অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এম এচ এক্সেল ২০০৭

নতুন ফলাফল সমৃদ্ধ ব্যৱহাৰকাৰী প্রক্রীয়ায় আপুনাক মাইক্র’ছফট অফিচ এক্সেলত কাম কৰিবলৈ অধিক সহজ কৰি দিছে। কমান্ড আৰু ব্যৱহাৰকাৰী প্রণালীবিলাক, যিবিলাক সাধাৰণতে জটিল জটিল মেনুত আৰু টুলবাৰত সোমাই গৈ থাকিছিল সেই বিলাক বর্তমানে যৌক্তিকতাপূর্ণ ভাবে ভিন ভিন বিভাগত সোমাই কর্ম পদ্ধতি অনুযায়ী টেব বিলাকৰ অৱস্থানৰ ফলত কাম কৰাত আপোনাৰ কামটো অধিক সহজ হৈ গৈছে। বহুতো ডায়লগ বক্স সলনি হৈ তলত থকা গেলেৰী মেনুৰ অর্ন্তভুক্ত হৈ গৈছে আৰু এই লাগতিয়াল সৰঞ্জাম বিলাক বা এটা নমুনা প্রতিচ্ছবি আপুনাক দেখুওয়া হৈছে যাতে আপুনি সঠিক সিদ্ধান্তটো লব পাৰে।

বিষয়বস্তু

অফিচ এক্সেল ২০০৭ ত, আপুনি আপোনাৰ কাম কৰিব ধৰা পৃষ্ঠাটোত অতি সোনকালে সংখ্যাতত্ববিলাক ভৰাব পাৰিব এটা বিষয়বস্তু আৰু এটা নির্দিষ্ট ধৰন ব্যৱহাৰ কৰিয়েই। এই বিষয়বস্তু খিনি আন আন ২০০৭ অফিচৰ পৰা অহা অফিচ ৰিলিজ প্রোগ্রামৰ সৈতে ভগাই লোৱা যায় যেনে মাইক্র’ছফট অফিচ ওয়ার্ড আৰু মাইক্র’ছফট অফিচ পাওয়াৰ পয়েন্ট, অন্যহাতে স্টাইল তৈয়াৰ হৈছে নির্দিষ্ট কিছুমান এক্সেলৰ ক্ষেত্রত যেনে এক্সেল টেবুল, চার্ট, পিভট টেবুল, চেপছ্‌ বা ডায়াগ্রাম আদিৰ ফৰমেট পৰিৱর্তন কৰাৰ বাবেহে ।

শাৰী আৰু স্তম্ভ বিলাক

অফিচ এক্সেল ২০০৭ এ আমাক প্রায় ১০ লাখ মান শাৰী আৰু ১৬ হেজাৰ মান স্তম্ভ এটা পৃষ্ঠাত তৈয়াৰ কৰিবলৈ সাহায্য কৰে। বিশেষকৈ, অফিচ এক্সেল ২০০৭ গ্রীড বা জালি প্রায় ১০,৪৮,৫৭৬ টা মান আৰু ১৬,৩৮৪ টা মান স্তম্ভ আছে যিবিলাকে আপোনাক ১,৫০০% ভাগ বেছি পৰিমানে শাৰী আৰু ৬,৩০০% ভাব অধিক স্তম্ভ দিব আৰু এই বিলাক আপুনি মাইক্র’ছফট অফিচ এক্সেল ২০০৭ ত পাব।

বিন্যাস আৰু শোধন কৰা

২০০৭ অফিচত আপুনি কোনো ব্যখ্যামূলক কামৰ বাবে আৰু প্রেজেনটেচনৰ বাবে প্রয়োজনীয় ডাটা বা সংখ্যা বিলাকৰ লগত দৃশ্যমান টীকা যোগ কৰি চর্ত সাপেক্ষে বিন্যাস ঘটাব পাৰে । খুব সহজেই ব্যতিক্রম ধৰা আৰু আপুনাৰ ডাটাত গুৰুত্বপূর্ণ ধাৰা নির্দেশ কৰা, আপুনি চর্তসাপেক্ষে একাধিক ফৰমেটিং নিয়ম আৰু তাৰ ব্যবহাৰ বিধি বিলাক যাক ব্যবহাৰ কৰি নতি যুক্ত ৰঙ, ডাটা বাৰ, ডাটাত আইকন ঠিক কৰা মূল্যবান দৃশ্যগত ফমেটিং আদি নিয়ম বিলাক পৰিপূর্ণ হয়। অফিচ এক্সেল ২০০৭ ত, আপুনি অতি সোণকালে তথ্য সম্বলিত বিষয় খিনি সাজু কৰিবলৈ বর্দ্ধিত বিন্যাস আৰু বাছনিৰ বাবে লাগতিয়াল প্রয়োজনীয় উত্তৰ খিনি বিচাৰিব পাৰিব।

তথ্যলিপি

অফিচ এক্সেল ২০০৭ ত আপুনি তথ্যলিপি সঁজুলি বিলাক অতি সহজেই ব্যৱহাৰ কৰিব পাৰিব যিবিলাকৰ দ্বাৰা ব্যৱসায়িক দৃষ্টিভঙ্গীযুক্ত তথ্যলিপি বনাব পাৰিব যাৰ ফলত আপুনাৰ কামটো অধিক ধুনীয়াকৈ সম্পন্ন হব। আপুনাৰ ওয়ার্ডবুকত ব্যৱহাৰ হোৱা বিষয়বস্তু খিনিৰ ওপৰত নির্ভৰ কৰি নতুন, আপ-টু-ডেট তথ্যলিপি বা চার্ট য’ত বিশেষ ভাবে সংযোজিত প্রতিক্রীয়া, যেনে ৩-ডি, স্বচ্ছতা আৰু পাতলকৈ ছাঁ আদি তৈয়াৰ কৰিব পাৰিব।

নতুন ব্যৱহাৰবিধি বিলাকে আপুনাক লাগতিয়াল চার্ট বিলাক বনাবলৈ এনে ভাবে সাহায্য কৰে যাতে আপুনি সঠিক তথ্যৰ বাবে সঠিক চার্ট পাব পাৰে । আগতিয়াকৈ তৈয়াৰ কৰি থোৱা অসংখ্য ধৰনৰ চার্ট আৰু তাৰ সজ্জা বিন্যাস দিয়া আছে যাতে আপুনি এটা ধুনীয়া আৰু আকর্ষনীয় ফৰমেট পাব য’ত সকলো বিলাক তথ্যই সোমাই গৈ আপুনাৰ কার্য সিদ্ধি কৰে।

অফিচ ২০০৭ অব্যহতিত, চার্টিং বিলাক সাধাৰনতে এক্সেল, ওয়ার্ড আৰু পাওয়াৰ পয়েন্টৰ সৈতে ভগাই লোৱা হৈছে। মাইক্র’ছফট গ্রাফ, ওয়ার্ড আৰু পাওয়াৰ পয়েন্ট আদিয়ে ব্যৱহাৰ কৰা এই বিলাক সুবিধা বর্তমানে এক্সেলত ও পোৱা যায়। এই এক্সেল পৃষ্ঠা যিবিলাকত আপুনাৰ চার্টৰ ডাটা বিলাক থাকে সেই বিলাকক আকৌ ইচ্ছা হলে ওয়ার্ড ডকুমেন্টত বা পাওয়াৰ পয়েন্টত সাঁচি ৰাখিব পাৰিব বা এটা বেলেগ বনাই আপুনাৰ ফাইলৰ বিষয় বস্তুৰ আয়তন সংকুচিত কৰি লব পাৰিব।

আগৰ এক্সেল সংস্কৰনত কাম কৰাতকৈ পিভট টেবিল বিলাকত কাম কৰাটো অধিক সহজ। বর্তামানে থকা নতুন পিভট টেবুল বিলাকৰ দ্বাৰা আপুনি যিবিলাক ডাটাৰ ক্ষেত্রত জাননী চাব বিচাৰে সেই বিলাক মাথোন কেইটামান ক্লীকতেই চাব পাৰিব।

বেগাই চালু কৰক

অফিচ এক্সেল ২০০৭ ত আপুনাক আৰু চার্ভাৰ বা ডাটাবেজ নামৰ বিষয়ে জানিবৰ প্রয়োজন নহয়। পৰিবর্তে আপুনি তথ্যৰ ভড়ালৰ (যিটো আপুনাৰ শাসক বা ওয়ার্ক গ্রুপে আপুনাৰ বাবে তৈয়াৰ কৰি থৈছে), পৰা কুইক লঞ্চ ব্যৱহাৰ কৰি কাম কৰিব পাৰে। এক্সেলত এটা যোগাযোগ মেনেজাৰে ওয়ার্ডবুকত থকা সকলো বিলাক যোগাযোগ সম্পর্কিত বিষয় দেখুয়ায় আৰু আকৌ সহজেই ব্যৱহাৰ কৰিব পৰা যায়, বা আন এটা পৰিবর্ত সংযুক্তিৰ লগত যোগাযোগটো সহজ কৰি তোলে। ইয়াৰ উপৰিও সাধাৰন দৃশ্যমাননত আৰু পৃষ্ঠা প্রতি দৃশ্যমাননত, অফিচ এক্সেল ২০০৭ এ আপুনাক এটা পৃষ্ঠা সজ্জা দৃশ্য আগবঢ়ায়। আপুনি এই দৃশ্যটো এটা কার্যপৃষ্ঠা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব আৰু কৰাৰ আগতে ছপি উলিয়াবৰ পিছত কেনে দেখিব তাকে আপুনি এটা সৰু অংশত চাই লব পাৰিব। এই ক্ষেত্রত আপুনি পেজ হেডাৰ, ফুটাৰ আৰু কার্যপৃষ্ঠাত মার্জিন চেটিংচত কৰি সঠিক ভাবে আপুনি য’ত বিষয় বস্তুটো বহুৱাব বিচাৰে যেনে চার্ট বা আকৃতি গঠন সঠিককৈ য’ত আপুনি বহুৱয়াব বিচাৰে । আপুনি অতি সহজেই আন আন পৃষ্ঠাৰ আকৃতি গঠন টেবত গৈ গঠন প্রক্রীয়া ভাগত সোমাই যাব পাৰিব ফল হিচাবে  অতি সহজেই দ্রুত ভাবে নিদির্ষ্ট অপচন্‌ত যেনে কোনো পৃষ্ঠাৰ অৱস্থানগত পৰিৱর্তন ঘটাব পাৰিব। প্রতিটো পৃষ্ঠাত কি, কেনে ধৰনে ছপিব তাক দেখিব পাৰিব ফলত আপুনাক একাধিক ছপাৰ পৰা আৰু ছপাৰ সময়ত কিছুমান তথ্য বাদ যোৱাৰ পৰা ৰক্ষা পাব।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate