অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড’জ ৮ত প্ৰিণ্টিং সৰলীকৰণ

উইণ্ড’জ ৮ত প্ৰিণ্টিং সৰলীকৰণ

যদিও আমি অনলাইনযোগো পঢ়িব পাৰো বহুতো অনলাইন সমল ব্যৱহাৰেৰে কাম কৰিব পাৰো তথাপি আমাৰ কম্পিউটাৰৰপৰা প্ৰিণ্ট কৰাটো অতি সাধাৰণ বিষয়। এই সাধাৰণ কাৰ্যটোক অধিক সৰলীকৰণ আৰু উন্নীতকৰণৰ বাবে আমি আগুৱাই আহিছো—উইণ্ড’জ ৮ত এইবোৰ সুবিধা প্ৰদান কৰিবৰ বাবে আমি পৰিৱেশতন্ত্ৰৰ অংশীদাৰীসকলৰ সৈতে কাম কৰিছো।

তলত উইণ্ড’জ ১.০ৰ স্ক্ৰীণশ্বটত দেখা গৈছে উইণ্ড’জ সংস্কৰণৰ সৈতে সংলগ্ন ফাইলসমূহ।


বছৰৰ পিছত বছৰ ধৰি, প্ৰিণ্টিঙৰ পদ্ধতিৰ উত্তৰণ ঘটিছে এক জটিল গাঁথনিলৈ যিয়ে বহুত বিকল্পৰ প্ৰিণ্টাৰৰ দ্বাৰা প্ৰিণ্ট কৰাত সমৰ্থন যোগাইছে।

উইণ্ড’জ ৮ত আছে এক নতুন প্ৰিণ্টাৰ ড্ৰাইভাৰ গাঁথনি যাক কোৱা হয় v4 বুলি। এই v4 গাঁথনিয়ে প্ৰস্তুত কৰে সৰু, ক্ষীপ্ৰ প্ৰিণ্টাৰ ড্ৰাইভাৰ আৰু ই প্ৰিণ্ট ক্লাছ ড্ৰাইভাৰ ফ্ৰেমৱৰ্কত সমৰ্থন জনায় যিয়ে মানুহক অনুমতি প্ৰদান কৰে সংশ্লিষ্ট যন্ত্ৰটো বাবে নিৰ্দিষ্ট ড্ৰাইভাৰ নোহোৱাকৈ প্ৰিণ্টাৰ ইনষ্টল কৰাৰ। V4 হৈছে উইণ্ড’জৰ প্ৰিণ্টাৰ ড্ৰাইভাৰ গাঁথনিৰ চতুৰ্থ নিৰ্দেশনা। V3 আছিল উইণ্ড’জ ২০০০ৰ পৰা উইণ্ড’জ ৭লৈ ব্যৱহাৰ কৰা গাঁথনি, আৰু প্ৰকৃততে ই এতিয়াও উইণ্ড’জ ৮ত সম্পূৰ্ণৰূপে কাৰ্যকৰী যন্ত্ৰৰ সামৰ্থজনিত কাৰণত।

উইন৩২ এপ্লিকেশ্যনসমূহৰপৰা প্ৰিণ্টিং কৰাৰ বাবে জি ডি আই (গ্ৰাফিক্স ডিভাইছ ইণ্টাৰফেত) অথবা এক্স পি এছ (এক্সএমএল পেপাৰ স্পেচিফিকেশ্যন) আদিৰ দৰে গ্ৰাফিক্স প্ৰগ্ৰেমিঙৰ জ্ঞান থকাৰ প্ৰয়োজন। উইণ্ড’জ ৮ এপ্লিকেশ্যনসমূহে সম্পূৰ্ণৰূপে পুনৰাৱিষ্কাৰ কৰিছে উইণ্ড’জ ৰাণটাইমৰপৰা প্ৰিণ্টিং সক্ৰিয়কৰণেৰে আৰু HTML5/জাভাস্ক্ৰীপ্ট আৰু  XAML/C# এপ্লিকেশ্যনৰপৰাও প্ৰিণ্টি অতি সহজ কৰি তুলিছে। এক মেট্ৰ’ ষ্টাইল এপলিকেশ্যনৰপৰা প্ৰিণ্ট কৰাটো স্বাভাৱিকতেই মেট্ৰ’ষ্টাইলৰ হ’ব লাগে এক সৰু এপলেট পপ আপে ছবিত দেখুওৱাৰ দৰেই ক’ব যে প্ৰিণ্টাৰত কাগজ নাই, বা চিঞাহী কিনিবৰ হৈছে।

উইণ্ড’জ ৮ত এক ডাঙৰ প্ৰত্যাহ্বান হৈছে যে বহুতো প্ৰিণ্টাৰ যিবোৰৰ ড্ৰাইভাৰ সাধাৰণতে উইণ্ড’জ আপডেট নাইবা নিৰ্মাতাৰ ৱেবছাইটত উপলব্ধ, এই আটাইবোৰলৈ উইণ্ড’জে উচ্চ মানৰ সহযোগিতা প্ৰদান নিশ্চিত কৰাটো। যেতিয়া এটা নতুন প্ৰিণ্টাৰ উইণ্ড’জত সংযোগ কৰা হয় ইয়াক সক্ৰিয় কৰিবৰ বাবে ড্ৰাইভাৰ বিচৰাৰ প্ৰয়োজন নাই। উইণ্ড’জ ৮তেই আছে প্ৰিণ্ট ক্লাছ ড্ৰাইভাৰ ফ্ৰেমৱৰ্ক। এই ফ্ৰেমৱৰ্কে উপলব্ধ যন্ত্ৰক প্ৰিণ্টিঙৰ ক্ষেত্ৰত সহায় কৰে আৰু আৰু নিৰ্মাতাক নতুন যন্ত্ৰৰ বাবে সহযোগিতা আগবঢ়ায়। নতুন আৰু পৰিকল্পিত প্ৰিণ্টাৰ, প্ৰিণ্টাৰৰ সংখ্যাক সহায় কৰাৰো সামৰ্থৰে উইণ্ড’জ ৮ প্ৰিণ্ট ক্লাছ ড্ৰাইভাৰ ফ্ৰেমৱৰ্কে প্ৰকৃততে সময়ৰ সৈতে আগুৱাই যাব।

সামৰি লোৱা যন্ত্ৰৰ সংখ্যা বৃদ্ধিৰ ক্ষিপ্ৰ উন্নতিৰ পৰিৱৰ্তে কিন্তু এই সুবিধা প্ৰাপ্তিৰ ক্ষেত্ৰত সমলৰ পৰিমাণ হ্ৰাস পাইছে। প্ৰিণ্টাৰ আৰু ইমেজিং যন্ত্ৰসমূহক সহযোগ কৰাৰ বাবে প্ৰয়োজনীয় ডিক্স স্পেচৰ পৰিমাণ লক্ষ্যণীয়ভাৱে যথেষ্ট হ্ৰাস পোৱা পাইছে। এই গ্ৰাফে দেখুৱাইছে উইণ্ড’জ ভিষ্টাৰপৰা স্পেচৰ হ্ৰাস।


প্ৰিণ্টাৰ ড্ৰাইভাৰত কেতবোৰ গুৰুত্বপূৰ্ণ বস্তু উপলব্ধ নহয় কনফিগাৰেচনে ব্যৱহাৰকাৰীসকলক অনুমতি প্ৰদান কৰে ছেটিং সলনি কৰাৰ, কাগজৰ দুয়োপিঠিত প্ৰিণ্ট কৰাৰ ইচ্ছাও বিশেষ কমাণ্ডৰ সহায়ত দিয়া হয় যিটো প্ৰিণ্টাৰৰ বাবে প্ৰয়োজন। ইউজাৰ ইণ্টাৰফেচৰ মাধ্যমেৰে ছবিত দেখুওৱা ধৰণেৰে কনফিগাৰেচন প্ৰদান কৰা হয়।

ৰেণ্ডাৰি-এ প্ৰিণ্টেড কণটেণ্ট পৰিৱৰ্তন কৰে উইণ্ড’জ প্ৰিণ্ট ব্যৱস্থাত ব্যৱহৃত ফৰ্মেটৰ পৰা প্ৰিণ্টাৰে বুজি পোৱা ফৰ্মেটলৈ। ড্ৰাইভাৰৰ এই অংশটো, যিটোৱে ৰেণ্ডাৰিং সম্পন্ন কৰে তাক ৰেণ্ডাৰ ফিল্টাৰ বুলি কোৱা হয়। উইণ্ড’জ ৮ত প্ৰিণ্টাৰ ড্ৰাইভাৰ মডেলে সমৰ্থন কৰা ধাৰণাত এটা পিডিএলক (বা ড্ৰাইভাৰক) কেইবাটাও যন্ত্ৰৰ সৈতে সংযুক্ত কৰিব পাৰি।

ইভেণ্টছ-এ ব্যৱহাৰকাৰীক ঘটি থকা ঘটনা সন্দৰ্ভত জনাবলৈ প্ৰিণ্টাৰক অনুমতি প্ৰদান কৰে—এটা কাম সম্পূৰ্ণ হ’ল, কাগজৰ জাম হৈছে, অথবা প্ৰিণ্টাৰত চিঞাহী নাই।

উইণ্ড’জ ৮ৰ প্ৰিণ্টাৰ ড্ৰাইভাৰ গাঁথনি অধিক অগ্ৰগামী। মানুহৰ ইতিমধ্যেই উপলব্ধ বহুতো প্ৰিণ্টাৰৰ বাবে ই ভাল সহযোগিতা আগবঢ়ায়, ভৱিষ্যতৰ যন্ত্ৰৰ বাবেও সহযোগিতা আগবঢ়ায় সুক্ষ্ম, ক্ষিপ্ত, বিল্ট-ইন ক্লাছ ড্ৰাইভাৰ ফ্ৰেমৱৰ্কৰ মাধ্যমেৰে। ইয়াৰ দক্ষতা অতুলনীয় কিন্তু ডিক্স ফুটপ্ৰিণ্ট নিচেই কম।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate