অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক্ৰেডিট কাৰ্ড: সাৱধান, সাৱধান, হোৱা সাৱধান

ক্ৰেডিট কাৰ্ড: সাৱধান, সাৱধান, হোৱা সাৱধান

সিদিনা মোৰ বন্ধু এজন- প্ৰবীণ চন্দ্ৰ বৰা- টেলিফোন কৰিলে গুৱাহাটীৰ পৰা আৰু সুধিলে এটা পৰামৰ্শ বিচাৰিছো। বেয়া পাব নেকি?

: আপুনি বন্ধু মানুহ বেয়া পাম কিয়-কওক।

: ষ্টেট বেংক অব্‌ ইণ্ডিয়া কেনে বেংক?

: বেছ ভাল বেংক। ভাৰতৰ বৃহৎ বেংক।

: পিচে ষ্টেট বেংক ক্ৰেডিট কাৰ্ডে মোক ঠগাই দিলে নহয়?

: হয় নেকি? সেইটো বেয়া কথা। কিন্তু মই জনাত বেংকটোৱে পৰাপক্ষত নঠগায়। ঘটনাটো প্ৰকৃততে কি হ’ল?

মোৰ বন্ধুজনে ক’লে যে তেওঁ এদিন টেলিফোন পালে-ষ্টেট বেংকৰ পৰা। তাৰে কেইদিনমান আগতে বিদেশলৈ যাবলৈ টিকট কিনিছিল ক্ৰেডিট কাৰ্ডত। ছোৱালীজনীৰ ব্যৱহাৰ পাতি ভাল। ক’লে আপুনি বিদেশলৈ যাব বুলি গম পাইছো-কাৰণ আপুনি আমাৰ কাৰ্ডেৰে টিকট কিনিছে অলপতে। এটা প্ৰস্তাৱ আছে-যে ৭ দিনৰ থকা ঠাইৰ ব্যৱস্থা কৰি দিব- ‘হলিডে, হাউছে- দাম মাত্ৰ সাত হেজাৰ টকা। আপুনি যদি ল’ব খোজে- বুক কৰিব পাৰে। টকা এতিয়া দিব নালাগে কিন্তু ছাৰ্ভিচ চাৰ্জ এতিয়া দিলেই হ’ব। ছাৰ্ভিচ চাৰ্জ হ’ব তিনি হেজাৰ টকা। মুঠ টকা ১০ হেজাৰ। ৭ হেজাৰ থকাৰ সময়ত দিব।বুকিং ছাৰ্ভিচ চাৰ্জ ৩ হেজাৰ এতিয়া দিব। আপুনি ল’বনে? মোৰ বন্ধুৱে ক’লে ল’ম। তেনেহ’লে কওক- আপোনাৰ ঘৰৰ ঠিকনা-

: আপুনি কি কৰিলে?

: ঘৰৰ ঠিকনা দিলো।

: তাৰ পিছত কাৰ্ডৰ নম্বৰটো কনফাৰ্ম কৰিবলৈ ক’লে-

: কৰিলে নেকি?

: কৰিলো।

: তাৰ পিচত ‘চি ভি ভি’ নম্বৰ বিচাৰিলে।

: আপুনি দিলে?

: দিলো।

: সেইটো ভুল কৰিলে নহয়। চি ভি ভি নম্বৰ কাকো দিব নালাগে নহয়। বেংকে কেতিয়াও নোখোজে টেলিফোনত। আপুনি নিজে টেলিফোন কৰিলে বেলেগ কথা। নিশ্চয় চাব আপোনাক ঠগোৱা হৈছে….।

: এৰা, এতিয়াহে গম পালো। আজি এমাহ হ’ল। মোৰ তিনি হেজাৰ গ’ল। ঘৰৰ বুকিঙৰ শুংসূত্ৰ নাই।

: বেংকক কৈছিল নেকি?

: কি ক’লে?

: আপোনাৰ টেলিফোনৰ পৰা সকলো নম্বৰ দিছে। গতিকে আপুনি টকা দিব লাগিব। আপোনাৰ ভইচ ৰেকৰ্ড কৰা আছে। মই টকা দিলো। মোৰ বোধ হয় বেংকৰ মানুহ যোগ আছে। এতিয়া কি কৰা উচিত?

চাওক আপোনাৰ সন্দেহ অমূলক নহ’ব পাৰে। কিন্তু মনত ৰাখিব। বেংকে কেতিয়াও আপোনাৰ ‘ক্ৰেডিট কাৰ্ড’ৰ নম্বৰ নোখোজে, ক্ৰেডিট কাৰ্ডৰ চি ভি ভিও নোখোজে, এনেধৰণৰ টেলিফোন আহিলে আপুনি জানিব এই নম্বৰ ফ্ৰ’ড। টেলিফোনটো এৰি দিব আৰু টেলিফোনৰ হেল্পলাইনক খবৰটো দিব।

: তেতিয়া হ’লে একো উপায় নাই নেকি?

: নিজে সাৱধান হোৱাৰ উপৰি একো উপায় নাই। কেতিয়াও ক্ৰেডিট কাৰ্ড নম্বৰ মানুহক নিদিব। চি ভি ভি নম্বৰ কেতিয়াও নিদিব। একমাত্ৰ দিব- অনলাইনত যেতিয়া পেমেন্ট পোৰ্টেল বিচাৰে।

মোৰ বন্ধুৱে দুখমনে টেলিফোনটো থৈ দিলে। ষ্টেট বেংকৰ ক্ৰেডিট কাৰ্ড ভাল কিন্তু ব্যৱহাৰ কৰিব লাগিব অতি সাৱধানে। কেতিয়াবা এ টি এম কাৰ্ড ব্যৱহাৰ কৰিবৰ সময়তো সাৱধান হ’ব।

কাৰণ কিছুমান মেচিনত ফটো মেচিন লগোৱা থাকে। তেওঁলোকে কাৰ্ডত থকা নম্বৰ চি ভি ভি নম্বৰ কপি কৰে।

গতিকে এ টি এমৰ পৰা টকা উলিয়ালে নিজৰ বেংকৰ এ টি এমৰ পৰাহে টকা উলিয়াব। বেংকৰ এ টি এমৰ সুৰক্ষা বহুতো বেছি। ঘৰৰ পৰা দূৰত থকা ‘এ টি এম’, নজনা ঠাইৰ ‘এ টি এম’ সাধাৰণতে ব্যৱহাৰ নকৰিব। নতুন ঠাইৰ এ টি এম ব্যৱহাৰ কৰাৰ আগতে চাই ল’ব যাতে সেই মেচিনবোৰত কপি কৰা কিবা যন্ত্ৰ লগোৱা আছে নেকি? যদি দেখে লগে লগে বেংকত খবৰ দিব।

ক্ৰেডিট কাৰ্ডৰ মানুহে টেলিফোন কৰিলে ক’ব- ‘আপোনাৰ টেলিফোন নম্বৰ দিয়ক- মই পিচত টেলিফোন কৰিম’ বুলি। তেওঁলোকে টেলিফোন নম্বৰটো যদি দিয়ে বেংকৰ হেল্পলাইনত টেলিফোন কৰি নম্বৰটো দিব বেছিভাগ সময়ত দিয়া নম্বৰটো মিছা হয়। আজিকালি বহুতো মানুহে ক্ৰেডিট কাৰ্ডৰ পৰা টেলিফোন পাই আছে। এনেবোৰ টেলিফোন আহিলে উত্তৰ নিদিব। আপোনাৰ এড্ৰেছ বিচাৰিলে নিদিব। ক’ব যি খবৰ লাগে চিঠি দি জনাওক। বিপদৰ পৰা হাত সাৰিবলৈ আমি সাৱধান হ’ব লাগিব। ক্ৰেডিট কাৰ্ডৰ পৰা আপোনাক টেলিফোন কেতিয়াও নকৰে-মনত ৰাখিব। যদি কয় বেংকৰ পৰা কৈছো-জানিব সেয়া ভুৱা টেলিফোন কল।

লিখক: গৌতম প্ৰসাদ বৰুৱা।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate