অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেয়া হোৱা মে’মৰি কাৰ্ড কেনেকৈ ঠিক কৰিব?

বেয়া হোৱা মে’মৰি কাৰ্ড কেনেকৈ ঠিক কৰিব?

ফোন বা ডিজিটেল কেমেৰা যিমানেই উন্নত আৰু দামী নহওঁক কিয় তাৰ মূল প্ৰাণশক্তিয়েই হ’ল মে’মৰি কাৰ্ড। আজিৰ দিনত মে’মৰি কাৰ্ড অবিহনে এটা দামী ম’বাইল ফোন বা কেমেৰাৰ কোনো মূল্য নাই। কিয়নো ম’বাইল ফোন বা কেমেৰাত আভ্যন্তৰীণ মে’মৰি খুবেই কম থাকে আৰু মে’মৰি কম থাকিলে সচৰাচৰতে অতি প্ৰতিষ্ঠিত কোম্পানীৰ দামী ম’বাইল ফোনেই হওক বা কেমেৰাই হওক স্থবিৰ হৈ যাব পাৰে। মে’মৰি কাৰ্ডৰ গুৰুত্বতা যিমানেই বেছি তেনেধৰণে প্ৰায়েই মে’মৰি কাৰ্ড নষ্ট হোৱাও দেখিবলৈ পোৱা যায়। ম’বাইল ফোনেই হওক বা কেমেৰাই হওক চলি থকা অৱস্থাত হঠাৎ মে’মৰি কাৰ্ড খন উলিয়াই আনিলে বা আন কাৰণত মেমৰি কাৰ্ডখন ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে। এই লিখনিৰ যোগেৰে এখন নষ্ট হোৱা মে’মৰি কাৰ্ড কেনেকৈ ঠিক কৰিব তাৰ কিছু আভাস প্ৰদান কৰা হ’ল:

নষ্ট হোৱা মে’মৰি কাৰ্ডখন খুলি মে’মৰি কাৰ্ড ৰিডাৰত ভৰাই কম্পিউটাৰত সংযোগ কৰক। আপুনি দেখিবলৈ পাব অন্যান্য হাৰ্ডডিক্স দেখুওৱাৰ দৰে মে’মৰি কাৰ্ডখন দেখিবলৈ পালেও সেইখনত আপুনি প্ৰৱেশ কৰিব নোৱাৰিব। কিন্তু “ফাইল চিষ্টেম” ঠিকে থকা বুলি দেখুৱাব।

এতিয়া আপুনি উইণ্ডোজৰ RUN মেনুত গৈ cmd লিখক। লগে লগে start মেনুৰ ওপৰৰ ফালে কামাণ্ড ক্ৰোম্পট (cmd) দেখিবলৈ পাব। তাত মাউচৰ সোঁ বুটামটো টিপি Run as administrator নিৰ্বাচন কৰক। ইয়াৰ পিছত আপুনি chkdsk mr লিখি Enter টিপক। ইয়াত ইংৰাজী এম হৈছে মে’মৰি কাৰ্ডৰ ড্ৰাইভ। ইয়াৰ পিছতেই কম্পিউটাৰে মে’মৰি কাৰ্ডৰ ড্ৰাইভ পৰীক্ষা কৰিব। এই পৰীক্ষা সম্পূৰ্ণ হ’বলৈ দিয়ক।

যদি convert lost chains to files দেখুৱাই তেন্তে y টিপক। যদিহে মে’মৰি কাৰ্ডত থকা তথ্যসমূহ অক্ষত অৱস্থাত আছে তেন্তে সেইসমূহ পিছলৈ ব্যৱহাৰ কৰিব পৰা যাব। যদিহে মে’মৰি কাৰ্ডখন Invalid file system বুলি দেখুৱায়, তেন্তে মে’মৰি কাৰ্ডৰ ওপৰত সোঁ বুটাম ক্লিক কৰি Format ত ক্লিক কৰক। ফাইল চিষ্টেমত fat নিৰ্বাচন কৰক আৰু Quick Format ত ক্লিক কৰি মে’মৰি কাৰ্ড খন Format কৰক। এনে ক্ষেত্ৰত মে’মৰি কাৰ্ডত থকা তথ্যসমূহ মুচা গ’লেও মে’মৰি কাৰ্ডখন নষ্ট নহ’ব আৰু পুনৰ ব্যৱহাৰ কৰিব পাৰিব।

বিভিন্ন কাৰণত বেয়া হোৱা মে’মৰি কাৰ্ড পুনৰ ঠিক কৰিব পাৰি যদিও ইয়াত থকা তথ্যসমূহ উলিয়াই আনিবলৈ বিভিন্ন ধৰণৰ চফটৱেৰ ব্যৱহাৰ কৰিব লগা হ’ব পাৰে। যদিহে মে’মৰি কাৰ্ডত থকা ফাইলসমূহ দেখা গৈছে কিন্তু খুলিব পৰা নাই। তেন্তে এনে চফটৱেৰসমূহে আপোনাক সহায় কৰিব পাৰে।

উৎস: ইন্টাৰনেট

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate