অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তথ্য সংৰক্ষণৰ বাবে ব্যৱহৃত হ’ব ডিএনএ

তথ্য সংৰক্ষণৰ বাবে ব্যৱহৃত হ’ব ডিএনএ

ডিএনএ বা ডি অক্সিৰাইব’ নিউক্লিক এচিডক তথ্য সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব পাৰে। গৱেষকসকলে মত পোষণ কৰিছে যে ইয়াত প্ৰয়োজনীয় তথ্য আৰু জ্ঞানসমূহ হাজাৰ হাজাৰ বছৰৰ বাবে সংৰক্ষণ কৰি থোৱাটো সম্ভৱপৰ হৈ উঠিব পাৰে। ডিএনএ ক তথ্য সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰাৰ বিষয়ে বিজ্ঞানীসকলে ইতিমধ্যেই পূৰ্ণগতিত গৱেষণা আৰম্ভ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা গৱেষকৰ দলে বিগত এক দীৰ্ঘ সময় ধৰি ডিএনএ ত থকা তথ্যসমূহ ডাউনলোড কৰাৰ বাবে পৰীক্ষা চলাই আহিছে। বৰ্তমানে তেওঁলোকে এটোপাল তৰলৰ ওপৰত উপঙি থকা ডিএনএ ৰ কোষৰ পৰা তথ্য উদ্ধাৰ কৰাৰ ওপৰত গৱেষণা চলাই আছে।

কম্পিউটাৰৰ যেনেকৈ বায়নেৰি ভাষা থাকে, তেনেকৈ ডিএনএ ৰো নিজা পৃথক ভাষা আছে। কিন্তু ডিএনএ ৰ ভাষা কম্পিউটাৰৰ ভাষাতকৈ যথেষ্ট পৃথক। কম্পিউটাৰে তথ্য বিশ্লেষণ আৰু উপস্থাপনৰ বাবে কেৱল শূণ্য আৰু ১ অংকটো ব্যৱহাৰ কৰে। কিন্তু ডিএনএ ত ব্যৱহৃত কোডসমূহ চাৰিবিধ নিউক্লিঅ’টাইড চিকুয়েঞ্চ ব্যৱহৃত হয়। নিউক্লিঅ’টাইড হ’ল এনে এবিধ জৈৱ পৰমাণু, যিয়ে মনোমাৰ ডিএনএ ৰ উপগোট হিচাপে কাম কৰে। নিউক্লিঅ’টাইডে দেহ কোষলৈ শক্তিৰ উপাদানসমূহ বহন কৰে। ইয়াক নিউক্লিঅ’চাইড ট্ৰাইফচফেড আকাৰে বহন কৰা হয়। এইবিধে শৰীৰৰ বিপাকীয় কাৰ্য্য মূখ্য ভূমিকা পালন কৰে। এই গৱেষণাৰ লগত জড়িত গৱেষক দলৰ মূখ্য গৱেষক ৰবাৰ্ট গ্ৰাছে এই কথা প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে ডিএনএ ত এটি অতি ক্ষুদ্ৰ অংশতে বহু বেছি তথ্য সংৰক্ষণ কৰিব পৰাৰ লগতে ইয়াৰ প্ৰধান সুবিধাটো হ’ল এই তথ্যসমূহৰ স্থায়ীত্বতা। গৱেষকসকলৰ মতে, এক আউঞ্চতকৈও কম ডিএনএ ত তিনি লাখ টেৰাবাইটতকৈও অধিক তথ্য সংৰক্ষণ কৰিব পৰা যায়। যিহেতু বহু হাজাৰ বছৰ পুৰণি ডিএনএ ৰ পৰা আজিও পৰীক্ষা কৰি তথ্য সংগ্ৰহ কৰিব পৰা যায় সেয়েহে আজি আপলোড কৰিব তথ্যসমূহো হাজাৰ হাজাৰ বছৰলৈকে ডিএনএ ত সংৰক্ষিত কৰিব পৰা হ’ব বুলি গৱেষকসকল আশাবাদী।

উৎস: পিটিআই।

 

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate