৪-বিট (x৬৪) প্রচেচৰ
  • ১ জিজাবাইট (GB)    ৰেম (৩২-বিট) বা ২ GB ৰেম (৬৪-বিট)
  • ১৬ GB হার্ড ডিক্স ঠাই আছে  (৩২-বিট) বা ২০ GB (৬৪-বিট)

পোনেপোনে X ৯ WDDM 1.0 বা অধিক মাত্রাৰ চালকৰ সৈতে চিত্রণ ‌কৌশল

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate