অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টোপ দিয়া জালিয়াতি

কেইটামান টোপ দিয়া কৌশল তলত উল্লেখ কৰা হ’ল

  • সামাজিক যোগসূত্ৰ চাইটসমূহ টোপ দিয়াৰ মূল লক্ষ্য হৈ পৰিছে, কিয়নো এনেবোৰ চাইটত থকা ব্যক্তিগত বিৱৰণসমূহ পৰিচয় চুৰ কৰাসকলে ব্যৱহাৰ কৰিব পাৰে।
  • আন এটা শেহতীয়া টোপ দিয়াৰ কৌশল হ’ল টেব নেবিঙ। এই সুবিধাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰা বিভিন্ন টেবসমূহৰ সুবিধা লয় আৰু ব্যৱহাৰকাৰীক আক্ৰান্ত চাইট এটালৈ গোপনে প্ৰেৰণ কৰে।
  • পৰিশ্ৰাৱক পৰিহাৰৰ কৌশল- টোপ দিয়াসকলে আখৰৰ সলনি ছবি ব্যৱহাৰ কৰে যাতে টোপবিৰোধী পৰিশ্ৰাৱকৰ বাবে সাধাৰণতে টোপ দিয়া ই-মেইলৰ শব্দবোৰ বিচাৰি উলিওৱাত কঠিন হয়।
  • ফোনযোগে টোপ -সকলো ধৰণৰ টোপ দিয়া আক্ৰমণ কেৱল ভুৱা ৱেবচাইটৰ যোগেৰেই নহয়। বাৰ্তা প্ৰেৰকে নিজে বেংকৰ পৰা ফোন কৰা বুলি কৈ বেংক একাউন্টৰ সমস্যাৰ বিষয়ে এটা বিশেষ নম্বৰত ফোন কৰিবলৈ কয়। যেতিয়া টোপ দিওতাৰ উক্ত নম্বৰলৈ ব্যক্তিজনে ফোন কৰে, তেতিয়া ভইচঅভাৰ আই.পি. চাৰ্ভিছ থকা উক্ত ফোন নম্বৰৰ পৰা ব্যৱহাৰকাৰীৰ নাম, একাউন্ট নম্বৰ আৰু পি.আই.এন ভৰাবলৈ কোৱা হয়। কিছুমান প্ৰতাৰকে বিশ্বাসযোগ্য প্ৰতিষ্ঠানৰ লগত মিল থকা ভুৱা কলাৰ আই.ডি ব্যৱহাৰ কৰে।
  • কিছুমান ক্ষেত্ৰত বেংকৰ সৈতে দেখাত একেই ভুৱা ৱেবচাইটলৈ যাবৰ বাবে ব্যৱহাৰকাৰীক প্ৰলোভিত কৰে আৰু তাত ব্যৱহাৰকাৰীৰ প্ৰমাণিকৃত তথ্যসমূহ প্ৰমাণ কৰিবলৈ কোৱা হয়। এইসমূহ দেখাত প্ৰকৃত বেংকৰ ৱেবচাইটৰ সৈতে মিল থকা হয়।

টোপ দিয়া বাৰ্তা বুলি মই কেনেকৈ জানিম?

  • সাধাৰণতে টোপ দিয়া ই-মেইলসমূহত ব্যাকৰণৰ ভুল থাকে বা আখৰসমূহ এটাৰ ওপৰত এটাকৈ থাকে।
  • প্ৰকৃত তথ্য প্ৰদান কৰাৰ আগতে ভুল তথ্য ভৰাব লাগে।

যদিহে মই এনে টোপ দিয়া কেলেংকাৰীত সঁহাৰি জনাই পেলাও তেন্তে কি কৰিম?

যদিহে আপোনাৰ ব্যক্তিগত বা বিত্তীয় তথ্যসমূহ এনে টোপ দিয়া কেলেংকাৰীৰ সঁহাৰি হিচাপে প্ৰদান কৰে বা এনে তথ্যসমূহ ভুৱা ৱেবচাইটত প্ৰদান কৰা বুলি সন্দেহ কৰে, তেন্তে ক্ষতিৰ পৰিমাণ নিম্নতম কৰিবলৈ তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰক:

  • আপুনি প্ৰদান কৰা সকলো অনলাইন একাউন্টৰ গুপ্তশব্দ বা পি.আই.এন সলনি কৰি পেলাওঁক।
  • আপোনাৰ ক্ৰেডিট ৰিপৰ্টত প্ৰৱঞ্চনাৰ সতৰ্কবাণী ভৰাওঁক। যদিহে এইটো কেনেকৈ কৰিব লাগে আপুনি নাজানে, তেন্তে বেংক বা বিত্তীয় পৰামৰ্শদাতাৰ কাষ চাপক।
  • বেংক বা অনলাইন বিক্ৰেতাৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰক। প্ৰৱঞ্চকৰ ই-মেইলত দিয়া সংযোগসমূহ নুখুলিব।
  • বৰ্ণনা নথকা খৰছ বা আপুনি নিবিচৰা অনুসন্ধানৰ তথ্যসমূহ পৰীক্ষা কৰিবৰ বাবে নিয়মীয়াকৈ আপোনাৰ বেংক আৰু ক্ৰেডিট কাৰ্ডৰ ষ্টেটমেণ্টসমূহ পুনৰনিৰীক্ষণ কৰক।

টোপ দিয়া

টোপ দিয়াটো এনে এটা ব্যৱস্থা যাৰ যোগেৰে ই-মেইল আদিৰ জৰিয়তে বিশ্বাসযোগ্যতা প্ৰদান কৰি আপোনাক লোভণীয় কোনো সামগ্ৰীৰ লোভ দেখুৱাই আপোনাৰ সংবেদনশীল তথ্যসমূহ যেনে, ব্যৱহাৰকাৰীৰ নাম, গুপ্তশব্দ, পি.আই.এন, বেংকৰ একাউন্ট, ক্ৰেডিট কাৰ্ডৰ বিৱৰণ আদিসমূহ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা হয়।

এই টোপ দিয়া কাৰ্য্য সাধাৰণতে ই-মেইল বা আন বাৰ্তাসমূহৰ যোগেৰে প্ৰেৰণ কৰা হয় আৰু ব্যৱহাৰকাৰীক তেওঁৰ চিনাকী যেন লগা এটা ভুৱা ৱেবচাইটত বিৱৰণসমূহ ভৰাবলৈ নিৰ্দেশ দিয়া হয়।  টোপ দিয়াটো এটা  সামাজিক কাৰিকৰী কৌশল ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীক প্ৰতাৰিত কৰাৰ এটা উদাহৰণ।

এখন টোপ দিয়া ই-মেইল দেখাত কেনেকুৱা হয়? ইয়াৰ বিৱৰণ হ’ল

এখন টোপ দিয়া কেলেংকাৰীৰ ই-মেইল কেনে হ’ব পাৰে তাৰ উদাহৰণ ইয়াত দিয়া হ’ল

  • বানান আৰু ব্যাকৰণ ভুল।
  • যোগসূত্ৰসমূহত .exe ফাইল থাকিব পাৰে। এনেধৰণৰ ফাইলসমূহক স্ফ্ৰেড মেলিচিয়াছ ছফটৱেৰ বুলি জনা যায়।
  • আশংকাসমূহ

কেতিয়াবা আপুনি ভয় প্ৰদান কৰা ই-মেইলো লাভ কৰিব পাৰে য’ত কোৱা হয় যে, যদি আপুনি উক্ত ই-মেইলটোত সঁহাৰি     নজনায়, তেন্তে আপোনাৰ ই-মেইল ঠিকনাটো বন্ধ কৰি দিয়া হ’ব। ওপৰত দেখুওঁৱা উদাহৰণটোতো একেই কৌশল ব্যৱহাৰ     কৰা হৈছে। চাইবাৰ অপৰাধীসকলে সদায় ব্যৱহাৰকাৰীক এইটো বিশ্বাস প্ৰদান কৰিবলৈ কৌশল ব্যৱহাৰ কৰে যে নিৰাপত্তা     বিঘ্নিত হোৱাৰ আশংকা আছে।

  • জনপ্ৰিয় ৱেবচাইট বা কোম্পানীসমূহৰ নকল

কেলেংকাৰীত জড়িতসকলে ব্যৱহাৰকাৰীৰ চিনাকী আৰু বিশ্বাসযোগ্য ৱেবচাইটৰ ছবিসমূহ এনেদৰে নকল কৰে যাৰ যোগেৰে     ব্যৱহাৰকাৰীয়ে অন্য কোনো কেলেংকাৰীৰ চাইটলৈহে প্ৰৱেশ কৰে।

  • চাইবাৰ অপৰাধীসকলে তেওঁলোকৰ অপৰাধ কাৰ্য্যৰ বাবে জনপ্ৰিয় কোম্পেনীৰ নামেৰে ৱেব ঠিকনা বনাই আৰু সামান্য এটা দুটা আখৰ সলনি কৰি দিয়ে।
  • চাইবাৰ অপৰাধীসকলে আপোনাৰ কম্পিউটাৰৰ সমস্যা সমাধান বা আপোনাক ছফটৱেৰৰ অনুজ্ঞা বিক্ৰী কৰাত সহায় কৰাৰ বাবেও ফোন কৰিব পাৰে।

মনত ৰাখিবলগীয়া পদক্ষেপসমূ্হ

পদক্ষেপ ১: আপোনাৰ ব্ৰাউজাৰত ইউ.আৰ.এল ভালদৰে পৰীক্ষা কৰক

পদক্ষেপ ২: ইউ.আৰ.এল ৰ বানানসমূহ সদায় ভালদৰে পৰীক্ষা কৰক

 

সেইবাবে সদায় ইউ.আৰ.এল টো ঠিকনাৰ ঠাইত লিখি উলিয়াওক ‘কপি’ আৰু ‘পেষ্ট’ নকৰিব।

পদক্ষেপ ৩: সদায় সুৰক্ষিত প্ৰণালীতহে অনলাইন বেংকিং ব্যৱহাৰ কৰক অৰ্থাত সুৰক্ষিত বেংকিঙৰ বাবে পেড লক আৰু       সুৰক্ষিত প্ৰণালী পৰীক্ষা কৰি লওঁক।

সদায় ৱেবচাইটটোৰ বিশ্বাসযোগ্যতা পৰীক্ষা কৰি লওঁক। য’ত https: আৰু পেড লক থাকে।

পদক্ষেপ ৪: আপোনাৰ বিত্তীয় বা আন ব্যক্তিগত তথ্য বিচাৰি, বিশেষকৈ “জৰুৰী” বুলি উল্লেখ কৰা ই-  মেইলসমূহ সন্দেহজনক হিচাপে গ্ৰহণ কৰক। সন্দেহ থাকিলে এনে ই-মেইলসমূহৰ প্ৰতি কোনো সঁহাৰি নজনাব বা ৱেবচাইটত কোনো প্ৰশ্নৰ বিপৰীতে তথ্য প্ৰদান নকৰিব। আপুনি ই-মেইল প্ৰেৰকলৈ আপোনাৰ লগত যোগাযোগ কৰাৰ বৈধতা সম্পৰ্কে নিশ্চিত হবলৈ যোগাযোগ কৰিব লাগে।

এটা টোপ দিয়া চাইটৰ উদাহৰণ দাঙি ধৰা হ’ল। ই দেখাত পাঞ্জাৱ নেচনেল বেংকৰ ৱেবচাইটৰ সৈতে একেই।

পদক্ষেপ ৫: আপোনাৰ ক্ৰেডিট কাৰ্ড/ডেবিট কাৰ্ড/বেংকৰ তথ্যৰ দৰে ব্যক্তিগত তথ্যসমূহ বিচাৰি প্ৰেৰণ কৰা ই-মেইলৰ প্ৰতি কেতিয়াও সঁহাৰি নজনাব।

কৰিব

  • যাৰ পৰাই নাপাওক কিয় যিকোনো সংলগ্ন বা ফাইল ডাউনলোড কৰোতে সাৱধান হওঁক।
  • যিকোনো ব্যক্তিগত তথ্য প্ৰদান কৰা বা ভৰোৱাৰ আগতে প্ৰেৰকৰ ই-মেইল আই.ডি চাই লওঁক।
  • এন্টিভাইৰাছ, এন্টিস্পাইৱেৰ আৰু ফায়াৰৱাল ব্যৱহাৰ কৰক (নিয়মীয়াকৈ এইসমূহ নৱতম কৰি থওঁক)।
  • আপোনাৰ ৱেব ব্ৰাউজাৰ সদায় নৱতম কৰি লওঁক আৰু টোপ দিয়া পৰিশ্ৰাৱক সক্ৰিয় কৰি থওঁক।
  • যদিহে আপুনি কোনো সন্দেহজনক ই-মেইল লাভ কৰে, তেন্তে ইয়াৰ বৈধতা সম্পৰ্কে নিশ্চিত হ’বলৈ কোম্পেনীটোলৈ ফোন কৰক।
  • অনলাইনত বজাৰ-সমাৰ, ব্যক্তিগত আদিসমূহৰ বাবে পৃথক-পৃথক ই-মেইল ব্যৱহাৰ কৰক।

নকৰিব

  • ব্যক্তিগত আৰু বিত্তীয় তথ্য বিচাৰি পঠোৱা কোনো ই-মেইল বা পপ-আপ ৰ উত্তৰ নিদিব।
  • ক্ৰেডিট কাৰ্ড বা আন সংবেদনশীল বিত্তীয় বা ব্যক্তিগত তথ্য ই-মেইল যোগে প্ৰেৰণ নকৰিব।
  • আপুনি আশা নকৰা বা আপোনাৰ প্ৰয়োজন নোহোৱা কোনো ধৰণৰ ই-মেইল বা সামাজিক মাধ্যমৰ বাৰ্তাত ক্লীক নকৰিব।
  • সন্দেহজনক যেন লগা আৰু বৈধ যেন নলগা ই-মেইল নুখুলিব। যদিহে ই বৈধ হয় আৰু সচাকৈয়ে প্ৰয়োজন হয় তেন্তে যোগাযোগকাৰীয়ে আপোনাক আন ধৰণে যোগাযোগ কৰিবলৈ চেষ্টা কৰিব।
  • আপুনি আশা নকৰা কোনো ধৰণৰ সংলগ্ন নুখুলিব। বিশেষকৈ জীপ ফাইলসমূহ আৰু কেতিয়াও .exe ফাইল নুখুলিব।
  • আপোনাৰ ব্যক্তিগত কামৰ বাবে কোম্পানীৰ ই-মেইল ঠিকনা ব্যৱহাৰ নকৰিব।
  • কোনো স্পেম (এবাৰতে বহুলোকলৈ পঠিওঁৱা ই-মেইল) ই-মেইল নুখুলিব ।
  • সামাজিক যোগসূত্ৰৰ চাইটসমূহ টোপ দিয়াৰ মূল লক্ষ্য হোৱাৰ বাবে এনেবোৰ চাইটত থকা সন্দেহজনক ভিডিঅ’ বা ছবিসমূহ নুখুলিব।
  • আপোনাৰ বেংকৰ বিৱৰণ বিচাৰি কৰা ফোনত কোনো ধৰণৰ সঁহাৰি নিদিব। এইটো ভিছিং (ফোনযোগে দিয়া টোপ) হ’ব পাৰে।
  • টোপ দিয়া ফোনসমূহৰ পৰা সতৰ্ক হৈ থাকক।
  • আপোনাৰ চুৰি হোৱা বা হেৰুৱা একাউন্টৰ তথ্যসমূহ নিশ্চিত কৰিবলৈ সুধি পঠিওৱা যিকোনো বাৰ্তা (এছ.এম.এছ) ৰ উত্তৰ নিদিব বা আপোনাক কিবা উপহাৰ প্ৰদানৰ লোভ দেখুৱাই ব্যক্তিগত তথ্যসমূহ প্ৰদান কৰিবলৈ উত্সাহিত কৰা বাৰ্তাৰ কোনো উত্তৰ নিদিব। সাধাৰণতে এইসমূহ টোপ দিয়া কেলেংকাৰী হয়।
উৎস: সুৰক্ষাৰ সজাগতা, চি-ডেক, হাইদৰাবাদ।

শেহতীয়া উন্নীতকৰণ: : 5/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate