অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছাৰ্ফেচ টেবলেট

ছাৰ্ফেচ টেবলেট

স্পৰ্শৰ পৰা টাইপলৈ, কাৰ্যালয়ৰ পৰা শোৱনী কোঠালৈ, সাধাৰণ স্ক্ৰীণৰ পৰা ডাঙৰ স্ক্ৰীণলৈ, ব্যৱহাৰকাৰীয়ে অধিক চাব পাৰে, অধিক বিনিময় কৰিব পাৰে আধিক কৰিব পাৰে ছাৰ্ফেচৰ সহায়ত। উইণ্ড’জ ষ্ট’ৰত ব্যৱহাৰকাৰীয়ে সন্ধান পাব নতুন সংগীত, চিনেমা, গেম আৰু বহুত কিবা কিবি।

ছাৰ্ফেচ হৈছে লাহী, পাতল  আৰু ইয়াত আছে এটা সুন্দৰ বেটাৰী।

৯.৩ মিলিমিটাৰ, উইণ্ড’জ আৰটিৰ বাবে ছাৰ্ফেচ অতি লাহী যদিও ইয়াত এটা সম্পূৰ্ণ আকৃতিৰ ইউ এছ বি প’ৰ্ট আছে।

১০.৬” ছাৰ্ফেচত আছে ১৬:৯ ৱাইডস্ক্ৰীণ এইচ ডি ডিছপ্লে। মাইক্ৰ’ছফটৰ ক্লিয়াৰটাইপ এইচ ডি ডিছপ্লে প্ৰযুক্তিয়ে দিয়ে চলচ্চিত্ৰসমূহৰ বাবে সুন্দৰ ছবি। এক আল্ট্ৰা-ৱাইড দৃষ্টি কোণে ব্যৱহাৰকাৰীক দিয়ে বৰ্ণিল অভিজ্ঞতা বৰ্ণনা সহজ কৰি তোলে। স্বয়ংক্ৰিয় স্ক্ৰীণ ইণ্টেন্সিটীয়ে দৃশ্যাৱলীক অতি স্পষ্ট কৰি তোলে, ঘৰৰ ভিতৰত আৰু বাহিৰতো। মাইক্ৰ’ এছডি কাৰ্ড স্লট সংযোগ কৰাৰ ফলত ব্যৱহাৰকাৰীয়ে সকলো চিনেমা আৰু গানৰ সংগ্ৰহ লৈ আহিব পাৰে।

কিছুমান কামৰ বাবে কীব’ৰ্ডৰ প্ৰয়োজন। ছাৰ্ফেচত সংলগ্ন আছে এক বৈপ্লৱিক ৩ মিলিমিটাৰ পাতল চাপ সংবেদনশীল ক’ভাৰ যাক কীব’ৰ্ড আৰু ট্ৰেকপেড হিচাপেও ব্যৱহাৰ কৰিব পাৰি। একক চৌম্বিক ক্লিকৰ দ্বাৰা টাচ্চ ক’ভাৰ সংযোগ কৰা হয় ছাৰ্ফেচৰ সৈতে। ইয়াৰ ফলত বন্ধু-বান্ধৱৰ সৈতে চাট কৰা আৰু স্বাচ্ছন্দ্যৰে ই-মেইলৰ উত্তৰ দিব পাৰে।

ছাৰ্ফেচত এটা নহয়, দুটাকৈ কেমেৰা আছে। মানুহৰ সৈতে বাৰ্তালাপ কৰাৰ বাবে সমুখৰফালে থকা লাইফকেম ব্যৱহাৰ কৰক। পিছফালৰ কেমেৰা ২২ডিগ্ৰী কোণত স্থাপন কৰা হৈছে যাৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে কিকষ্টেণ্ড উলিয়াই মিটিং অথবা অন্য অনুষ্ঠান ৰেকৰ্ড কৰিব পাৰে হাতেৰে ধৰি নথকাকৈয়ে। ষ্টেৰিঅ’ স্পিকাৰ আৰু ডুৱেল মাইক্ৰ’ফ’নে ব্যৱহাৰ কৰি স্কাইপেত সুন্দৰ পৰিৱেশৰ সৈতে ভাল শব্দ উপভোগ কৰিব পাৰিব।

আপোনাৰ লগত লৈ ফুৰিব পৰা ভাল যন্ত্ৰ হিচাপে ছাৰ্ফেচ ডিভাইচ ডিজাইন কৰা হৈছিল। ইয়াৰ সৈতে এটা সুন্দৰ ভেপ’ৰ এমজি কেচিং দিয়া হয় ভিতৰত থকা গুৰুত্বপূৰ্ণ প্ৰযুক্তিক নিৰাপদে ৰাখিবলৈ আৰু ই দিয়ে উন্নত মানৰ নিৰ্মাণ আৰু অনুভূতি।

টাচ্চ ক’ভাৰ পাঁচটা ৰঙত পোৱা যায়। টাইপ ক’ভাৰে সুন্দৰ টাইপিঙৰ সুবিধা প্ৰদান কৰে যিসকলে প্ৰচলিত কীব’ৰ্ড ব্যৱহাৰ কৰি ভাল পায় তেওঁলোকক।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate