অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এনএফচিৰ সৈতে প্ৰান্তীয় এপ্লিকেশ্যন বিকাশ

এনএফচিৰ সৈতে প্ৰান্তীয় এপ্লিকেশ্যন বিকাশ

নিয়াৰ ফিল্ড কমিউনিকেশ্যন (NFC) এক বহিৰ্গামী, স্বল্প পৰিসৰেৰ বেতাঁৰ প্ৰযুক্তি। ২ চেণ্টিমিটাৰ সুনিৰ্দিষ্ট পৰিসীমাত মানুহ সামগ্ৰী পঠোৱাৰ/গ্ৰহণ কৰাৰ বাবে ডিভাইচৰ সৈতে সংযুক্ত হ’ব পাৰে।


নকিয়া ৩৬০ স্পিকাৰ এটাৰ সৈতে উইণ্ড’জ ফোনৰ ব্লুটুথ পেয়াৰিঙৰ দ্বাৰা তথ্য আদান-প্ৰদান

এন এফ চি এক মানসম্পন্ন বেতাঁৰ প্ৰটোকল। ব্যৱহাৰকাৰী পিচিৰ বাবে এটি এন এফ চি ৰেডিঅ’ৰ প্ৰয়োজন।উইণ্ড’জ-৮ পিচিসমূহত বহুততে সংহত এন এফ চি ৰেডিঅ’ আছে। এন এফ চিয়ে কিছু  অনন্য ক্ষমতা উপলব্ধ কৰে। ব্যক্তিয়ে টেপ কৰিব পাৰে আৰু ব্লুটুথ ডিভাইচ পেয়াৰৰ দ্বাৰা আনকি ফটো পঠিয়াব পাৰে। বিভিন্ন ডিভাইচত এন এফ চি ব্যৱহাৰ কৰা হয়, যেনে-- পিচি, ফোন, স্পিকাৰ, হেডছেট, বেতাঁৰ প্ৰদৰ্শন ইত্যাদি। ডিভাইচৰ সৈতে সংযোগ কৰাৰ বাবে সঁচাকৈয়ে এক সুন্দৰ অভিজ্ঞতা। এন এফ চিত RFID টেগ ব্যৱহাৰ কৰে, এইবোৰ সঁচাকৈয়ে সস্তা, লঘু পেচিভ এণ্টেনা যিবোৰ ভাৰ্চুৱেলী সকলোতে সংযুক্ত কৰিব পাৰিব, অতি সাধাৰণ পোষ্টাৰতো।

‘টেপ’ৰ সংজ্ঞা

ব্যৱহাৰকাৰীসকল বাবো গুৰুত্বপূৰ্ণ যে একক পথত ডিভাইচ একেলগে টেপ কৰা। অন্য ডিভাইচৰ সৈতে এটি পিচি টেপ কৰাটো বহুতৰে বাবে নতুন হ’ব পাৰে।  ব্যৱহাৰকাৰীয়ে টাচ্চমাৰ্ক ব্যৱহাৰ কৰি, যাক ‘টেপ টু ডু’ হিচাপেও জনা যায়, এন এফ চি এণ্টেনা অৱস্থিত স্থানত নিৰ্দেশ কৰা স্থানত ডিভাইচ টেপ কৰিব পাৰে। পিচিৰ মডেলৰ ওপৰত নিৰ্ভৰ কৰি, ব্যৱহাৰকাৰীয়ে পিচিৰ বিভিন্ন অংশ টেপ কৰিব পাৰে।

 

টেপ এণ্ড ডুৰ দৃশ্যমান চিহ্ন

টেপৰ সময়ত উইণ্ড’জে স্বয়ংক্ৰিয়ভাৱে এটি শব্দ ধ্বনিত কৰে যেতিয়া ডিভাইচ সীমাৰ মাজত থাকে আৰু পৰস্পৰৰ সৈতে যোগাযোগ স্থাপন কৰে।

এন এফ চিৰ ব্যৱহাৰ

যেতিয়া ব্যৱহাৰকাৰীয়ে এন এফ চি ব্যৱহাৰ কৰাৰ প্ৰয়োজন আহি পৰে, কিছু এন এফ চি নিৰ্বাচন কৰে,  নিৰ্বাচনৰ এক স্বজ্ঞামূলক সন্ধানৰ উপায় প্ৰদান কৰে, যি নিজে কৰা অনুসন্ধানৰ তুলনাত দ্ৰুত। টেপে আৰম্ভ কৰে এক অভিজ্ঞতাৰ যি এপ্লিকেশ্যনৰ ওপৰত নিৰ্ভৰশীল আৰু ফটো বা প্লেলিষ্ট গ্ৰহণৰো ই অভিজ্ঞতা হ’ব পাৰে। ই সঁচাকৈয়ে ব্যৱহাৰকাৰী এপ্লিকেশ্যনৰ  সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল, যে টেপৰ পিছত কি সংঘটিত হ’ব। এন এফ চি API-এ একক সামগ্ৰী উপলব্ধ হোৱাৰ বাবে বিভিন্ন উপায় প্ৰদান কৰে।

এন এফ চি APIবোৰ  Windows.Networking.Proximity নামস্থানৰ মাজত অৱস্থিত হয়। প্ৰথমত, এপ্লিকেশ্যনে টেগ পৰিসীমাৰ ভিতৰ/বাহিৰৰ নৈকট্য বস্তুৰ সূচনা কৰিবলৈ  ব্যবহৃত হয়। ইয়াৰ পিছত DeviceArrival ইভেণ্ট হেণ্ডলাৰ যোগ কৰা হ’ব।  হেণ্ডলাৰে নিৰ্ণয় কৰে কেতিয়া  টেগ টেপ কৰা হ’ব, যাৰ অৰ্থ ব্যৱহাৰকাৰীয়ে টেগত তথ্য লেখা আৰম্ভ  কৰিব পাৰে।
ইয়াৰ পিছত, ব্যৱহাৰকাৰীয়ে টেগত তথ্য প্ৰকাশ কৰে। এই  এপ্লিকেশ্যনে দুটা তথ্য প্ৰকাশ কৰে, এটি আইডেণ্টিফায়াৰ ষ্ট্ৰিং য’ত থাকে এপ্লিকেশ্যন আইডি আৰু এপ্লিকেশ্যন প্লেটফৰ্ম আৰু লন্স আৰ্গুমেণ্ট। উইণ্ড’জ-৮ৰ বাবে, এপ্লিকেশ্যন আইডি হৈছে <package family name>!<app Id>  আৰু এপ্লিকেশ্যন প্লেটফৰ্ম হৈছে ‘উইণ্ড’জ’। ব্যৱহাৰকাৰীয়ে এপ্লিকেশ্যন পেকেজ তালিকাত এপ্লিকেশ্যন উপাদানৰ আইডি এট্ৰিবিউটৰপৰা আইডি মান কপি কৰা আবশ্যক।

এপ্লিকেশ্যনে প্লেটফৰ্মত কাম কৰে, উইণ্ড’জে ব্যৱহাৰকাৰীক বিকল্প এপ্লিকেশ্যন আইডি (সমূহ) আৰু এপ্লিকেশ্যন প্লেটফৰ্ম (সমূহ) প্ৰকাশ কৰাৰ অনুমতি দিয়ে।

এপ্লিকেশ্যনে এটি টেগ তথ্য প্ৰকাশ কৰে  publishBinaryMessage পদ্ধতি ব্যৱহাৰ কৰি। এই পদ্ধতিয়ে তিনিটা ব্যৱস্থা ব্যৱহাৰ কৰে--  messageType, message, and  messageTransmittedHandler। ব্যৱহাৰকাৰীয়ে  messageType ‘LaunchApp:WriteTag’  ৰূপে সংস্থাপিত কৰিব লাগে, যি  উইণ্ড’জৰ  এপ্লিকেশ্যনে যে এন এফ চি টেগ তথ্য লিখিবলৈ বিচাৰিছে সেয়া জানিবলৈ দিয়ে। ব্যৱহাৰকাৰীয়ে বাফাৰত বাইনাৰি বাৰ্তা সংৰক্ষণ কৰিবৰ প্ৰয়োজন হ’ব। ই ব্যৱহাৰকাৰী এপ্লিকেশ্যনক বাৰ্তাটো সফলভাৱে টেগত লেখাটো নিশ্চিত কৰে।

StopPublishingMessage ফাংচন কল নকৰা পৰ্যন্ত বা ProximityDevice মুক্ত নোহোৱা পৰ্যন্ত বাৰ্তা প্ৰকাশ অব্যাহত থাকে।

ত্ৰুটি পৰিচালনাৰ ব্যবস্থা

কেতবোৰ সাধাৰণ সমস্যাৰ এপ্লিকেশ্যন

  • Windows 8 doesn’t support automatically reformatting a tag to NDEF, so users will need to download and install NDEF formatter.  টেপ কৰা টেগ NDEF ব্যৱস্থাৰ নহয়।  উইণ্ড’জ-৮এ স্বয়ংক্ৰিয়ভাৱে ৰিফৰ্মেটিং হোৱা NDEF পদ্ধতি সমৰ্থন নকৰে। গতিকে ব্যৱহাৰকাৰীয়ে  NDEF ডাউনলোড আৰু ইনষ্টল কৰিব লাগিব।
  • টেপড টেগ কেৱলমাত্ৰ পাঠযোগ্য। কিছুমান এন এফ চি টেগ কেৱলমাত্ৰ পাঠযোগ্য হিচাপে লক কৰা হয়।
  • টেপড টেগ অতি সৰু আৰু সকলো তথ্য ৰখা সম্ভৱপৰ নহয়।
  • ব্যৱহাৰকাৰীসকলৰ পিচি এন এফ চি নাই, কিয়নো এন এফ চি এক জৰুৰীকালীন প্ৰযুক্তি।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate