অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপুনি প্ৰেৰণ কৰা ই-মেইল কেনেকৈ স্বয়ংক্ৰিয়ভাৱে নোহোৱা কৰিব?

আপুনি প্ৰেৰণ কৰা ই-মেইল কেনেকৈ স্বয়ংক্ৰিয়ভাৱে নোহোৱা কৰিব?

বৰ্তমান দিনত ই-মেইল হ’ল যোগাযোগৰ এক অত্যন্ত জৰুৰী মাধ্যম। ইয়াৰ প্ৰসাৰতা বৃদ্ধি পোৱাৰ লগে লগে ই-মেইল সেৱা আগবঢ়োৱা সংস্থাসমূহে বিভিন্ন ধৰণৰ সুবিধা ব্যৱহাৰকাৰীসকললৈ আগবঢ়ায়। ব্যৱহাৰকাৰীক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। ইয়াৰে এটা ব্যৱস্থা হ’ল আপুনি কাৰোবালৈ প্ৰেৰণ কৰা ই-মেইলটো আপুনি নিৰ্দিষ্টকৈ বান্ধি দিয়া সময়ৰ পিছত ব্যক্তিজনৰ ইনবক্সৰ পৰা মেইলটো স্বয়ংক্ৰিয়ভাৱে মোহাৰ খাই যাব। বহুবোৰ ই-মেইল এনেধৰণৰ থাকে যিবোৰত নিৰ্দিষ্ট কাৰ্য্যসূচী বা নিৰ্দিষ্ট তাৰিখৰ ভিতৰত কোনো কথা জনাবলৈ বাৰ্তা প্ৰেৰণ কৰা হয়। আনহাতে, আমি বহুবোৰেই কেতিয়াবা ভুলবসত: ই-মেইল ঠিকনা ভুলকৈ লিখি পেলোৱাৰ ফলত পঠিয়াব লগা ব্যক্তিজনৰ পৰিৱৰ্তে আনলৈহে বাৰ্তাটো প্ৰেৰিত হয়। এনেবোৰ সমস্যা সমাধানৰ বাবে ডি-মেইল নামৰ এটা সৰু প্ৰগ্ৰেম এতিয়া উপলব্ধ হৈছে। যাৰ জৰিয়তে আমি ই-মেইলটোৰ সময়সীমা নিৰ্ধাৰণ কৰি দিব পাৰোঁ।

ডি-মেইল বা চেলফ ডেষ্ট্ৰাক্টিন ই-মেইল হ’ল গুগল ক্ৰমৰ এটা এক্সটেনচন। এই ডি-মেইল এক্সটেনচনটো ব্যৱহাৰ কৰি আপুনি প্ৰেৰণ কৰা ই-মেইলটো স্বয়ংক্ৰিয়ভাৱে আপুনি বান্ধি দিয়া সময়সীমাৰ ভিতৰত মোহাৰি পেলাব পৰা যায়। অৱশ্যে ইয়াৰ বাবে আপোনাৰ কম্পিউটাৰত গুগল ক্ৰম ইন্সষ্টল হৈ থাকিব লাগিব। যদি আপোনাৰ কম্পিউটাৰত গুগল ক্ৰম নাই তেন্তে এই সংযোগটোৰ পৰা গুগল ক্ৰম ডাউনলোড কৰি ইন্সষ্টল কৰি ল’ব পাৰিব: https://goo.gl/c3G9sa

এতিয়া, গুগল ক্ৰম ব্ৰাউজাৰটো চলাওক। ডি-মেইলৰ এক্সটেনচনটো গুগল ক্ৰম ব্ৰাউজাৰৰ লগত সংযুক্ত কৰিবলৈ এই সংযোগটোলৈ যাওক: https://chrome.google.com/webstore/detail/google-mail-checker/mihcahmgecmbnbcchbopgniflfhgnkff?hl=en এই ঠিকনাত গৈ Add to Chrome বুটামত টিপক। এতিয়া এখন পপআপত এটা বাৰ্তা দৃশ্যমান হ’ব-Add Extension। এই বুটামটোত টিপিলেই উক্ত Extension টো ব্ৰাউজাৰৰ লগত সংযুক্ত হ’ব। এতিয়া আপোনাৰ জি-মেইল একাউন্টটোত লগ ইন কৰক। নতুন মেইল পঠিয়াবৰ বাবে Compose ত টিপক। এতিয়া তলৰ ফালে Dmail বুটাম এটা দেখিবলৈ পাব। এই বুটামটোৰ লগত On আৰু Off কৰা বুটামো থাকে। তাৰ কাষতে থকা Destroy ৰ অধীনত থকা তালিকাত ক্লিক কৰিলে Never, one hour, one day, one week বোলা চাৰিটা অপচন দেখিবলৈ পাব। ই-মেইল পঠিওৱাৰ আগতে আপুনি ইয়াৰে কোনোবা এটা আপোনাৰ প্ৰয়োজন মতে চয়ন কৰক। উদাহৰণস্বৰূপে, যদিহে মেইল পঠিওৱাৰ এঘন্টাৰ পিছত উক্ত মেইলটো গ্ৰহণকাৰীৰ ইনবক্সৰ পৰা নোহোৱা কৰিব বিচাৰে। তেন্তে Destroy তালিকাৰ পৰা one hour চয়ন কৰিব লাগিব। ইয়াৰ পিছত মেইলটো আপুনি প্ৰেৰণ কৰিলে উক্ত মেইলটো চয়ন কৰিলে এঘন্টাৰ ভিতৰত নোহোৱা হৈ যাব।

লিখক: পংকজ নেওগ।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate