অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাইক্র’ছফট পাওয়াৰ পয়েন্ট ২০০৭

মাইক্র’ছফট পাওয়াৰ পয়েন্ট ২০০৭ এ ব্যৱহাৰকাৰীক অত দ্রুতগতিত, অধিক উচ্চ ক্ষমতা সম্পন্ন, সব্বোত্তম প্রেজেন্টেচন কৰিবলৈ আৰু সহজেই তথ্যৰ আদান প্রদান কৰিবলৈ সহায় কৰে। অফিচ পাওয়াৰ পয়েন্ট ২০০৭ এ ব্যৱহাৰকাৰীৰ হাতত ইয়াক নিয়ন্ত্রণৰ ক্ষমতা দিয়ে যাতে অতি ধুনিয়া আৰু চকুত লগাকৈ, নমনীয় ফর্মেটিংৰ সহায়ত, গ্রাফিক ডিজাইনৰ সৈতে প্রেজেন্টেচান তৈয়াৰ কৰিব পৰা যায়।

সহজ ব্যৱহাৰৰ সীমা

অফিচ পাওয়াৰ পয়েন্ট ২০০৭ ত অফিচ ফ্লুয়েন্ট ব্যৱহাৰকাৰীৰ সীমাত প্রেজেন্টেচান তৈয়াৰ কৰা, উপস্থাপন কৰা, লগতে অধিক সহজ আৰু কর্মক্ষম ভাবে তাৰ আদান প্রদান কৰাৰ ক্ষেত্রত সহায় কৰে। ব্যৱহাৰকাৰীৰ হাতত পাওয়াৰ পয়েন্টৰ বাবে লাগতিয়াল আটাইকেইটা অতি উচ্চ ক্ষমতা সম্পন্ন বৈশিষ্ট্য ধুনীয়াকৈ সজোৱা থাকে যাৰ ফলত নীচেই কম বাধাৰ সন্মূখীন হৈ এটা অতি ধূনীয়া আৰু মনোমোহা প্রেজেন্টেচান তৈয়াৰ কৰা সম্ভব হয়।

অফিচ পাওয়াৰ পয়েন্ট ২০০৭ ৰ অর্ন্তগতত থাকি ব্যৱহাৰকাৰীয়ে প্রতিটো প্রেজেন্টেচানৰ মাজত এটা সম্পর্ক স্থাপন, ওয়ার্ক ফ্লো, ক্রমপর্যায়যুক্ত ডায়াগ্রাম আদি তৈয়াৰ কৰিব পাৰে। অফিচ ফ্লুয়েন্টত থকা  ইন্টাৰফেচৰ কন্টেক্সুয়েল ডায়াগ্রামিং মেনুয়ে অতি সহজেই উচ্চ গুনমান সম্পন্ন ফর্মেটিং ব্যৱস্থাক ব্যৱহাৰ কৰি স্মার্টআর্ট ডায়াগ্রামক বুলেটযুক্ত তালিকালৈ ৰূপান্তৰিত কৰিব পাৰে বা বর্তমানে থকা ডায়াগ্রামক পৰিৱর্তন আৰু উন্নত এটা ৰূপদান দিব পাৰে।

শ্লাইড লাইব্রেৰী

পাওয়াৰ পয়েন্ট শ্লাইড লাইব্রেৰীৰ সাহায্যত, ব্যৱহাৰকাৰীয়ে মাইক্র’ছফট অফিচ চেয়াৰপয়েন্ট চার্ভাৰ ২০০৭ ৰ কোনো এটা চাইটত ৰাখি থোৱা প্রেজেন্টেচানৰ শ্লাইড বিলাকক আকৌ আন কিবা কামত লগাব পাৰে। এয়াই নহয়, ইয়াৰ ফলত নতুনকৈ শ্লাইড তৈয়াৰ কৰাৰ ক্ষেত্রত সময় আৰু কষ্ট দুয়োটাকে কমাই দিয়ে, কিন্তু যদি কোনো এটা শ্লাইডক চাইটৰ পৰা কোনো এটা প্রেজেন্টেচানত সুমোৱা হয়, তেন্তে চার্ভাৰৰ বিশেষ সংস্কৰন অনুযায়ী আয়তনত চুটি হৈ যায়, কিন্তু শ্লাইডৰ ভিতৰত থকা বিষয় বস্তু খিনি ঠিক একেই থাকে ইয়াৰ কোনো পৰিৱর্তন নহয়।

অফিচ পাওয়াৰ পয়েন্ট ২০০৭ ত ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ লাগতিয়াল শ্লাইড বিলাকৰ লে-আউট বিলাক বিচাৰি লৈ তেওঁলোকাৰ নিজা কাষ্টম শ্লাইডত সাঁচি থব পাৰে যাতে ভবিষ্যতে আকৌ কোনো শ্লাইড তৈয়াৰ কৰিবলৈ হ’লে পুনৰ নতুন কৈ শ্লাইডত কাটিং আৰু পেষ্টিংত সময় নষ্ট নকৰি মাথোন বা বিষয় বস্তু বিলাক বা লে-আউট খিনি মছিয়েই কৰিব পাৰি। পাওয়াৰ পয়েন্ট শ্লাইড লাইব্রেৰীৰ অর্ন্তগতত, এই কাষ্টম শ্লাইড বিলাকৰ সৈতে আন আন প্রেজেন্টেচানৰ আদান প্রদান কৰা সহজ কিয়নো এই ধৰনৰ প্রেজেন্টেচানৰ এটা বিশ্বাসযোগ্যতা বা সামঞ্জষ্যতা আৰু ব্যৱসায়ীক অৱয়ব আৰু অনুভূতি আছে।

বিষয়বস্তু

এই ডকুমেন্টৰ বিষয়বস্তু বা থিমে গোটেই প্রেজ়েন্টেচানৰ গঠন, অনুভূতি আৰু অৱয়বৰ সাল সলনি ঘটাব পাৰে মাথোন এটা ক্লীক্‌তেই। প্রেজেন্টেচানৰ থিম সলনি কৰিলে, মাত্র প্রেজেন্টেচানৰ পটভূমিৰ ৰঙৰ ক্ষেত্রতেই যে পৰিৱর্তন হব এনে নহয়, ডায়াগ্রামৰ ৰঙ, টেবুল, চার্ট আৰু ফন্টৰ আনকি প্রেজেন্টেচানৰ যিকোনো বুলেট পয়েন্টৰ অৱয়বৰ পৰিৱর্তন ঘটায়। কোনো এটা থিম গোটেই প্রেজেন্টেচানত ব্যৱহাৰ কৰি তাক এটা ব্যৱসায়িক ৰূপ, অৱয়ব আৰু অনুভূতি প্রদান কৰা হয়।

ব্যৱহাৰকাৰীয়ে কৌশলেৰে কাম কৰি টেক্সট, টেবুল, চার্ট, আৰু অন্যান্য প্রেজেন্টেচানৰ বিষয় বস্তুক আগতে কেতিয়াও নোহোৱা এটা অতি আকর্ষণীয় আৰু উচ্চ মাত্রাৰ প্রেজেন্টেচান তৈয়াৰ কৰিব পাৰে। অফিচ পাওয়াৰ পয়েন্ট ২০০৭ এ নির্দ্ধাৰিত ব্যৱহাৰৰ সীমা আৰু সঠিক মেনুত যাতে এই সজুলি বিলাকক সহজেই নিৰবিচ্ছিন্ন ভাবে পোৱা যায় তাক নিশ্চিত কৰে।

ফাইলৰ ৰূপান্তৰ

অফিচ পাওয়াৰ পয়েন্ট প্রেজেন্টেচান বিলাকৰ ফাইল বিলাকক অতি সহজেই Paper Specification (XPS) আৰু PDF ক ব্যৱহাৰকাৰীৰ লগত চফটৱেৰ প্লেটফর্মৰ লগত আদান প্রদানৰ জৰিয়তে পৰিৱর্তিত কৰা হয়।

নতুন সংকুচিত মাইক্রছ’ফট অফিচ পাওয়াৰ পয়েন্ট XML ফর্মেট বিলাক আয়তনত তাৎপর্যপূর্ণ। আনহাতে ইয়াৰ ডেমেজ ফাইলত হেৰাই যোৱা ডেটা বিলাক আকৌ উভতি পোৱা যাব পাৰে। এই নতুন ফর্মেটে প্রয়োজনীয় বিষয় বস্তু বিলাক সাঁচি ৰাখিবলৈ আৰু পিছত তাক পাবলৈ সচেষ্ট থাকে ফলত আইটি ব্যৱহাকাৰী সকলৰ মূল্যবান সময় খিনি যথেষ্ট পৰিমানে বচাব পাৰে।

গ্রোভ ২০০৭

গ্রোভ ২০০৭ ৰ ব্যৱহাৰ, ই এটা নতুন ব্যৱহূত সঁজুলি যাৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে নির্দিষ্ট খোলনিৰ ওয়ার্কস্পেচত থাকি প্রেজেন্টেচানৰ পর্যালোচনাৰ ক্ষেত্রত এটা সজীৱতাৰ পৰশ আনিব পাৰে। ব্যৱহাৰকাৰীয়ে প্রেজেন্টেচানত আন আন সহপাঠিৰ লগত সহযোগিতাত প্রকৃত সময়ত কাম খিনি কৰিব পাৰে কিয়নো তেতিয়া তেওঁলোকৰ হাতত তথ্যৰ উপস্থিতিৰ সুবিধা আৰু তাৎক্ষনিক মেচেজ পঠোৱাৰ সামর্থ্যতা ইত্যাদি বিলাক সুবিধা ওয়ার্কস্পেচত উপলব্ধ হয়।

চেয়াৰ পয়েন্ট চার্ভাৰ ২০০৭

অফিচ পাওয়াৰ পয়েন্ট ২০০৭ আৰু অফিচ চেয়াৰ পয়েন্ট চার্ভাৰ ২০০৭ ৰ ব্যৱহাৰ, ব্যৱহাৰকাৰীয়ে গোটেই টিমটোৰ ওচৰলৈ এটা প্রেজেন্টেচান পঠিয়াই টিমটোৰ সদস্য সকলৰ পৰা সেই প্রেজেন্টেচানৰ বিষয়ে পর্যালোচনা আৰু পৰামর্শ বা এটা আনুষ্ঠানিক অনুমোদন প্রক্রিয়া আৰু সেই প্রেজেন্টেচান বিলাকত তেওঁলোকৰ চহী ইতাদি লৈ প্রেজেন্টেচানটোৰ ক্ষেত্রত হোৱা সহযোগিতাক এটা স্বাচ্ছন্দ্যপূর্ণ আৰু সহজ ৰূপ প্রদান কৰিব পাৰে।

ব্যৱহাৰকাৰীয়ে অলাগতিয়াল প্রসংগ, লুকাই থকা বক্তব্য বা ডকুমেন্ট ইঞ্চপেক্টৰ ব্যৱহাৰ কৰি ব্যক্তিগত ভাবে চিহ্নিতকৰণযোগ্য তথ্য বিলাক বাছি লব পাৰে, যাতে আপুনাৰ প্রেজেন্টেচানটো আনৰ লগত সহজেই আদান প্রদান কৰিব পৰা যায়।

ব্যৱহাৰকাৰীয়ে তেওঁৰ পাওয়াৰ পয়েন্ট প্রেজেন্টেচানটোত এটা ডিজিটেল চহী বহুৱাব পাৰে যাতে এইটো প্রমান কৰিব পৰা যায় যে পর্যালোচনাৰ বাবে পঠিওয়াৰ পিছতো এই প্রেজেন্টেচানটোৰ একো পৰিৱর্তন হোৱা নাই বা আন কোনো ভাবে ইয়াত কোনো ধৰনৰ সাল সলনি কৰিব নিদি এই প্রেজেন্টেচানটোয়েই যে “সর্ব্বশেষ” তাক প্রমাণ কৰিব পৰা যায়। বিষয় বস্তুৰ নিয়ন্ত্রনক ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীয়ে পৰিকল্পিত পাওয়াৰ পয়েন্ট টেমপ্লেট তৈয়াৰ আৰু নিয়োজন কৰে যাতে ব্যৱহাৰ সহায়িকাৰ সাহায্যত আপুনালোকে এটা সঠিক তথ্য লাভ কৰিব পাৰে লগতে ইয়াকো নিশ্চিত কৰে যে এই প্রেজেন্টেচানৰ ভিতৰত থকা তথ্যবিলাকৰ কোনো বিকৃত ৰূপ প্রদান কভা হোৱা নায় বা কোনো ধৰনৰ তথ্যৰ সাল সলনি হোৱা নাই।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate