অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

Windows আযোৰ মাৰ্কেটপ্লেচত নতুন Bing স্পিচ্চ্ চিনাক্তকৰণ নিয়ন্ত্ৰণ আৰু উন্নীত কৰা Bing OCR আৰু অনুবাদক নিয়ন্ত্ৰণ

Windows আযোৰ মাৰ্কেটপ্লেচত নতুন Bing স্পিচ্চ্ চিনাক্তকৰণ নিয়ন্ত্ৰণ আৰু উন্নীত কৰা Bing OCR আৰু অনুবাদক নিয়ন্ত্ৰণ

Microsoftএ নতুন Bing প্লেটফৰ্মে ডেভেলপাৰসকললৈ প্ৰদান কৰা সক্ষমতাৰ তিনিটা বিস্তৃত শ্ৰেণী ঘোষণা কৰিছে: এপ্লিকেশ্বনসমূহলৈ সংস্থাৰ আৰু বিশ্বৰ জ্ঞান আনিবলৈ সেৱাসমূহ, অধিক স্বাভাৱিক আৰু আন্তৰ্দৃষ্টিমূলক ব্যৱহাৰকাৰী অভিজ্ঞতা প্ৰদান কৰিবলৈ এপ্লিকেশ্বনসমূহক সক্ষম কৰিবলৈ, আৰু এপ্লিকেশ্বনসমূহলৈ ভৌতিক বিশ্বৰ এক সজাগতা প্ৰদান কৰা সেৱাসমূহ। Microsoftএ Windows 8 আৰু 8.1ৰ বাবে Bing স্পিচ্চ্ চিনাক্তকৰণ আৰু নিয়ন্ত্ৰণ আৰু Windows  8.1ৰ বাবে Bing অপ্টিকেল বৰ্ণ চিনাক্তকৰণ আৰু Windows 8.1ৰ বাবে Bing অনুবাদক নিয়ন্ত্ৰণ  মুকলি কৰিছে।

Windows 8 আৰু 8.1ৰ বাবে স্পিচ্চ্ চিনাক্তকৰণ

ডিভাইচসমূহ স্পিচ্চ্ চিনাক্তকৰণ কৰিবলৈ সক্ষম কৰি তেওঁলোকৰ ডিভাইচসমূহক ইমেইলৰ নিৰ্দেশ দিবলৈ, শেহতীয়া বাতৰি অনুসন্ধান কৰিবলৈ, এপ্পসমূহ নেভিগেট কৰিবলৈ  ব্যৱহাৰকাৰীয়ে অধিক স্বাভাৱিকভাৱে ভাৱ-বিনিময় কৰিব পাৰে। উইণ্ড'জ ফোনত ব্যৱহাৰকাৰীয়ে মাইক্ৰ'ফোন আইকনত টেপ কৰি, মাইকলৈ কথা কয় আৰু পাঠ স্ক্ৰীণত প্ৰদৰ্শিত হয়। একেই কাৰ্যক্ষমতা বিনামূলীয়া Bing স্পিচ্চ্ চিনাক্তকৰণ নিয়ন্ত্ৰণৰ মাধ্যমেৰে Windows 8, Windows 8.1, আৰু Windows RTত উপলভ্য হয়।

ব্যৱহাৰকাৰীয়ে এপ্লিকেশ্বনত মাইক্ৰ'ফোন বুটাম আৰু TextBlock আৰু সেইবোৰ সমৰ্থন কৰিবলৈ কোডৰ  সৈতে এটা SpeechRecognizerUX নিয়ন্ত্ৰণ আৰোপ কৰিব পাৰে।  যেতিয়া ব্যৱহাৰকাৰীয়ে মাইকটো ক্লিক বা টেপ কৰে, তেওঁলোকে এটা বিপ শব্দ বা "ইয়াৰকন" শুনিব যাৰ অৰ্থ এতিয়া কথা কোৱাৰ সময় আৰু অডিঅ' মিটাৰে চলিত ভলিউমৰ মাত্ৰা প্ৰদৰ্শন কৰিব। কথা কৈ থাকোতে, চিনাক্ত কৰা শব্দবোৰ নিয়ন্ত্ৰণত প্ৰদৰ্শিত হ'ব। যেতিয়া তেওঁলোকে কথা কোৱা বন্ধ কৰে বা স্পিচ্চ্ নিয়ন্ত্ৰণত বন্ধ কৰক বুটামত আঘাত কৰে, তেওঁলোকে এটা চমু এনিমেশ্বন দেখা পাব আৰু তেওঁলোকৰ শব্দবোৰ TextBlockত দৃশ্যমান হ'ব।

UI উপকৰণ সৃষ্টি কৰিবলৈ
XAML
<AppBarButton x:Name="SpeakButton" Icon="Microphone" Click="SpeakButton_Click"></AppBarButton>
<TextBlock x:Name="TextResults" />
<sp:SpeechRecognizerUx x:Name="SpeechControl" />

HTML
<div onclick="speakButton_Click();">&#xe1d6;</div>
<div></div>
<div data-win-control="BingWinJS.SpeechRecognizerUx">

ব্যৱহাৰকাৰীয়ে এটা SpeechRecognizer অৱজেক্ট সৃষ্টি কৰিব লাগিব, ইয়াক SpeechRecognizerUX  নিয়ন্ত্ৰণলৈ বাইণ্ড কৰিব লাগিব, আৰু স্পিচ্চ্ চিনাক্তকৰণ আৰম্ভ কৰিবলৈ মাইক্ৰ'ফোন বুটামৰ বাবে এডাল ক্লিক হেণ্ডেলাৰ সৃষ্টি কৰিব লাগিব।

SpeechRecognizer SR;
void MainPage_Loaded(object sender, RoutedEventArgs e)
{
// Apply credentials from the Windows Azure Data Marketplace.
var credentials = new SpeechAuthorizationParameters();
credentials.ClientId = "<YOUR CLIENT ID>";
credentials.ClientSecret = "<YOUR CLIENT SECRET>";

// Initialize the speech recognizer.
SR = new SpeechRecognizer("en-US", credentials);

// Bind it to the VoiceUiControl.
SpeechControl.SpeechRecognizer = SR;
}

private async void SpeakButton_Click(object sender, RoutedEventArgs e)
{
var result = await SR.RecognizeSpeechToTextAsync();
TextResults.Text = result.Text;
}
JavaScript:
var SR;
function pageLoaded() {
// Apply credentials from the Windows Azure Data Marketplace.
var credentials = new Bing.Speech.SpeechAuthorizationParameters();
credentials.clientId = "<YOUR CLIENT ID>";
credentials.clientSecret = "<YOUR CLIENT SECRET>";

// Initialize the speech recognizer.
SR = new Bing.Speech.SpeechRecognizer("en-US", credentials);

// Bind it to the VoiceUiControl.
document.getElementById('SpeechControl').winControl.speechRecognizer = SR;
}

function speakButton_Click() {
SR.recognizeSpeechToTextAsync()
.then(
function (result) {
document.getElementById('ResultText').innerHTML = result.text;
})
}

ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ নিজা মানসমূহ প্ৰত্যয়্পত্ৰত বহুৱাব লাগিব: ClientId আৰু ClientSecret। কাৰ্যকাৰিতাৰ বাবে নিয়ন্ত্ৰণটোৱে এটা ৱেব সেৱাৰ ওপৰত নিৰ্ভৰ কৰে।

পৰৱৰ্তী সক্ষমতা যিটো চিনাক্ত কৰা স্পিচ্চ্ৰ  বিকল্প ফলাফল প্ৰদৰ্শন কৰিবলৈ যোগ কৰিব পাৰি। যেতিয়া ব্যৱহাৰকাৰীয়ে কথা কৈ থাকে, কৈ থকাৰ পৰা প্ৰাপ্ত কৰা ধ্বনিৰ ওপৰত নিৰ্ভৰ কৰি SpeechRecognizer এ একাধিক সম্ভাৱনা তৈয়াৰ কৰে আৰু শেষত একাধিক সম্ভাৱনা তৈয়াৰ কৰিব পাৰে। এই বিকল্প অনুমানবোৰ এখন সূচী হিচাপে SpeechRecognitionResult.GetAlternates(int) পদ্ধতিত, অথবা স্বতন্ত্ৰভাৱে SpeechRecognizer.RecognizerResultRecieved  ইভেণ্টৰ দ্বাৰা উপলভ্য হয়। ব্যৱহাৰকাৰীয়ে SpeechRecognizerUX নিয়ন্ত্ৰণ বাইপাছ কৰিব পাৰে আৰু আৰম্ভণি, শুনা, প্ৰক্ৰিয়া কৰা আৰু সম্পূৰ্ণ কৰিবলৈ SpeechRecognizer.AudioCaptureStateChanged ইভেণ্ট ব্যৱহাৰ কৰি নিজা অনুকূলিত স্পিচ্চ্ চিনাক্তকৰণ UI সৃষ্টি কৰিব পাৰে।

কুৱেৰীসমূহ প্ৰৱিষ্ট কৰিবলৈ বা API অনুসন্ধান কৰিবলৈ আৰু আন ব্যৱহাৰকাৰীৰ সৈতে দ্বি-দিশীয় কথোপকথন সক্ষম কৰিবলৈ Windows 8.1ৰ বাবে স্পিচ্চ্‌ চিন্থেছিচৰ সৈতে নিয়ন্ত্ৰণটো একত্ৰিত কৰিবলৈ স্পিচ্চ্ চিনাক্তকৰণ নিয়ন্ত্ৰণ ব্যৱহাৰ কৰিব পাৰি। বাস্তৱ-সময়ৰ অডিঅ' অনুবাদ পাবলৈ মিশ্ৰলৈ অনুবাদক API যোগ কৰক। নিয়ন্ত্ৰণটোৱে বৰ্তমান যুক্তৰাষ্ট্ৰীয় ইংৰাজী চিনাক্ত কৰে।

ছয়টা অতিৰিক্ত ভাষাত Bing অপ্টিকেল বৰ্ণ চিনাক্তকৰণ

নথিপত্ৰত পাঠ চিনাক্তকৰাৰ পৰা ইমেইল ঠিকনা, ফোন নম্বৰ আৰু URL চিনাক্ত কৰালৈকে আৰু কুপন কোড নিষ্কাশন কৰালৈকে ডেভেললপাৰসকলক তেওঁলোকৰ এপ্পসমূহ উন্নীত কৰিবলৈ বহুতো নতুন পৰিস্থিতি Windows 8.1 ষ্টোৰ এপ্পে মুকলি কৰে। Windows 8.1 ৰ Bing অপ্টিকেল বৰ্ণ চিনাক্তকৰণে এতিয়া ছয়টা নতুন ভাষা সমৰ্থন কৰে: বৰ্তমানে সমৰ্থন কৰা ইংৰাজী, জাৰ্মান, স্পেনিছ, ইতালিয়ান, ফৰাচী আৰু পৰ্টুগীজ ভাষাৰ উপৰিও এতিয়া ৰাছিয়ান, চুইডিশ্ব, নৰৱেয়ান, ডানিশ্ব, ফিনিশ্ব আৰু চীনা ভাষা সমৰ্থন কৰে।

Windows8.1ৰ বাবে Bing অনুবাদক নিয়ন্ত্ৰণ

Bing অনুবাদক নিয়ন্ত্ৰণৰ দ্বাৰা 40টাতকৈও অধিক ভাষাৰ মাজত বলিষ্ঠ, ক্লাউড-আধাৰিত, স্বয়ংক্ৰিয় অনুবাদত সহজেই প্ৰৱেশ কৰক। অনুবাদক নিয়ন্ত্ৰণে যান্ত্ৰিক অনুবাদ সেৱাসমূহলৈ প্ৰৱেশ কৰিবলৈ দিয়ে। ডাউনলোড কৰা পাছত আৰু এবাৰ প্ৰমাণীকৰণ কৰাৰ পাছত, ব্যৱহাৰকাৰীয়ে এপ্পত অনুবাদক নিয়ন্ত্ৰণ স্থাপন কৰিব পাৰে, অনুবাদ কৰিবলৈ ষ্ট্ৰিং প্ৰৱিষ্ট কৰিব পাৰে আৰু অনুবাদ প্ৰাপ্ত কৰিব পাৰে।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate