পৰিচয়/ভূমিকা
কম্পিউটাৰ হৈছে এনে এক বৈদ্যুতিক সঁজুলি, যাক চিঠি লিখাৰ পৰা ৰেলৰ টিকেট সংৰক্ষণ কৰালৈকে জীৱনৰ প্রত্যেক ক্ষেত্রতে ব্যৱহাৰ হয়। কম্পিউটাৰটো হৈছে বিভিন্ন অংশৰ সমষ্টি যেনে কীবর্ড(keyboard), মাউচ(mouse), প্রচেচৰ(processor), মেম’ৰী(memory), মণিটৰ(monitor) আৰু প্রিন্টাৰ (printer) ইত্যাদি। যিকোমো কাম কৰিবলৈ কম্পিউটাৰক নির্দেশাৱলীৰ প্রয়োজন যাক কম্পিউটাৰৰ আঁচনি বা প্রগেম(program) বুলি কোৱা হয়। কম্পিউটাৰৰ লগত সঘনে উচ্চাৰিত দুটা শব্দ হ’ল- হার্ডৱেৰ আৰু চফটৱেৰ(Hardware and software)।চি.পি.ইউ(CPU) মেম’ৰি(memory) আৰু আন ইনপুট আৰু আউটপুট সঁজুলিসমূহ হৈছে হার্ডৱেৰৰ অর্ন্তভূক্ত আনহাতে কম্পাইলাৰ(compiler), ইণ্টাৰপ্রিটাৰ(interpreter) আৰু অপাৰেটিং চিষ্টেম(operating system)সমূহ হৈছে চফট্ৱেৰৰ অর্ন্তভূক্ত।
কম্পিউটাৰ নামটো ‘কম্পিউট’(Compute)শব্দৰ পৰা আহিছে যাৰ অর্থ হৈছে গণনা। সেয়েহে সাধাৰন অর্থত কবলৈ গ’লে কম্পিউটাৰ এনে এক যন্ত্র যাৰ সহায়ত গণনা কৰিব পাৰি। কিন্তু বার্তামান যুগত কম্পিউটাৰৰ ব্যৱহাৰ অকল গণনা কার্য্যতেই সীমিত হৈ থকা নাই, জনজীৱনৰ প্রত্যেক ক্ষেত্রতেই আজি কম্পিউটাৰৰ বহুল প্রয়োগ। কাৰোবাৰ লগত সংযোগ স্থাপনৰ পৰা লৈ গানশুনা, ডাটাবেচ(database) চোৱাচিতা কৰা, ছবি চোৱালৈকে অন্যান্য কামত ই ব্যৱহাৰ হয়। কম্পিউটাৰ এনে এক বৈদ্যুতিক সঁজুলি, যিয়ে পুর্বনির্ধাৰিত (predefine instruction) আদেশমতে যিকোনো সংবাদ গ্রহণ কৰি ডাটাসমূহক(data) প্রচেচ কৰি প্রয়োজনীয় সংবাদলৈ ৰূপান্তৰ কৰি সঞ্চয় কৰে।
কার্য্য(Function):
কম্পিউটাৰে মূখ্যতঃ চাৰি প্রকাৰে কার্য্য সম্পাদন কৰে।
ইনপুট(Input) :- কোনো কর্য্য সম্পাদন কৰিবলৈ কম্পিউটাৰক যি ডাটাৰ প্রয়োজন হয় কম্পিউটাৰে সেই ডাটাসমূহ কীবর্ড,মাউচ আদি ইনপুট সঁজুলিৰ সহায়ত ইউজাৰৰ পৰা গ্রহন কৰে।
প্রচেচিং(Processing):- কম্পিউটাৰে কিছুমান পূর্বনির্ধাৰিত আদেশমতে ডাটাসমূহ প্রচেচ কৰে। এই পূর্বনির্ধাৰিত আদেশসমূহক প্রগ্রেম বুলি কোৱা হয়।
আউটপুট(Output):- প্রচেচিং কৰাৰ পাছত কম্পিউটাৰে ডাটাসমূহক সংশোধিত ৰূপত প্রকাশ কৰে যাক আউটপুট বুলি কোৱা হয়।এই আউটপুটসমূহ কিছুমান আউটপুট সঁজুলি যেনে মণিটৰ, প্রিণ্টাৰ আদিৰ জৰিয়তে আহৰণ কৰিব পাৰি।
মেম’ৰি(Memory):- ইয়াত কম্পিউটাৰে ডাটাসমূহক সুৰক্ষিত ৰূপত সঞ্চয় কৰি ৰাখিব পাৰে।
১. গতি (Speed):- কম্পিউটাৰে যিকোনো কাম মানুহৰ তুলনাত তীব্রগতিত বৈদ্যুতিক পদ্ধতিৰে অতি কম সময়ৰ ভিতৰতে সমাধান কৰিব পাৰে। কম্পিউটাৰে এটা ছেকেন্ডৰ ভিতৰতে বিলিয়ন সংখ্যক গননা কৰি দিব পাৰে। কোনো এটা নির্দিষ্ট কার্য্য সম্পাদন কৰিবলে কম্পিউটাৰে যিমান সময় তাক কম্পিউটাৰৰ প্রচেচিং গতি বুলি কোৱা হয়। বর্তমান কম্পিউটাৰৰ গতি গিগা হার্টজ গণনা কৰা হয়। উদাহৰণস্বৰূপে কম্পিউটাৰৰ তীব্র গতিয়ে আমাক পদার্থবিঞ্জান, অংকশাস্ত্রৰ বহুতো জটিল আৰু দীঘলীয়া সমস্যা সমাধান কৰাত সহায় কৰে।চেন্ট্রেল প্রচেছৰ ইউনিটে সমস্যা সমাধান কৰিবলে নির্দেশ সমূহক কার্য্যত পৰিণত কৰে।বর্তমান সময়ত বেছিকৈ ব্যৱহৃত চি পি ইউ হৈছে পেণ্টিয়াম-৪ যাৰ গতি ২.২ গিগা হার্টজ। ইয়াৰ পৰা দেখা যায় যে প্রচেচৰে একোটা সাধাৰণ আদেশ যেনে যোগফল ১/২.২ x ১০৯ চেকেণ্ডত .৪৫ নেন’ চেকেণ্ডত এক চেকেণ্ডৰ বিলিয়ন সংখ্যক ভাগৰ এভাগ সময়ৰ ভিতৰতে সম্পাদন কৰিব পৰে।
২. নির্ভৰযোগ্যতা (Reliability):-যদি কম্পিউটাৰৰ ইনপুট ডাটাসমূহ শুদ্ধ হয় আৰু প্রগ্রেমৰ বাবে দিয়া নির্দেশসমূহ শুদ্ধ হয়, তেন্তে কম্পিউটাৰৰ আউটপুটসমূহো সম্পূর্ণ শুদ্ধ হয়।
৩. সঞ্চয় ক্ষমতা
কম্পিউটাৰে বহু পৰিমাণৰ ডাটা স্থায়ীভাৱে সঞ্চয় কৰি ৰখাত সমর্থ যাতে ভৱিষ্যতে যিকোনো কামৰ বাবে এই ডাটাসমূহ ব্যৱহাৰ কৰিব পাৰি। কম্পিউটাৰে ছবি, গান ইত্যাদি যিকোনো ৰূপতে ডাটাসমূহক সঞ্চয় কৰি ৰখিব পাৰে।
৪. যথার্থতা আৰু অপৰিবর্তনশীলতা
কম্পিউটাৰৰ ফলাফলসমূহ সদায় শুদ্ধ আৰু যথাযথ হয়। ই কেতিয়াও সমস্যাসমূহৰ ক্রুটিপূর্ণ সমাধান নেদেখুৱায়।লগতে ইয়াৰ জৰিয়তে কৰা সমাধানসমূহ সদায় অপৰিৱর্তনশীল হয়, একে ধৰণৰ ডাটাৰ পৰা সদায় একে ফলাফল পোৱা যায়।
৫. প্রচেচিং
কম্পিউটাৰৰ জৰিয়তে পূর্বনির্দেশিত আদেশসমূহ প্রচেচিং কৰা হয়। ই যোগ, বিয়োগ, পূৰণ, হৰণ ইত্যাদি কার্য্য বিভিন্ন ধৰণে প্রচেচিং কৰি সম্পাদন কৰিব পাৰে।
৬. যোগাযোগ
আজিকালি বেছিসংখ্যক কম্পিউটাৰেই অন্যান্য কম্পিউটাৰৰ লগত যোগাযোগ স্থাপনত সর্মর্থ। আমি দুটা বা তাতোধিক কম্পিউটাৰ কেব্ল বা অন্যান্য যোগাযোগ স্থাপনকাৰী যন্ত্র যেনে মডেম, ৰাউটাৰ আদিৰ জৰিয়তে সংযোগ ঘটাব পাৰো। এইদৰে সংযোগ স্থাপন কৰি ডাটা, নির্দেশ আৰু সংবাদ ইত্যাদি এটাৰ পৰা আনটোলৈ নিব পাৰি। এইদৰে কম্পিউটাৰ সমূহ এটা আনটোৰ লগত নেটৱর্কৰ জৰিয়তে সংযোগ হৈ থাকে।
৭.নিৰন্তৰতা
কম্পিউটাৰে একেটা কামকে বাৰে বাৰে অলপো আমনি বা ভাগৰ নলগাকৈ তথা পথচুত্য নোহোৱাকৈ ঘণ্টাজুৰি নির্ভূলভাৱে কৰি থাকিব পাৰে।
৮.ভাৱনাত অসমর্থতা
কম্পিউটাৰে নিজাকৈ কোনো কাম ভাবি কৰিব নোৱাৰে। সেয়েহে ইচ্ছুক কার্য্য কৰাবৰ বাবে সঠিক নির্দেশ দিয়াটো প্রয়োজন।
ওপৰত উল্লেখিত ধর্ম তথা লক্ষণসমূহ জনাৰ পাছত আমি এই সিদ্ধান্তত উপনীত হব পাৰো যে, কম্পিউটাৰ এনে এক যন্ত্র যাৰ তুলনা আন কোনো যন্ত্রৰ লগতেই কৰিব নোৱাৰি। ই অন্যান্য যন্ত্রতকৈ সম্পূর্ণ বেলেগ। ইয়াৰ জৰিয়তে আমি বহুতো জটিল তথা কষ্টকৰ সমস্যা সমাধান কৰিব পাৰো।
১.১.২: কম্পিউটাৰৰ বুনিয়াদী প্রয়োগ কম্পিউটাৰে জীৱনৰ সকলো ক্ষেত্রতে মহত্বপূর্ণ অৱদান আগবঢ়াইছে আৰু কম্পিউটাৰ ব্যৱহাৰৰ জৰিয়তে জীৱনৰ মানদণ্ডৰো বহু সালসলনি ঘটিছে। উদ্যোগ, চৰকাৰ, শিক্ষা, বৈজ্ঞানিক গৱেষণা, সংগীত আদিত কম্পিউটাৰৰ প্রয়োগ মন কৰিব লগীয়া।
১) শিক্ষা
শিক্ষাৰ ক্ষেত্রত কম্পিউটাৰৰ ব্যৱহাৰ দিনে দিনে বাঢ়ি গৈ আছে। শিক্ষা শিক্ষণ সকলো ক্ষেত্রতে আজি কম্পিউটাৰৰ বহুল প্রয়োগ। কম্পিউটাৰৰ ডাটা বেংক ব্যৱহাৰ কৰি দিব পৰা শিক্ষা প্রক্রিয়াটো অতি লাভজনক হয় কিয়নো ই যিকোনো বিষয়ৰ ওপৰতেই অপৰিমীত জ্ঞান দিবলৈ সক্ষম। লগতে ইয়াৰ ব্যৱহাৰৰ জৰিয়তে বিভিন্ন জটিল সমস্যাও সহজতে সমাধান কৰি শিক্ষাদান কৰিব পৰি। বর্তমান যুগত মাল্টিমিডিয়া আৰু এনিমেচনৰ বহুল প্রয়োগেও শিক্ষাদান পদ্ধতিত আমূল পৰিৱর্তন আনিছে। ইয়াৰ উপৰিও ব্যৱসায়, বানিজ্য ইত্যাদিতো কম্পিউটাৰক শিক্ষণ সঁজুলি হিচাপে ব্যৱহাৰ কৰা হয়।
২) পুথিভঁড়াল আৰু সংগ্রাহালয় (Libraries and Museums):- আজিকালি পুথিভঁড়াল তথা সংগ্রাহালয় আদিৰ বিভিন্ন কার্য্য পৰিচালনা কৰিবলৈ কম্পিউটাৰ বিস্তৰ ৰূপত ব্যৱহাৰ হয়। পুথিভঁড়ালৰ পৰা ধাৰে নিয়া কিতাপসমূহ সঠিক সময়ত ঘূৰাই দিয়া হৈছে নে নাই বা কোনখন কিতাপ পুথিভঁড়ালটোৰ ক’ত পোৱা যাব ইত্যাদি সকলো ডাটাবেচ ৰূপত সঞ্চয় কৰি ৰখি এই সকলো বস্তু সুচাৰুৰূপত পৰিচালনা কৰিবলৈ কম্পিউটাৰৰ প্রয়োগ হয়। সংগ্রাহালয়টো বিভিন্ন বস্তুৰ তালিকা তথা সূচী প্রস্তুত কৰি দর্শনার্থী সকলৰ বাবে চাবলৈ তথা কর্মচাৰী সকলৰ বাবে সুচাৰু ভাৱে চোৱাচিতা কৰিবলৈ কম্পিউটাৰ ব্যৱহাৰ হয়।
৩) বৈজ্ঞানিক গৱেষনা
কম্পিউটাৰ প্রয়োগৰ জৰিয়তে বিশ্ববিদ্যালয় তথা গৱেষণাগাৰ আদিৰ মানদণ্ড বহুখিনি উন্নত হৈছে। বর্তমান পৃথিৱীৰ সকলো বিশ্ববিদ্যালয়, গৱেষণাগাৰ আদিৰ মাজত যোগাযোগ স্থাপন কৰিবলৈ ইণ্টাৰনেটৰ প্রচলন হৈছে। আজিকালি গণিত শাস্ত্রৰ উপৰিও অন্যান্য বিভিন্ন যেনে ৰোগ নিৰাময়, সমাজ বিজ্ঞান, ইতিহাস ইত্যাদিৰ গৱেষণাটো কম্পউটাৰৰ বহুল প্রয়োগ হয়। লগতে বিজ্ঞান, ইঞ্জিনিয়াৰিং ইত্যাদি বিভিন্ন ক্ষেত্রত কম্পউটাৰৰ অৱদানৰ জৰিয়তে লাভান্বিত হৈছে ।
৪) ব্যৱসায়িক প্রয়োগ
অতীজতে কম্পউটাৰ অকল দৈনিক লিখা-মেলা সম্বন্ধীয় কামতহে ব্যৱহৃত হৈছিল। কিন্তু ১৯৫০ চনৰ মাজভাগৰ পৰা ইয়াক ব্যৱসায় বাণিজ্যৰ ক্ষেত্রখনত বহুলভাৱে প্রয়োগ কৰিবলৈ আৰম্ভ কৰা হয়। আজি সৰু ডাঙৰ সকলো ব্যৱসায় সংগঠনেই সম্পূর্ণ কম্পিউটাৰৰ উপৰত নির্ভৰশীল।
৫) অফিচ যন্ত্রীকৰন
আৰম্ভণিতে কম্পিউটাৰ অকল অফিচসমূহৰ সাধাৰণ কিছুমান লিখা-মেলা সম্বন্ধীয় কার্য্যত ব্যৱহৃত হৈছিল। কিন্তু বর্তমান বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ প্রসাৰে অফিচ যন্ত্রীকৰণত দ্রুত পৰিৱর্তন ঘটাইছে। অফিচ যন্ত্রীকৰনৰ অর্থ হৈছে বর্তমান যুগৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ কৌশল সমূহ বহুলভাৱে অফিচত প্রয়োগ ঘটোৱা। অতীজতে অকল টাইপৰাইটাৰ বা সৰুসুৰা দুই এটা মেচিন অফিচত ব্যৱহাৰ হৈছিল। কিন্তু বর্তমানযুগত ৱর্ড প্রচেচৰ, পার্চনেল কম্পিউটাৰ, কার্য্যস্থান(Workstation), টার্মিনেল, নেটৱর্ক, ফেক্স ইত্যাদি হল অফিচ যন্ত্রীকৰণৰ উদাহৰণ।
৬) ৱর্ড প্রচেচিং
ৱর্ড প্রচেচৰ সাধাৰণতে যিকোনো ৰিপর্ট বনাবৰ বাবে ব্যৱহৃত হয় যিবোৰ বনাব যাওঁতে এবাৰ বা ততোধিক পুনৰাবৃত্তি(revision) কৰাৰ প্রয়োজন হয়।লগতে স্টের্ন্ডাড চিঠি বা ডকুমেন্ট বনাবৰ বাবেও ৱর্ড প্রচেচৰ ব্যৱহাৰ কৰা হয়।
৭) ডেস্কটপ পাব্লিচিং
ডেস্কটপ পাব্লিচিং হৈছে বর্তমান অফিচ যন্ত্রীকৰণৰ এক উল্লেখযোগ্য ক্ষেত্র। অফিচৰ যিকোনো ফাইল লিখা, সজোৱা ইত্যাদি বিভিন্ন কাম কৰি তাক সম্পূ্র্ণৰূপত সজাই তুলিবলৈ ডেস্কটপ পাব্লিচিংৰ ব্যৱহাৰ হয়।
৮) বেংকিং
বেংকিং এনেকুৱা এটা সংগঠন যিয়ে সর্বপ্রথমে কম্পিউটাৰৰ ব্যৱহাৰৰ ক্ষেত্রত প্রচুৰ গুৰুত্ব আৰোপ কৰিছিল আৰু বর্তমান বেংক সম্পূর্ণৰূপত কম্পিউটাৰৰ উপৰতেই নির্ভৰশীল ।
৯) আৰক্ষণ ব্যৱস্থা
কম্পিউটাৰৰ জৰিয়তে আগতীয়াকৈ কৰিব পৰা আৰক্ষণ ব্যৱস্থাই উপভোক্তা তথা ৰেল, উৰাজাহাজৰ আৰু বিভিন্ন ৰাজ্যৰ মাজত চলা বাচ সেৱা ইত্যাদি সকলোকে লাভবান কৰিছে। কম্পিউটাৰ আৰক্ষণ ব্যৱস্থাৰে বর্তমান হোটেলৰ কোঠা, চিনেমা, থিয়েটাৰ ,খেল ইত্যাদিৰ টিকট আগতীয়াকৈ বুক কৰিব পাৰি,যিয়ে উপভোক্তাৰ জীৱন প্রণালী বহুখিনি সহজসাধ্য কৰি তুলিছে।
উপৰত উল্লেখিত ব্যৱহাৰ সমূহৰ উপৰিও আৰু বিভিন্ন ক্ষেত্রত কম্পিউটাৰ বিস্তৃতভাৱে ব্যৱহৃত হয় যেনে- ইণ্টাৰনেট, ডিজিটেল ভিডিঅ’ আৰু অডিঅ’ কম্পজিচনত, মেডিকেল, টেলেকমিউনিকেচন, ডিফেঞ্চ, ই-লাৰনিং, চার্টিফিকেট বনোৱা, যি কোনো চিঠিপত্র বনোৱা, খেল, ৰবটিক্স, বতৰ আৰু বাতৰি সম্বন্ধীয় কামকাজ, এয়াৰ ট্রেফিক ক’ন্ট্রল ইত্যাদি।
১.২: কম্পিউটাৰৰ বিভিন্ন অংশসমূহ
কম্পিউটাৰ চিষ্টেম বিভিন্ন অংশৰ সমষ্টিৰে গঠিত হয়। কম্পিউটাৰৰ বিভিন্ন হার্ডৱেৰ অংশসমূহ হৈছে-
১) চেন্ট্রেল প্রচেচিং ইউনিট
২) ইনপুট সঁজুলি
৩) আউটপুট সঁজুলি
৪) বিভিন্ন ধৰণৰ সঞ্চয় প্রণালী
১.২.১: চেন্ট্রেল প্রচেচিং ইউনিট
এই চেন্ট্রেল প্রচেচিং ইউনিটতে কম্পিউটাৰৰ সকলো প্রধান তথা মূখ্য কামসমূহ সমাধান হয়। ইয়াত গাণিতীক আৰু ল’জিকেল কার্য্যসমূহ সমাধান হয়। চি পি ইউয়ে ডাটা আৰু নির্দেশাৱলীসমূহ মূখ্য সঞ্চয় প্রণালীৰ পৰা উলিয়াই আনে আৰু নির্দেশ অনুসৰি ডাটাসমূহক কার্য্যক্ষম কৰে আৰু পুনৰাই এই ডাটাসমূহ মূখ্য সঞ্চয় প্রণালীত সঞ্চয় কৰে বা আউটপুট উপকৰণলৈ প্রেৰণ কৰে।
চি পি ইউৰ প্রধানত তিনিটা ভাগ আছে-
এইটো মন কৰিবলগীয়া যে চেন্ট্রেল প্রচেচিৰ প্রধান সঞ্চয় প্রণালীৰ পৰা পোৱা নির্দেশ অনুযায়ী পৰিচালিত হয়। এটা কাম সম্পূর্ণ নোহোৱালৈ চি পি ইউয়ে প্রধান সঞ্চয় প্রণালীৰ পৰা এটা এটাকৈ নির্দেশ উলিয়াই আৰু নির্দেশসমূহ কার্য্যত পৰিণত কৰে। প্রত্যেকটো নির্দেশেই যেনে : যোগ, হৰণ, লৰচৰ কৰোৱা আৰু তুলনা আদি চি পি ইউৰ দ্বাৰা কার্য্যত পৰিণত হয় আৰু নির্দেশসমূহ কার্য্যত পৰিণত কৰিবলৈ ডাটাসমূহ কত বিচাৰিব লাগে সেয়েও জনোৱা হয়। চি পি ইউ, মেম’ৰি আৰু অন্যান্য অংশসমূহ ‘বাচৰ’ সহায়ত মাডাৰবর্ডৰ সংযোগ হৈ থাকে আৰু ইয়াক কেবিনেট বা চিষ্টেম ইউনিটত ৰখা হয়। বাচে কম্পিউটাৰৰ বিভিন্ন অংশসমূহ সংযোগ কৰি ৰাখে যাৰ বাবে এটা অংশৰ পৰা আন এটা অংশলৈ সহজতে পৰিবহণ কৰিব পাৰে। বাচ হৈছে এটা পথৰ দৰে যত বৈদ্যুতিক তৰংগৰ মাধ্যমেদি চি পি ইউৰ পৰা মূখ্য সঞ্চয় প্রণালীলৈ বার্তাবাহৰ কাম সমূহ সমাধান হয়।
কম্পিউটাৰত তিনি প্রকাৰৰ বাচ থাকে – এড্রেচ বাচ, ডাটা বাচ আৰু ক’ন্ট্রল বাচ।
ভিজুৱেল ডিছপ্লে ইউনিট(ভি.ডি.ইউ)
যেতিয়া আপুনি কাম কৰি থাকে তেতিয়া এইটো চোৱা প্রয়োজন যে আপুনি কি টাইপ কৰিছে। এই সকলোবোৰ মণিটৰৰ যোগেদি চাব পাৰি,সেয়েহে মণিটৰক ভিজুৱেল ডিছপ্লে ইউনিট বুলি জনা যায়। বেছিসংখ্যক মণিটৰতে টেলিভিচনৰ দৰে কেথ’ড ৰে টিউব ব্যৱহৃত হয়। সেয়েহে এই মণিটৰক চি আৰ টি মণিটৰ নামেৰেও জনা যায়।
মণিটৰক বিভিন্ন ভাগত ভাগ কৰিব পাৰি। ভি.ডি.ইউৰ ৰং, পর্দাৰ আকাৰ আৰু ৰিজ’লুচনৰ উপৰত নির্ভৰ কৰি মণিটৰক শ্রেণী বিভাগ ক ৰা হয়। প্রথম দুটা প্রকাৰ সহজেই সকলোৰে বাবে বোধগম্য। দৃঢ়তা বুলি কলে মণিটৰত কিমান ঘনকৈ পিক্সেল অথবা কিমান ঘনকৈ ডটসমূহ থাকে তাকে বুজায়। সাধাৰণ আর্থত কবলৈ গলে যিমান ঘনকৈ এই ডটসমূহ থাকিব সিমানেই ছবিসমূহ ভাল হব। ভি ডি অ’ গ্রাফিক ৰে বা চুপাৰ ভি জি মণিটৰসমূহ আজিকালি বেছিকৈ ব্যৱহৃত হয় আৰু এই দুই শব্দই মণিটৰৰ দৃঢ়তা কিমান তাকেই বুজাবলৈ ব্যৱহাৰ হয়। বেছিখিনি আধুনিক মণিটৰে 1024 by 768 pixel , চুপাৰ ভি জি এ দেখুৱায়। আনহাতে কিছুমানে আজিকালি 1280 by1024 বা 1600 by1200 দৃঢ়তাও দেখুৱায়। আগতে ব্যৱহৃত মণিটৰসমূহ আছিল MDA, CGA আৰু EGA. আজিকালি এইবোৰ ব্যৱহৃত নহয় আৰু এইবোৰে উইনড’ৰ নতুন ভার্চনৰ লগত কাম কৰিব নোৱাৰে।
কী-বর্ড
যিকোনো সমস্যা সমাধান কৰিবলৈ যিকোনো তথ্য বা নির্দশ কম্পিউটাৰত ইনপুট কৰাটো প্রয়োজন আৰু তাৰবাবে ইনপুট সঁজুলি লাগে। কী-বর্ড হ’ল এনে এক ইনপুট সঁজুলিৰ উদাহৰণ যিয়ে তথ্যসমূহ গ্রহণ কৰে আৰু তাক বৈদ্যুতিক সংকেতলৈ পৰিৱর্তন কৰে। ইয়াৰ উপৰিও কী-বর্ডৰ জৰিয়তেই চফটৱেৰক বিভিন্ন কামাণ্ড দিব পৰা যায়। কী-বর্ড হৈছে বিভিন্ন কীৰ সমষ্টি। প্রতিটো বর্ণ, সংখ্যা, চিহ্নৰ কাৰণে এটা এটা কী নির্দিষ্ট কৰি থোৱা থাকে। সাধাৰণতে পোৱা কী-বর্ড হৈছে QWERTY কী-বর্ড য’ত এই বর্ণকেইটা কী-বর্ডৰ প্রথম শাৰীত থাকে। যেতিয়া কী-বর্ডত কী এটা টিপা হয়, তেতিয়া কীটো সক্রিয় হৈ উঠে। কী-বর্ডত থকা চার্কিটে নিশ্চত কৰে যে কোনটো কী টিপা হৈছে। সেই সময়ত এটা ক’ড সৃষ্টি হয় আৰু ইয়াক কম্পিউটাৰলৈ প্রেৰণ কৰা হয়। উদাহৰণস্বৰূপে যেতিয়া বর্ণ ‘এ’ টো কী-বর্ডত টিপা হয়,এইটো বৈদ্যুতিক কড ০১০০০০১ লৈ পৰিৱর্তন হব। যিটো কম্পিউটাৰলৈ প্রেৰিত হব। একেদৰে সংখ্যা ‘০’(শূন্য)টো বৈদ্যুতিক কড ০০১১১০১ লৈ পৰিৱর্তন হব। কী-বর্ডত কোনটো কী হেঁচা হৈছে তাক নির্ধাৰণ কৰা আৰু তাক বৈদ্যুতিক কড পৰিৱর্তন কৰা ব্যৱস্থাটোক এন ক’ডিং বুলি কোৱা হয়। আচ্কী হৈছে এনে এক ব্যৱহৃত হৈ থকা বৈদ্যুতিক ক’ড।
প্রায়বোৰ কী-বর্ডতেই ৮০ ৰ পৰা ১১০ পর্য্যন্ত কী সন্নিবিষ্ট হৈ থাকে। সেই সমূহ হৈছে-
১)টাইপীং কী
২) নিউমাৰিক কী
৩)ফাংচন কী
৪)ক’ণ্ট্রল কী
মাউচ
মাউচ হৈছে এনে এক নির্দেশক সঁজুলি যাক আপুনি এডোখৰ সমান আৰু মিহি ঠাইত সঞ্চালন কৰিব পাৰে আৰু আপোনাৰ ইচ্ছানুসৰি স্ক্রীনত কার্চাৰডাল ঘূৰাব পাৰে। অপ্টিকেল মাউচ যাৰ সহায়ত নির্ভৰযোগ্য কাম পাব পাৰি আৰু মেকানিকেল মাউচ যিটো সূলভ মূল্যৰ হয় এই দুই ৰূপত মাউচ পোৱা যায়। ইউজাৰে মাউচ সঞ্চালন কৰি যিকোনো ঠাইত নির্দ্দেশ কৰিব পাৰে আৰু বুটাম টিপাৰ জৰিয়তে নিজৰ পছন্দৰ বস্তু সমূহলৈ যাব পাৰে।কিন্তু মাউচ কী-বর্ডৰ বিকল্প নহয়। Text আৰু Number বোৰ কীৰ জৰিয়তেই দিব পাৰি যদিও মেনুৰ পৰা বাচি উলিওৱা আৰু চবি অঁকা ইত্যাদি কাম মাউচৰ সহায়ত অনায়াসে কৰিব পৰা যায়। বজাৰত বিভিন্ন ধৰনৰ মাউচ পোৱা যায় উদাহৰণস্বৰূপে দুটা কীৰ মাউচ, তিনিটা কীৰ মাউচ আৰু স্ক্রলীং কৰিব পৰা আৰু নোৱাৰা দুটা সুবিধাৰ মাউচ।
মাউচৰ জৰিয়তে বিভিন্ন কাম সমাধান কৰিব পৰা যায়-
ইনপুট সঁজুলিৰ সহায়ত ডাটাসমূহ কম্পিউটাৰত অর্ন্তভূক্ত কৰা হয় আৰু ডাটাসমূহক বৈদ্যুতিক তৰংগলৈ পৰিবর্তিত কৰে যাতে কম্পিউটাৰে এই ডাটাসমূহ কার্য্যক্ষম কৰি তুলিব পাৰে। হার্ডৱেৰ সঁজুলিয়ে তথ্য সমূহ চি পি ইউলৈ প্রেৰণ কৰে। ইনপুট সঁজুলিৰ অবিহনে কম্পিউটাৰ এটা মাথো ছবি চাব পৰা সৰঞ্জামহে। ইহঁতৰ ব্যৱহাৰকাৰীৰ সতে কোনোধৰণৰ সংযোগ নাথাকিব, এটা টেলিভিচনৰ দৰেই হৈ পৰিব।
যেতিয়া আমি কম্পিউটাৰত কাম কৰি থাকো তেতিয়া স্ক্রীণত দেখা পোৱা কিছুমান নির্দিষ্ট ঠাই, বস্তু আদিক বাচনি কৰিব লাগে বা নির্দেশ কৰিব লাগে বা এঠাইৰ পৰা আন এঠাইলৈ নিব লগীয়া হয় ঠিক তেনে ক্ষেত্রতে Pointing device ৰ প্রয়োজন হয়। তাৰ মাজৰ কেইটামান Pointing device হ’ল- লাইট পেন,ট্রেক বল আৰু জয়ষ্টিক।আজিকালি গৱেষণাৰ এক উল্লেখযোগ্য ক্ষেত্র হৈছে মানুহৰ মাত চিনাক্তকৰণ কৰা আৰু তাক কম্পিউটাৰত চিধাচিধি ইনপুট কৰা। এই ক্ষেত্রখনৰ উন্নতি হ’লে কীৰ জৰিয়তে টাইপ কৰি ইনপুট কৰাৰ প্রয়োজন নোহোৱা হৈ পৰিব। ইয়াৰ বাবে কিছুমান নতুন প্রযুক্তিৰ প্রয়োজন যাৰ জৰিয়তে মাত চিনাক্ত কৰিব পৰা যায়।কিন্তু এই ক্ষেত্রখনৰ সফলতা এতিয়াও সীমিত।
মাইক্র’ফোন হৈছে এটা হার্ডৱেৰ পেৰিফেৰেল যিটোৰ সহায়ত ব্যৱহাৰকাৰীয়ে কম্পিউটাৰত অডিঅ’ সন্নিবিষ্ট কৰিব পাৰে। এটা ৰেক ছফটৱেৰ পেকেজৰ মাজত লাইন ইন আৰু মাইক্র’ফোন ইন ব্যৱস্থাৰ দ্বাৰা এই অডিঅ’ ইনপুটটো ব্যৱহাৰ কৰা হয়। অডিঅ’ ইনপুট সজুঁলিসমূহে ব্যৱহাৰকাৰীক অডিঅ’ তৰংগ সমূহ কম্পিউটাৰলৈ প্রচেচিং আৰু নির্দেশ হিচাপে বাহিৰলৈ ওলায় আহিবলৈ প্রেৰণ কৰে। ভয়চ মেচেজ নাইবা নেভিগেচন ছফটৱেৰ ৰেকর্ডৰ বাবেও ব্যৱহাৰকাৰীয়ে মাইক্র’ফোনৰ সহায় লব পাৰে। আন্য অডিঅ’ ইনপুট সমূহে হৈছে যেনে চিডি অডিঅ’, ডিজিটেল অডিঅ’ আৰু এম আই ডি আই সজুঁলি ইত্যাদি।
গ্রাফিক টেবলেট হৈছে এটা ইনপুট ডিভাইছ যাৰ সহায়ত আমি হাতেৰে ছবি আৰু ৰেখাচিত্র আদি অংকন কৰিব পাৰো, যেনেদৰে আমি কাগজত পেঞ্চিলেৰে ছবি আঁকো। এই গ্রাফিক টেবলেট সমূহে ডিজিটাইজিং টেবলেট, ডিজিটাইজাৰ টেবলেট, গ্রাফিকচ্ পেড, পেন টেবলেট আৰু ড্রয়িং টেবলেট ৰূপতো উপলব্ধ। এই উপকৰণবিধ মাউচ, ট্রেকবল আৰু অন্য পয়ণ্টিং ডিভাইচৰ সৈতে যুটিয়া ভাবে ব্যৱহাৰ কৰিব পাৰি। এই টেবলেটত তিনিটা ভাগ থাকে এখন সমতল উপৰিভাগ, অংকণৰ বাবে, আৰু এটা পেন, ষ্টাইলচ।
আউটপুট সজুঁলিসমূহ কম্পিউটাৰৰে অংশ, যিকোনো ফলাফল চাবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। আউটপুট সজুঁলিসমূহে কম্পিউটাৰৰ সহায়ত বৈদ্যুতিক সাজঁত থকা তথ্যসমূহ ব্যৱহাৰকাৰীয়ে সহজতে বোধগম্য হোৱাকৈ সজাই তোলে। সাধাৰণতে আউটপুট সমূহে ফলাফলসমূহ দুটা দিশত সম্পন্ন কৰে এটা হৈছে ডিচপ্লে ইউনিটত আৰু আনতো হৈছে কাগজত। অন্য ধৰণৰ আউটপুট যেনে স্পীচ আউটপুট, মেকানিকেল আউটপুট আদিও এনে দিশতে ব্যৱহৃত হয়। প্রিণ্টাৰে কম্পিউটাৰৰ পৰা ডাটা সমূহ গ্রহণ কৰি সেই ডাটা সমূহক ছপা কৰা তথ্যলৈ ৰূপান্তৰ কৰে। এই একে ডাতা সমূহ ভিডিঅ’ ডিচপ্লে ইউনিটতো প্রকাশ কৰিব পাৰি। আউটপুট সমূহ স্থায়ী হব নে কাগজত ছপা হব সেইটো ব্যৱহাৰকাৰীৰ ইচ্ছাৰ ওপৰত নির্ভৰ কৰে।
আউটপুট সজুঁলিৰ উদাহৰণ:-
১) কেথ’ড ৰে টিউব।
২) লিকুইড ক্রিষ্টেল ডিচপ্লে ।
৩) প্রজেকচন্ ডিচপ্লে ইউনিটত।
১)চি আৰ টি ডিচপ্লে:- চি আৰ টি মণিটৰবোৰে কম্পিউটাৰৰ ভিডিঅ’ তৰংগ সমূহ পোৱাৰ লগে লগে চি আৰ টি স্ক্রীণত থকা বিন্দুবোৰৰ সহায়ত ভিডিঅ’ তথ্যসমূহ স্ক্রীণত প্রকাশ কৰে। চি আৰ টি মণিটৰবিলাকত মণিটৰ নিজেই এটা মূখ্য ভাগ। ইয়াক সাধাৰণতে পিক্চাৰ টিউব বুলি কোৱা হয়।
২) লিকুইড ক্রিষ্টেল ডিচপ্লে:-এল চি ডি প্রথমতে ১৯৭০ চনত হাতঘড়ী আৰু ৱাল ঘড়ীৰ ক্ষেত্রত আৱিস্কৃত হৈছিল। কিন্তু বর্তমান এল চি ডি কম্পিউটাৰৰ প্রকাশযোগ্য সজুঁলি হিচাপে ব্যৱহৃত হৈছে। এল চি ডিৰ প্রধান সুবিধা হৈছে ই কমকৈ বৈদ্যুতিক শক্তিৰ ব্যৱহাৰ কৰে। চি আৰ টিৰ সলনি লিকুইড ক্রিষ্টেল ব্যৱহাৰ কৰি ছবি সমূহৰ সৃষ্টি কৰে। ই ৰঙীন ৰূপতো উপলব্ধ কিন্তু চি আৰ টিৰ তুলনাত ইয়াৰ মানদণ্ডটো বৰ ভাল নহয়।
৩) প্রজেকচন্ ডিচপ্লে:- এইখন উপকৰণৰ ক্ষেত্রত আমি এখন পর্দাৰ ব্যৱহাৰ কৰো, এই পর্দখনত আমি চাব বিচৰা ছবি বা লিপি সমূহৰ প্রতিচ্ছবি প্রজেক্টৰ সজুঁলিৰ সহায়ত প্রতিফলিত কৰিব পাৰো, তেনে কৰিলে আমি আচল ৰূপত থকা ছবি বা লিপিখিন নিজৰ ৰূপতকৈ ডাঙৰ ৰূপত নিৰীক্ষণ কৰিব পাৰিম। সাধাৰণতে এই উপকৰণবিধ ডাঙৰ উপস্থিতকৰণৰ( Presentation) প্রয়োজন হলেহে ব্যৱহাৰ কৰা হয়। এই উপকৰণবিধ ব্যৱহাৰ কৰা সময়ত কম্পিউটাৰৰ লগত সংলগ্ন হৈ থাকে। এই আহিলা বিধি জনপ্রিয়ভাবে ব্যৱহাৰ হয় চেমিনাৰ, ক্লাচৰুম, মার্কেটিং উপস্থিত কৰণ ইত্যাদিত।
ক) ইম্পেক্ট প্রিণ্টাৰ
এই প্রিণ্টাৰবিধত ইম্পেক্টৰ সহায়ত কাগজত আখৰ তৈয়াৰ কৰিব পাৰি। এইবিধ প্রিণ্টাৰ কম্পিউটাৰৰ সহায়ত এটা টাইপৰাইটাৰৰ দৰে কাম কৰিব পাৰে।
খ) নন-ইম্পেক্ট প্রিণ্টাৰ
এনে ধৰণৰ প্রিণ্টাৰত ছপা কৰিবলৈ কিছুমান সজুঁলি যেনে ছিয়াঁহী ছটিয়াই, তাপৰ ব্যৱহাৰ কৰি অথবা লেজাৰৰ ব্যৱহাৰ কৰি ছপা কৰা হয়। সাধাৰণতে নন- ইম্পেক্ট প্রিণ্টাৰ ইম্পেক্ট প্রিণ্টাৰৰ তুলনাত কম শব্দ কৰে। ইয়াৰ উদাহৰণ ইংকজেট প্রিণ্টাৰ আৰু লেজাৰ প্রিণ্টাৰ।
বিভিন্ন প্লটাৰসমূহ হ’ল-
ক) পেন প্লটাৰ:- পেন প্লটাৰত ছিয়াঁহী সন্মিলিত পেন সংযোগ হৈ থাকে ছবি আঁকিবৰ বাবে।
খ) ইলেক্ট্র’নিক প্লটাৰ:-এই প্লটাৰৰ কাম লেজাৰ প্রিণ্টাৰৰ সতে একে।
গ) ফ্লেটবেড প্লটাৰ:- এইবিধ প্লটাৰত কাগজখনৰ উপৰিভাগ সমতল হৈ থাকে আৰু পেনৰ সঞ্চালনেৰে তাত ছবি অঁকা হয়। এই প্লটাৰে ছবি আঁকিবলৈ বিভিন্ন ৰঙৰ পেন ব্যৱহাৰ কৰে।
ঘ) ড্রাম প্লটাৰঃ- এই প্লটাৰৰ ক্ষেত্রত পেনটো এটা অক্ষত ঘূৰে আনহাতে পেপাৰখন ড্রামৰ সৈতে আনটো অক্ষত ঘূৰি অংকণ কৰে।
ইয়াৰ কম গতিৰ বাবে কম্পিউটাৰে লগেলগে নিবিচৰা ডাটাসমূহ এই গৌণ সঞ্চয় প্রণালীত জমা ৰাখে । যেতিয়া এই ডাটা সমূহ কার্য্যকৰী কৰিবলৈ কম্পিউটাৰ সাজু হ’ব তেতিয়া এই প্রগ্রেম আৰু ডাটাসমূহ মূখ্য সঞ্চয় প্রণালীত কপি কৰি লয় । গৌণ সঞ্চয় প্রণালীৰ উদাহৰণ হ’ল মেগনেটিক টেপ্চ, চার্জ কাপ’ল্ড ডিভাইচ, মেগনেটিক বাল্ব মেম’ৰী, অপ্টিকেল মেমৰী ইত্যাদি ।
সঞ্চয় সজুঁলি :- এই সঞ্চয় সজুঁলিসমূহ ডাটা আৰু তথ্য সঞ্চয় কৰিবলৈ ব্যৱহাৰ কৰে এইটো এটা হার্ডৱেৰ ডিভাইচ, তথ্য সঞ্চয় কৰিবলৈ ব্যৱহাৰ কৰা হৈছে । এই সঞ্চয় সজুঁলি সমূহে তথ্য সমূহ গোটাই আৰু কার্য্যকৰী তোলে।সঞ্চয়ী সজুঁলি কিছুমান হ’ল-
ক)ফ্লপি ডিস্ক
স্থিতিস্থাপক্তা থকা প্লাষ্টিক সামগ্রীৰে তৈয়াৰী বাবে ইয়াৰ নাম ফ্লপি ৰখা হ’ল। এই ফ্লপিটো আইৰণ অক্সাইড ৰেকর্ডিং চাবচ্ষ্টেইনৰ দ্বাৰা আবৰিত। আবৰণ বিধ মেগ্নেটিক টেপত থকা প্লাষ্টিক ৰিৱণত ব্যৱহৃত মেটেৰিয়েল বিধৰ সৈতে একে এই আবৰণবিধত থকা চকুৰে মণিব নোৱাৰা মেগ্নেটিক স্পটত ডাটাসমূহ ৰেকর্ড হয়। ফ্লপি ডিস্ক ড্রাইভৰ সহায়ত ফ্লপি ডিস্কসমূহ ৰিড আৰু ৰাইট কৰিব পাৰি। ফ্লপিটো বেচি খৰচী নহয় আৰু ইয়াত থকা ডাটাসমূহ মোহাৰি পেলাব পাৰি আৰু ইয়াক পুনৰাই ব্যৱহাৰ কৰিব পাৰি।
খ) হার্ড ডিস্ক
এই ডিস্কসমূহ আমি ডিস্ক ড্রাইভৰ পৰা খুলি এঠাইৰ পৰা আনঠাইলৈ কঢ়িয়াই লৈ ফুৰাব পাৰো। কিছুমান ডিস্ক খুলিব নোৱাৰি ফিক্সড্ হয়। এই ডিস্কসমূহ ৰিম’ভেবল ডিস্ক হিচাপেই ব্যৱহৃত হয়। হার্ড ডিস্কসমূহে ২০ এম বিৰ পৰা ৮০ জি বিলৈকে সঞ্চয় কৰে।এইটো এটা স্থায়ী সঞ্চয় সজুঁলি, যাক কম্পিউটাৰত স্থাপন কৰা হয়। যিয়ে আমাক ডাটা সঞ্চয় আৰু
উলিয়াই নিয়াৰ অনুমতি দিয়ে।
গ) মেগ্নেটিক টেপ
সৰহ সংখ্যক ডাটা সংৰক্ষণৰ বাবে মেগ্নেটিক টেপসমূহ ৰিল, কার্টিজ আৰু টেপৰেকর্ডাৰৰ কেছেট হিচাপে ব্যৱহৃত হয়।এইবিলাক কম খৰচি হয়, ড্রাইভাৰৰ পৰা খুলি থব পাৰি। ইয়াত সীমাহীন ডাটা সঞ্চয়ৰ সুবিধা আছে। ইয়াৰ ৰেকর্ডংসমূহ টেপৰেকর্ডাৰৰ দৰে হয়। এনে ডিস্কৰ সহায়ত ডাটাসমূহ এটা এটাকৈ উলিয়াব পাৰি। একেলগে উলিয়াব নোৱাৰি। অনলাইন ডাটা উলিওৱাৰ ক্ষেত্রটো এই ডিস্কসমূহ সুবিধাযুক্ত নহয়।এনে টেপ বেকআপ ৰাখিবৰ বাবে অধিক উত্তম।
ঘ) চিডি ৰ’ম
চিডি ৰ’ম সমূহ অডিঅ’ চিডিৰ প্রত্যক্ষ সংযোগী হয়। চিডি ৰ’মত ভূল শুধৰোৱাৰ সুবিধা অধিক ভাল। ইয়াত অতি সঠিক ভাৱে চিডি ৰ’মৰ পৰা কম্পিউটাৰৰ ৰেম’লৈ ডাটা স্থানান্তৰ হয়। চিডি ৰ’মৰ পৰা কম শক্তি ব্যৱহাৰ কৰি তথ্য উলিয়াব পাৰি।
ঙ) কেচ মেম’ৰী
চি পি য়ুৰ গতি মূখ্য সঞ্চয় প্রণালীতকৈ বেছি হয়। বহু ক্ষেত্রত, প্রচচ্ৰে মূখ্য সঞ্চয়ৰ কম গতিৰ বাবে অলপ অসুবিধাৰ সন্মুখীন হয়। এই অসুবিধাটো আতঁৰাবৰ বাবে প্রচেচ্ৰ আৰু মূখ্য সঞ্চয় প্রণালীৰ মাজত এটা ক্ষুদ্র কিন্তু অতি ক্ষীপ্র গতিৰ মেম’ৰীৰ ব্যৱহাৰ কৰে। এই মেম’ৰীটোকে কেচ্ মেম’ৰী বোলে। এনে ব্যৱস্থাৰ ফলত মেইন মেম’ৰীৰ গতি প্রায় চিপিয়ুৰ প্রচেচিং গতিৰ সমান হয়। কেচ মেম’ৰীসমূহ অতি ক্ষীপ্র গতি সম্পন্ন হ’লেও ইহঁত খৰচী আৰু আকাৰত সৰু হয়।
মেইন মেম’ৰীৰ ব্যৱহৃত হোৱা তথ্য আৰু নির্দেশসমূহ একোটা নকল কেচ্ মেম’ৰীয়ে সঞ্চয় কৰে।
এইটো শাখাত আমি হার্ডৱেৰ আৰু চফটৱেৰৰ মাজত থকা পার্থক্যসমূহ অধ্যয়ন কৰিম। বিভিন্ন ভাষাত চফটৱেৰৰ সমূহ উপলব্ধ আৰু প্রগেমিং ভাষাসমূহো বিভিন্ন প্রজন্মত উপলব্ধ।
সাধাৰণতে চফটৱেৰসমূহ দুটা ভাগত বিভক্ত
ক)ছিষ্টেম চফটৱেৰ।
খ)এপ্লিকেছন চফটৱেৰ।
ক) ছিষ্টেম চফটৱেৰ:- ছিষ্টেম চফটৱেৰে কম্পিউটাৰৰ কামসমূহৰ চোৱাচিতা কৰে আৰু কামসমূহৰ ওপৰত নজৰ ৰাখে। প্রতিতো ভাগকে নিজৰ নিজৰ কাম কৰিব পৰাকে এটা ব্যৱস্থালৈ ৰূপান্তৰ কৰে। ছিষ্টেম চফটৱেৰে ইয়াৰ উপৰিও কম্পিউটাৰৰ সুবিধা সমূহ আৰু ইয়াৰ সম্পদবোৰৰ সুবিধাসমূহ লাভ কৰাত সহায় কৰে। মেচিন ক’ডলৈ অনুবাদ কৰা কামটো এক বিশেষ ধৰনৰ ছফ্টৱেৰৰ দ্বাৰা কৰা হয় যাক কোৱা হয় কম্পাইলাৰ। অপাৰেটিং চিষ্টেম কম্পিউটাৰৰ লগত সংযোগ হৈ থকা বিভিন্ন সজুঁলি সমূহ ব্যৱহাৰ আৰু ক’ন্ট্রল কৰিবলৈ কম্পিউটাৰটোক সাজু কৰে । অপাৰেটিং চিষ্টেম আৰু কমপাইলাৰ সমূহ হ’ল চিষ্টেম চফ্টৱেৰৰ উদাহৰন ।
খ)এপ্লিকেশ্বন চফ্টৱেৰঃ- ই সেইবোৰ প্রগ্রেমক সূচায় যিবোৰ কম্পিউটাৰ ব্যৱহাৰকাৰীৰ লগত সম্পর্ক থাকে বিশেষ কিছুমান কাম যেনে পেইৰ’ল প্রচেচিং, ইনভেন্ট্ৰি ক’ন্ট্রল অথবা ৱর্ড প্রচেচিং আদি কম্পিউটাৰক কৰিবলৈ অনুমতি দিয়ে। এপ্লিকেশ্বন চফ্টৱেৰ সমূহ কম্পিউটাৰৰ ব্যৱসায়ী অথবা চফটৱেৰ ভেণ্ডাৰৰ দ্বাৰা যোগান ধৰিব পাৰি অথবা প্রগ্রেমাৰৰ যোগেদি লিখাব পাৰি।
পৰিচয়
আকাৰ, আকৃতি, গঠন ইত্যাদিৰ ওপৰত নির্ভৰ কৰি কম্পিউটাৰক বিভিন্ন ৰূপত পাব পাৰি। অপাৰেটিং প্রিঞ্চিপালৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰক তিনিটা ভাগত ভগাব পাৰি। সেয়া হৈছে-ডিজিটেল কম্পিউটাৰ, এনালগ কম্পিউটাৰ আৰু হাইব্রিড কম্পিউটাৰ।
১) ডিজিটেল কম্পিউটাৰ:- ডিজিটেল কম্পিউটাৰে তথ্য সমূহক ডিজিটেল সংকেত(বায়নাৰি ডিজিত ১ আৰু ০)লৈ সলনি ঘটায় আৰু সকলোবোৰ কার্য্য এই ডিজিটসমূহৰ ওপৰ্ত নির্ভৰ কৰিয়েই অতি খৰকৈ সম্পন্ন হয়। ডিজিটেল কম্পিউটাৰ জীৱনৰ সকলো ক্ষেত্রতে বর্তমান ব্যৱহৃত হয়। ডিজিটেল কম্পিউটাৰসমূহ প্রকৃততে কিছুমান গাণিণীক সমস্যা সমাধান কৰিবৰ বাবেই বনোৱা হৈছিল।
ডিজিটেল কম্পিউটাৰসমূহ দুইপ্রকাৰে শ্রেণীবিভাগ কৰিব পাৰি-
ক)পাৰপাজ ৱাইজ অথবা কামৰ উপৰত ভিত্তি কৰি।
খ)চাইজ এণ্ড পাৰফ’মেনঞ্চ ৱাইজ অথবা আকাৰ আৰু প্রদর্শনৰ উপৰত ভিত্তি কৰি।
কর্মৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰসমূহক আকৌ দুই ভাগত ভাগ কৰা হয়-
ক)স্পেচিয়েল পাৰপজ কম্পিউটাৰ অথবা বিশেষ কর্ম ভিত্তিক কম্পিউটাৰ
খ) জেনেৰেল পাৰপজ কম্পিউটাৰ অথবা সাধাৰণ কর্ম ভিত্তিক কম্পিউটাৰ
ক) বিশেষ কর্ম ভিত্তিক কম্পিউটাৰ:- এই কম্পিউটাৰসমূহ কিছুমান বিশেষ কাম কৰিবলৈ বনোৱা হয়। এই কার্য্যসমূহ কৰিবলৈ নির্দেশসমূহ আগতেই স্থায়ীভাবে যন্ত্রটোত সঞ্চিত হৈ থাকে। সেয়েহে এটা মাত্র কমাণ্ডতে ই তাৰ নির্দিষ্ট কাম কৰিব পাৰে। কিছুমান নির্দিষ্ট কাম অতি ভালকৈ কৰিলেও ই সকলো কামৰ বাবে সমানেই উপযোগী নহয়।
খ) সাধাৰণ কর্ম ভিত্তিক কম্পিউটাৰ:- বিভিন্ন ধৰণৰ এই কম্পিউটাৰসমূহে প্রগ্রেমসমূহ ইনপুট কৰি্লেই কাম কৰিব পাৰে। প্রগ্রেমসমূহ আগতেই স্থায়ী ভাবে ইয়াত সঞ্চিত হৈ নাথাকে, মাত্র কামটো কৰাৰ সময়তহে ইয়াক নির্দেশ কৰা হয়। সেয়েহে ই সকলো ক্ষেত্রতে সমেনেই উপযোগী।
আকাৰ আৰু প্রদর্শনৰ ওপৰত ভিত্তি কম্পিউটাৰক ৪ ভাগত বিভক্ত কৰা হয়-
১)মাইক্র’কম্পিউটাৰ বা পার্চনেল কম্পিউটাৰ
২)মিনি কম্পিউটাৰ
৩)মেইনফ্রেম কম্পিউটাৰ
৪)চুপাৰ কম্পিউটাৰ
১) মাইক্রকম্পিউটাৰ বা পার্চনেল কম্পিউটাৰ :- এই কম্পিউটাৰত CPU টো মাইক্রপ্রচেচৰ । এই কম্পিউটাৰসমূহ এটা মাত্র প্রচেচৰ আৰু চিস্টেম দি বনোৱা হয় যাতে সাধাৰন কাম সমূহকৰিব পাৰি এই কম্পিউটাৰ সমূহ সাধাৰনতে অফিচ , ঘৰ , স্কুল দোকান ইত্যাদিত ব্যৱহ্রিত হয় । IBM , Apples Mac , IBM Ps / 2 ইত্যদি এই ধৰনৰ কম্পিউটাৰ
২) মিনি কম্পিউটাৰ:- এইকম্পিউটাৰসমূহ বিশেষকৈ সৰু সৰু ব্যৱসায়িক প্রতিষ্ঠান, কলেজ ইত্যাদিত ব্যৱহ্রিত হয় । এই কম্পিউটাৰসমূহৰ প্রচেচিংক্ষমতা মাইক্র কম্পিউটাৰতকৈ বেছি শক্তিশালি মিনিকম্পিউটাৰসমূহত বহু মানুহেই একে সময়তে কাম কৰি থাকিব পাৰে ইনপুট/আউটপুট করিব পৰা ব্যৱস্থা আছে । সাধাৰণতে ব্যৱহ্রিত Mini কম্পিউটাৰৰ উদাহৰন হ’ল – PDP – II (Programmed Data Processor )
৩) মেইনফ্রেমচ্ :- বহু বেছি সংখ্যক তথ্য বা সংবাদৰ ওপৰত কার্য্য সম্পাদব কৰিবলৈ এই কম্পিউটাৰ বৱহ্রিত হয় । মেইনফ্রেমচ্ৰ একে সময়তে এশৰো অধিক ইউজাৰৰ জৰিয়তে কাম কৰাবৰ ক্ষমতা আছে। এই কম্পিউটাৰসমূহ বহুত ডাঙৰ আৰু খৰচী আৰু ইহঁতৰ প্রচেচিং ক্ষমতা আৰু সঞ্চয় ক্ষমতা Mini কম্পিউটাৰতকৈ বহু বেছি আৰু ইয়াত বহুত প্রচেচৰ থাকে । মেইনফ্রেমচ্ৰ বাবে অতি সূক্ষ্ম অপাৰেটিং চিস্টেমৰ প্রয়োজন । উদাহৰন:- CDC6600 , VAX 8842 আৰু IBM 4381 ইত্যাদি ।
৪) চুপাৰ কম্পিউটাৰ :- এই কম্পিউটাৰ সমূহ ডিজিটেল কম্পিউটাৰসমূহৰ ভিতৰত আটাইটকৈ শক্তিশালি। ইয়াত বহুত প্রচেচৰ একেলগে কাম কৰে সেয়েহে বহুত খৰ আৰু শক্তিশালি । এই কম্পিউটাৰৰ জৰিয়তে বহুত বেছি সংখ্যক গাণিতিক সমস্যা সহজতে সমাধান কৰিব পাৰি যিটো মানুহৰ ক্ষমতাৰ বাহিৰত। চুপাৰ কম্পিউটাৰে ট্রিলিয়ন সংখ্যক নির্দেশ এক চেকেণ্ডতে কার্য্যকৰী কৰে। এই কম্পিউটাৰসমূহ সাধাৰণতে নিউক্লিয়াৰ চাইঞ্চ ৰিচার্চ ইত্যাদিত ব্যৱহৃত হয়। কিছুমান চুপাৰ কম্পিউটাৰৰ উদাহৰণ হৈছে- CRAYX-MP/14,CDC-205,FUJITTSU VP-400,NEC SX-2,PARAM আৰু ANURAG । PARAM আৰু ANURAG ভাৰতত উদ্ভাৱণ কৰা হৈছিল আৰু এতিয়া বহু ইউৰোপীয় দেশলৈ ইয়াৰ ৰপ্তানি কৰা হৈছে।
৫) নটবুক কম্পিউটাৰ:- অতি কম ওজনৰ আৰু সৰু হোৱা বাবে এই কম্পিউটাৰটো অনায়সে লগত লৈ ফুৰাব পাৰা যায়। সেয়েহে ব্যৱসায়ী আৰু ছাত্র ছাত্রীসকলে নিজৰ যাৱতীয় কামৰ বাবে ইয়াক বেছিকৈ ব্যৱহাৰ কৰে। ই পার্চনেল কম্পিউটাৰৰ সমানেই ডাতা সঞ্চয় কৰি ৰাখিব পাৰে।
৬) এনালগ কম্পিউটাৰ:- এনালগ কম্পিউটাৰ ঘনে ঘনে সলনি ঘটা মাত্রাসমূহ গণনাৰ ক্ষেত্রত ব্যৱহাৰ হয়। এনালগ কম্পিউটাৰৰ সহায়ত ভল্টেজ, দৈর্ঘ্য, তাপ, বিদ্যুত আদি ভৌতিক পৰিমাপসমূহ হিচাপ কৰা হয়। এনেধৰণৰ মাত্রাবোৰ পৰিমাপ কৰা বাবে ইয়াক এনালগ ডিভাইচ বোলে। যেনে ভল্ট মিটাৰ আৰু এমিটাৰ ইত্যাদি। এই কম্পিউটাৰসমূহ ইঞ্জিনিয়াৰিং আৰু অন্যান্য বৈজ্ঞানিক কার্য্যত ব্যৱহৃত হয়।
৭) হাইব্রিড কম্পিউটাৰ:- এইবিধ কম্পিউটাৰত ডিজিটেল আৰু এনালগ দুইবিধ কম্পিউটাৰৰ গুণসমূহ নিহিত হৈ থাকে। এনে কম্পিউটাৰৰ যোগেদি একেৰাহে আহি থকা মাত্রাসমূহ সময়ে সময়ে গণনা কৰি তাক ডিজিটেল অংশৰ দ্বাৰা ডিজিটেল সংকেতলৈ পৰিবর্তিত কৰা হয়। এই ধৰণৰ কম্পিউটাৰসমূহ সাধাৰণতে ৰোগ নিৰাময় কেন্দ্র(Hospital) ব্যৱহৃত হয়। য’ত এনালগ অংশৰ দ্বাৰা ৰোগীৰ হৃদয় গতি,ৰক্তচাপ,তাপ ইত্যাদিৰ ধ্যান ৰখা হয় আৰু ডিজিটেল অংশক অপাৰেচন কৰাত ব্যৱহৃত হয়। বতৰ সম্পর্কীয় আগজাননী দিয়াৰ কামতো ইয়াৰ ব্যৱহাৰ হয়।
১.৪: ডাটা/সংবাদক ৰিপ্রেজেণ্ট কৰা তথা ডাটা প্রচেচিংৰ ধাৰণা
কম্পিউটাৰসমূহত এনেধৰণে প্রগ্রেমিং কৰা থাকে যাতে ই বিভিন্ন কাম কৰিব পাৰে। যিকোনো কাম কৰিবৰ বাবে কম্পিউটাৰত প্রথমে ডাটাসমূহ প্রচেচ হবলৈ দিয়া হয়, লগতে ডাটাসমূহ প্রচেচ হবলৈ প্রয়োজনীয় নির্দ্দেশো দিয়া হয়।
১.৪.১: ডাটা আৰু তথ্যৰ ধাৰণা
ডাটাক কেঁচামালৰ লগত তুলনা কৰিব পাৰি আনহাতে ইনফৰমেচন(তথ্য) হৈছে প্রচেচ হৈ যোৱা ডাটা। ডাটা প্রচেচ হৈ আমাক প্রয়োজনীয় ইনফৰমেচন আউটপুটৰ ৰূপত উলিয়াই দিয়ে। উদাহৰণস্বৰূপেঃ ১৯, ৪, ৯, ২০০২, দিল্লী আদি ডাটা যিয়ে কোনো অর্থপূর্ণ সংবাদ প্রকাশ নকৰে, কিন্তু যদি আমি কওঁ যে দিল্লীত ২০০২ চনৰ ৯ নম্বৰ মাহৰ ১৯ তাৰিখে ৪ মি.মি. বৰষুণ দিছিল, তেতিয়া ই এটা ইনফৰমেচন।
কম্পিউটাৰত ডাটা ৰিপ্রেজেন্ট কৰাৰ নিয়ম
কম্পিউটাৰৰ বুনিয়াদী অংশ যেনে CPU, RAM ইত্যাদি ট্রেনজিষ্টৰ। এইবোৰ কিছুমান বর্তনীৰ দ্বাৰা গঠিত। এই ট্রেনজিষ্টৰসমূহে বন্ধ আৰু খোলা হৈ চুইচৰ দৰে কাম কৰে। যেতিয়া ট্রেনজিষ্টৰটো চুইচ অন হয়, তেতিয়া ই ১ ৰিপ্রেজেন্ট কৰে। আকৌ যেতিয়া ট্রেনজিষ্টৰটো চুইচ অফ হয়, তেতিয়া ই ০ ৰিপ্রেজেন্ট কৰে।মাত্র এই ০ আৰু ১ য়েই এনে সংখ্যা যাক লৈ কম্পিউটাৰে কাম কৰিব পাৰে।
বিট আৰু বাইট
বিট হৈছে বাইনেৰী ডিজিটৰ সংক্ষিপ্ত ৰূপ।ই কম্পিউটাৰত কাম কৰিব পৰা তথ্যৰ আটাইতকৈ সৰু খণ্ডৰূপ। ০ আৰু ১ ক বিট বুলি কোৱা হয়। বিটবোৰ একেলগে গোট খাই ডাঙৰ তথ্যৰ গোট একোটা গঠন কৰে যাক বাইট বুলি কোৱা হয়। এটা বাইট ৮টা বিটৰ দ্বাৰা গঠিত যাক কম্পিউটাৰে এটা চিংগল এন্ট্রি হিচাপে স্ট’ৰ আৰু প্রচেচ কৰিব পাৰে। এটা বাইটে ডাটাৰ ধর্ম(Character of data) প্রকাশ কৰে(এলফাবেটৰ কোনো আখৰ অথবা কোনো চিহ্ন ইত্যাদি)।
সাধাৰণতে বিভিন্ন প্রগ্রেমিং ভাষাৰ ক্ষেত্রত বা অন্যান্য প্রয়োগৰ ক্ষেত্রত ডাটাবিলাকৰ প্রকাৰসমূহ বিভিন্ন হোৱা পৰিলক্ষিত হয় যদিও তলত উল্লেখিত প্রকাৰসমূহ সাধাৰণতে দেখিবলৈ পোৱা যায়।
ডিস্কত এক এনে ঠাই থাকে য’ত সামঞ্জস্য থকা ডাটাসমূহ সঞ্চয় কৰি ৰাখিব পৰা যায়, যাক ফাইল বুলি কোৱা হয়। ফাইলৰ ব্যৱহাৰ কৰি আমি তলত উল্লেখিত ধৰণে লাভান্বিত হওঁ।
যেতিয়া কম্পিউটাৰত ডাটা প্রচেচ কৰা হয়, তলত উল্লেখিত পৰিঘটনাসমূহ পৰিলক্ষিত হয়।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020