মূল পৃষ্ঠা / শিক্ষা / ডিজিটেল সাক্ষৰতা / কম্পিউটাৰ / কম্পিউটাৰঃ ইয়াৰ সম্যক আৰু মৌলিক ধাৰণা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কম্পিউটাৰঃ ইয়াৰ সম্যক আৰু মৌলিক ধাৰণা

কম্পিউটাৰঃ ইয়াৰ সম্যক আৰু মৌলিক ধাৰণা

পৰিচয় আৰু বিৱৰণঃ এটি চমু আভাস

সূত্ৰ

কম্পিউটাৰ হ’ল এনে এটা স্বয়ংক্ৰিয় ইলেকট্ৰ’নিক যন্ত্ৰ, যিয়ে আমাৰ তথ্য-পাতি জমা আৰু প্ৰক্ৰিয়া কৰি আমাক এটা অৰ্থপূৰ্ণ শুদ্ধ উত্তৰ দিয়ে।

সূত্ৰটিৰ ব্যাখ্যামূলক বিৱৰণ

(১) ইলেকট্ৰ’নিকঃ যদিও কম্পিউটাৰ এটা চলাবলৈ বৈদ্যুতিক শক্তিৰ প্ৰয়োজন, ইয়াক পিছে ইলেকট্ৰিক (যেনে- টি.ভি., ফ্ৰীজ আদি) বুলি নকৈ ইলেকট্ৰ’নিক বুলিহে কোৱা হয়, কিয়নো কম্পিউটাৰৰ ভিতৰত এটা অতি শক্তিশালী ইলেকট্ৰ’নযুক্ত বেটাৰী (ইলেকট্ৰ’নিক বেটাৰী) নিহিত হৈ থাকে আৰু ইয়েই কম্পিউটাৰটোৰ মেম’ৰীত সঞ্চিত হৈ থকা আমাৰ তথ্য-পাতিবোৰক ভৱিষ্যতৰ বাবে জমা কৰি ৰাখিবলৈ যথাযোগ্য চালিকা শক্তি যোগান ধৰি থাকে।

(২) ডিভাইচ্ঃ যদিও কম্পিউটাৰটোক এটা মেচিন বুলি কোৱা হয়, আচলতে ই এটা ডিভাইচহে। ডিভাইচ্ মানে হ’ল- নিজে নিজৰ কাম কৰি ল’ব পৰা যন্ত্ৰ। অৰ্থাৎ ই স্বয়ংক্ৰিয়। যিহেতু কম্পিউটাৰে নিজৰ কাম নিজে কৰি ল’ব পাৰে, সেয়েহে কম্পিউটাৰটোক আমি ডিভাইচ্ বুলিহে কোৱা উচিত।

(৩) জমাঃ আমি যোগান ধৰা কেঁচা তথ্য-পাতিবোৰ কম্পিউটাৰে তাৰ লগত সংলগ্ন থকা মেম’ৰীত দীৰ্ঘদিনলৈ আৰু নিৰাপদভাৱে জমা ৰাখিব পাৰে আৰু প্ৰয়োজন অনুসৰি তাক আমি পুনৰাই ব্যৱহাৰৰ বাবে উলিয়াই ল’ব পাৰোঁ। ই জমা ৰখা তথ্য-পাতিবোৰ কেতিয়াও পাহৰি নাযায়।

(৪) প্ৰক্ৰিয়াঃ আমাৰ পৰা প্ৰাপ্ত কেঁচা তথ্য-পাতিৰ ওপৰত ভিত্তি কৰি, কম্পিউটাৰে আমাক এটা সমিধান দিব পাৰে। অৰ্থাৎ, ই আমি যোগান ধৰা তথ্য-পাতিবোৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবঢ়াই নি এটা সুস্থিৰ সিদ্ধান্তত উপনীত হৈ তাক আমাৰ আগত উপস্থাপন কৰে।

(৫) অৰ্থপূৰ্ণ শুদ্ধ উত্তৰঃ কম্পিউটাৰে আমাক মাথোঁ এটা উত্তৰেই নিদিয়ে, বৰং এটা শতকৰা এশ ভাগেই শুদ্ধ আৰু অৰ্থপূৰ্ণ সমিধানো আগবঢ়ায়। যদি কিবা কাৰণত ই আমাক ভূল উত্তৰ দিয়ে বা আমি ভূল উত্তৰ পাওঁ, তেন্তে সেয়া মাথোঁ অপাৰেটৰৰ দ্বাৰা সংঘটিত ভূল তথ্য প্ৰদানৰ বাবেহে, কিন্তু তাতো উত্তৰটো শতকৰা এশভাগেই শুদ্ধ থাকে।

কম্পিউটাৰৰ অংশবিশেষ

ইনপুট্ ডিভাইচ্

কম্পিউটাৰৰ সেই ভাগ বা অংশটো, যাৰ জৰিয়তে আমি কম্পিউটাৰত তথ্যৰ যোগান ধৰিব পাৰোঁ, উক্ত বিভাগটোক ইনপুট্ ডিভাইচ্ বুলি কোৱা হয়। বহুতো ইনপুট্ ডিভাইচৰ ভিতৰত তলত দিয়াবোৰেই প্ৰধানঃ-

কী-বোৰ্ড, মাউচ্, কাৰ্ড-ৰীডাৰ, পান্স-কাৰ্ড, বাৰ্-কোড্ ৰীডাৰ, জয়-ষ্টীক্, লাইট পেন, মেগ্নেটিক টেপ্, স্কেনাৰ, ফ্ল’পি, কেছেট, হাৰ্ড-ডীস্ক, চি.ডি., এম.আই.চি.আৰ., ও.চি.আৰ. ইত্যাদি।

আউটপুট্ ডিভাইচ্ঃ কম্পিউটাৰৰ যিটো অংশৰ জৰিয়তে আমি আমাৰ আকাংক্ষিত উত্তৰসমূহ দেখা পাওঁ, সেই বিভাগটোকেই আউটপুট্ ডিভাইচ্ বুলি জনা যায়। তলত ইয়াৰ কেতবোৰ উদাহৰণ দিয়া হ’লঃ-

মনিটৰ, প্ৰিণ্টাৰ, মেগ্নেটিক্ টেপ, কেছেট, চি.ডি., ফ্ল’পি, হাৰ্ড-ডিস্ক্ ইত্যাদি।

চি.পি.ইউ.ঃ ইয়েই কম্পিউটাৰ এটাৰ মুখ্য অংশ। ই মুখ্যতঃ তিনিভাগত বিভক্ত। যেনেঃ-

(ক) মেম’ৰী,

(খ) কণ্ট্ৰ’ল ইউনিট আৰু

(গ) এৰিথমেটিক্ এণ্ড ল’জিক ইউনিট।

(ক) মেম’ৰীঃ ই হ’ল চি.পি.ইউ.ৰ এটা মুখ্য অংশ। ইয়াক কম্পিউটাৰৰ মগজু বুলি কোৱা হয়। আমি কম্পিউটাৰক যোগান ধৰা তথ্যসমূহ এই অংশটোতেই জমা হৈ ৰয়। মানুহৰ মগজুৰ তুলনাত কম্পিউটাৰৰ মগজু অতি বেছি শক্তিশালী আৰু ই মানুহৰ তুলনাত অধিক তথ্য-পাতি বহুদিনলৈ নিৰাপদে সংগ্ৰহ কৰি ৰাখিব পাৰে। কম্পিউটাৰে মগজুত জমা কৰা তথ্যসমূহৰ হিচাপৰ এককটো বাইট্ বা কিল’বাইটত প্ৰকাশ কৰা হয়। কিন্তু, এটা বাইট হ’বলৈ হ’লে মুঠ ৮ টা বিট (বাইনেৰি ডিজিট) হ’ব লাগিব (৮ টা কেৰেক্টাৰ-এ এটা বিটৰ সৃষ্টি কৰে)। অৰ্থাৎ, এক বাইটত ৬৪ টা কেৰেক্টাৰ থাকে। তলত এই বিষয়ে বহলাই কোৱা হ’লঃ-

১ বিট               =    ৮ কেৰেক্টাৰচ্

১ বাইট             =    ৮ বিটচ্

১ কিল’বাইট      =    ১০২৪ বাইট্

১ মেগাবাইট     =    ১০২৪ কিল’বাইট্

১ জিজাবাইট    =    ১০২৪ মেগাবাইট্

১ টেৰাবাইট     =    ১০২৪ জিজাবাইট্

কম্পিউটাৰৰ মেম’ৰীটো দুটা ভাগত বিভক্ত। যেনে-

(১)প্ৰাইমেৰী মেম’ৰী আৰু

(২) চেকেণ্ডেৰী মেম’ৰী।

(১) প্ৰাইমেৰী মেম’ৰীঃ মূল মগজুৰ ই হ’ল প্ৰথম অংশ। ইয়াত তথ্য সমূহ প্ৰাথমিক তথা অস্থায়ীভাৱেহে সংৰক্ষিত হৈ থাকে। স্থায়ীভাৱে তথ্য জমা ৰখাটো ইয়াত সম্ভৱ নহয়। অৰ্থাৎ যেতিয়ালৈকে কম্পিউটাৰে বিজুলী শক্তি পাই থাকে বা আমি যেতিয়ালৈকে ইয়াত কাম কৰি থাকোঁ, তেতিয়ালৈকেহে ইয়াত তথ্যসমূহ জমা হৈ থাকে বা ৰাখিব পাৰি। ই প্ৰধানতঃ দুটা ভাগত বিভক্ত- (ক) ৰীড্ অ’নলী মেম’ৰী (ৰম্) আৰু

(খ) ৰেণ্ডম এক্সেচ মেমৰী (ৰেম্)।

(ক) ৰম্ঃ প্ৰাইমেৰী মেম’ৰীৰ ই হ’ল প্ৰথম অংশ। ইয়াত থকা তথ্যসমূহ (যেনেদৰে তাৰ নামটোতেই অৰ্থটো আছে) কেৱল পঢ়ি চাবহে পাৰি। ইয়াক পুনৰ লিখিব বা সংশোধন কৰিব নোৱাৰি। সেয়েহে ইয়াক ফিক্সড্ ইন্সট্ৰাকচন্ প্ৰোগ্ৰাম বুলিও কোৱা হয়। আকৌ ৰমক মেনুফেক্সাৰাৰ ডিফাইণ্ড্ মেমৰী বুলিও কোৱা হয়, কিয়নো ইয়াত থকা তথ্যসমূহ কম্পিউটাৰটোৰ উৎপাদনকৰ্ত্তাই ইতিপূৰ্বে লিখিত কৰি ৰাখে। যেনে- কম্পিউটাৰটোৰ উৎপাদন তাৰিখ, ইয়াৰ মেম’ৰীৰ বিতং বিৱৰণ, লগত থকা আনুসংগিক অংশসমূহ আৰু তাৰ বিৱৰণ ইত্যাদি। ৰম্ সেয়েহে নন্ প্ৰোগ্ৰামেবল আৰু ই স্থায়ী প্ৰকৃতিৰ।

(খ) ৰেমঃ প্ৰাইমেৰী মেমৰীৰ ই হ’ল দ্বিতীয় বিভাগ। ইয়াত থকা তথ্যসমূহ আমি পঢ়াৰ উপৰিও লিখিব আৰু প্ৰয়োজনসাপেক্ষে সংশোধন কৰিবও পাৰোঁ। ই সম্পূৰ্ণভাৱে অস্থায়ী প্ৰকৃতিৰ। অৰ্থাৎ ইয়াত আমি কোনোপধ্যে স্থায়ীভাৱে তথ্যবোৰ জমা কৰি ৰাখিব নোৱাৰোঁ। ই প্ৰোগ্ৰামেবল বাবে ইয়াক প্ৰোগ্ৰামেবল মেম’ৰী বুলিও ক’ব পাৰি। আনহাতে, ইয়াক ইউজাৰ ডিফাইণ্ড মেম’ৰী বুলিও আখ্যা দিয়া হয়, কিয়নো ইয়াত এজন ব্যৱহাৰ কৰ্ত্তাই তেওঁৰ প্ৰয়োজনমতেহে তথ্য ভৰ্তি কৰিব।

(২) চেকেণ্ডেৰী মেম’ৰীঃ মূল মেম’ৰী ইউনিটৰ ই হ’ল দ্বিতীয় বিভাগ। ই সম্পূৰ্ণৰূপে স্থায়ী প্ৰকৃতিৰ। ইয়াত আমি তথ্যসমূহ স্থায়ীভাৱে সংৰক্ষণ (জমা) কৰি ৰাখিব পাৰোঁ। চেকেণ্ডেৰী মেম’ৰী ইউনিটটো অতি বেছি শক্তিশালী আৰু ইয়াত বহু বেছি পৰিমাণে তথ্য সংগ্ৰহ কৰি ৰাখিব পাৰি। আনহাতে, চেকেণ্ডেৰী মেম’ৰীটো এটা পৃথক অংশ হিচাবে চি.পি.ইউ.টোৰ লগত সংলগ্ন হৈ থাকে। এই ইউনিটটো আমি বহু বেছি পৰিমাণে তথ্য সংগ্ৰহ কৰি ৰাখিব পাৰোঁ, তাকো নিৰাপদে আৰু দীৰ্ঘদিনলৈ। প্ৰয়োজন সাপেক্ষে এই তথ্যসমূহ আমি অতি সোনকালে উদ্ধাৰ কৰিব পাৰোঁ। চেকেণ্ডেৰী মেম’ৰী বহু ধৰণৰ আছে। তাৰ ভিতৰত তলত দিয়াবোৰেই প্ৰধান- হাৰ্ড ডিস্ক, ফ্ল’পি, চি.ডি., মেগ্নেটিক টেপ, কেছেট আদি।

কণ্ট্ৰ’ল ইউনিট

ই হ’ল চি.পি.ইউ.ৰ মুখ্য অংশ। ই চি.পি.ইউ.ৰ ভিতৰত তথ্যসমূহৰ গতিপথ নিৰ্ণয় কৰে। আমি কম্পিউটাৰক যোগান ধৰা তথ্যসমূহ কেনেধৰণৰ, সিহঁতক কিহৰ ওপৰত ভিত্তি কৰি যোগান ধৰা হৈছে, সিঁহতৰ গতিপথ কেনে হ’ব- ইত্যাদি বিভিন্ন ধৰণৰ কাম-কাজ এই কণ্ট্ৰ’ল ইউনিট্ বা চি.ইউ.-এ নিৰ্ধাৰণ কৰে। সেয়েহে ইয়াক আমি চুপাৰভাইজৰ আখ্যাও দিব পাৰোঁ, যিহেতু ই তথ্যসমূহক চুপাৰভাইজ কৰে। সাধাৰণ অৰ্থত ক’বলৈ গ’লে ই ট্ৰেফিক পইণ্টত ৰৈ থকা এজন ট্ৰেফিক পুলিচৰ দৰেই কাম কৰে।

(৩) এ.এল.ইউ. (এৰিথমেটিক এণ্ড ল’জিক ইউনিট)ঃ চি.পি.ইউ.-ৰ অন্তৰ্গত, ই হ’ল কম্পিউটাৰৰ তৃতীয় বিভাগ। ইয়াক প্ৰচেচ্ বক্স বুলিও জনা যায়। সকলো ধৰণৰ গাণিতিক প্ৰক্ৰিয়া তথা তুলনাত্মক বা ৰিজনিমূলক কাম-কাজৰ বাবে এই ভাগটো অপৰিহাৰ্য্য।
ব্যাখ্যা

কম্পিউটাৰক যোগান ধৰা কেঁচা তথ্য-পাতিবোৰ (যিবোৰ এতিয়াও প্ৰচেচ্ হোৱা নাই), যাক ইনপুট ডিভাইচৰ দ্বাৰা দিয়া হয়, প্ৰথমতে চি.পি.ইউ.-ৰ অন্তৰ্গত কণ্ট্ৰ’ল ইউনিটলৈ যায়। ইয়াত প্ৰথমে কণ্ট্ৰ’ল ইউনিটে এই তথ্যসমূহ গ্ৰহণ কৰে। কণ্ট্ৰ’ল ইউনিটে এই তথ্যখিনি গ্ৰহণ কৰি পোনতে মেম’ৰীলৈ পঠিয়াই দিয়ে আৰু তাত এই তথ্যখিনি অস্থায়ীভাৱে জমা (ষ্ট’ৰ) হৈ ৰয়। ইয়াৰ পিছত মেম’ৰীয়ে উক্ত তথ্যখিনি পুনৰ কণ্ট্ৰ’ল ইউনিটলৈকে উভতাই পঠিয়াই। এইবাৰ কণ্ট্ৰ’ল ইউনিটে তথ্যখিনি পৰীক্ষা কৰি চায়- এই তথ্যৰ ওপৰত কি ধৰণৰ প্ৰচেচিং কৰিব লাগিব। যদিহে তথ্যখিনি কোনোধৰণৰ গাণিতিক (এৰিথমেটিকেল) বা তুলনাত্মক (কম্পাৰেটিভ) নহয়, তেনেহ’লে কণ্ট্ৰ’ল ইউনিটে পোনচাটেই ইয়াক আউটপুট্ ডিভাইচলৈ ডিচপ্লে-ৰ বাবে পঠিয়াই দিয়ে।

আনহাতে, তথ্যখিনি যদি কিবা গাণিতিক বা তুলনাত্মক শ্ৰেণীৰ অন্তৰ্ভুক্ত হয়, তেনেহ’লে কণ্ট্ৰ’ল ইউনিটে উক্ত তথ্যখিনি চি.পি.ইউ.-ৰ অন্তৰ্গত এৰিথমেটিক এণ্ড লজিক ইউনিট (এ.এল.ইউ.)লৈ পঠিয়াই দিয়ে। এই বিভাগটোত সকলো ধৰণৰ গাণিতিক আৰু তুলনাত্মক কামবোৰৰ প্ৰচেচিং হয়। প্ৰচেচিং হোৱাৰ পিছত এ.এল.ইউ.-এ ইয়াৰ পৰা বাহিৰ হোৱা আকাংক্ষিত শুদ্ধ উত্তৰটো পুনৰ কণ্ট্ৰ’ল ইউনিটলৈ পঠিয়াই দিয়ে। কণ্ট্ৰ’ল ইউনিটে এইবাৰ শুদ্ধ উত্তৰটো পুনৰ মেম’ৰীলৈ জমা হ’বৰ বাবে পঠিয়াই দিয়ে। জমা হোৱাৰ পিছত মেমৰীয়ে উত্তৰটো পুনৰ কণ্ট্ৰ’ল ইউনিটলৈ ঘুৰাই পঠিয়াই আৰু অৱশেষত, কণ্ট্ৰ’ল ইউনিটে আমাৰ আকাংক্ষিত শুদ্ধ উত্তৰটো আমাক দিবৰ বাবে আউটপুট্ ডিভাইচলৈ প্ৰেৰণ কৰে আৰু আমি এই আউটপুট্ ডিভাইচতেই আমাৰ ঈপ্সিত (এক্সপেক্টেড্) উত্তৰটো লাভ কৰিব পাৰোঁ।

যদিও এইটো এটা অতি দীঘলীয়া প্ৰচেচ্ যেন দেখা গল, উক্ত গোটেইবোৰ কাম কৰিবলৈ কম্পিউটাৰটোক ১ (এক) চেকেণ্ডতকৈয়ো অতি কম সময়ৰহে প্ৰয়োজন হয়। কিয়নো, ই অতি দুৰন্ত গতিত কাম কৰে।

আনহাতে, ওপৰৰ ব্যাখ্যাটোৰ পৰা দেখা গ’ল যে চি.পি.ইউ.-ৰ ভিতৰত কণ্ট্ৰ’ল ইউনিটেই সবাতোকৈ বেছি গুৰুত্বপূৰ্ণ অংশ। আমি তথ্য যোগান ধৰাৰে পৰা আদি কৰি আমাক এটা শুদ্ধ উত্তৰৰ যোগান ধৰালৈকে- এই সকলোবোৰ কামতেই কণ্ট্ৰ’ল ইউনিটৰহে গুৰুত্ব অধিক। ই এজন ট্ৰেফিক পুলিচৰ দৰে কাম কৰে। চি.পি.ইউ.-ৰ ভিতৰত ই তথ্য-পাতিৰ গতিপথো নিৰ্ধাৰণ কৰে আৰু কোনো বেমেজালি নোহোৱাকৈ সকলো কাম অতি দ্ৰুতগতিত তথা সুকলমে পৰিচালিত কৰে।

কম্পিউটাৰৰ বৈশিষ্ট্য

এই ধৰাৰ প্ৰতিটো বস্তুৰেই কিবা নহয় কিবা এটা বৈশিষ্ট্য আছে। বৈশিষ্ট্য এটা নথকাকৈ এই পৃথিৱীত আজিলৈকে কোনো বস্তুৰেই সৃষ্টি হোৱা নাই, কিম্বা নহ’বও। কম্পিউটাৰ এটাৰো, ঠিক সেইদৰে, কিছুমান স্বকীয় গুণাৱলী বা বৈশিষ্ট্য আছে, যাৰ ফলত ই আজিৰ পৃথিৱীত এক একক বস্তু হিচাপে পৰিগণিত হৈছে। এই গুণাৱলীৰ ফলতেই কম্পিউটাৰ এটা আজিৰ যুগত মানৱ জীৱনৰ এক অতি অপৰিহাৰ্য্য তথা আৱশ্যকীয় আহিলাৰূপে মান্য হৈছে। তলত কম্পিউটাৰৰ উক্ত গুণ বা বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল-

(১) গতিঃ কম্পিউটাৰ এটাই অতি দ্ৰুতগতিত কাম কৰাৰ শক্তি ৰাখে। এই গতি আমি ভবাতকৈও বহু বেছি পৰিমাণৰ। অতি জটিলতকৈও জটিল সমস্যাৰাজি সমাধানৰ বাবে ইয়াক এক চেকেণ্ডতকৈও অতি কম সময়ৰ প্ৰয়োজন হয়, যাক আমি কল্পনাও কৰিব নোৱাৰোঁ। এই দূৰন্ত গতিয়েই ইয়াৰ এক প্ৰধান বৈশিষ্ট্য। কম্পিউটাৰ এটাৰ কাম কৰাৰ গতিক আমি প্ৰধানতঃ চাৰিটা ভাগত ভগাব পাৰোঁ। যেনে-

মিলিচেকেণ্ড    :    এহেজাৰ ভাগৰ এক ভাগ

মাইক্ৰ’চেকেণ্ড  :  এক লাখ ভাগৰ এক ভাগ

নেনোচেকেণ্ড   :    এহেজাৰ লাখ ভাগৰ এক ভাগ

পিকোচেকেণ্ড :  এক লাখ লাখ ভাগৰ এক ভাগ

(২) শুদ্ধতাঃ আগতেই উল্লেখ কৰি অহা হৈছে যে, কম্পিউটাৰে কেতিয়াও আমাক ভূল উত্তৰ নিদিয়ে (দিব নোৱাৰে)। ই সদায় শতকৰা এশ ভাগেই শুদ্ধ। কেতিয়াবা আমি পোৱা বা পাব পৰা ভূল উত্তৰৰ বাবে কম্পিউটাৰটো দায়ী নহয়, আমিহে প্ৰকৃততে দায়ী, কিয়নো আমি যোগান ধৰা ভূল তথ্য-পাতিৰ বাবেহে কম্পিউটাৰটোই আমাক ভূল উত্তৰৰ যোগান ধৰে, যিটো তাৰ বাবে শুদ্ধ।

(৩) প্ৰখৰ স্মৃতিশক্তিঃ আমি আগতেই উল্লেখ কৰি আহিছোঁ যে কম্পিউটাৰৰ স্মৃতিশক্তি (মেম’ৰী) অতি প্ৰখৰ। যদিও এই স্মৃতিক মানুহৰ লগত তুলনা কৰা হয়, কিন্তু ই মানুহৰ তুলনাত বহু বেছি পৰিমাণে তথ্যসমূহ তাৰ স্মৃতিত জমা ৰাখিব পাৰে আৰু দীৰ্ঘদীনলৈ সেই তথ্যবোৰ নিৰাপদে জমা ৰাখি তাক আমাৰ প্ৰয়োজন মতে অতি কম সময়ত উলিয়াই দিব পাৰে।

(৪) বিৰামহীন কাৰ্য্যক্ষমতাঃ যিকোনো কম্পিউটাৰ এটাকেই এনেদৰে তৈয়াৰ কৰা হয় যাতে ই বিশ্ৰামহীন ভাৱে কাম কৰি যাব পাৰে। ইয়াক জিৰণিৰ প্ৰয়োজন নাই। বতৰ বিজ্ঞান কেন্দ্ৰ, মহাকাশ গৱেষণা কেন্দ্ৰ, পাৰমাণৱিক বিভাগ- আদি কেতবোৰ বিভাগত ৰখা কম্পিউটাৰসমূহ আনকি বছৰৰ এটা দিনো জিৰণি নোলোৱাকৈ বা বন্ধ নকৰাকৈ চলিব পৰাকৈ বনোৱা হৈছে, ইহঁতৰ গুৰুত্ব অনুসৰি।

(৫) বিভিন্নতাঃ কম্পিউটাৰ এটা এনেভাৱে তৈয়াৰ কৰা হয়, যাতে ই একে সময়তে বিভিন্ন কাম কৰাৰ বাবে উপযোগী হয়। একেটা কম্পিউটাৰেই আমি বিভিন্ন কামত আমাৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰোঁ। যেনে- যাৱতীয় নথি-পত্ৰ আদি প্ৰস্তুত কৰা, গাণিতিক কামত ব্যৱহাৰ, মনোৰঞ্জন, ঘৰুৱা ব্যৱহাৰ, গৱেষণা, কাৰ্যালয় আদিত ব্যৱহাৰ, ৰেলৱে বা বিমান সেৱাত, বাণিজ্যিক কাম ইত্যাদি ইত্যাদি।

(৬) স্বয়ংক্ৰিয়তাঃ কম্পিউটাৰ নামৰ যন্ত্ৰটো স্বয়ংক্ৰিয় (ইতিমধ্যে এই বিষয়ে উনুকিওৱা হৈছে)। ই সকলো কাম নিজে নিজেই কৰি ল’ব পাৰে। আমাৰ পৰা যাৱতীয় তথ্য-পাতি আৰু নিৰ্দেশ পোৱাৰ পাছত ই নিজাববীয়াকৈ সেইবোৰ প্ৰচেচিং কৰি এটা সুস্থিৰ সিন্ধান্তত উপনীত হৈ আমাক আমাৰ আকাংক্ষিত উত্তৰটো যোগান ধৰিব পাৰে।

উক্ত গুণাৱলীৰ বাবেই কম্পিউটাৰটো আজিৰ সমাজত মানৱ জীৱনৰ এটা অতি আৱশ্যকীয় তথা অপৰিহাৰ্য্য বস্তু (আহিলা) হিচাপে পৰিগণিত হৈছে।

কম্পিউটাৰৰ ব্যৱহাৰিক ক্ষেত্ৰ (ফিল্ড্ অৱ্ এপ্লিকেশ্যন্)

বৰ্ত্তমান পৃথিৱীত, প্ৰতিটো কামতেই কম্পিউটাৰৰ ব্যৱহাৰ অপৰিহাৰ্য্য। ইয়াক বাদ দি মানৱ জীৱন প্ৰায় আধৰুৱা হৈ পৰিছে। প্ৰত্যক্ষভাৱেই হওঁক বা পৰোক্ষভাৱেই হওঁক, কম্পিউটাৰৰ অৱদান আজিৰ সমাজত বা মানৱ জীৱনত মানি ল’বই লাগিব। ইয়াক কোনেও নুই কৰিব নোৱাৰে। ৰাতিপুৱাৰে পৰা আৰম্ভ কৰি নিশা দুপৰলৈকে আমি কিবা নহয় কিবা প্ৰকাৰে হ’লেও অন্ততঃ এবাৰ কম্পিউটাৰৰ সংস্পৰ্শলৈ আহিমেই। মানৱ জীৱনৰ প্ৰতি খোজে খোজে কম্পিউটাৰটো আজি ব্যৱহাৰ হ’বলৈ ধৰিছে। তলত তাৰ কেতবোৰ ব্যৱহাৰিক ক্ষেত্ৰৰ পৰিচয় দাঙি ধৰা হ’ল।

(১) শিক্ষাঃ শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰ এটা আমি বিষয় হিচাপে লৈ তাৰ উপযোগিতা লাভ কৰিব পাৰোঁ। আজিকালি প্ৰায় প্ৰতিখন বিদ্যালয় বা শিক্ষানুষ্ঠানতেই কম্পিউটাৰটোক এটা বিষয় হিচাপে লৈ তাপ ওপৰত ল’ৰা-ছোৱালীক শিক্ষা প্ৰদান কৰা হয়। আনকি, কিছুমান বিষয়ত শিক্ষা লাভ কৰিবলৈ আমি কম্পিউটাৰৰ বাহিৰে অন্য গত্যন্তৰ নেদেখোঁ। কম্পিউটাৰ এইডেড্ লাৰ্ণিং বা চমুকৈ চি.এ.এল. আৰু কম্পিউটাৰ এইডেড্ ইন্সট্ৰাকশ্যন্স বা চি.এ.আই.-ৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান দিব পাৰোঁ অতি আয়াসতে। বিশ্বৰ আধুনিক দেশসমূহত ছাত্ৰ-ছাত্ৰীসকলক কম্পিউটাৰ মেনেজদ্ লাৰ্ণিং বা চি.এম.এল.-ৰ জৰিয়তে শিক্ষাৰ মানদণ্ড আৰু অধিক উন্নত কৰাৰ বাবে শিক্ষা দিয়া হয়।

(২) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাঃ এইটোৱেই এটা এনেকুৱা ক্ষেত্ৰ, যত কম্পিউটাৰটো বহুলভাৱে ব্যৱহৃত হয়। এই ক্ষেত্ৰখনৰ লগত কম্পিউটাৰৰ নামটো একেলগে উচ্চাৰিত হয়। ইয়াতেই কম্পিউটাৰৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত কম্পিউটাৰটো বিভিন্ন ধৰণেৰে ব্যৱহৃত হৈছে। বিভিন্ন গৱেষণা কাৰ্য্যত শতকৰা এশভাগেই শুদ্ধ উত্তৰ পাবলৈ বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদসকলে কম্পিউটাৰটো বহুলভাৱে ব্যৱহাৰ কৰে। মহাকাশ গৱেষণা কেন্দ্ৰৰ লগত কম্পিউটাৰটোৰ ওতঃপ্ৰোতঃ সম্পৰ্ক আছে। উপগ্ৰহৰ যোগাযোগৰ ক্ষেত্ৰত কম্পিউটাৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। টেলিফোন এক্সেঞ্জ, জ্যোতিষ চৰ্চ্চা, জ্যোতিৰ্বিজ্ঞান, বতৰ বিজ্ঞান বিভাগ আদি হ’ল এনে কিছুমান বিভাগ, য’ত কম্পিউটাৰ অবিহনে আমি কোনো ধৰণৰ কাম আদায় কৰিব নোৱাৰোঁ।

(৩) চিকিৎসাঃ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত বৰ্ত্তমান যুগত কম্পিউটাৰৰ অৱদান অনস্বীকাৰ্য্য। বিভিন্ন ৰোগৰ কাৰণ নিৰ্ণয়, তাৰ প্ৰতিকাৰৰ বাবে ন ন ঔষধৰ আৱিষ্কাৰৰ ক্ষেত্ৰত, আনকি ৰোগীক চোৱা-চিতাৰ ক্ষেত্ৰতও কম্পিউটাৰৰ অভূতপূৰ্ব অৱদান বৰ্ত্তমান বিশ্বত দেখা গৈছে। আনহাতে, চিকিৎকেও তেওঁবোৰৰ ৰোগীৰ সম্পূৰ্ণ বিৱৰণ, তথ্য-পাতিৰ বাবে কম্পিউটাৰৰ আশ্ৰয় লোৱা দেখা গৈছে।

(৪) আইন-শৃংখলাঃ দেশৰ আইন-শৃংখলা আৰু পৰিস্থিতি নিয়ন্ত্ৰণাধীন কৰি ৰাখিবলৈ চৰকাৰে কম্পিউটাৰৰ সহায় লয়। বাট-পথত যান-জটৰ নিয়ন্ত্ৰণ আৰক্ষীয়ে কম্পিউটাৰৰ সহায়ত অতি সুকলমে কৰে। উকীল এজনে কম্পিউটাৰৰ সহায় লয় তেওঁৰ মক্কেলৰ ৰেকৰ্ড ৰখাৰ বাবে। অপৰাধী চিনাক্তকৰণৰ বাবেও প্ৰশাসনে কম্পিউটাৰৰ আশ্ৰয় লয়। ফিংগাৰ প্ৰিণ্টৰ দ্বাৰা অপৰাধীক কৰায়ত্ত কৰাৰ বাবে কম্পিউটাৰৰ অৱদান অতি গুৰুত্বপূৰ্ণ।

(৫) বাণিজ্যঃ বাণিজ্যিক ক্ষেত্ৰত কম্পিউটাৰৰ অৱদান অনস্বীকাৰ্য্য। বৰ্ত্তমানৰ যুগত আমি ঘৰত বহিয়েই কোনো এটা সামগ্ৰীৰ বিষয়ে বিতং তথ্য সংগ্ৰহ কৰিব পাৰোঁ ই-কমাৰ্চৰ জৰিয়তে। কোনো এক বাণিজ্যিক প্ৰতিষ্ঠানৰ বিল প্ৰস্তুত কৰা, ষ্টক্ আৰু একাউণ্ট পৰিচালনা কৰা, লাভ-লোকচানৰ পৰিসংখ্যা উলিওৱা আদিবোৰ কামত বৰ্ত্তমান কম্পিউটাৰ এটা বহুলভাৱে ব্যৱহৃত হৈ আছে। কম্পিউটাৰ এইডেড্ ডিজাইন বা কেড্-ৰ দ্বাৰা কোনো এটা প্ৰডাক্টৰ ডিজাইন বনাই তাক কম্পিউটাৰ এইডেড্ মেনুফেক্সাৰ বা কেম্-ৰ দ্বাৰা প্ৰস্তুত কৰিব পাৰি। এই প্ৰক্ৰিয়াত উক্ত প্ৰডাক্টটোৰ সৰ্বাঙ্গসমতা পোৱা যায়।

ইয়াৰ উপৰিও আমি বিমান বন্দৰ, ৰেলৱে, বেংক, বীমা, লাইব্ৰেৰী, নিয়োগ বিনিময় কেন্দ্ৰ, পাৱাৰ হাউচ্ আদিত কম্পিউটাৰৰ ব্যৱহাৰ বিশদভাৱে হৈ আহিছে আৰু তাৰ ফলত এই ক্ষেত্ৰবোৰৰ পৰা অতি খৰতকীয়া আৰু নিৰ্ভূল সেৱা পোৱা গৈছে।

কম্পিউটাৰৰ ঐতিহাসিক ক্ৰমবিৱৰ্ত্তন

যিকোনো বস্তু এটাৰ পূৰ্ণৰূপ পাবলৈ হ’লে বা তাক সম্পূৰ্ণ কৰিবলৈ হ’লে আমি বহুতো পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে আগুৱাই নিব লাগে। ইয়াৰ মাজত বহু কেইজন মনীষীৰ যথেষ্ট ত্যাগ আৰু অৱদান জড়িত হৈ থাকে। আজিৰ কম্পিউটাৰটোও এনে বহুতো পৰ্য্যায়ৰ মাজেৰে পাৰ হৈ আহি বৰ্ত্তমানৰ ৰূপ ল’বলৈ সক্ষম হৈছে। বহু কেইজন বিখ্যাত বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদৰ যথেষ্ট ত্যাগ আৰু গৱেষণাৰ অক্লান্ত পৰিশ্ৰমৰ ফলশ্ৰুতিতেই আজি আমি এনে এটা উন্নত আৰু জীৱনৰ এক অবিচ্ছেদ্য যন্ত্ৰৰ সোৱাদ ল’বলৈ সক্ষম হৈছোঁ। তেওঁলোক ধন্য আৰু আমাৰ চিৰনমস্য। প্ৰথম কম্পিউটাৰ ওলাওতে আজিৰ এই কম্পিউটাৰৰ ৰূপটো পোৱা নাছিল। তেতিয়া ই এক বৃহত্ ধাৰণা আছিল আৰু ইয়াৰ কাম কৰাৰ ক্ষমতা বেছ পৰিসীমিত আছিল। কিছু পৰ্য্যায়ৰ বাহিৰত ই কাম কৰিব পৰা নাছিল আৰু ইয়াৰ আকাৰ, মূল্য বা চাহিদাও আজিৰ দৰে এনেকুৱা নাছিল।

খ্ৰীষ্টপূৰ্ব্ব প্ৰায় (আনুমানিক) ৩,০০০ বছৰ পূৰ্ব্বে ইজিপ্তচীয়ানসকলে তেওঁলোকৰ ভেঁৰা ছাগলীবোৰ চৰাবলৈ যাওঁতে ভেঁৰাৰ গন্তি কৰিবলৈ এ.বি.এ.চি.ইউ.এছ. নামৰ এখন ফলিজাতীয় যন্ত্ৰ(?)ৰ আলম লৈছিল। এই সাধাৰণ গণনা কৰিব পৰা যন্ত্ৰটোৰ উদ্ভাৱনক কেন্দ্ৰ কৰি আমি ক’ব পাৰোঁ কম্পিউটাৰৰ জন্ম হোৱা বুলি। পাছত ইয়াক চাইনিচ্ সকলে খ্ৰীষ্টপূৰ্ব্ব প্ৰায় (আনুমানিক) ১,২০০ বছৰ মানত কিছু সংশোধন কৰি এক উন্নত পৰ্য্যায়লৈ লৈ যায়।

কম্পিউটাৰে বৰ্ত্তমানৰ ৰূপ পাবলৈ যি কেইটা স্তৰ পাৰ হ’ব লগা হৈছিল, মুখ্যতঃ তাহাঁতক আমি পাঁচটা ভাগত ভগাব পাৰোঁ। ইহঁত হ’ল সময়ৰ একো একোটা ব্যৱধান, য’ত কম্পিউটাৰটোত অন্ততঃ এটাকৈ হ’লেও ডাঙৰ পৰিবৰ্ত্তন (আমুল পৰিবৰ্ত্তন) ঘটোৱা গৈছিল। এই পৰিবৰ্ত্তনৰ ওপৰত ভিত্তি কৰি সময়ৰ এই স্তৰসমূহক একো একোটা জেনেৰেশ্যন বুলি কোৱা গৈছিল। এনে ধৰণৰ সৰ্ব্বমুঠ ৫ (পাঁচ) টা জেনেৰেশ্যন পোৱা যায়। তলত উক্ত জেনেৰেশ্যনৰ এক থুলমূল আভাস দাঙি ধৰা গ’ল।

প্ৰথম জেনেৰেশ্যন       :  ১৯৪০ চনৰ আৰম্ভণিৰ পৰা ১৯৫০ চনৰ আৰম্ভণিলৈ।

দ্বিতীয় জেনেৰেশ্যন    :  ১৯৫০ চনৰ মধ্য়ভাগৰ পৰা ১৯৬০ চনৰ মধ্যভাগলৈ।

তৃতীয় জেনেৰেশ্যন    :  ১৯৬০ চনৰ মধ্যভাগৰ পৰা ১৯৭০ চনৰ আৰম্ভণিলৈ।

চতুৰ্থ জেনেৰেশ্যন      :  ১৯৭০ চনৰ আৰম্ভণিৰ পৰা ১৯৭০ চনৰ শেষলৈকে।

পঞ্চম জেনেৰেশ্যন      :  ১৯৮০ চনৰ আৰম্ভণিৰ পৰা বৰ্ত্তমানলৈকে।

 

এটি থুলমূল ব্যাখ্যা

প্ৰথম জেনেৰেশ্যন

১৯০৬ চনত ‘লী ডি ফৰেষ্ট’-ৰ দ্বাৰা থাৰ্মিয়’নিক ভাল্ভৰ আৱিষ্কাৰৰ লগে লগে প্ৰথম জেনেৰেশ্যনৰ যুগ আৰম্ভ হৈছিল। এই প্ৰযুক্তি মতে কম্পিউটাৰত ভাল্ভ আৰু ভেকুৱাম টিউবচ্ পদ্ধতি ব্যৱহৃত হৈছিল। এই শ্ৰেণীৰ কম্পিউটাৰে মাথোঁ দ্বৈত প্ৰণালী (বাইনেৰী ডিজিট্), অৰ্থাৎ ০ আৰু ১ ৰ ভাষাহে বুজি পাইছিল। এই কম্পিউটাৰসমূহ আকৃতিত অতি বৃহত্ আছিল আৰু ইহঁতৰ কাম কৰাৰ গতি বেছ সীমিত আছিল। ইহঁতৰ বৃহদাকৃতিৰ বাবে এই শ্ৰেণীৰ কম্পিউটাৰবোৰ অতি সোনকালে গৰম হৈছিল। সেয়েহে, ইহঁতক সদায়েই শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ ভিতৰতেই ৰাখিব লাগিছিল। আনহাতে, ইয়াৰ মূল্য আছিল আকাশলঙ্ঘী, যাৰ ফলত সৰ্ব্বসাধাৰণ ৰাইজে ইয়াক ক্ৰয় কৰাটো এটা সপোনৰ দৰেই আছিল। ইহঁতৰ কিছুমান উদাহৰণ হল- এনিয়াক (১৯৪৬), এডচেক্ (১৯৪৯), এডভেক্ (১৯৫০), লিও (১৯৫১) আৰু ইউনিভেক্-১ (১৯৫১)।

দ্বিতীয় জেনেৰেশ্যন

সময়ৰ সৈতে আগবাঢ়ি, বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদসকলে কম্পিউটাৰটোক আগতকৈ অধিক শক্তিশালী কৰি তুলিবলৈ যত্নপৰ হৈ ইয়াত নতুন কৌশল সংযুক্ত কৰিলে। ভাল্ভ টেকনোল’জি-ৰ সলনি ছিলিকন আৰু জাৰ্মেনিয়াম-ৰ দৰে ছেমি-কণ্ডাক্টৰৰ পৰা তৈয়াৰী ট্ৰানজিষ্টৰৰ প্ৰয়োগ ঘটাই কম্পিউটাৰক প্ৰথম জেনেৰেশ্যনতকৈ অধিক শক্তিশালী আৰু উন্নত কৰা গ’ল। এয়াই আছিল দ্বিতীয় জেনেৰেশ্যনৰ আৰম্ভণি। এই যুগটো আৰম্ভ হৈছিল আনুমানিক প্ৰায় ১৯৬০ চনত। এই জেনেৰেশ্যনত মেচিনৰ আকাৰ হ্ৰাস কৰা হৈছিল। দামটো হ্ৰাস পাইছিল। কৰ্ম্মদক্ষতা বৃদ্ধি পাইছিল। আনহাতে, মেচিন লেংগুৱেজৰ সলনি হাই লেভেল লেংগুৱেজ প্ৰয়োগ কৰি কম্পিউটাৰৰ কাৰ্য্যদক্ষতা বৃদ্ধি কৰা হৈছিল। এই জেনেৰেশ্যনৰ কিছুমান উদাহৰণ হ’ল- আই.বি.এম. ৭০০০, লিও মাৰ্ক-৩, এটলাচ্ (১৯৬২) আদি।

তৃতীয় জেনেৰেশ্যন

ইণ্টিগ্ৰেটেড্ চাৰ্কিটচ্ (আই.চি)-ৰ আৱিষ্কাৰৰ লগে লগে কম্পিউটাৰৰ তৃতীয় জেনেৰেশ্যনৰ সূত্ৰপাত হ’ল, প্ৰায় ১৯৬৫ চন মানত। এই জেনেৰেশ্যনত কম্পিউটাৰৰ আকাৰ হ্ৰাস, কৰ্ম্মদক্ষতা বৃদ্ধি আৰু প্ৰযুক্তিৰ উন্নতিৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। বেচিক্, কোবল আদিৰ দৰে হাই লেভেল লেংগুৱেজৰ আৱিষ্কাৰে কম্পিউটাৰৰ কাম কৰাৰ ক্ষমতা আৰু গতিবেগ অভাৱনীয় ৰূপত বৃদ্ধি কৰিছিল। ইহঁতৰ কেতবোৰ উদাহৰণ হ’ল- আই.বি.এম. ৩৬০, আই.চি.এল. ১৯০০ আদি।

চতুৰ্থ জেনেৰেশ্যন

সময়ৰ অগ্ৰগতিৰ লগে লগে কম্পিউটাৰটোক এক অতি শক্তিশালী সামগ্ৰী ৰূপে মানৱ-সমাজত উপস্থাপিত কৰাৰ বাবে গৱেষণা চলিল। আই.চি.-ৰ সলনি লাৰ্জ স্কেল্ ইণ্টেগ্ৰেটেড চাৰ্কিটচ্ (এল.এছ.আই.চি.)-ৰ প্ৰয়োগ ঘটোৱা গ’ল। এই ধৰণৰ আই.চি.-বোৰ পাতল ছিলিকন্ শ্লাইছ্-ৰ দ্বাৰা বনোৱা গৈছিল আৰু ইহঁতক চিপ্ বোলা গৈছিল। ইয়াৰ ফলত কম্পিউটাৰৰ কৰ্ম্মদক্ষতা, গতিবেগ আদি অভূতপূৰ্ব্ব হাৰে বৃদ্ধি পাইছিল আৰু আনহাতে, ইয়াৰ দাম আৰু আকাৰ যথেষ্ট অনুপাতে হ্ৰাস পাইছিল। ইহঁতৰ কেতবোৰ উদাহৰণ হ’ল- ডি.ই.চি. ১০, ষ্টাৰ ১০০০, পি.ডি.পি. ১১ আদি।

পঞ্চম জেনেৰেশ্যন

এই জেনেৰেশ্যনত ছুপাৰ লাৰ্জ স্কেল্ ইণ্টেগ্ৰেটেড চাৰ্কিটচ্ (এছ.এল.এছ.আই.চি.)-ৰ প্ৰয়োগ ঘটিছিল। বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদসকলে এতিয়াও পঞ্চম জেনেৰেশ্যনৰ ওপৰত গৱেষণা চলাই আছে। এই গৱেষণাৰ মূল বিষয়বস্তু হ’ল- কম্পিউটাৰত কৃত্ৰিম মগজু সংস্থাপন। আনুমানিক ১৯৮০ চন মানৰ পৰা আৰম্ভ হোৱা এই জেনেৰেশ্যনত বৈজ্ঞানিকসকলে এইটো গৱেষণা কৰি আহিছে যে কম্পিউটাৰত কৃত্ৰিম মগজু সংস্থাপনৰ ফলত ই মানুহৰ দৰে ভাৱিবলৈ বা চিন্তা কৰিবলৈ সক্ষম হ’ব, ইয়াৰ দ্বাৰা কম্পিউটাৰটো অনুভূতিৰে চালিত হ’ব, ফলত মানৱ জাতিক তাৰ বহতীয়া (বশ) কৰি ল’ব নেকি, বা ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ পৰা মানৱ সত্বা বিলীন হৈ যাব পাৰে নেকি- এই সকলো দিশ চালি-জাৰি চাইহে বৈজ্ঞানিকসকলে কম্পিউটাৰত কৃত্ৰিম মগজু সংস্থাপনৰ বাবে আগবাঢ়িব। ইয়াৰ বাবে হয়তো আমি আৰু এটা জেনেৰেশ্যন বাট চাব লগা হ’ব পাৰে। মাথোঁ সময়েহে ক’ব পাৰিব ইয়াৰ উত্তৰ কি হ’ব! এই শ্ৰেণীৰ কম্পিউটাৰে বিৰামহীনভাৱে কাম কৰি যাব পাৰে। শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ অবিহনেও এই কম্পিউটাৰ চলিব পাৰে। আকৃতিত এই কম্পিউটাৰবোৰ অতি সৰু, আনকি কোলাত লৈ ফুৰিব পৰা বিধৰ। দামতো অতি সস্তা। কাৰ্য্যদক্ষতা অতি বেছি।

নোট

যদিও বৰ্ত্তমানৰ কম্পিউটাৰৰ সফলতাৰ আঁৰত এজন বিশেষ ব্যক্তিৰ অৰিহণা নাই, ইয়াত বহুতো মহান মনীষীৰ জীৱনযোৰা অৱদান আছে, তথাপিও আমি কম্পিউটাৰৰ আধুনিকিকৰণৰ ক্ষেত্ৰত এজন বিশেষ ব্যক্তিৰ নাম ল’ব পাৰোঁ। তেওঁ হল ‘ছাৰ চাৰ্লচ্ বেবেজ্’ (SIR CHARLES BABBAGE)। তেওঁক আধুনিক কম্পিউটাৰৰ জনক অৰ্থাৎ ফাদাৰ অৱ্ কম্পিউটাৰ আখ্যা দিয়া হয়।

কম্পিউটাৰৰ লগত প্ৰয়োগ হোৱা বিভিন্ন শব্দাৱলী

যিহেতু আমি কম্পিউটাৰৰ শিক্ষা আৰম্ভ কৰিছোঁ, ইয়াৰ লগত জড়িত তথা সচৰাচৰ ব্যৱহৃত কেতবোৰ শব্দৰ লগত আমি নিশ্চয়েই পৰিচিত হ’ব লাগিব। তলত কিছুমান তেনেধৰণৰ দৈনন্দিন ব্যৱহৃত শব্দৰ সূত্ৰ সহকাৰে পৰিচয় দাঙি ধৰা হ’ল।

চফ্টৱেৰ

এই শব্দৰ দ্বাৰা আমি কম্পিউটাৰৰ লগত জড়িত সকলো ধৰণৰ ভাষা, প্ৰোগ্ৰাম, পেকেজ আদিক সামূহিকভাৱে বুজো। চফ্টৱেৰ সৰ্ব্বমুঠ দুই ধৰণৰ। যেনে-

(ক) চিষ্টেম্ চফ্টৱেৰ আৰু

(খ) এপ্লিকেশ্যন চফ্টৱেৰ।

(ক) চিষ্টেম্ চফ্টৱেৰঃ এই শ্ৰেণীৰ চফ্টৱেৰৰ দ্বাৰা আমি কম্পিউটাৰটো ষ্টাৰ্ট কৰি লৈ ইয়াক এনে এক পৰ্য্যায়লাকে লৈ যাব পাৰোঁ, য’ত কম্পিউটাৰটোৱে আমাৰ পৰা ইন্ফৰমেশ্যন গ্ৰহণ কৰিবলৈ সাজু হয়। ইয়াৰ কেতবোৰ উদাহৰণ হ’ল- DOS, Windows, Unix, Linux, OS/2, OS/4, Novell Netware ইত্যাদি। এই চিষ্টেম্ চফ্টৱেৰবোৰ হ’ল আচলতে কিছুমান পূৰ্ব্ব প্ৰদত্ত (ৰেডিমেড্) নিৰ্দেশৰ সমষ্টি।

(খ) এপ্লিকেশ্যন্ চফ্টৱেৰঃ কম্পিউটাৰটো ষ্টাৰ্ট কৰাৰ পাছত আমি ইয়াত কাম কৰিবলৈ বিভিন্ন ধৰণৰ চফ্টৱেৰৰ আশ্ৰয় ল’বলগীয়া হয়। যেনে- যিকোনো টাইপিং, গাণিতিক কাম, ডিজাইনিং, মনোৰঞ্জন, গৱেষণা আদি। এই সকলোবোৰ কামৰ বাবে আমি বিভিন্ন ধৰণৰ চফ্টৱেৰৰ সহায় ল’ব লাগে। কিয়নো একেটা চফ্টৱেৰত এই সকলোখিনি কাম কৰাৰ ক্ষমতা নাথাকে। এই ধৰণৰ চফ্টৱেৰখিনিক এপ্লিকেশ্যন্ চফ্টৱেৰ বোলা হয়। ইহঁতৰ বিভিন্ন শ্ৰেণী বিভাজন আছে। যেনে- BASIC, PageMaker, COBOL, Corel DRAW, MS-Office, dBase, LOTUS, Indica ইত্যাদি।

হাৰ্ডৱেৰ

কম্পিউটাৰ এটাৰ বিভিন্ন অংশসমূহ, অৰ্থাৎ, ইয়াৰ তিনিটা বিভাগ, ইনপুট্ ডিভাইচ্, আউটপুট্ ডিভাইচ্ আৰু চি.পি.ইউ.-ক একেলগে হাৰ্ডৱেৰ বুলি জনা যায়।

লাইভৱেৰ (Liveware)

সেই সকলো মানুহ, যিসকলে কম্পিউটাৰৰ লগত পোনপটীয়াকৈ জড়িত থাকে, তেওঁলোকক লাইভৱেৰ বুলি কোৱা হয়। যেনে- ষ্টুডেণ্ট্, টিচাৰ্, অপাৰেটৰ্, ইঞ্জিনিয়াৰ, প্ৰোগ্ৰামাৰ আদি।

ইণ্টাৰফেচ্

কম্পিউটাৰৰ বিভিন্ন অংশক ইটোক সিটোৰ লগত সংযোগ কৰা তাঁৰবোৰক ইণ্টাৰফেচ্ বুলি কোৱা হয়। ইহঁত সংখ্যাত দুডাল, এডাল ইনপুট্ ডিভাইচৰ পৰা চি.পি.ইউ.লৈ থকা ডাল আৰু আনডাল চি.পি.ইউ.-ৰ পৰা আউটপুট্ ডিভাইচলৈ থকা ডাল।

পাৱাৰ ক’ৰ্ড্

কম্পিটাৰক পাৱাৰ চাপ্লাই কৰা মুখ্য তাঁৰডাল, যিডাল চুইচ্ বৰ্ড বা ইউ.পি.এছ.-লৈ ব্যাপ্ত থাকে, সেইডালক পাৱাৰ ক’ৰ্ড বুলি কোৱা হয়।

কম্পিউটাৰ লেংগুৱেজ

কম্পিউটাৰ আৰু আমাৰ মাজৰ যোগাযোগৰ মাধ্যম ৰূপে পৰিগণিত যি ভাষাৰ দ্বাৰা আমি কম্পিউটাৰক নিৰ্দেশ দিব পাৰোঁ, সেই বিশেষ ভাষাটোক কম্পিউটাৰ লেংগুৱেজ বুলি কোৱা হয়। যদিও এই ভাষাটো ইংৰাজী বৰ্ণমালাৰে গঠিত, ইয়াক একপ্ৰকাৰ সাংকেতিক ভাষাহে বুলি কোৱা ভাল হ’ব। ইয়াক কিছুমান ক’ড আৰু অৰ্ডাৰৰ দ্বাৰা লিখা হয়। বিভিন্ন কম্পিউটাৰ লেংগুৱেজৰ ভিতৰত তলত উল্লেখিতবোৰেই প্ৰধান-

BASIC, COBOL, dBase, FORTRAN, LOGO, C, PASCAL, GRAPHICS ইত্যাদি।

প্ৰোগ্ৰাম

কম্পিউটাৰৰ ভাষা ব্যৱহাৰ কৰি আমি কম্পিউটাৰক দিয়া কেতবোৰ নিৰ্দেশৰ সমষ্টিকেই প্ৰোগ্ৰাম বুলি ক’ব পাৰোঁ। এই নিৰ্দেশসমূহৰ ভিতৰত এটা সম্পৰ্ক থাকে। অৰ্থাৎ এই নিৰ্দেশসমূহ এটাক এৰি আনটো স্বাধীন নহয়। আনহাতে, কম্পিউটাৰেও এই নিৰ্দেশসমূহ পালন কৰোঁতে ধাৰাবাহিকভাৱে এটাৰ পিছত আনটো সম্পন্ন কৰে।

পেকেজ

যেতিয়া কিছুমান আন্তঃসম্পৰ্কীয় প্ৰোগ্ৰাম লগ-লাগি এটা ডাঙৰ প্ৰোগ্ৰামৰ গোটৰ সৃষ্টি হয়, আৰু ই এটা সামূহিক কাম সম্পাদন কৰে, তাক পেকেজ বোলা হয়। বহুতো পেকেজৰ ভিতৰত আমি তলত দিয়াবোৰৰো নাম ল’ব পাৰোঁ। যেনে- dBase, LOTUS, MS-Word, PageMaker, CorelDRAW, Tally আদি।

কম্পিউটাৰ ভাইৰাচ্

আচলতে কম্পিউটাৰ ভাইৰাচ্ মানে হ’ল কম্পিউটাৰৰ চফ্টৱেৰবোৰ ধ্বংস কৰিব পৰা এটা অতি শক্তিশালী প্ৰোগ্ৰাম। ইহঁতক এনেদৰে ডিজাইন কৰা হয় যাতে ই কোনো এটা চফ্টৱেৰক ভিতৰৰ পৰা আক্ৰমণ কৰি আহি উক্ত চফ্টৱেৰটোক ধ্বংস কৰাৰ উপৰিও লাহে লাহে মেম’ৰীত সঞ্চিত অইন চফ্টৱেৰবোৰলৈকেও বিয়পিব পাৰে আৰু লাহে লাহে হয়তো মেম’ৰী ইউনিটলৈকেও বিয়পিব পাৰে। সমগ্ৰ পৃথিৱীত এই কম্পিউটাৰ ভাইৰাচ্ আনুমানিক প্ৰায় ৩,০০০ বিধ মান আছে। ইহঁতৰ প্ৰত্যকৰে কাম সুকীয়া সুকীয়া। এই ভাইৰাচ্ প্ৰথম আৱিষ্কাৰ কৰিছিল পাকিস্থানৰ লাহোৰৰ দুজন ভাই-ককাই-এ মিলি, ১৯৮৬ চনত। তেওঁলোকৰ নাম আছিল Basit Ali আৰু Amjad Ali। এই ভাইৰাচটোৰ নাম আছিল ব্ৰেইন্ (BRAIN)। তেওঁলোকে দৰাচলতে চফ্টৱেৰ পাইৰেচী অৰ্থাৎ চফ্টৱেৰৰ ডুপ্লিকেচী ৰোধ কৰিবলৈহে এই ভাইৰাচৰ আৱিষ্কাৰ কৰিছিল। ভাইৰাচ্ শব্দটোৰ সম্পূৰ্ণ অৰ্থ হৈছে- ‘ভাইটেল্ ইনফৰমেশ্যন ৰিচৰ্চ আণ্ডাৰ চীজ্’। এই ভাইৰাচেই কম্পিউটাৰৰ চফ্টৱেৰৰ প্ৰধান শত্ৰু। ইহঁতৰ পৰা চফ্টৱেৰক ৰক্ষা কৰি চলিব পাৰিলে আমি দীৰ্ঘদিনলৈ কম্পিউটাৰটো বচাই ৰাখিব পাৰোঁ। পৃথিৱীত পোৱা বিভিন্ন ধৰণৰ ভাইৰাচৰ ভিতৰত তলত দিয়াবোৰৰ নামেই প্ৰধান- ট্ৰ’জান ভাইৰাচ্, ৰেইন্ ড্ৰ’প, ল’জ্ এঞ্জেলছ্, মাংকি, টাৰ্জান, লাভ বাগ্, বুট্ চেক্টৰ ভাইৰাচ্, পাকিস্থানী ব্ৰেইন, ১৭XX, এপ্ৰিল ১ম, জেৰুজালেম, স্ক’ৰ্চ, গ’ল্ডেন্ গেট, পেণ্টাগ’ন, মাৰ্চ৬, ডাটা ক্ৰাইম্, বাউঞ্চিং বল ইত্যাদি।

এণ্টি ভাইৰাচ্

যিবোৰ চফ্টৱেৰৰ দ্বাৰা আমি কম্পিউটাৰৰ চফ্টৱেৰৰ ভাইৰাচ্ সমূহ ধ্বংস কৰিব পাৰোঁ, সেইবোৰ চফ্টৱেৰক এণ্টি-ভাইৰাচ্ বা এণ্টি-ভাইৰাচ্ চফ্টৱেৰ বুলি কোৱা হয়। এই চফ্টৱেৰৰ দ্বাৰা আমি কম্পিউটাৰৰ প্ৰোগ্ৰাম বা পেকেজ সমূহৰ পৰা ভাইৰচবোৰ কিছু পৰ্যায়লৈ বা কেতিয়াবা সম্পূৰ্ণকৈ আঁতৰ কৰিব পাৰি। অৱশ্যে, প্ৰত্যেকবিধ ভাইৰাচৰ বাবে আমি বেলেগ বেলেগ এণ্টি-ভাইৰাচ্ ব্যৱহাৰ কৰিব লগা হ’ব পাৰে। কিছুমান এণ্টি-ভাইৰাচৰ নাম- Nashoft, NDD, Dr. Solomon আদি।

ডাটা

যিবোৰ তথ্য আমি কম্পিউটাৰক যোগান ধৰোঁ, আনহাতে বৰ্ত্তমানেও সেই তথ্যবোৰ প্ৰচেচ্ হোৱা নাই, তেনেবোৰ তথ্যকেই আমি ‘ডাটা’ বুলি ক’ব পাৰোঁ। যদিহে সেই তথ্য প্ৰচেচ্ হৈছে, তেন্তে, সিহঁতক ‘ইনফৰমেশ্যন্’ হে বোলা হয়। ‘ডাটা’ আচলতে তথ্যৰ বহুবচনৰহে ৰূপ। ইয়াৰ এক বচনৰ ৰূপ হৈছে ‘ডাটাম’ (DATUM)। দৰাচলতে ‘ডাটা’ হ’ল কিছুমান আন্তঃসম্পৰ্কীয় ফেক্টচ্ আৰু ফিগাৰ্চৰ সমষ্টি।

ক’মাণ্ড

কম্পিউটাৰৰ পাৰিভাষিক শব্দাৱলী মতে ক’মাণ্ড হ’ল আমি কম্পিউটাৰক দিয়া আদেশ বা নিৰ্দ্দেশ, যাৰ জৰিয়তে কম্পিউটাৰে আমাক আমাৰ আকাংক্ষিত উত্তৰৰ যোগান ধৰে।

চিনটেক্স

পাৰিভাষিক শব্দাৱলী অনুযায়ী ই হ’ল কম্পিউটাৰৰ ভাষা ব্যৱহাৰ কৰি ক’মাণ্ড এটা লিখাৰ শুদ্ধ ব্যাকৰণিক ৰূপ। সাধাৰণ অৰ্থত্ ই কম্পিউটাৰ ভাষাৰ ব্যাকৰণ।

বুট

কম্পিউটাৰ এটা ষ্টাৰ্ট কৰাৰ প্ৰক্ৰিয়া বা কৌশলকেই আমি পাৰিভাষিক শব্দাৱলী মতে বুট কৰা বুলি কওঁ। এই বুটিং সৰ্ব্বমুঠ দুই প্ৰকাৰৰ। যেনে-

(ক) ক’ল্ড বুটিং আৰু

(খ) ৱাৰ্ম বুটিং।

(ক) ক’ল্ড বুটিংঃ এই প্ৰক্ৰিয়া অনুসৰি আমি কম্পিউটাৰ এটা বুট কৰোঁতে এক ধাৰাবাহিকতা ৰক্ষা কৰোঁ। অৰ্থাৎ, প্ৰথমে আমি মূল চুইচ্ বোৰ্ডত থকা চুইচটো অন্ কৰি লৈ ইউ.পি.এছ.-ৰ চুইচটো অন্ কৰোঁ। তাৰ পাছত, কম্পিউটাৰৰ মুখ্য অংগটো, অৰ্থাৎ চি.পি.ইউ. টোৰ পাৱাৰ বুলি লিখা থকা চুইচটো অন্ কৰা হয়। সদৌ শেষত, মনিটৰত থকা অন্/অফ্ চুইচটো অন্ কৰা হয়। এই প্ৰক্ৰিয়াটোকেই আমি ‘ক’ল্ড বুটিং’ বুলি কওঁ।

(খ) ৱাৰ্ম বুটিংঃ আনহাতে, কেতিয়াবা আমি কাম কৰি থকাৰ মাজতে কম্পিউটাৰটো নিজে নিজে বন্ধ হৈ যায় আৰু সেই অৱস্থাত ইয়াক নতুনকৈ বুট কৰাৰ বাহিৰে অন্য কোনো গত্যন্তৰ নাথাকে। ইয়াক আমি ‘হেং’ হৈ যোৱা বুলি কওঁ। এইক্ষেত্ৰত আমি পুনৰাই কম্পিউটাৰটো ধাৰাবাহিকভাৱে বুট নকৰি আন এক পৰ্য্যায়েৰে সক্ৰিয় কৰিব পাৰোঁ। এই ধৰণেৰে বুট কৰাৰ প্ৰক্ৰিয়াটোকে ‘ৱাৰ্ম বুটিং’ কৰা বুলি ক’ব পাৰোঁ। সৰ্ব্বমুঠ ২ (দুই) প্ৰকাৰে আমি ৱাৰ্ম বুটিং কৰিব পাৰোঁ। যেনে-

(১) কম্পিউটাৰত থকা ‘RESET’ নামৰ চুইচটো প্ৰেচ্ কৰি আৰু

(২) কী-বোৰ্ডৰ পৰা “Ctrl+Alt+Del” নামৰ কী কেইটা একেলগে প্ৰেচ্ কৰি।

কেৰেক্টাৰ

কী-বোৰ্ড এখনত থকা প্ৰতিটো কী/চুইচকেই একো একোটা কেৰেক্টাৰ বুলি কোৱা হয়। সচৰাচৰ আমি ৩ (তিনি) ধৰণৰ কী পাওঁ। সিহঁত হ’ল-

(ক) এল্ফাবেটিক্,

(খ) নিউমাৰিক্ আৰু

(গ) চিম্ব’লিক্।

ইহঁতৰ ভিতৰত প্ৰথম শ্ৰেণীৰ, অৰ্থাৎ এল্ফাবেটিক কেটেগ’ৰীৰ কেৰেক্টাৰসমূহ A- পৰা Z-লৈ বা a-ৰ পৰা z-লৈ ব্যাপ্ত থাকে। দ্বিতীয় শ্ৰেণীৰ, অৰ্থাৎ নিউমাৰিক্ কেটেগ’ৰীৰ কেৰেক্টাৰসমূহ ০ ৰ পৰা ৯ লৈ ব্যাপ্ত থাকে আৰু তৃতীয় শ্ৰেণীৰ, অৰ্থাৎ, চিম্ব’লিক্ কেটেগ’ৰীৰ কেৰেক্টাৰসমূহ হ’ল- +, -, *, /, (), {}, [], &, @, %, $, <, >, ?, ;, ‘, “, :, \, ! ইত্যাদি।

ফিল্ড্

কী-বোৰ্ডৰ কিছুমান কেৰেক্টাৰ লগ লাগি যেতিয়া এটা অৰ্থপূৰ্ণ শব্দৰ সৃষ্টি কৰে, তেতিয়া তাক এটা ‘ফিল্ড্’ বুলি কোৱা হয়।

ৰেকৰ্ড

কিছুমান ৰিলেটেড্ ফিল্ড্ লগ হৈ এটা ‘ৰেকৰ্ড’-ৰ সৃষ্টি কৰে।

ফাইল্

কিছুমান আন্তঃসম্পৰ্কীয় ৰেকৰ্ড লগ হৈ এটা ‘ফাইল’-ৰ সৃষ্টি কৰে। আমি কম্পিউটাৰত তথ্য জমা কৰিলে ই ফাইল্ আকাৰে জমা হয়।

ডাটাবেচ্

কিছুমান ৰিলেটেড ফাইল লগ হৈ এটা ‘ডাটাবেচ’-ৰ সৃষ্টি কৰে। তলত কেৰেক্টাৰৰ পৰা ডাটাবেচৰ গঠনৰ এটি অঙ্কন দেখুওৱা হ’ল-

কেৰেক্টাৰ্---ফিল্ড্---ৰেকৰ্ড---ফাইল্---ডাটাবেচ্

কাৰ্চৰ

আমি কম্পিউটাৰত ডাটা ইনপুট কৰিলে মনিটৰত দেখা দিয়া যিডাল ক্ষুদ্ৰ ব্লিংকিং (তিৰবিৰাই থকা) দণ্ডৰেখা (লাইন্)-ই আমাক কেৰেক্টাৰৰ অৱস্থান সম্পৰ্কে জ্ঞাত কৰি যায়, সেই দণ্ডৰেখাডালক পাৰিভাষিক শব্দাৱলীমতে ‘কাৰ্চৰ্’ বুলি আখ্যা দিয়া হয়। এই কাৰ্চৰডালৰ চাইজ্ আৰু ছেপ্ বিভিন্ন চফ্টৱেৰত বিভিন্ন হোৱা দেখা যায়।

ড্ৰাইভ

চেকেণ্ডাৰী মেম’ৰীৰ ধাৰক (কণ্টেইনাৰ্) অৰ্থাৎ, যিটো পাত্ৰত আমি চেকেণ্ডাৰী মেম’ৰী, যেনে- ফ্ল’পি, চি.ডি. আদি ভৰাই, তাৰ পৰা ডাটা চাপ্লাই বা ৰিট্ৰাইভ্ (পুনৰুদ্ধাৰ) কৰিব পাৰোঁ, সেই পাত্ৰটোক ড্ৰাইভ্ বুলি কোৱা হয়। এই ড্ৰাইভ্ সৰ্ব্বমুঠ ৩ (তিনি) প্ৰকাৰৰ। যেনে-

(১) ফ্ল’পি ডিস্ক ড্ৰাইভ (এফ.ডি.ডি.)।

(২) হাৰ্ড ডিস্ক ড্ৰাইভ (এইচ্.ডি.ডি.)।

(৩) কম্পেক্ট ডিস্ক ড্ৰাইভ (চি.ডি.ডি)।

আনহাতে, এফ.ডি.ডি. আকৌ দুভাগত বিভক্ত। যেনে-

(ক) মিনি এফ.ডি.ডি. আৰু

(খ) মাইক্ৰ’ এফ.ডি.ডি.।

এন.বি.- ডিস্ক মানে হ’ল এখন চেপেটা সমতল আকৃতিৰ মেম’ৰী ডিভাইচ্, য’ত আমি স্থায়ীভাৱে ডাটা ষ্ট’ৰ কৰি ৰাখিব পাৰোঁ। ই ঘূৰণীয়া বা চতুষ্কোণী- যিকোনো আকৃতিৰ হ’ব পাৰে। (Disk = Diskette).

ড্ৰাইভ্ নেম্

এই ড্ৰাইভবোৰক নামাঙ্কণ কৰাৰ বাবে আমি সচৰাচৰ ইংৰাজী বৰ্ণমালাৰ আশ্ৰয় লওঁ। কিন্তু, প্ৰতিটো শ্ৰেণীৰ ড্ৰাইভৰ বাবে একোটা বিশেষ বৰ্ণকহে বাচনি কৰা হয়। যেনে-

এফ.ডি.ডি.-ৰ বাবে ‘এ’ বা বি।

এইচ্.ডি.ডি.-ৰ বাবে ‘চি’ বা ‘ডি’ ইত্যাদি।

সচৰাচৰ, চি.ডি.ডি.-ৰ বাবে শেষৰ এইচ্.ডি.ডি.-ৰ নামৰ পাছত পৰৱৰ্ত্তী বৰ্ণমালাটো লোৱা হয়। যেনে- এইচ্.ডি.ডি.-ৰ নাম যদি ‘এফ’-ত শেষ হৈছে, তেন্তে চি.ডি.ডি.-ৰ নামাঙ্কণ আৰম্ভ হব ‘জি’-ৰ পৰা। আনহাতে, ইহঁতৰ নামাঙ্কণৰ বাবে এটা বিশেষ ধৰণত নামবোৰ লিখিব লাগে। যেনে- A: B: C: বা D: ইত্যাদি আৰু ইহঁতক পঢ়া যায়- A Colon, B Colon, C Colon বা D Colon হিচাবে।

Prompt

Prompt হ’ল এনে এটা সংকেত বা চিহ্ন, যাৰ দৃশ্যতাত আমি এইটোৱেই বুজোঁ যে বৰ্ত্তমান কম্পিউটাৰটোৱে আমাৰ হাতৰ পৰা যিকোনো ডাটা গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈছে। বিভিন্ন চফ্টৱেৰত এই Prompt-ৰ আকৃতিৰ ভিন্ন ৰূপ হ’ব পাৰে। যেনে-

(ক) MS-DOS  :  A:\> Prompt (বৰ্ণমালাৰ নাম অনুযায়ী)

(খ) BASIC      :  Ok Prompt

(গ) dBase       : . Prompt (Dot Prompt)

(ঘ) Logo         :  ? Prompt                  ইত্যাদি.......

ফাইল নেম্

আমি আগতেই পাই আহিছোঁ যে কম্পিউটাৰত আমি ডাটাবোৰ ষ্ট’ৰ কৰোঁতে সদায় ফাইল্ আকাৰে ষ্ট’ৰ (জমা) হৈ ৰয়। এই ফাইলবোৰৰ যদি একোটা নাম দিয়া নাযায়, তেন্তে ভৱিষ্যতে ইহঁতক চিনাক্তকৰণৰ সময়ত বহু বেমেজালি হ’ব পাৰে। সেয়েহে, একো একোটা নামেৰে ফাইল্ সমূহক চিনাক্তকৰণৰ বাবে চিহ্নিত কৰি থোৱা যায়। এই নামবোৰকেই ফাইল্ নেম্ বুলি কোৱা হয়। অৱশ্যে ইহঁতক নামাঙ্কন কৰোঁতে কেতবোৰ নীতি-নিয়মৰ মাজেৰেহে আগবঢ়া যায়, অন্যথাই কম্পিউটাৰে উক্ত নামবোৰ গ্ৰহণ নকৰে। তলত সেই নিয়মাৱলী উল্লেখ কৰা হ’ল।

(১) এটা বৈধ ফাইল্ নেমত সৰ্ব্বাধিক ৮ (আঠ)-টা কেৰেক্টাৰ থাকিব পাৰে।

(২) ফাইল্ নেমৰ প্ৰথম স্থানত মাত্ৰ এল্ফাবেটহে বহিব পাৰিব।

(৩) দ্বিতীয় স্থানৰ পৰা প্ৰয়োজন সাপেক্ষে নম্বৰ বহিব পাৰে।

(৪) বৈধ ফাইল্ নেম্ এটাত কোনো ধৰণৰ স্পেচিয়েল কেৰেক্টাৰ বা চিম্বল থাকিব নোৱাৰে।

(৫) এটা ফাইল্ নেমকেই এটা প্ৰোগ্ৰামত দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব নোৱাৰি।

(৬) কোনো ধৰণৰ কমাণ্ড ৱৰ্ড, ফাইল্ নেম্ হিচাপে ব্যৱহৃত হ’ব নোৱাৰিব।

কিছুমান বৈধ ফাইল্ নেমৰ উদাহৰণ- ABC, Softech, Papa, Kitap1, A4Tall, DFC1Wide, Guwahati, Sanjay, Roja ইত্যাদি।

এক্সটেনশ্যন্

একেটা ফাইল্ নেমকেই আমি বিভিন্ন চফ্টৱেৰ প্ৰোগ্ৰামৰ অধীনত একাধিকবাৰ ব্যৱহাৰ কৰিব পাৰোঁ। তেনেস্থলত, উক্ত ফাইল্ নেম্ কেইটাক চিনাক্তকৰণৰ সুবিধাৰ্থে আমি এটা বিশেষ প্ৰক্ৰিয়াৰ আশ্ৰয় লওঁ। সেইক্ষেত্ৰত, আমি ফাইল্ নেমটোৰ শেষত আন এটা বিশেষ নাম যোগ দিওঁ। ইয়াকেই এক্সটেনশ্যন্ বুলি কোৱা হয়। এই এক্সটেনশ্যনটো দিয়াৰো কেতবোৰ বিশেষ নীতি নিৰ্দ্ধাৰণ কৰা আছে। আনহাতে, ফাইল্ নেম্ আৰু এক্সটেনশ্যনটো পৃথক কৰিবলৈ দুয়োৰে মাজত এটা ‘.’ (ডট্) চিহ্ন দিয়া হয়, যাতে কম্পিউটাৰে উক্ত ফাইলটো চিনি পোৱাত সহায় হয়। সচৰাচৰ, আমি ফাইল্ নেম্ এটাৰ পিছফালে সংযুক্ত এক্সটেনশ্যনটো চাইয়েই কৈ দিব পাৰোঁ- উক্ত ফাইলটো কোনটো চফ্টৱেৰ পেকেজৰ অধীনস্থ। কিয়নো, এক্সটেনশ্যনটো সাধাৰণতে চফ্টৱেৰ পেকেজৰ নাম অনুসাৰেহে দিয়া হয়। অৰ্থাৎ, ই উক্ত চফ্টৱেৰ পেকেজৰ সংক্ষিপ্ত ৰূপ। তলত এক্সটেনশ্যন্ এটা দিয়াৰ নিয়মবোৰ উল্লেখ কৰা হ’ল।

(১) এটা বৈধ এক্সটেনশ্যনত সৰ্ব্বাধিক ৩ (তিনি)-টা কেৰেক্টাৰ থাকিব পাৰে।

(২) ফাইল্ নেমৰ দৰে এক্সটেনশ্যনৰো প্ৰথম স্থানত মাত্ৰ এল্ফাবেটহে বহিব পাৰিব।

(৩) দ্বিতীয় স্থানৰ পৰা প্ৰয়োজন সাপেক্ষে নম্বৰ বহিব পাৰে।

(৪) বৈধ এক্সটেনশ্যন্ এটাত কোনো ধৰণৰ স্পেচিয়েল কেৰেক্টাৰ বা চিম্বল থাকিব নোৱাৰে।

(৫) কোনো ধৰণৰ ক’মাণ্ড ৱৰ্ড, এক্সটেনশ্যন্ হিচাপে ব্যৱহৃত হ’ব নোৱাৰিব।

(৬) এক্সটেনশ্যনটো সদায় ফাইল্ নেমটোৰ সোঁফালেহে বহুওৱা হয়।

(৭) সাধাৰণতে কম্পিউটাৰে নিজে নিজেই ফাইল্ নেমটোৰ পিছত এক্সটেনশ্যনটো লগাই দিয়ে, উক্ত ফাইলটো ষ্ট’ৰ কৰাৰ সময়ত।

কিছুমান বৈধ এক্সটেনশ্যনৰ উদাহৰণ- .BAS, .WK1, .PM5, .P65, .DBF, .PRG, .CDR, .EXE, .COM, .DOC, .PPT ইত্যাদি।

কিছুমান বৈধ ফাইল্ নেমৰ এক্সটেনশ্যনৰ সৈতে উদাহৰণঃ

SOFTECH.BAS.................MONIKA1. WK1

INFOED.PM5   .................A4Tall. P65

BARAMA.CDR..................GUWAHATI.COM

ROBIN.DBS......................BARAMA.EXE

HIYA.DOC.........................BABA. PPT                    ইত্যাদি।

কম্পিউটাৰৰ বিভিন্ন ভাগঃ কম্পিউটাৰৰ বিভিন্ন কাৰ্য্যপ্ৰণালী অনুসৰি ইয়াক মুখ্যতঃ ৩ (তিনি)টা ভাগত বিভক্ত কৰা হৈছে। সেইকেইটা হ’ল ক্ৰমে- এনাল’গ্, ডিজিটেল্ আৰু হাইব্ৰিড্ কম্পিউটাৰ।

কম্পিউটাৰৰ বিভিন্ন আঁকাৰঃ আকাৰ অনুযায়ীও কম্পিউটাৰক আমি ২ (দুই) ভাগত ভাগ কৰিব পাৰোঁ। যেনে-

(ক) বৃহৎ (লাৰ্জ) আৰু

(খ) ক্ষুদ্ৰ (স্মল্)। আনহাতে, এই দুই ভাগৰ আকৌ নিজস্ব কেতবোৰ ক্ষুদ্ৰ ভাগ আছে। যেনে-

(ক) লাৰ্জ কম্পিউটাৰঃ মিনি, মেইনফ্ৰেম্ আৰু চুপাৰ কম্পিউটাৰ।

(খ) স্মল্ কম্পিউটাৰঃ মাইক্ৰ’ কম্পিউটাৰ বা পাৰ্চনেল কম্পিউটাৰ (পি.চি.)।

আকৌ, পাৰ্চনেল কম্পিউটাৰৰ কিছুমান ভাগ পোৱা যায়। যেনে-

(১) পি.চি.             : পাৰ্চনেল কম্পিউটাৰ।

(২) পি.চি.-এক্স.টি. : পাৰ্চনেল কম্পিউটাৰ-এক্সটেণ্ডেড্ টেকনোল’জী।

(৩) পি.চি.-এ.টি.   : পাৰ্চনেল কম্পিউটাৰ-এডভাণ্সড্ টেকনোল’জী।

আকৌ, পি.চি.-এ.টি.-ৰ কিছুমান ভাগ পোৱা যায়। সিহঁত হ’ল- ৮০(২৮৬, ৩৮৬, ৪৮৬, {৪৮৬-ডি.এক্স, ডি.এক্স.২, ডি.এক্স.৪}), পেণ্টিয়াম- ১, ২, ৩, ৪.....ইত্যাদি।

কম্পিউটাৰৰ শ্ৰেণী বিভাজনঃ আমি আগতেই উল্লেখ কৰি আহিছোঁ যে কম্পিউটাৰ মূলতঃ ৩ (তিনি) প্ৰকাৰৰ- এনাল’গ্, ডিজিটেল্ আৰু হাইব্ৰিড্।

এনাল’গ্ কম্পিউটাৰঃ ইংৰাজী এনাল’গ্ শব্দটো প্ৰকৃততে গ্ৰীক্ ভাষাৰ পৰা ধাৰ কৰিহে অনা হৈছে, যিয়ে যিকোনো দুটা মাধ্যমৰ মাজত তুলনা কৰি ইহঁতৰ মাজত সাদৃশ্য স্থাপন কৰা বুজায়। এই শ্ৰেণীৰ কম্পিউটাৰে একেৰাহে একোটা জোখ আৰু তথ্যৰ জৰিয়তে দুটা মাধ্যমৰ মাজত সাদৃশ্য জুখি উলিয়ায়। এনাল’গ্ কম্পিউটাৰে গণনা কাৰ্য্যতকৈ জোখ-মাখৰ ওপৰতহে অধিক গুৰুত্ব প্ৰদান কৰে। সাধাৰণতে উষ্ণতাৰ পৰিৱৰ্ত্তনৰ জোখ-মাখত এই শ্ৰেণীৰ কম্পিউটাৰৰ ব্যৱহাৰ দেখা যায়।

ডিজিটেল্ কম্পিউটাৰঃ এই শ্ৰেণীৰ কম্পিউটাৰে ০ আৰু ১ ৰ বাহিৰে অইন একো বুজি নাপায়। ইয়াত সকলো কাম দ্বৈত সংখ্যা পদ্ধতিৰ দ্বাৰা সংঘটিত হয়। অৰ্থাৎ, ইয়াক যোগান ধৰা সকলো তথ্য বা নিৰ্দ্দেশ আদি, ই তাত্ক্ষণিকভাৱে ০ আৰু ১-লৈ নিজে নিজেই পৰিৱৰ্ত্তন কৰি লয়। এই শ্ৰেণীৰ কম্পিউটাৰ এনাল’গ্ কম্পিউটাৰতকৈ অধিক ক্ষীপ্ৰ, নিৰ্ভৰযোগ্য আৰু উন্নত মানদণ্ডৰ।

হাইব্ৰিড্ কম্পিউটাৰ

ইহঁত হ’ল উক্ত দুয়োটা শ্ৰেণীৰেই এক সুসংবদ্ধ সংমিশ্ৰণ। এই শ্ৰেণীৰ কম্পিউটাৰ ঘাইকৈ বৈজ্ঞানিক আৰু কাৰিকৰী দিশত বহুলভাৱে ব্যৱহৃত হোৱা পৰিলক্ষিত হয়। আমি ব্যৱহাৰ কৰা সকলো ধৰণৰ পাৰ্চনেল্ কম্পিউটাৰ এই শ্ৰেণীৰ অন্তৰ্ভূক্ত। হাইব্ৰিড্ কম্পিউটাৰৰ কিছুমান ভাগ হৈছে- মাইক্ৰ’, মিনি, চুপাৰ মিনি, মেইনফ্ৰেম্ আৰু চুপাৰ কম্পিউটাৰ।

এন.বি.

ভাৰতৰ দ্বাৰা নিৰ্মিত একমাত্ৰ চুপাৰ কম্পিউটাৰটোৰ নাম হৈছে ‘পৰম’ (PARAM)।

কী-বোৰ্ড আৰু ইয়াৰ ‘কী’সমূহ

আমি আগতেই পাই আহিছোঁ যে কী-বোৰ্ডখন হ’ল কম্পিউটাৰৰ ইনপুট্ ডিভাইচৰ এটা উদাহৰণ। এই কী-বোৰ্ডখন কিছুমান ‘কী’ৰ সমষ্টি। এই ‘কী’ বা চাবিসমূহৰ ওপৰত আমি হেঁচা প্ৰয়োগ কৰি কম্পিউটাৰটোক তথ্যৰ যোগান ধৰোঁ। কী-বোৰ্ডখনত থকা আটাইবোৰ ‘কী’ক আমি সৰ্ব্বমুঠ ৩ (তিনি) ভাগত বিভক্ত কৰিব পাৰোঁ। সিহঁত হ’ল-

(১) এল্ফাবেটিক্........................A-Z or a-z

(২) নিউমাৰিক......................... 0-9

(৩) স্পেচিয়েল পাৰ্পাচ্.................ইহঁত আকৌ দুভাগত বিভক্ত। যেনে-

(ক) চিম্বলিক্ কী......................+, -, *, /, %, ^, (), $, & ইত্যাদি।

(খ) স্পেচিয়েল্ ফাংশ্যন্ কী...........Caps Lock, Num Lock, INS, Tab, Shift, Enter, Ctrl, Del, Spc. Bar, Home, End ইত্যাদি।

(১) এল্ফাবেটিক্ কীঃ এই কী-সমূহৰ দ্বাৰা আমি কম্পিউটাৰক প্ৰয়োজন সাপেক্ষে বৰ্ণমালা সমৃদ্ধ (যুক্ত) তথ্য যোগান ধৰিব পাৰোঁ। ইহঁত সৰ্ব্বমুঠ ৫২ টা। A-Z লৈ ২৬ টা আৰু a-z লৈ ২৬ টা।

(২) নিউমাৰিক্ কীঃ  এই শ্ৰেণীৰ ‘কী’ৰ দ্বাৰা আমি কম্পিউটাৰক সংখ্যাযুক্ত তথ্যৰ যোগান ধৰিব পাৰোঁ। সৰ্ব্বমুঠ ১০ টা এনে নিউমাৰিক্ কী পোৱা যায় ০-ৰ পৰা ৯-লৈকে। এই নম্বৰযুক্ত ‘কী’সমূহ কী-বোৰ্ডৰ দ্বিতীয় শাৰীত থাকে। অৱশ্যে, নিউমাৰিক্ ‘কী’ৰ আন এটা ছেট্ কী-বোৰ্ডৰ সোঁফালেও থাকে। ইহঁতক ‘Num Key Pad’ বুলি জনা যায়। ইয়াত থকা নম্বৰবোৰ আমি কেল্কুলেটৰৰ দৰে ব্যৱহাৰ কৰিব পাৰোঁ।

(৩) স্পেচিয়েল্ পাৰ্পাচ্ কীঃ

(ক) চিম্বলিক কীঃ এই শ্ৰেণীৰ ‘কী’বোৰৰ দ্বাৰা আমি যিকোনো ধৰণৰ গাণিতিক কাম বা বাক্যৰ গাঁঠনিত ব্যৱহৃত হ’ব পৰা যতি চিহ্নবোৰ দিব পাৰোঁ। ইহঁতৰ অবিহনে তথ্যৰ য়োগানো অসম্পূৰ্ণ হৈ ৰয়।

(খ) স্পেচিয়েল্ ফাংশ্যন্ কীঃ এই শ্ৰেণীৰ ‘কী’বোৰৰ দ্বাৰা আমি বিশেষ ধৰণৰ কাৰ্য্য সম্পন্ন কৰিব পাৰোঁ। তথ্য যোগানৰ সময়ত ইহঁতৰ ব্যৱহাৰ তথা প্ৰয়োজন অতীব প্ৰয়োজনীয়। এই ‘কী’সমূহে আমাৰ কামবোৰ খৰতকীয়া আৰু সুকলম কৰি তোলে। তলত ঘাইকৈ ব্যৱহৃত হোৱা স্পেচিয়েল্ ফাংশ্যন্ ‘কী’বোৰৰ চমু আলোচনা কৰা হ’ল।

(১) এণ্টাৰ্ কীঃ কম্পিউটাৰত ব্যৱহৃত হোৱা ই হ’ল এক প্ৰধান কী। সৰ্ব্বমুঠ ২ (দুই)-টা এণ্টাৰ্ কী পোৱা যায়। এই কী-টো প্ৰেচ্ কৰিলেহে কম্পিউটাৰে তথ্যবোৰ গ্ৰহণ কৰে আৰু ইয়াক প্ৰচেচিং কৰিবলৈ প্ৰস্তুত হয়। আনহাতে, বাক্য (লাইন) এটাৰ শেষত ইয়াক প্ৰেচ্ কৰি আমি নতুন পেৰেগ্ৰাফ্ বা দফা এটা পাব পাৰোঁ।

(২) চিফ্ট্ কীঃ এই কী-টো প্ৰেচ্ কৰিলে আমি যিকোনো এটা কী-ৰ লগত যুক্ত হৈ ৰোৱা ‘আপাৰ্ কেচ্ কেৰেক্টাৰ’টো আনিব পাৰোঁ। ইয়াৰ বাবে চিফ্ট্ কী-টো প্ৰেচ্ কৰি ধৰি থাকি উক্ত আনুসঙ্গিক কী-টো প্ৰেচ্ কৰি দিলেই হ’ল। যেনে- চিফ্ট্ কী আৰু ‘২’ বুলি চিহ্নিত কী-টো প্ৰেচ্ কৰিলে আমি ‘২’-ৰ ওপৰত দেখা পোৱা ‘@’ চিহ্নতো পাওঁ। সৰ্ব্বমুঠ ২ (দুই)-টা চিফ্ট্ কী পোৱা যায়। আনহাতে, চিফ্ট্ কী-ৰ লগত আমি ৰাইট্, লেফ্ট্, আপ্ বা ডাউন্ কী-টো প্ৰেচ্ কৰি কোনো এটা আখৰ, শব্দ, বাক্য বা দফা এটা চিলেক্ট কৰিব পাৰোঁ। চিফ্ট্ কী-এ স্বাধীনভাৱে বা অকলে কোনো কাম কৰিব নোৱাৰে। সেয়েহে ইয়াক ‘সহায়ক কী’ বা ‘হেল্পিং কী’ বুলিও কোৱা হয়।

(৩) কণ্ট্ৰ’ল কীঃ এই কী-টোৰ এটা বিশেষ কাম আছে। আচলতে, বিভিন্ন চফ্টৱেৰৰ লগত এই কী-টোৰ কাম বিভিন্ন হয়। চিফ্ট্ কী-ৰ দৰে এই কী-টোৱেও অকলে একো কাম কৰিব নোৱাৰে, যেতিয়ালৈকে ইয়াক অইন এটা কী-ৰ লগত প্ৰেচ্ কৰা নহয়। সেয়েহে, ইও এটা ‘সহায়ক কী’-হে। সৰ্ব্বমুঠ ২ (দুই)-টা কণ্ট্ৰ’ল কী পোৱা যায়। ইয়াক ‘^’ –ই চিহ্নৰে চিহ্নিত কৰা যায় আৰু এই চিহ্নটোক ‘কেৰ’ট’ (CAROT) বুলি জনা যায়। কী-বোৰ্ডত এই কী-টোৰ ওপৰত ‘Ctrl’ বুলি লিখা থাকে।

(৪) স্পেচ্ বাৰ কীঃ কী-বোৰ্ড এখনত থকা এইটো হ’ল আটাইতকৈ দীঘল কী। এইটোৱেই হ’ল একমাত্ৰ কী, যাৰ ওপৰত একোৱেই চিহ্নিত হৈ নাথাকে। অৰ্থাৎ, এই কী-টোৰ ওপৰত একো লিখা নাথাকে। কোনো দুটা শব্দৰ মাজত খালী ঠাই সোমাবলৈ এই কী-টো ব্যৱহাৰ কৰা হয়।

(৫) ই.এছ.চি. কীঃ ইয়াৰ অৰ্থ হৈছে এছকেপ্। কোনো এটা ক’মাণ্ড ৰিপিট্ বা কেঞ্চেল্ কৰিবলৈ অথবা কোনো এটা পৰ্য্যায়ৰ পৰা আগৰ পৰ্য্যায়লৈ ঘূৰি যাবলৈ এই কী-টো ব্যৱহৃত হয়। কী-বোৰ্ড এখনত এই কী-টোকেই প্ৰথমতে পোৱা যায়।

(৬) টেব্ কীঃ এটা নিৰ্দ্দিষ্ট ব্যৱধানৰ অন্তৰালত আমি টাইপ কৰা তথ্যখিনি ধাৰাবাহিকভাৱে পঢ়িবলৈ এই কী-টো ব্যৱহাৰ কৰা হয়। ইয়াক টেব্-চেটিং বা টেবুলেচন্ কৰা বুলি কোৱা হয়। এই ব্যৱধানবোৰ ব্যৱহাৰকৰ্ত্তাই নিজে নিৰ্দ্ধাৰণ কৰি লয় বা ল’ব পাৰে।

(৭) ফাংশ্যন্ কীঃ কী-বোৰ্ডৰ প্ৰথম শাৰীত থকা আৰু F1-ৰ পৰা F12 লৈ নামাঙ্কিত কৰা সৰ্ব্বমুঠ ১২-টা কী-কেই ফাংশ্যন্ কী বুলি কোৱা হয়। বিভিন্ন চফ্টৱেৰ্ ভেদে এই  ফাংশ্যন্ কী-ৰ কাম ভিন্ন হোৱা দেখা যায়।

(৮) অল্টাৰ্ কীঃ ইও এটা ‘সহায়ক কী’-হে। ইয়াৰ স্বাধীনভাৱে কাম কৰাৰ ক্ষমতা নাথাকে। ইয়াৰ সম্পূৰ্ণ নাম হৈছে ‘অল্টাৰনেট’। বিভিন্ন চফ্টৱেৰত বিভিন্ন কী-ৰ লগত ইয়াক প্ৰেচ্ কৰি বিভিন্ন কাম সম্পাদন কৰিব পৰা যায়। সৰ্ব্বমুঠ ২ (দুই)-টা অল্টাৰ্ কী পোৱা যায়। স্পেচ্ বাৰ কী-ৰ দুয়োকাষে এই অল্টাৰ কী দুটা অৱস্থিত।

(৯) বেক্ স্পেচ্ কীঃ এই কী-টো আমি কাৰ্চৰৰ বাওঁফালৰ কেৰেক্টাৰ মচিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াক ‘←’ এই প্ৰতীকেৰে বুজোৱা হয়।

(১০) ডিলিট্ কীঃ ইও কেৰেক্টাৰ মচাৰ ক্ষেত্ৰত ব্যৱহৃত হয়। মাথোঁ পাৰ্থক্য এয়ে যে- ডিলিট্ কী-ৰ দ্বাৰা আমি কাৰ্চৰৰ সোঁফালে থকা কেৰেক্টাৰবোৰ মচিব পাৰোঁ। সৰ্ব্বমুঠ দুটা ডিলিট্ কী পোৱা যায়। যিকোনো চিলেক্ট্ কৰি লোৱা ফাইল, ফ’ল্ডাৰ, টেক্সট্, অ’ব্জে্ক্ট্ আদি এই ডিলিট্ কী-ৰ দ্বাৰা মচি দিব পাৰি।

(১১) কেপ্চ্ ল’কঃ এই কী-ৰ দ্বাৰা আমি সকলো বৰ্ণমালা কেপিটেল লেটাৰত আনিব পাৰোঁ। এই কী-টো প্ৰেচ্ কৰিলে কী-বোৰ্ডৰ সোঁহাতে ওপৰৰ ফালে থকা লাইটটো জ্বলি উঠে। পুনৰ বৰ্ণমালাবোৰ নৰ্মেললৈ আনিবলৈ আমি ‘কেপ্চ্ ল’ক কী’-টো আকৌ এবাৰ প্ৰেচ্ কৰিব লাগে। তেনে কৰিলে উক্ত লাইটটো নুমাই যায় আৰু আমি এইবাৰ বৰ্ণমালাবোৰ নৰ্মেলত লিখিব পাৰোঁ। সেয়েহে, কেপ্চ্ ল’কটোক Toggle Switch বুলি কোৱা হয়। কিয়নো একেটা কী-টেই অন্ আৰু অফ্ দুয়োটা নিহিত হৈ থাকে।

(১২) নাম্ ল’কঃ কেপ্চ্ ল’ক কী-ৰ দৰে এই কী-টোও এটা Toggle Switch-ৰ উদাহৰণ। কী-বোৰ্ডৰ একেবাৰে সোঁহাতে অৱস্থিত ০-ৰ পৰা ৯-লৈ থকা সুকীয়া অংশটো, যাক আমি ‘নিউমাৰিক্ কী পেড্’ বুলি কওঁ, তাৰ ওপৰত থকা নাম্ ল’ক লাইটটো এই কী-টো অন্ (প্ৰেচ্) কৰিলে জ্বলি উঠে, যাৰ ফলত আমি নিউমাৰিক কী পেড্-ৰ সংখ্যবোৰ ব্যৱহাৰ কৰিবলৈ সমৰ্থ হওঁ। সচৰাচৰ, কম্পিউটাৰটো বুট্ কৰাৰ পাছত এই নাম্ ল’ক লাইটটো নিজে নিজেই জ্বলি উঠে।

(১৩) স্ক্ৰোল্ ল’কঃ এই কী-টোও Toggle Switch-ৰ এটা উদাহৰণ। কী-বোৰ্ডখনৰ একেবাৰে সোঁহাতে ওপৰৰ ফালে ইয়াৰ নামাঙ্কিত লাইটটো এই কী-টো প্ৰেচ্ (অন্) কৰাৰ লগে লগে জ্বলি উঠে আৰু ই তেতিয়া কাৰ্য্যক্ষম হৈ পৰে। একে সময়ত দুটা চফ্টৱেৰৰ কাম চলাবলগীয়া হ’লে এই কী-টো ব্যৱহৃত হয়। যেনে- একে সময়তে অসমীয়া আৰু ইংৰাজী ডি.টি.পি.-ৰ কাম শ্ৰীলিপি চফ্টৱেৰৰ মাধ্যমত কৰিব লাগিলে এই স্ক্ৰোল্ ল’ক কী-টোৱে দুয়োটাৰ মাজত যোগসূত্ৰৰ দৰে কাম কৰে।

(১৪) এৰো কীঃ সৰ্ব্বমুঠ ৪ (চাৰি)-টা এৰো কী পোৱা যায়। কোনো টেক্সট্ চিলেক্ট কৰিবলৈ বা কাৰ্চৰটো নিজৰ অৱস্থানৰ পৰা সোঁৱে-বাঁওৱে বা ওপৰ-তল কৰিবলৈ এই কী চাৰিটা ব্যৱহৃত হয়। চাৰিটাকৈ এৰো কী-ৰ, সৰ্ব্বমুঠ ২ (দুই)-টা চেট্ পোৱা যায়।

(১৫) ইনচাৰ্ট কীঃ ইতিমধ্যে কপি কৰি থোৱা কোনো আখৰ, শব্দ, বাক্য, ছবি, ফাইল আদি পুনৰ চিলেক্টেড্ ঠাইত সংযোজন কৰিবলৈ এই কী-টো ব্যৱহৃত হয়। আকৌ, এৰি যোৱা কোনো আখৰ টাইপ কৰিবলৈও এই কী-টো ব্যৱহাৰ কৰা হয়। সৰ্ব্বমুঠ দুটা ইনচাৰ্ট কী পোৱা যায়।

(১৬) হোম/এণ্ড্ কীঃ এই হোম কী-ৰ জৰিয়তে আমি টাইপিং কৰি থাকোঁতে কোনো বাক্য বা দফা এটাৰ আৰম্ভণি (প্ৰথম)-লৈ যাব পাৰোঁ। আনহাতে, এণ্ড কী-ৰ কামটো হোম কী-ৰ ঠিক বিপৰীতটো। কোনো বাক্য বা দফা এটাৰ একেবাৰে শেষলৈকে যাবলৈ আমি এণ্ড্ কী-টো ব্যৱহাৰ কৰিব পাৰোঁ। সৰ্ব্বমুঠ দুটাকৈ চাৰিটা হোম/এণ্ড্ কী পোৱা যায়।

(১৭) পেজ্ আপ / পেজ্ ডাউন্ কীঃ এটা দীঘল ডকুমেণ্টৰ মনিটৰত দৃশ্যমান হৈ থকা পৃষ্ঠাৰ আগৰ বা পাছৰ পৃষ্ঠালৈ যাবলৈ যথাক্ৰমে পেজ্ আপ আৰু পেজ্ ডাউন্ কী দুটা ব্যৱহাৰ কৰা হয়। প্ৰত্যেকৰে দুটাকৈ সৰ্ব্বমুঠ চাৰিটা পেজ্ আপ / পেজ্ ডাউন্ কী পোৱা যায়।

(১৮) প্ৰিণ্ট্ স্ক্ৰীণ্ কীঃ এই কী প্ৰেচ্ কৰিলে মনিটৰত দৃশ্যমান হৈ থকা স্ক্ৰীণখন কপি কৰিব পৰা যায়। পাছত, প্ৰয়োজন সাপেক্ষে উক্ত স্ক্ৰীণখন আমি পেষ্ট বা প্ৰিণ্ট কৰি ল’ব পাৰোঁ।

ঘাইকৈ ওপৰত আলোচিত কী-সমূহেই কী-বোৰ্ড এখনৰ প্ৰধান কী আৰু ইহঁতৰ ব্যৱহাৰ উল্লেখিত ধৰণেৰেই হয়।

আনহাতে, কী-বোৰ্ড এখনৰ ওপৰত অৱস্থিত কী-সমূহৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কী-বোৰ্ড এখনক তলত দিয়া ধৰণেৰে নামাঙ্কিত কৰিব পাৰি। যেনে-

৮৮ কী-যুক্ত কী-বোৰ্ড,

১০১ কী-যুক্ত কী-বোৰ্ড,

১০৩ কী-যুক্ত কী-বোৰ্ড,

১০৫ কী-যুক্ত কী-বোৰ্ড,

১০৭ কী-যুক্ত কী-বোৰ্ড, ইত্যাদি।

মাউচ্ আৰু ইয়াৰ ব্যৱহাৰ

আমি আগতেই পাই আহিছোঁ যে মাউচ্ হ’ল ইনপুট্ ডিভাইচ্-ৰ এটা উদাহৰণ। ইয়াক আচলতে পইণ্টিং ডিভাইচ্ বুলিও জনা যায়। কিয়নো, মাউচে আমাৰ পৰা তথ্য বা নিৰ্দ্দেশসমূহ পোৱাৰ পাছত কম্পিউটাৰক সেই নিৰ্দ্দেশসমূহ পইণ্ট আউট্ কৰি কৰি বুজাই দিয়ে। বৰ্ত্তমান কম্পিউটাৰৰ বাবে মাউচটো হ’ল এটা অপৰিহৰ্য্য অংগ। ইয়াৰ অবিহনে আজিৰ যুগত ডাটা এণ্ট্ৰি সম্পূৰ্ণ আধৰুৱা। এটা মাউচট মুঠ দুটা বা তিনিটা বুটাম থাকে। ইয়াৰ ভিতৰত সোঁফালে থকা বুটামটোক ৰাইট্ বুটাম আৰু বাঁওফালে থকা থকাটোক লেফ্ট বুটাম আৰু কিছুমানত থকা মাজৰটোক হুইল্ বুলি জনা যায়। সোঁ বা বাঁওফালৰ বুটামটো টিপা কাৰ্য্যক ক্লিক্ কৰা বোলা হয় আৰু উক্ত বুটামকেইটা টিপি ধৰি মাউচটো লৰচৰ কৰা কামটোক ‘ড্ৰাগ্’ কৰা বোলা হয়। মনিটৰৰ স্ক্ৰীণখনত ওলাই থকা কাঁড় চিহ্ন ডালক আমি পইণ্টাৰ বুলি কওঁ। তলত প্ৰত্যেকটো বুটামৰ কাৰ্য্য পদ্ধতি থুলমূলকৈ আলোচনা কৰা হ’ল-

লেফ্ট বুটাম

ই হ’ল মাউচৰ আটাইতকৈ বেছি ব্যৱহৃত হোৱা বুটাম। মাউচৰ এই বুটামটো যিকোনো প্ৰোগ্ৰামৰ আইকনত সংস্পৰ্শ কৰি ক্লিক্ কৰিলে সেই নিৰ্দ্দিষ্ট প্ৰোগ্ৰামটো চিলেক্ট হ’ব আৰু ক্ষীপ্ৰ গতিত দুবাৰ ক্লিক্ কৰিলে উক্ত প্ৰোগ্ৰামটোৰ ভিতৰত সোমাব পাৰি। বহুক্ষেত্ৰত লেফ্ট ক্লিক্-এ এণ্টাৰ কী-ৰ দৰে কাম কৰে। কোনো টেক্সট্ আদি চিলেক্ট কৰিবলৈ আমি মাউচৰ লেফ্ট বুটামটো ক্লিক্ (প্ৰেচ্) কৰিলেই হয়। খৰতকীয়াকৈ দুবাৰ ক্লিক্ কৰিলে এটা শব্দ আৰু তিনিবাৰ ক্লিক কৰিলে এটা দফা (পেৰেপ্ৰাফ্) চিলেক্ট হ’ব। আনহাতে, চিলেক্ট কৰিবলগীয়া অংশখিনিত আমি লেফ্ট মাউচ্ বুটামেৰে ক্লিক্ কৰি ধৰি থাকি ড্ৰাগ্ কৰিলেও উক্ত অংশখিনি চিলেক্ট্ হ’ব।

বিঃদ্ৰঃ- আইকন্ মানে হ’ল কোনো এটা পেৰেগ্ৰাফ বা ক’মাণ্ডৰ চিত্ৰিত ৰূপ। এই আইকনৰ ওপৰত আমি এবাৰ (বা প্ৰয়োজন সাপেক্ষে ক্ষীপ্ৰ গতিত দুবাৰ) লেফ্ট মাউচ্ বুটামেৰে ক্লিক্ কৰিলে উক্ত প্ৰোগ্ৰাম বা কমাণ্ডটো কাৰ্য্যক্ষম (এক্টিভেট্) হয়।

ৰাইট্ বুটাম্ এই বুটামটোৰে আমি কোনো এখন মেনু কাৰ্য্যক্ষম (এক্টিভেট্) কৰিব পাৰোঁ। এই মেনুখনৰ পৰা আমাৰ প্ৰয়োজনীয় ক’মাণ্ড বা অ’প্চনটো চিলেক্ট কৰি লৈ তাৰ ওপৰত লেফ্ট ক্লিক্ কৰিলে উক্ত ক’মাণ্ড বা অ’প্চনটো কাৰ্য্যক্ষম হ’ব। অৱশ্যে, বিভিন্ন চফ্টৱেৰত ৰাইট্ বুটামৰ কাম বিভিন্ন হোৱাটো পৰিলক্ষিত হয়।

মিডিল্ বুটাম বা হুইল্

এই বুটাম বা চকাটোৰে পকাই পকাই আমি কোনো এখন পৃষ্ঠাৰ ওপৰ বা তল চাব পাৰোঁ। ইয়াক স্ক্ৰোল্ কৰা বুলি কোৱা হয়।

লেখক: প্ৰণৱ জ্যোতি ঠাকুৰীয়া।

উৎস: অসমীয়াত প্ৰাথমিক কম্পিউটাৰ শিক্ষা।

3.17857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top