অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

¬¬এছিনক্ৰ'নাচ প্ৰ'গ্ৰামিং

Windows 8.1ত এটা নতুন অনুসূচক APIএ ব্যৱহাৰকাৰীসকলক কাৰ্যৰ অগ্ৰাধিকাৰ ছেট কৰিবলৈ আৰু কাৰ্য ব্যৱস্থাপনা কৰিবলৈ দিয়ে। ই ছিষ্টেম সম্পদ কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰা এপ্প লিখাত সহায় কৰে আৰু ব্যৱহাৰকাৰীসকলক অধিক সঁহাৰিদায়ক অভিজ্ঞতা প্ৰদান কৰে।

সদায় সঁহাৰিদায়ক হোৱা লিখন এপ্পসমূহ প্ৰত্যাহ্বানমূলক হ'ব পাৰে। ব্যৱহাৰকাৰীসকলে লিষ্টভিউ নিয়ন্ত্ৰণ, SemanticZoom নিয়ন্ত্ৰণ আৰু অনুকূলিত নিয়ন্ত্ৰণসমূহসহ একাধিক, জটিল UI উপাদানসমূহ মিশ্ৰিত কৰে যিবোৰে ছিষ্টেম সম্পদৰ বাবে প্ৰতিযোগিতা কৰে। বহুতো উপাদানৰ এনিমেশ্বন কাৰ্যৰ দৰে সম্মুখ ক্ষেত্ৰৰ আৰু অতিৰিক্ত পৃষ্ঠভূমিৰ দ্ৰুত কাৰ্যৰ প্ৰয়োজন হয়।

Windows 8 আৰু JavaScript 1.0ৰ বাবে উইণ্ড'জ লাইব্ৰেৰীৰ সৈতে একত্ৰিত অনুসূচক নাছিল। কম-অগ্ৰাধিকাৰ প্ৰাপ্ত পৃষ্ঠভূমিৰ কাৰ্যই সম্মুখ ক্ষেত্ৰৰ কাৰ্যতকৈ আগতে সম্পন্ন কৰিবলৈ চেষ্টা কৰিছিল আৰু এপ্পৰ আচৰণ সঁহাৰিহীন বা খোকোজা লগা কৰিছিল। যিহেতু কাৰ্যবোৰ বিভিন্ন শাৰীত অনুসূচীত কৰা হৈছিল, ব্যৱহাৰকাৰীসকলৰ বাবে তেওঁলোকে বিচৰা অগ্ৰাধিকাৰ লাভ কৰিবলৈ শাৰীবোৰৰ মাজত সমন্বয় কৰিবলৈ সহজ উপায় নাছিল।

Windows 8.1 আৰু JavaScript 2.0ৰ বাবে উইণ্ড'জ লাইব্ৰেৰীয়ে এটা অৱজেক্ট/নামস্থান অনুসূচক সূচনা কৰে, যিয়ে সকলো কাৰ্য শাৰীকে এটা বিশ্বজনীন শাৰী হিচাপে একত্ৰিত কৰে। এই নতুন শাৰীৰ এটা অগ্ৰাধিকাৰভিত্তিক অনুসূচীকৰণ নীতি আছে যিয়ে দ্ৰুত আৰু প্ৰবাহী এপ্পসমূহ আৰু এটা অধিক একত্ৰিত ডেভেল'পাৰ অভিজ্ঞতা সমৰ্থন কৰে। ব্যৱহাৰকাৰীসকলে সহজেই কাৰ্যসমূহ অনুসূচীত কৰিব আৰু অগ্ৰাধিকাৰ প্ৰদান কৰিব পাৰে যাতে সঠিক কাৰ্য সঠিক সময়ত সম্পন্ন হয়।

অনুসূচকে JavaScript ৰ বাবে উইণ্ড'জ লাইব্ৰেৰীয়ে সম্পন্ন কৰা কাৰ্যসমূহ সমন্বিত কৰে আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত, এছিনক্ৰ'নাচ কাৰ্য উইণ্ড'জ ৰানটাইমৰ দ্বাৰা সম্পন্ন কৰা হয়। অনুসূচক ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীসকলে ছিষ্টেমৰ আন সকলো কাম সম্বন্ধিত সঠিক অগ্ৰাধিকাৰৰ ভিত্তিত তেওঁলোকৰ এপ্পৰ কাৰ্য অনুসূচীত কৰিব পাৰে।

কাৰ্য অনুসূচীত কৰা

কাৰ্য অনুসূচীত কৰিবলৈ, ব্যৱহাৰকাৰীসকলে এটা কাৰ্য সৃষ্টি কৰিবলৈ অনুসূচী পদ্ধতি ব্যৱহাৰ কৰে। ব্যৱহাৰকাৰীসকলে সম্পাদন কৰিব খোজা এটা কাৰ্য সম্পন্ন কৰাৰ ই এটা ফাংচনৰ পদ্ধতি। তেওঁলোকে এটা কাৰ্যৰ বাবে অগ্ৰাধিকাৰো নিৰ্ধাৰণ কৰিব পাৰে। অনুসূচী পদ্ধতিয়ে এটা অৱজেক্ট প্ৰদান কৰে যিয়ে IJob ইণ্টাৰফেচ ৰূপায়ণ কৰে আৰু ব্যৱহাৰকাৰীয়ে অনুসূচীত কাৰ্যটো বিৰাম, পুনৰাৰম্ভ আৰু বাতিল কৰিবলৈ এই অৱজেক্টটো ব্যৱহাৰ কৰিব পাৰে।

দুটা সৰল কাৰ্যক স্বাভাৱিক অগ্ৰাধিকাৰ প্ৰদান কৰা এটা উদাহৰণ ইয়াত দিয়া হৈছে।

JavaScript

// Schedule some work.
var job1 = S.schedule(function () {
window.output("Running job1");
}, S.Priority.normal);
window.output("Scheduled job1");

// Schedule more work.
var job2 = S.schedule(function () {
window.output("Running job2");
}, S.Priority.normal);
window.output("Scheduled job2");

অতিৰি্ক্ত নিয়ন্ত্ৰণৰ বাবে, কাৰ্য ফাংচনে এটা IJobInfo অৱজেক্ট গ্ৰহণ কৰিব পাৰে। ব্যৱহাৰকাৰীয়ে কাৰ্যটো সম্পন্ন হ'বনে, চলিত কাৰ্য সমাপ্ত হ'লে দ্বিতীয় কাৰ্যটো চলিবলৈ অনুসূচীত কৰা হ'বনে নিৰ্ধাৰণ কৰিব পাৰে আৰু কাৰ্যটোৱে নিয়ন্ত্ৰণ হেৰুৱালে এটা ফাংচন চলাবলৈ নিৰ্ধাৰণ কৰিব পাৰে।

কাৰ্য ব্যৱস্থাপনা কৰা

পূৰ্বৱৰ্তী শাখাত উল্লেখ কৰা হৈছে যে ব্যৱহাৰকাৰীয়ে অনুসূচী পদ্ধতিয়ে প্ৰদান কৰা IJob অৱজেক্টৰ দ্বাৰা কাৰ্য বিৰাম, বাতিল আৰু পুনৰাৰম্ভ কৰিব পাৰে। ব্যৱহাৰকাৰীয়ে অনুসূচকৰ অৱজেক্টৰ createOwnerToken পদ্ধতি ব্যৱহাৰ কৰি এটা IOwnerToken আহৰণ কৰিব পাৰে আৰু ইয়াক তেওঁলোকৰ অধিকাৰত থকা যিকোনো IJob অৱজেক্ট নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে।

এই উদাহৰণে কেবাটাও IOwnerToken অৱজেক্ট সৃষ্টি কৰে আৰু সেইবোৰ কেবাটাও IJob অৱজেক্টৰ মালিকানাৰ ধৰ্ম ছেট কৰিবলৈ ব্যৱহাৰ কৰে। ই তাৰপাছত তৎক্ষণাৎ একাধিক কাৰ্য বাতিল কৰিবলৈ IOwnerToken ব্যৱহাৰ কৰে।

JavaScript

var ownerObject1 = S.createOwnerToken();
var ownerObject2 = S.createOwnerToken();
var ownerObject3 = S.createOwnerToken();

// Schedule some work.
var job1 = S.schedule(function () {
window.output("Running job1 with owner1");
}, S.Priority.normal);
job1.owner = ownerObject1;
window.output("Scheduled job1 with owner1");

// Schedule some work.
var job2 = S.schedule(function () {
window.output("Running job2 with owner2");
}, S.Priority.normal);
job2.owner = ownerObject2;
window.output("Scheduled job2 with owner2");

// Schedule some work.
var job3 = S.schedule(function () {
window.output("Running job3 with owner1");
}, S.Priority.normal);
job3.owner = ownerObject1;
window.output("Scheduled job3 with owner1");

// Schedule some work.
var job4 = S.schedule(function () {
window.output("Running job4 with owner3");
}, S.Priority.normal);
job4.owner = ownerObject3;
window.output("Scheduled job4 with owner3");

window.output("Canceling jobs with owner1");
ownerObject1.cancelAll();

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 4/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate