অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্রেজেন্টেচন

প্রেজেন্টেচন তথা ডকুমেন্টৰ মাজত পার্থক্য

  • ডকুমেন্ট সাধাৰণতে যিকোনো লিখা কার্য্যত ব্যৱহৃত হয় আনহাতে প্রেজেন্টেচন মূখ্যতঃ নিজৰ কথা (Subject) কোনো সভা আদিত প্রকাশ কৰিবলৈ ব্যৱহাৰ হয়।
  • ডকুমেন্ট মাইক্রচফট্ ৱর্ডত বনোৱা হয় আনহাতে প্রেজেন্টেচন মাইক্রচফট্ পাৱাৰপইন্টত বনোৱা হয়।
  • ডকুমেন্টত আবেদন, পত্র, কিতাপ আদি লিখা হয়, আনহাতে প্রেজেন্টেচনত প্রডাক্ট ফাইল, ৰিচার্চ পেপাৰ ইত্যাদি ব্যৱসায়িক প্রেজেন্টেচন প্রস্তুত কৰিব পৰা যায়।
  • ৱর্ডত মূখ্যতঃ ৱর্ড প্রচেচিং, ৱর্ড এডিটিং তথা ফাৰমেটিং কার্য্য কৰা হয়।পাৱাৰপইন্ট বেচিকৈ ব্যৱসায়িক কাম-কাজত নিজৰ মনোমত ধৰণে প্রস্তুত কৰিবলৈ ব্যৱহৃত হয়।

পাৱাৰ পইন্ট খোলাৰ উপায়

  • পাৱাৰ পইন্ট আৰম্ভ কৰিবৰ বাবে টাস্ক বাৰ (Task Bar)ৰ স্টার্ট (Start)বুটামত মাউচেৰে ক্লিক কৰক।
  • স্ক্রীণত এখন মেনু দেখিবলৈ পাব। এই মেনুৰ Programs বিকল্পত মাউচৰ পইন্টাৰটো আনক। স্ক্রীণত আৰু এখন নতুন মেনু দেখিবলৈ পাব।

    এতিয়া এই মেনুখনৰ Microsoft Power Point বিকল্পত মাউচেৰে ক্লিক কৰিলেই Power Point খুলি যাব।

আগতেই বনাই থোৱা প্রেজেন্টেচন খোলাৰ উপায়

  • আগতেই বনাই থোৱা প্রেজেন্টেচন খুলিবৰ বাবে ফাইল(File)মেনুত ক্লিক কৰক।এখন মেনু খোল খাব।
  • সেই মেনুখনত নিজৰ বিকল্প বিচাৰি লওঁক।এটা ডায়লগ বক্স খোল খাব।
  • এতিয়া ডায়লগ বক্সৰ File Name বক্সত নিজৰ ফাইলটোৰ নাম লিখক আৰু Open বুটামটো ক্লিক কৰক।
  • এই ধৰণেই আপোনাৰ ফাইলটো খোল খাব।

প্রেজেন্টেচন সুৰক্ষিত কৰা

  • এতিয়া নিজৰ প্রেজেন্টেচনটো ডিস্কত সুৰক্ষিত কৰি(Save) ৰাখিব পৰা যায়।ইয়াৰ বাবে নিম্নলিখিত steps বোৰলৈ যাবলগীয়া হয়-
  • File Menu ৰ Save বিকল্পলৈ যাওঁক।বিকল্প বিচাৰি লোৱাৰ লগে লগে এখন উইন্ড’ খোল খাই পৰিব।
  • এই উইন্ড’খনৰ Save in বক্সত Folder Name দিয়ক য’ত আপুনি আপোনাৰ প্রেজেন্টেচনটো সুৰক্ষিত কৰি ৰাখিব বিচাৰে। এতিয়া আপোনাৰ প্রেজেন্টেচনটোৰ নাম ফাইল নেম (File Name)বক্সটোত টাইপ কৰি Save বুটামটো ক্লিক কৰক।এইদৰে আপোনাৰ প্রেজেন্টেচন সুৰক্ষিত হৈ পৰিব।

নতুন প্রেজেন্টেচন তৈয়াৰ কৰা

  • যেতিয়া নতুন প্রেজেন্টেচন (Presentation) তৈয়াৰ কৰা হয়, তাক সাধাৰণধৰণে আৰম্ভ কৰা হয়।তাৰপাচতহে তাত বহুধৰণৰ স্লাইড লেআউট (layouts), কালাৰ, ইফেক্ট যেনে ইমেজ (image)আদি দিব পৰা যায়।
  • আমি বিভিন্নধৰণে প্রেজেন্টেচন বনাব পাৰো।ইয়াত তিনিধৰণৰ সাধাৰণতে ব্যৱহৃত উপায় দিয়া হৈছে যাৰ ব্যৱহাৰ কৰি আমি বেলেগ বেলেগ ধৰণে প্রেজেন্টেচন বনাব পাৰো।

1. ব্লেংক প্রেজেন্টেচনৰ (Blank Presentation)প্রয়োগ কৰা।

2. অট’কন্টেন্ট ৱিজার্ডৰ (Auto Content Wizard)প্রয়োগ কৰা।

3. ডিজাইন টেম্পলেট (Design Template)প্রয়োগ কৰা।

ব্লেংক প্রেজেন্টেচনৰ(Blank Presentation)প্রয়োগ কৰি প্রেজেন্টেচন বনোৱা

  • ব্লেংক প্রেজেন্টেচন তৈয়াৰ কৰিবৰ বাবে নিম্নলিখিত বিকল্প গ্রহণ কৰক-
  • File মেনুত ক্লিক কৰক।ক্লিক কৰাৰ লগেলগে এখন নতুন মেনু দেখিবলৈ পাব।
  • New অপচনত ক্লিক কৰক।
  • স্ক্রীণত থকা New ডায়লগ বক্সৰ ব্লেংক প্রেজেন্টেচনৰ অপচনত ক্লিক কৰক।
  • এই ধৰণেই এখন নতুন ব্লেংক প্রেজেন্টেচন খোল খাব।

অট’কন্টেন্ট ৱিজার্ডৰ(Auto Content Wizard)প্রয়োগ কৰি নতুন প্রেজেন্টেচন (Presentation)তৈয়াৰ কৰা

  • অট’কন্টেন্ট ৱিজার্ডৰ(Auto Content Wizard)প্রয়োগ কৰি নতুন প্রেজেন্টেচন (Presentation)তৈয়াৰ কৰিবৰ বাবে নিম্নলিখিত বিকল্প গ্রহণ কৰক-
  • File মেনুৰ New বিকল্প গ্রহণ কৰক।
  • স্ক্রীণত থকা New ডায়লগ বক্সৰ অট’কন্টেন্ট ৱিজার্ড(Auto Content Wizard)অপচনত ক্লিক কৰক।
  • এতিয়া অট’কন্টেন্ট ৱিজার্ডৰ(Auto Content Wizard)ডায়লগ বক্স খোল খাই পৰিব।
  • এতিয়া অট’কন্টেন্ট ৱিজার্ডৰ(Auto Content Wizard)ডায়লগ বক্সৰ Next বুটামটোত ক্লিক কৰক।
  • এতিয়া আপুনি যি ধৰণৰ প্রেজেন্টেচন(Presentation)তৈয়াৰ কৰিব বিচাৰে, সেইমতেই প্রেজেন্টেচন ষ্টাইলটো চিলেক্ট কৰি Next বুটামটোত ক্লিক কৰক।
  • এতিয়া প্রেজেন্টেচন অপচনৰ প্রেজেন্টেচন টাইটেল, ফুটাৰ, স্লাইড নম্বৰ ইত্যাদি দি Next বুটামটোত ক্লিক কৰক।
  • এতিয়া Finish বুটামটোত ক্লিক কৰক।
  • এই ধৰণেই আপোনাৰ নতুন প্রেজেন্টেচনখন খোল খাব য’ত

আগৰপৰাই প্রেজেন্টেচনৰ এক প্রাৰম্ভিক ৰূপ থাকিব।

ডিজাইন টেম্পলেট(Design Template)প্রয়োগ কৰি নতুন প্রেজেন্টেচন(Presentation)বনোৱা

  • File মেনুৰ New বিকল্প গ্রহণ কৰক।
  • স্ক্রীণত থকা New ডায়লগ বক্সৰ ডিজাইন টেম্পলেট(Design Template)অপচনত ক্লিক কৰক।
  • এতিয়া আপুনি বহুত ডিজাইন টেম্পলেট(Design Template)দেখিবলৈ পাব য’ৰ যিকোনো ডিজাইন এটা Select কৰি এখন নতুন প্রেজেন্টেচন বনাব পৰা যায়।

স্লাইড মেনিপুলেচন তথা স্লাইড শ্ব’

  • আমি আমাৰ প্রয়োজন অনুসাৰে নতুন স্লাইড যোগ দিব বা আঁতৰাবও পাৰো।

নতুন স্লাইড যোগ দিবলৈ(Add a New Slide)

  • যিখন স্লাইডৰ লগত যোগ দিব বিচাৰে সেই স্লাইডখন নির্বাচন(Select)কৰক।
  • এতিয়া Insert মেনুৰ New Slide অপচনটো চিলেক্ট কৰিলেই নতুন স্লাইড যোগ হৈ যাব।

স্লাইড আঁতৰাবলৈ(Delete a Slide)

  • যিখন স্লাইড আঁতৰাব বিচাৰে সেই স্লাইডখন নির্বাচন(Select) কৰক।
  • এতিয়া কীবর্ডৰ সহায়ত Del বুটামটো টিপক বা মেনুবাৰৰ Edit বিকল্পলৈ গৈ Delete Slide অপচনটো ক্লিক কৰক।

নতুন স্লাইডলৈ যোৱাৰ নিয়ম

স্লাইড শ্ব’ৰ সময়চোৱাত এখন স্লাইডৰ পৰা আনএখন স্লাইডলৈ যাবৰ বাবে নিম্নলিখিত বিকল্পসমূহৰ যিকোনো বিকল্প গ্রহণ কৰক-

  • Next Slide যাবৰ বাবে সেই নির্দ্দিষ্ঠ স্লাইডখনত ক্লিক কৰক।
অথবা 
  • স্পেচবাৰ Key বা Enter Key বা Down Arrow Key টিপক।
অথবা 
  • সেই স্লাইডখনত Right Click কৰি Next বিকল্পত ক্লিক কৰক।

আগৰ স্লাইডলৈ যোৱাৰ নিয়ম

স্লাইড শ্ব’ৰ সময়চোৱাত এখন স্লাইডৰ পৰা আগৰ এখন স্লাইডলৈ যাবৰ বাবে নিম্নলিখিত বিকল্পসমূহৰ যিকোনো বিকল্প গ্রহণ কৰক-

  • Backspace Key টিপক।
অথবা 
  • Up Arrow Key টিপক।
অথবা 
  • সেই স্লাইডখনত Right click কৰি Previous বিকল্পত ক্লিক কৰক।

কোনো নিশ্চিত স্লাইডলৈ যোৱাৰ নিয়ম

স্লাইড শ্বৰ সময়চোৱাত কোনো এখন স্লাইডলৈ যাবৰ বাবে নিম্নলিখিত বিকল্পসমূহৰ যিকোনো বিকল্প গ্রহণ কৰক-

  • যিকোনো স্লাইডত Right Click কৰক। এখন মেনু খোল খাব।
  • এতিয়া সেই মেনুখনৰ Go to অপচনলৈ কার্চাৰডাল লৈ গৈ স্লাইড নেভিগেটৰ(Slide Navigator) বিকল্পত ক্লিক কৰক।এক স্লাইড নেভিগেটৰ ডাইলগ বক্স খোল খাই পৰিব।
  • এতিয়া আপুনি আপোনাৰ নিশ্চিত স্লাইডখন স্লাইড টাইটেল বিকল্পৰ জৰিয়তে বিচাৰি লব পাৰে।
  • Go to বুটামটো ক্লিক কৰিলেই সেই স্লাইডখন খুলি পৰিব।

স্লাইড ভিউ(Slide View)

মাইক্রচফট্ পাৱাৰ পইন্টত স্লাইড নিম্নলিখিত তিনিধৰণে চাব পাৰি।ইয়াক চাবৰ বাবে ভিউ অপচনলৈ গৈ চিলেক্ট কৰিব পাৰে।

  • নর্মেল ভিউ(normal View)
  • স্লাইড চর্টাৰ ভিউ(Slide Sorter View)
  • স্লাইড শ্ব’ ভিউ(Slide Show View)

আমি আমাৰ স্লাইডসমূহক দুইধৰণে শ্ব’ কৰিব পাৰো

  • View Show(ভিউ শ্ব’)
  • Setup Show(চেট আপ শ্ব’)

উপৰুক্ত দুয়োটা অপচনকে আমি মেনুবাৰৰ স্লাইড শ্ব’ মেনুত পাওঁ।

স্লাইড তথা হেন্ডআউটৰ প্রিন্ট কৰা

স্লাইডৰ প্রিন্টিঙৰ বাবে নিম্নলিখিত বিকল্প গ্রহণ কৰক-

  • মেনুবাৰৰ File মেনুৰ প্রিন্ট অপচনটো চিলেক্ট কৰক।
  • এতিয়া প্রিন্ট ডায়লগ বক্সৰ প্রিন্ট ৰেঞ্জ আৰু নম্বৰ অফ কপি আদি বহাই প্রিন্ট বুটামটোত ক্লিক কৰক।এইদৰে আপোনাৰ প্রেজেন্টেচনৰ প্রিন্ট ওলাই আহিব।
  • যদি হেন্ডআউটৰ প্রিন্ট উলিয়াব বিচাৰে তেন্তে Print What অপচনৰ হেন্ডআউটচ্ বিকল্প গ্রহণ কৰক।
  • প্রিন্ট উলিওৱাৰ আগতে ফাইল মেনুৰ প্রিন্ট প্রিভিউ অপচনটো চিলেক্ট কৰি আপোনাৰ প্রেজেন্টেচন পেজৰ চেটিং ইত্যাদি সুনিশ্চিত কৰিব নাপাহৰিব।

স্লাইড টাইটেল(Slide Title)

  • টাইটেল এনে এক বিকল্প যিটো সকলো স্লাইডতেই সকলোতকৈ উপৰত আহে।
  • ইয়াত আপুনি স্লাইডৰ শীর্ষভাগতো লিখিব পাৰে যিটোৱে আপোনাৰ তলত লিখা বিৱৰণসমূহ বুজাব পাৰে।

টেক্সট ক্রিয়েচন

  • স্লাইডত বিভিন্ন স্লাইড শ্ব’ অন্তর্গত বিভিন্ন প্লেচ হল্ডাৰ থাকে, য’ত আমি নিজৰ টেক্সট লিখিব পাৰো।
  • ইয়াৰবাবে প্লেচ হল্ডাৰত ক্লিক কৰিলে কার্চাৰডাল আহিব।এতিয়া কী-বর্ডৰ সহায়ত তাত টেক্সট লিখিব পাৰিব।
  • ফন্ট তথা চাইজ চেট কৰা

আপোনাৰ স্লাইডৰ টেক্সটৰ Font তথা Size বদলাবৰ বাবে নিম্নলিখিত ক্রমসমূহ পালন কৰক-

  • মেনুবাৰত থকা Format বিকল্প গ্রহণ কৰক।
  • বিকল্পটো গ্রহণ কৰাৰ লগে লগে Font নামৰ এক ডায়লগ বক্স খোল খাব।
  • এই ডায়লগ বক্সৰ ফন্ট তথা চাইজ অপচনৰ পৰা নিজৰ ইচ্ছানুসৰি Font আৰু Size বিচাৰি লব পৰা যায়
  • Font Style অপচনত Font ৰ Style যেনে- Regular, Bold, Italic আদি বিকল্প গ্রহণ কৰিব পাৰি ।
  • Color অপচনত আপুনি আপোনাৰ স্লাইডৰ টেক্সটৰ ৰঙো সলনি কৰিব পাৰে।
  • এতিয়া OK বুটামত ক্লিক কৰক, ইয়াৰ পাচত যি টেক্সট আপুনি লিখিব, সেইটো সেই Font তথা Size ত আহিব

বুলেট

  • এই বিকল্পৰ প্রয়োগ মূখ্যতঃ স্লাইডখনক ৰুচিপূ্র্ণ তথা প্রভাৱীৰূপত বনাবৰ বাবে ব্যৱহত হয়।
  • ফৰমেট মেনুত ক্লিক কৰি বুলেট তথা বিকল্প গ্রহণ কৰক।
  • বুলেট বা নাম্বাৰিং নামৰ এটা ডায়লগ বক্স খোল খাই পৰিব।
  • ডায়লগ বক্সত বুলেটৰ বাবে বুলেটেদ্(Bulleted)আৰু নম্বৰৰ বাবে নম্বৰদ্ টেব(Numbered)বুটামটো চিলেক্ট কৰক।
  • এতিয়া OK বুটামটো ক্লিক কৰক।

ফুটনোট(Footnotes)আৰু স্লাইড নাম্বাৰিং

স্লাইডত ফুটনোট আৰু স্লাইড নম্বৰ দিবৰ বাবে ফুটাৰৰ প্রয়োগ কৰা হয়।নিজৰ স্লাইডত ফুটাৰ যোগ দিবৰ বাবে নিম্নলিখিত বিকল্পসমূহ গ্রহণ কৰা হয়-

  • মেনুবাৰৰ View বিকল্পৰ হেডাৰ এণ্ড ফুটাৰ(Header and Footer) অপচনত ক্লিক কৰিলে এটা ডায়লগ বক্স খোল খাব
  • এতিয়া হেডাৰ এণ্ড ফুটাৰ(Header and Footer)ডায়লগ বক্সৰ নোটচ আৰু হেন্ডআউট টেব(Notes and Handouts)বা স্লাইড টেবত ক্লিক কৰক।
  • এতিয়া হেডাৰ এণ্ড ফুটাৰ টেক্সট বক্সত হেডাৰ আৰু ফুটাৰ লিখক তথা পেজ নম্বৰ অপচন চিলেক্ট কৰক বা স্লাইড নম্বৰৰ বাবে স্লাইড টেবৰ Slide Number অপচনত ক্লিক কৰক।
  • এতিয়া এপ্লাই টু অল(Apply To All)বুটামটোত ক্লিক কৰক।

বেকগ্রাউণ্ডৰ ৰং সলনি কৰা

স্লাইডৰ বেকগ্রাউণ্ডৰ ৰং সলনি কৰিবৰ বাবে তলত নির্দেশিত ক্রমসমূহ পালন কৰক-

  • মেনুবাৰৰ Format অপচনৰ বেকগ্রাউণ্ড(Background)বিকল্পত ক্লিক কৰিলে এটা বেকগ্রাউণ্ড নামৰ ডায়লগ বক্স খোল খাব
  • এই ডায়লগ বক্সৰ এখন ড্রপ ডাউন মেনুৰ পৰা কালাৰ চিলেক্ট কৰক।
  • এতিয়া এপ্লাই(Apply)বুটামটোত ক্লিক কৰক।
  • যদি আপুনি সকলোবোৰ স্লাইডৰ বেকগ্রাউণ্ড বদলাব বিচাৰিছে, তেন্তে এপ্লাই টু অল(Apply To All)বুটামটোত ক্লিক কৰক।

উৎস: ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান।

শেহতীয়া উন্নীতকৰণ: : 6/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate