অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাইক্র'চফ্টৰ লেংগুৱেজ ইণ্টাৰফেচ পেক (LIP)

মাইক্র'চফ্টৰ লেংগুৱেজ ইণ্টাৰফেচ পেক (LIP)

পাতনি

মোৰ লগৰ এটাই 'আমি অসমীয়া' চাই ক'লে কবি হোৱাৰ আঁচনি নেকি ? মই ভাবিলোঁ কবি তো হ'ব লাগিবই, অলপ অভিযান্ত্ৰিক জ্ঞানৰ বিষয়েও লিখা যাওক৷

মূল
যোৱাকালি মাইক্র'চফ্ট য়ে ৬৪-বিট্ ৰ Win7 ৰ লেংগুৱেজ ইণ্টাৰফেচ পেক (LIP) মুকলি কৰি দিলে | এয়া এইটোও কোৱা হৈছে যে অসমীয়া ভাষাৰ LIP কেৱল ডাউনল'ড কেন্দ্ৰৰ পৰাহে লব পৰা যাব, OEM বা System Builder channels ৰ জৰিয়তে উপলব্ধ ন'হব|

এইখিনিতে জনাই থোৱা উচিত যে মাইক্র'চফ্ট য়ে ৩২-বিট্ ৰ Win7 ৰ অসমীয়া ভাষাৰ লেংগুৱেজ ইণ্টাৰফেচ পেক (LIP) ২০১০ চনৰ ২৯ মে তাৰিখেই উপলব্ধ কৰাইছিল | আপুনি যদি Win7 ব্যৱহাৰ কৰি আছে, তলৰ ঠিকনাটোত গৈ অসমীয়া ভাষাৰ লেংগুৱেজ ইণ্টাৰফেচ পেক (LIP) ডাউনল'ড কৰি আপোনাৰ সংগণক যন্ত্রটো অসমীয়া কৰি তোলক | যিহেতু তলৰ ঠিকনাটোত Windows 7 LIP ৰ ৩২-বিট্ আৰু ৬৪-বিট্ সংসৰণৰ কাৰণে পৃথকভাৱে ডাউনলোড, আপনি ডাউনলোড আৰম্ভ কৰাৰ আগতে, আপুনি Windows 7-ৰ কোনটো সংস্কৰণ স্থাপন কৰিব তাক নিশ্চিত কৰি লব লাগিব-

ঠিকনাটো: https://support.microsoft.com/en-in/help/14236/language-packs


আপোনালোকৰ সুবিধাৰ্থে মই Microsoft.com পৃষ্ঠাৰ কিছু নিৰ্দেশাৱলী ইয়াত লিখিছোঁ যিয়ে আপুনি Windows 7-ৰ কোন সংস্কৰণটো স্থাপন কৰিছে তাক নিৰ্দ্ধাৰণ কৰাত সহায়ক হব:

১)Start বুটামত ক্লিক কৰক

২)তাৰপিছত কম্পিউটাৰত সোঁ-ক্লিক কৰক আৰু Properties চয়ন কৰক৷ এইটোত আপোনাৰ কম্পিউটাৰ সম্পৰ্কত সাধাৰণ তথ্য দিয়া আছে৷

৩)ছিষ্টেম প্ৰকাৰৰ কাৰণে ছিষ্টেম বিভাগত লক কৰক৷ এইটোৱে যদি আপোনাৰ Windows 7 অপাৰেটিং ছিষ্টেম 32-বিট অপাৰেটিং ছিষ্টেম বা 64-বিট অপাৰেটিং ছিষ্টেম হয় সংকেত দিয়ে৷

গূঢ় কথাটো

গোটেই ৰামায়ণ বৰ্ণাই মোৰ লাগিছে মই ৰাম কোন তাকে কোৱা নাই৷ লেংগুৱেজ ইণ্টাৰফেচ পেক (LIP) টো কি বস্তু ??
মাইক্র'চফ্ট য়ে কোৱা বিৱৰণটো মই ইয়াতে দি দিছোঁ:

"Windows লেংগুৱেজ ইণ্টাৰফেচ পেকে (LIP) Windows-ৰ বহুল ব্যৱহৃত ক্ষেত্ৰসমূহৰ আংশিকভাৱে অনুবাদ কৰা সংস্কৰণ এটাৰ যোগান ধৰে৷ LIP স্থাপন কৰাৰ পিছত, ৱিজাৰ্ডত পাঠ, সংলাপ বাকচসমূহ, মেনুসমূহ আৰু সহায় আৰু সমৰ্থন বিষয়সমূহ LIP ভাষাত প্রদৰ্শিত হ'ব৷ অনুবাদ হৈ নথকা পাঠটো Windows 7-ৰ আধাৰিত ভাষাত থাকিব৷ উদাহৰণস্বৰূপে, আপুনি যদি Windows 7-ৰ স্পেনিচ সংস্কৰণ ক্ৰয় কৰে আৰু কাতালান LIP স্থাপন কৰে, কিছু পাঠ স্পেনিচত থাকিব৷ আপুনি কোনো একক বুনিয়াদি ভাষাত এটাতকৈ অধিক LIP স্থাপন কৰিব পাৰিব৷ Windows LIP Windows 7-ৰ সকলো সংস্কৰণতে স্থাপন কৰিব পাৰে"|

মই আৰু LIP

মই এই প্ৰকল্পটোৰ লগত প্ৰথম জড়িত হৈছিলোঁ ২০০৮ চনৰ জুন মাহত Win Vista ৰ লেংগুৱেজ ইণ্টাৰফেচ পেক (LIP)মুকলি কৰাৰ সময়ত ৷ ২০০৮ চনৰ জুন মাহৰ ২৮ তাৰিখে Win Vista ৰ বাবে অসমীয়া ভাষাৰ LIP উপলব্ধ কৰা হয় |
অৱশ্যে মোৰ বৰঙনি নিচেই অকণমানি, কোনোবাই মই কিবা কৰা বুলি কলে লাজেই লাগে৷ গোটেই প্ৰকল্পটো মাইক্র'চফ্ট ৰেডম'ন্ড ৰ পৰা চলোৱা হৈছে, য'ত অসমীয়া ভাষাৰ শব্দবোৰৰ বাবে কিছুমান তৃতীয় পক্ষ(Vendor Company)ৰ সহায় লোৱা হৈছে ৷ মই শেষ পৰ্য্যায়ত বানান, বাক্য গাঠনি, ব্যাকৰণ আৰু সমগ্ৰ পৃষ্ঠাটো পৰীক্ষণ কৰাৰ দায়িত্ব লৈছিলোঁ ৷ মই ভালেকেইটা পৰামৰ্শ দিছিলো যদিও সময়ৰ নাটনিত আটাইবোৰৰ সুধৰণি সম্ভৱ হোৱা নাছিল; এতিয়াও দুই এটা দৃষ্টিকটু ভাবে ভুল ৰৈ গৈছে ৷ Vendor Company বা FreeLancer যিসকলে প্রকৃত ভাঙনিবোৰ কৰিছে,তেওঁলোকলৈ অশেষ ধন্যবাদ |

Windows Vista ৰ বাবে LIP

আপুনি যদি Windows Vista ব্যৱহাৰ কৰি আছে, তলৰ ঠিকনাটোত গৈ অসমীয়া ভাষাৰ লেংগুৱেজ ইণ্টাৰফেচ পেক (LIP) ডাউনল'ড কৰি আপোনাৰ সংগণক যন্ত্রটো অসমীয়া কৰি তোলক -

ঠিকনাটো: https://www.microsoft.com/as-in/download/details.aspx?id=4903


সামৰণি
মাইক্র'চফ্টকে ধৰি আন আন ডাঙৰ কোম্পানীবোৰে ভাষাৰ স্থানীয়কৰণৰ ওপৰত বহুত জোৰ দিছে ৷ মই নিজে তেনেকুৱা ভালেকেইটা প্ৰকল্পত জড়িত,আংশিক ভাবে |

মনজিৎ নাথ

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate