অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পেনড্ৰাইভত গুপ্তশব্দ

আপোনাৰ পেনড্ৰাইভত গুপ্তশব্দ কেনেকৈ স্থাপন কৰিব সেই বিষয়ে জানক

সাধাৰণতে আমি পেনড্ৰাইভ বা মেমৰি কাৰ্ডত বহুবোৰ গুৰুত্বপূৰ্ণ আৰু গোপন তথ্য তথা ফাইল ৰাখি থওঁ। কেনেবাকৈ এই পেন ড্ৰাইভটো যদি আন কাৰোবাৰ হাতত পৰে তেন্তে উক্ত গুৰুত্বপূৰ্ণ আৰু গোপণ তথ্যসমূহ ফাদিল হোৱাৰ লগতে জ্ঞাত বা অজ্ঞাতে উক্তসমূহ ক্ষতিও কৰিব পাৰে। কিন্তু এনে আহিলাত গুপ্তশব্দ ব্যৱহাৰ কৰি এনে সমস্যাৰ পৰা আঁতৰি থাকিব পৰা যায়। উইণ্ডোজ অপাৰেটিং চিষ্টেমত পেনড্ৰাইভত গুপ্তশব্দ ব্যৱহাৰৰ বাবে কোনো পৃথক ব্যৱস্থা নাই। সেইবাবেই ইয়াত অতিৰিক্ত চফটৱেৰ ব্যৱহাৰ কৰিব লগা হয়।  এনে বেছিভাগ চফটৱেৰে ধন ব্যয় কৰি কিনিব লাগে। কিন্তু “ইউএছবি চিকিউৰ” চফটৱেৰটো বিনামূলীয়াকৈ পোৱা যায় আৰু মেমৰি কাৰ্ড আৰু পেনড্ৰাইভত গুপ্তশব্দ ব্যৱহাৰ কৰিব পৰা যায়। এই চফটৱেৰটো ব্যৱহাৰ কৰিলে গুপ্তশব্দ অবিহনে পেনড্ৰাইভ অথবা মেমৰি কাৰ্ডত থকা কোনো ফাইল বা তথ্য দৃশ্যমান নহ’ব।

এই চফটৱেৰটো ডাউনলোড কৰিবলৈ এই নিউচফটৱেৰ.নেটযোগটোলৈ যাওঁক। ডাউনলোড হোৱাৰ পিছত ইয়াক কম্পিউটাৰত ইনষ্টল কৰি লওক। এতিয়া ড্ৰাইভটোত গুপ্তশব্দৰে সুৰক্ষিত কৰিবলৈ প্ৰথমে পেনড্ৰাইভ বা মেমৰি কাৰ্ডখন কম্পিউটাৰত সংযোগ কৰক। ইয়াৰ পিছত ড্ৰাইভটো অপেন কৰি set password আৰু confirm password বাকচত আপুনি গুপ্তশব্দ লিখক। এতিয়া আপোনাৰ উক্ত আহিলাটো গুপ্তশব্দত সুৰক্ষিত হৈ পৰিব। আপুনি দিয়া গুপ্তশব্দটো অৱশ্যেই মনত ৰাখিব লাগিব নহ’লে আহিলাটোত থকা সকলো তথ্য আৰু ফাইল আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব।

উৎস: ইন্টাৰনেট

2.92452830189
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top