অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নেটৱৰ্কিং

নেটৱৰ্কিং

নতুন HTTP ক্লায়েণ্ট API

Windows 8.1এ HTTP আৰু ৰিপ্ৰেজেণ্টেচনেল ষ্টেট ট্ৰেন্সফাৰ (REST)ৱেব সেৱালৈ সংযোগ কৰা Windows ৰানটাইম নেমস্পেচ Windows.Web.Http সূচনা কৰিছে। এই নতুন APIয়ে সকলো সমৰ্থিত ভাষালৈ সম্পূৰ্ণ সুবিধাযুক্ত সহায়তা প্ৰদান কৰে আৰু Windows 8ৰ বাবে পূৰ্বতে মুকলি কৰা HTTP API  প্ৰতিস্থাপন কৰে।   
অতি সচৰাচৰ কাৰ্যসমূহ মোকাবিলা কৰিবলৈ নতুন APIটোৰ এটা সৰল ইণ্টাৰফেচ আছে আৰু প্ৰমাণীকৰণৰ বাবে (AUTH) সংবেদী ডিফল্ট প্ৰদান কৰে, যিটো প্ৰায়বোৰ পৰিস্থিতিতেই প্ৰযোজ্য হয়। অতিৰিক্ত সক্ষমতা যেনে,

  • সচৰাচৰ ক্ৰিয়াৰ বাবে পদ্ধতি (ডিলিট, গেট, পুট আৰু পোষ্ট)
  • সাধাৰণ প্ৰমাণীকৰণ ছেটিংছ আৰু পেটাৰ্ণৰ বাবে সহায়তা
  • পৰিবহনত সুৰক্ষিত চকেট লেয়াৰলৈ (SSL) প্ৰৱেশৰ বিৱৰণ
  • উন্নত এপ্পত অনুকূলিত ফিল্টাৰ অন্তৰ্ভুক্ত কৰাৰ সক্ষমতা
  • কুকিসমূহ প্ৰাপ্ত কৰিবলৈ, ছেট কৰিবলৈ আৰু বিলোপ কৰাৰ সক্ষমতা
  • HTTP অনুৰোধৰ প্ৰগতিৰ তথ্য এছিনক্ৰ'নাছ পদ্ধতিত উপলভ্য


Windows.Web.Http.Headers নেমস্পেচে HTTP শিৰোশাৰী আৰু কুকি সৃষ্টি কৰাটো সমৰ্থন কৰে, যিবোৰ তাৰপাছত HttpRequestMessage  আৰু HttpResponseMessage অৱজেক্টৰ সৈতে ধৰ্ম হিচাপে সংযুক্ত কৰা হয়।
ইয়াৰ এটা মৌলিক HTTP GET অনুৰোধ সৃষ্টি কৰিবলৈ নতুন APIটো কেনেকৈ ব্যৱহাৰ কৰিব সেইটো প্ৰদৰ্শন কৰা এটা উদাহৰণ কোড দিয়া হৈছে।

JavaScript

var uri = new Uri("http://example.com/datalist.aspx");
var httpClient = new HttpClient();

// Always catch network exceptions for async methods.
httpClient.GetStringAsync (uri).done(function () {
// Get completed operation.
}, onError);
function onError(reason) {
// Details in reason.Message and ex.HResult.      
}

অনুকূলিত HTTP অনুৰোধ ফিল্টাৰ

নতুন Windows.Web.Http.Filters  নেমস্পেচে সমৰ্থন কৰা ৱেব-অনুৰোধ ফিল্টাৰৰ সহায়ত, নিৰ্দিষ্ট সংযোগ আৰু নিৰাপত্তা পৰিস্থিতিৰ উপযুক্ত ৱেব অনুৰোধ কৰাটো সহজ, যেনে:

  • হেণ্ডেলিং প্ৰমাণীকৰণ
  • মিটাৰযুক্ত নেটৱৰ্কলৈ প্ৰৱেশ সীমাবদ্ধ কৰা
  • মকিংৰ দৰে আধুনিক প্ৰ'গ্ৰামিং কৌশল সমৰ্থন কৰা
  • সংযোগ ব্যৰ্থ হোৱাৰ পাছত স্বয়ংক্ৰিয় পুনঃচেষ্টা

এই নতুন APIটো বহুকেইটা সৰল ফিল্টাৰ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু সেইবোৰ সম জটিলতা বিকাশ অবিহনেই প্ৰত্যাশিত জটিলতাৰ বাবে ৱেব-অনুৰোধ সক্ষমতা বিকাশ কৰিবলৈ হোৱা প্ৰয়োজনৰ বাবে শৃংখলিত কৰা হয়।
HttpClient হ'ল HTTPৰ মাধ্যমত অনুৰোধ প্ৰেৰণ আৰু প্ৰাপ্ত কৰিবলৈ প্ৰধান শ্ৰেণী। ই ডাটা কেনেকৈ প্ৰেৰণ আৰু প্ৰাপ্ত কৰিব সেইটো নিৰ্ধাৰণ কৰিবলৈ HttpBaseProtocolFilter শ্ৰেণী ব্যৱহাৰ কৰে। প্ৰতিটো HttpClient দৃষ্টান্তৰেই তলত দেখুওৱাৰ দৰে বিভিন্ন ফিল্টাৰ ছেইন বা পাইপলাইন আছে।

ব্যৱহাৰকাৰীয়ে IHttpFilter ইণ্টাৰফেচৰ এটা অনুকূলিত সংস্কৰণ তৈয়াৰ কৰে আৰু ফিল্টাৰে কেনেকৈ কাম কৰিব সেইটো নিৰ্ধাৰণ কৰিবলৈ IHttpFilter.SendRequestAsync ব্যৱহাৰ কৰে। এই ফিল্টাৰসমূহ Windows ৰানটাইমে সমৰ্থন কৰা যিকোনো ভাষাৰ পৰা কল কৰিব আৰু ব্যৱহাৰ কৰিব পাৰি।
ইয়াত এটা মৌলিক HTTP অনুৰোধ আৰু সঁহাৰি সমূহলৈ অনুকূলিত শিৰোশাৰী যোগ কৰা ফিল্টাৰ প্ৰদৰ্শন কৰা এটা উদাহৰণ কোড দিয়া হৈছে।

C#

public class PlugInFilter : IHttpFilter {
private IHttpFilter innerFilter;

public PlugInFilter(IHttpFilter innerFilter) {
if (innerFilter == null) {
throw new ArgumentException("innerFilter cannot be null.");
}
this.innerFilter = innerFilter;
}

public IAsyncOperationWithProgress<HttpResponseMessage, HttpProgress> SendRequestAsync(HttpRequestMessage request) {
return AsyncInfo.Run<HttpResponseMessage, HttpProgress>(async (cancellationToken, progress) =>
{
request.Headers.Add("Custom-Header", "CustomRequestValue");
HttpResponseMessage response = await innerFilter.SendRequestAsync(request).AsTask(cancellationToken, progress);

cancellationToken.ThrowIfCancellationRequested();

response.Headers.Add("Custom-Header", "CustomResponseValue");
return response;
});
}

public void Dispose() {
innerFilter.Dispose();
GC.SuppressFinalize(this);
}
}

এই ফিল্টাৰটো ব্যৱহাৰ কৰিবলৈ, এটা নতুন HttpClient অৱজেক্ট সৃষ্টি কৰিবলৈ এই ইণ্টাৰফেচটো HttpClient(IHttpFilter) নিৰ্মাতালৈ আগুৱাই দিয়ক। এটা ফিল্টাৰ শৃংখলা ছেট আপ কৰিবলৈ, নতুন ফিল্টাৰটো পূৰ্বৱৰ্তী ফিল্টাৰলৈ আৰু শেষত HttpBaseProtocolFilter অৱজেক্টলৈ সংযোগ কৰক।

অনুকূলিত ফিল্টাৰ ব্যৱহাৰ কৰি HttpClient অৱজেক্ট সৃষ্টি কৰিবলৈ কোড।

C#
internal static void CreateHttpClient(ref HttpClient httpClient)
{
if (httpClient != null) {
httpClient.Dispose();
}

// Extend HttpClient by chaining multiple filters together
// and then providing HttpClient with the configured filter pipeline.
var basefilter = new HttpBaseProtocolFilter();

// Adds a custom header to every request and response message.
var myfilter = new PlugInFilter(basefilter);
httpClient = new HttpClient(myfilter);

}

পৃষ্ঠভূমিৰ স্থানান্তৰ আপডেট

Windows 8.1এ Windows.Networking.BackgroundTransfer আপডেট সূচনা কৰিছে যিয়ে ডেভেলপাৰসকলৰ বাবে ফাইল ডাউনলোড আৰু আপলোড সৰলীকৃত কৰে আৰু ই প্ৰান্তিক ব্যৱহাৰকাৰীসকলৰ অভিজ্ঞতা উন্নত কৰে।

নতুন BackgroundTransferGroup শ্ৰেণীয়ে সেই গোটসমূহ সৃষ্টি কৰাটো আৰু সমান্তৰালভাৱে, ক্ৰমত আৰু অগ্ৰাধিকাৰৰ ভিত্তিত ডাউনলোড আৰু আপলোড সম্পূৰ্ণ কৰাটো সহজ কৰে।

এপ্পে লাইভ টাইল আপডেট কৰিব পাৰে বা ব্যৱহাৰকাৰীক স্থিতি তথ্য প্ৰদান কৰিবলৈ টোষ্ট অধিসূচনা ব্যৱহাৰ কৰিব পাৰে। BackgroundDownloader আৰু BackgroundUploader শ্ৰেণীত নতুন পদ্ধতি ব্যৱহাৰ কৰি অধিসূচনা কনফিগাৰ কৰিব পাৰি।
পৃষ্ঠভূমিৰ স্থানান্তৰে এটা ডাউনলোডক অগ্ৰাধিকাৰপ্ৰাপ্ত নেটৱৰ্কলৈ পৰিবৰ্তন কৰে, যদি ডাউনলোডটো পুনৰাৰম্ভ কৰিব পাৰে আৰু ইয়াৰ বাবে দুইমিনিটতকৈ বেছি লগাৰ সম্ভাৱনীয়তা আছে।

সংযোগিত ষ্টেণ্ডবাই পৰিস্থিতিৰ বাবে বাস্তৱ-সময়ৰ যোগাযোগ সমৰ্থন পৃষ্ঠভূমিৰ নেটৱৰ্কিংয়ে Windows লক স্ক্ৰীণৰ এপ্পসমূহক নেটৱৰ্ক পেকেট প্ৰাপ্ত কৰিবলৈ সমৰ্থ কৰে, আনকি ডিভাইচটো নিম্ন-পাৱাৰ অৱস্থাৰ বাবে যেতিয়া এপ্পটো চলি নাথাকে তেতিয়াও। আপডেটসমূহৰ ভিতৰত থাকে:

  • নতুন Windows.Web.Http APIৰ বাবে বাস্তৱ-সময়ৰ যোগাযোগ সমৰ্থন
  • ভইচ অ'ভাৰ আইপি (VoIP)এপ্পসমূহৰ বাবে এটা নতুন অধিসূচনা যিয়ে স্ক্ৰীন লক থাকিলেও তেওঁলোকক কলৰ উত্তৰ দিবলৈ অনুমতি দিয়ে।
  • প্ৰায় সকলোবোৰ নেটৱৰ্ক ডিভাইচতেই সংযোগিত ষ্টেণ্ডবাই সমৰ্থনৰ বাবে চাৰিটা হাৰ্ডৱেৰ স্লট।

Geofence সমৰ্থন

  • Windows 8.1 এ geofencingৰ বাবে সমৰ্থন সূচনা কৰিছে। Windows 8.1 ৰ geofence সক্ষমতাই এইবোৰ কৰিবলৈ অনুমতি দিয়ে:
  • এক বা একাধিক geofences বা আগ্ৰহৰ অঞ্চল সৃষ্টি কৰিবলৈ  বা আঁতৰাবলৈ
  • geofenceত প্ৰৱেশ কৰোতে বা প্ৰস্থান কৰোতে অধিসূচনা প্ৰদান কৰিবলৈ ছেট কৰা
  • geofence এপ্পক পৃষ্ঠভূমিত চলিবলৈ দিয়া আৰু নতুন পৃষ্ঠভূমি টাস্ক LocationTrigger শ্ৰেণী ব্যৱহাৰ কৰি geofence ইভেণ্টসমূহ প্ৰাপ্ত কৰাটো জাৰী ৰখা।
  • লক স্ক্ৰীণত থাকোতে এপ্পৰ দ্বাৰা geofence আপডেট প্ৰাপ্ত কৰা।

Windows.Devices.Geolocation.Geofencing নেমস্পেচে geofenceৰ বাবে আৱশ্যকীয় শ্ৰেণীসমূহ ধাৰণ কৰে। আগ্ৰহৰ অঞ্চলসমূহ আৰু অধিসূচনাৰ চৰ্ত নিৰ্ধাৰণ কৰা এক বা একাধিক Geofence অৱজেক্ট সৃষ্টি কৰিব পাৰি। ব্যৱহাৰকাৰীয়ে geofenceৰ ভিতৰত আৰু বাহিৰত লৰচৰ চিমুলেট কৰিবলৈ এটা চিমুলেটৰ ব্যৱহাৰ কৰি এপ্পটো পৰীক্ষা কৰিব পাৰে।

Wi-Fi Direct সমৰ্থন

বেতাঁৰ পৰিসৰৰ ভিতৰত থকা Wi-Fi Direct  ডিভাইচসমূহৰ এখন সূচী প্ৰস্তুত কৰিবলৈ নতুন WiFiDirectDevice শ্ৰেণীটো ব্যৱহাৰ কৰিব পাৰি। এই ডিভাইচসমূহ ব্যৱহাৰকাৰী ছেটিংছৰ ডিভাইচ শাখাত "এটা ডিভাইচ যোগ কৰক"ত এটা পিচি ব্যৱহাৰ কৰি সংযু্ক্ত কৰা হয়। তাৰপাছত এপ্পে পৰিসৰৰ ভিতৰত থকা যিকোনো Wi-Fi Direct ডিভাইচ ব্যৱহাৰ কৰি এটা নেটৱৰ্ক চকেট সংযোগ সৃষ্টি কৰিব পাৰে। Wi-Fi Direct হ'ল এটা উচ্চ বেণ্ডউইথ পৰিবহন যিয়ে Wi-Fi ৰ দৰে একেই পৰিসৰ ব্যৱহাৰ কৰে।

উৎস: ভাষা ইণ্ডিয়া।

3.02941176471
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top